প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৰ্ণাটকৰ মাণ্ডিয়াত শ্ৰীগুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰি দিয়া ভাষণৰ কিয়দাংশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
15 APR 2026 5:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মাণ্ডিয়াত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰি দিয়া ভাষণৰ কিয়দাংশ শ্বেয়াৰ কৰে।
এক্সৰ এটা পোষ্টত তেওঁ কয়;
শ্ৰী আদিকুঞ্চনগিৰি মহাসমস্তান মঠ আমাৰ গৌৰৱোজ্জ্বল আধ্যাত্মিক পৰম্পৰাৰ জীৱন্ত প্ৰতীক। সমাজ সেৱাৰ প্ৰতি ইয়াৰ প্ৰচেষ্টা অতিশয় অনুপ্ৰেৰণাদায়ক।
সময়ে সময়ে আমাৰ সমাজত এনে মহান আধ্যাত্মিক ব্যক্তিত্বৰ সৃষ্টি হৈছে যিসকলে আমাৰ পথ প্ৰদৰ্শন কৰিছে।
শ্ৰী আদিকুঞ্চনগিৰি মহাসমস্তান মঠৰ কাম-কাজ ৯টা নীতিৰ ওপৰত আধাৰিত।
এই একে মনোভাৱেৰে, মই সকলোকে এই নটা ক্ষেত্ৰৰ বাবেও এক সামূহিক সংকল্প ল'বলৈ আহ্বান জনাইছো।
***
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2252438)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam