প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

'নাৰী শক্তি বন্দন সন্মিলন' সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ভাৰতৰ নাৰী শক্তিয়ে অপৰিসীম অৱদান আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী

আমাৰ দেশত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ মহিলাৰ নেতৃত্বৰ এক উল্লেখযোগ্য উদাহৰণঃ প্ৰধানমন্ত্ৰী

জীৱনৰ প্ৰতিটো পৰ্যায়তে মহিলাসকলক চৰকাৰে সহায় কৰি আহিছেঃ প্ৰধানমন্ত্ৰী

এসময়ত পুৰুষপ্ৰধান বুলি গণ্য কৰা খণ্ডসমূহতো আজি মহিলাসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী

ভাৰতৰ নাৰী শক্তিয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সাহস আৰু আত্মবিশ্বাসৰ জৰিয়তে নতুন শিখৰত উপনীত হৈছে; এতিয়া, আমি সুযোগ সম্প্ৰসাৰণ কৰি তেওঁলোকক অধিক শক্তিশালী কৰিবলৈ একত্ৰিত হ'ব লাগিবঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 13 APR 2026 1:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত নাৰী শক্তি বন্দন কাৰ্যসূচীত ভাষণ দিয়ে। বৈশাখী আৰু দেশৰ বিভিন্ন প্ৰান্তত সমাগত নৱবৰ্ষ উদযাপন উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে জালিয়ানৱালা বাগ গণহত্যাৰ শ্বহীদসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। "ভাৰতে একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তসমূহৰ ভিতৰত এটা ল’বলৈ গৈ আছে, যিটো নাৰী শক্তিৰ প্ৰতি উৎসৰ্গিত", শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

ইয়াক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ সংসদ এক নতুন ইতিহাস সৃষ্টিৰ ওচৰ চাপিছে যিয়ে অতীতৰ দৃষ্টিভংগী আৰু ভৱিষ্যতৰ সংকল্পসমূহ পূৰণ কৰিব। সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে দেশে এক সমতাক বিশ্বাসী ভাৰতৰ কল্পনা কৰিছে য'ত সামাজিক ন্যায় কেৱল এটা শ্লোগান নহয় বৰঞ্চ কৰ্ম সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। "ৰাজ্যিক বিধানসভাৰ পৰা আৰম্ভ কৰি দেশৰ সংসদলৈকে কেইবা দশক ধৰি চলি থকা অপেক্ষা অন্ত পৰাৰ দিশে আহিছে", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

২০২৩ চনত নতুন সংসদ ভৱনত নাৰী শক্তি বন্দন আইন গৃহীত হোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সকলো ক্ষেত্ৰতে ২০২৯ চনৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰা উচিত বুলি সকলো পক্ষই সন্মত হোৱাৰ লগে লগে ইয়াক সৰ্বসন্মতিৰে গৃহীত কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে নাৰী শক্তি বন্দন আইন সময়মতে ৰূপায়ণ কৰিব লাগিব যাতে মহিলাৰ অংশগ্ৰহণে আমাৰ গণতন্ত্ৰক শক্তিশালী কৰে, যাৰ বাবে ১৬ এপ্ৰিলৰ পৰা সংসদৰ বাজেট অধিৱেশনৰ এক বিশেষ অধিৱেশন আৰম্ভ হ'ব। "আমাৰ প্ৰচেষ্টা আৰু অগ্ৰাধিকাৰ হৈছে যে এই কাম আলোচনা, সহযোগিতা আৰু অংশগ্ৰহণৰ জৰিয়তে সম্পন্ন কৰিব লাগে, যিয়ে সংসদৰ মৰ্যাদা বৃদ্ধি কৰিব", শ্ৰী মোদীয়ে কয়।

এই বিষয়ত মহিলাসকলৰ মাজত দেশজোৰা উৎসাহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সমগ্ৰ দেশৰ মহিলাই বিধানসভা আৰু লোকসভা ঢুকি পোৱাৰ বিষয়ে তেওঁলোকৰ আকাংক্ষা ব্যক্ত কৰিছে। তেওঁলোকৰ সপোনবোৰে নতুন দিশ লাভ কৰিছে আৰু দেশত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে। "মই সকলো মহিলাক এই সমগ্ৰ প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণ বৰ্তাই ৰাখিবলৈ আৰু তেওঁলোকৰ সাংসদসকলক সাক্ষাৎ কৰি তেওঁলোকৰ দৃষ্টিভংগী আৰু প্ৰত্যাশা ভাগ বাটোৱাৰা কৰিবলৈ আবেদন জনাইছো", প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

স্বাধীনতা সংগ্ৰামৰ পৰা সংবিধান সভালৈ মহিলাসকলৰ অৱদানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্বাধীন ভাৰতৰ ভেটি স্থাপনত নাৰী শক্তিৰ অপৰিসীম ভূমিকাৰ ওপৰত আলোকপাত কৰে। প্ৰতিনিধিত্বৰ সুযোগ লাভ কৰা মহিলাসকলে দেশৰ বাবে অসাধাৰণ কাম কৰিছে। তেওঁ মন্তব্য কৰে যে আজিও আমাৰ দেশত ৰাষ্ট্ৰপতিৰ পৰা বিত্তমন্ত্ৰীলৈ মহিলাসকলে এনে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আছে। "ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰীলৈ, মহিলা য'তেই আছে, তেওঁলোকে নিজৰ উত্তৰাধিকাৰ সৃষ্টি কৰিছে", শ্ৰী মোদীয়ে কয়।

পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ মহিলাৰ নেতৃত্বৰ এক উৎকৃষ্ট উদাহৰণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ১৪ লাখৰো অধিক মহিলাই স্থানীয় নিকায়ত সফলতাৰে কাম কৰি আছে। প্ৰায় ২১খন ৰাজ্যত পঞ্চায়তসমূহত তেওঁলোকৰ অংশগ্ৰহণ প্ৰায় ৫০শতাংশত উপনীত হৈছে। "ৰাজনীতি আৰু সামাজিক জীৱনত লাখ লাখ মহিলাৰ এই সক্ৰিয় অংশগ্ৰহণে আনকি বিশ্বৰ আগশাৰীৰ নেতা আৰু ৰাজনৈতিক বিশেষজ্ঞসকলক আচৰিত কৰি ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে", প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

বিভিন্ন অধ্যয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পায়, ই ব্যৱস্থাসমূহৰ প্ৰতি সংবেদনশীলতা কঢ়িয়াই আনে। ইয়াৰ ফলত পানী, শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ দৰে বিষয়ত অধিক উৎসৰ্গিতভাবে কাম কৰা হৈছে। "জল জীৱন মিছনৰ সাফল্য হৈছে পঞ্চায়ত পৰ্যায়ত মহিলাৰ অংশগ্ৰহণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ এক উদাহৰণ", শ্ৰী মোদীয়ে কয়।

বছৰ বছৰ ধৰি স্থানীয় নিকায় আৰু প্ৰতিষ্ঠানসমূহত কাম কৰি থকা লাখ লাখ মহিলাৰ এতিয়া বিপুল অভিজ্ঞতা আছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোক বৃহৎ ভূমিকাৰ বাবে সাজু আৰু আগ্ৰহী। নাৰী শক্তি বন্দন আইন ৰূপায়ণ কৰাটো এনে সকলো মহিলাৰ জীৱনত এক বৃহৎ সুযোগ হৈ পৰিব। "পঞ্চায়তৰ পৰা সংসদলৈ যাত্ৰা সহজ হ’বলৈ গৈ আছে ", প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়।

বিকশিত ভাৰত যাত্ৰাত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে যে তেওঁৰ চৰকাৰে ২০১৪চনৰ পৰা মহিলাৰ জীৱন চক্ৰৰ প্ৰতিটো পৰ্যায়ৰ বাবে আঁচনি প্ৰস্তুত কৰিছে। প্ৰথম উশাহৰ পৰা শেষ নিশ্বাসলৈকে চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে ভগ্নী আৰু কন্যাসকলক সেৱা আগবঢ়াবলৈ সাজু হৈ আছে। "আমি কন্যাভ্রূণ হত্যা প্ৰতিৰোধৰ বাবে বেটি বচাও-বেটি পঢ়াও অভিযান আৰম্ভ কৰিছিলো, গৰ্ভাৱস্থাৰ সময়ত সঠিক পুষ্টিৰ বাবে মাতৃ বন্দন যোজনাৰ অধীনত ৫,০০০ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিছিলো, আৰু কন্যাৰ শিক্ষাক সমৰ্থন কৰিবলৈ উচ্চ সুতৰ সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছিলো", শ্ৰী মোদীয়ে বিশদভাৱে কয়।

ব্যাপক সমৰ্থন ব্যৱস্থাৰ বিশদ বিৱৰণ দি প্ৰধানমন্ত্ৰীয়ে সময়মতে টিকাকৰণৰ বাবে মিছন ইন্দ্ৰধনুশ, স্বচ্ছ ভাৰত অভিযানৰ অধীনত শৌচাগাৰ, প্ৰায় বিনামূলীয়া ছেনিটাৰী নেপকিন, খেল ইণ্ডিয়া আঁচনিৰ অধীনত বিত্তীয় সহায় আৰু সৈনিক বিদ্যালয় আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ দুৱাৰ মুকলি কৰাৰ কথা উল্লেখ কৰে। জীৱনৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে উজ্জ্বলা যোজনাই কোটি কোটি গেছ সংযোগ প্ৰদান কৰিছে, হৰ ঘৰ নল ছে জল অভিযানে ঘৰলৈ পানী কঢ়িয়াই আনিছে, বিনামূলীয়া ৰেচন আঁচনিখনে খাদ্য সুৰক্ষা নিশ্চিত কৰিছে, আৰু আয়ুষ্মান যোজনাই ৫ লাখ টকালৈকে স্বাস্থ্য বীমা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ঔষধৰ ওপৰত ৮০শতাংশ ৰেহাই প্ৰদান কৰা জনঔষধি কেন্দ্ৰকে ধৰি এই সকলো পদক্ষেপে প্ৰাথমিকভাৱে আমাৰ ভগ্নী আৰু কন্যাসকলক উপকৃত কৰিছে।"

 

সবলীকৰণৰ বাবে মহিলাৰ অৰ্থনৈতিক অংশগ্ৰহণ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো সিদ্ধান্ত আৰু আঁচনিয়ে এই দিশটোক অগ্ৰাধিকাৰ দিছে। পূৰ্বতে পৰিয়ালৰ সম্পত্তি মুখ্যতঃ পুৰুষৰ নামত পঞ্জীয়ন কৰা হৈছিল কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অগ্ৰাধিকাৰৰ ভিত্তিত মহিলাৰ নামত ঘৰ পঞ্জীয়ন কৰা হৈছে। "যোৱা ১১ বছৰত, ৩ কোটিৰো অধিক মহিলাই এই সিদ্ধান্তৰ দ্বাৰা লাভান্বিত হৈছে আৰু তেওঁলোক ঘৰৰ গৰাকী হৈ পৰিছে, যাৰ ফলত তেওঁলোক অৰ্থনৈতিকভাৱে সবল হৈছে", শ্ৰী মোদীয়ে মন্তব্য কৰে।

 

বিত্তীয় অন্তৰ্ভুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ২০১৪  চনত কোটি কোটি মহিলাই কেতিয়াও বেংকৰ দুৱাৰ দেখা নাছিল। জন ধন যোজনাৰ জৰিয়তে ৩২ কোটিৰো অধিক মহিলাৰ বেংক একাউণ্ট খোলা হৈছিল। "আজি আমাৰ কন্যাসকলে নতুন ব্যৱসায়ত তেওঁলোকৰ পৰিচয় সৃষ্টি কৰিছে, য’ত ৬০ শতাংশতকৈও অধিক মুদ্ৰা যোজনাৰ ঋণ মহিলাসকলে লৈছে", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

ষ্টাৰ্টআপ বিপ্লৱত মহিলাৰ নেতৃত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পঞ্জীয়নভুক্ত ষ্টাৰ্টআপসমূহৰ ৪৫শতাংশৰো অধিকত কমেও এগৰাকী মহিলাই সঞ্চালক হিচাপে কাম কৰি আছে। কেৰিয়াৰত যাতে প্ৰভাৱ নপৰে তাৰ বাবে মাতৃত্বকালীন ছুটী ২৬সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। "বহু বছৰ পূৰ্বে আৰম্ভ কৰা স্কিল ইণ্ডিয়া মিছনৰ ফলাফল   এতিয়া হাজাৰ হাজাৰ ড্ৰোন দিদিয়ে প্ৰযুক্তিৰ জৰিয়তে আধুনিক কৃষিৰ শিক্ষা দি কৃষিক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰাৰ জৰিয়তে দৃশ্যমান হৈছে", শ্ৰী মোদীয়ে কয়।

উল্লেখযোগ্য সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে বিগত ১১  বছৰত প্ৰায় ১০ কোটি মহিলাই আত্মসহায়ক গোটত যোগদান কৰিছে। চৰকাৰে গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত ৬ কোটি ভগ্নীক লাখপতি দিদি হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাৰ ভিতৰত ৩ কোটিৰো অধিক ইতিমধ্যে এই মৰ্যাদা লাভ কৰিছে। "এই মহিলাসকলে ভোকেল ফৰ লোকেলৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ পৰিছে", প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।

মহিলা নেতৃত্বাধীন উন্নয়নৰ দৃষ্টিভংগীয়ে পুৰণি মানসিকতাক প্ৰত্যাহ্বান জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এসময়ত পুৰুষৰ ঘাটী বুলি গণ্য কৰা খণ্ডসমূহত মহিলাসকলে আজি উচ্চতা স্পৰ্শ কৰিছে। ভাৰতীয় কন্যাসকলে যুঁজাৰু পাইলট হৈ আকাশ স্পৰ্শ কৰিছে। "বিশ্বৰ যিকোনো দেশৰ তুলনাত ভাৰতত মহিলা পাইলটৰ সংখ্যা সৰ্বাধিক", শ্ৰী মোদীয়ে কয়।

শিক্ষাৰ সাফল্য উদযাপন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১৪ চনৰ তুলনাত কন্যাৰ পিএইচডি নামভৰ্তি দুগুণ হৈছে, উচ্চ শিক্ষা আৰু গৱেষণাত প্ৰায় আধা অংশগ্ৰহণ মহিলাৰ। গণিত আৰু বিজ্ঞান শিক্ষাত কন্যাৰ সংখ্যা প্ৰায় ৪৩শতাংশত উপনীত হৈছে। "এই সাফল্যসমূহে আমাৰ কন্যাসকলৰ বাবে সুযোগৰ পৰিৱৰ্তিত দৃশ্যপট প্ৰতিফলিত কৰে", প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়।

সমাজৰ এক বৃহৎ প্ৰত্যাহ্বান মহিলাৰ সুৰক্ষাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এই দিশত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আইনী সংস্কাৰ সাধন কৰা হৈছে আৰু ন্যায় ব্যৱস্থাটোক অধিক সংবেদনশীল কৰি তুলিবলৈ আৰু সিদ্ধান্ত গ্ৰহণৰ গতি বৃদ্ধি কৰিবলৈ বিশেষ আদালত স্থাপন কৰা হৈছে। "ভাৰতীয় ন্যায় সংহিতাই মহিলাৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে, যিকোনো স্থানৰ পৰা ই-এফ আই আৰ বা শূন্য-এফ আই আৰক অনুমতি দি গোচৰ দাখিল প্ৰক্ৰিয়া সৰল কৰিছে আৰু অডিঅ’-ভিডিঅ’ৰ জৰিয়তে ভুক্তভোগীৰ বিবৃতি নথিভুক্ত কৰাৰ ব্যৱস্থা কৰিছে", শ্ৰী মোদীয়ে বিশদভাৱে কয়।

প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী আৰু কন্যাক আশ্বাস দিয়ে যে ৰাষ্ট্ৰই তেওঁলোকৰ আকাংক্ষা বুজি পাইছে আৰু তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰি আছে। দেশৰ নাৰী শক্তিয়ে কঠোৰ পৰিশ্ৰম, সাহস আৰু আত্মবিশ্বাসৰ জৰিয়তে নতুন উচ্চতা স্পৰ্শ কৰিছে। "আমি সামূহিকভাৱে এই শক্তিক নতুন শক্তি দিব লাগিব আৰু তেওঁলোকৰ বাবে সুযোগ বৃদ্ধি কৰিব লাগিব", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

এক বিশেষ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে মহিলাসকলক নাৰী শক্তি বন্দন কাৰ্যসূচীৰ আলোচনাসমূহ ব্যক্তিগত বৈঠক আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেশৰ প্ৰতিখন গাঁৱলৈ লৈ যাবলৈ আহ্বান জনায়। দেশখনে প্ৰতিগৰাকী মহিলাক এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰাব লাগিব যাতে তেওঁলোকে ইয়াৰ শক্তি বুজি পায়, তেওঁলোকৰ ভূমিকা বুজি পায় আৰু মুকলিভাৱে সপোন দেখিব পাৰে যে আগন্তুক সময়ত তেওঁলোকে ৰাজ্যসমূহৰ পৰা ৰাষ্ট্ৰৰ সংসদলৈ তেওঁলোকৰ উপস্থিতি পঞ্জীয়ন কৰিব পাৰে। "আহক আমি সকলোৱে একেলগে সংকল্প লওঁ যে নাৰী শক্তিৰ অধিকাৰ থাকিব আৰু তেওঁলোক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত সম্পূৰ্ণ অংশগ্ৰহণকাৰী হ’ব-এয়া আমাৰ উজ্জ্বল ভৱিষ্যতৰ আটাইতকৈ ডাঙৰ নিশ্চয়তা", প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সামৰণি মাৰি কয়।

***

MJPS/PRK/HS


(ৰিলিজ আই ডি : 2251499) অতিথি কক্ষ : 17