ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচন ২০২৬

অসম আৰু পুডুচেৰীত এতিয়ালৈকে সৰ্বাধিক ভোটদানৰ অভিলেখ

পোষ্ট কৰা হৈছে: 09 APR 2026 8:58PM by PIB Guwahati

১. অসম, কেৰালাম আৰু পুডুচেৰী বিধানসভাৰ সাধাৰণ নিৰ্বাচন তথা ৩ খন ৰাজ্য (কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰা)ৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ভোটদান আজি পুৱা ৭ বজাত আৰম্ভ হয় আৰু কেইটামান ঘটনা বাদ দি সাধাৰণতে শান্তিপূৰ্ণভাৱে সম্পন্ন হয়।

 

২. অসম আৰু পুডুচেৰীয়ে আজি ক্ৰমে ৮৫.৩৮% আৰু ৮৯.৮৩% ভোটদানৰ হাৰেৰে ৰাজ্য দুখনৰ এতিয়ালৈ সৰ্বাধিক ভোটদানৰ অভিলেখ ভংগ কৰে। ইয়াৰ পূৰ্বে অসম আৰু পুডুচেৰীত সৰ্বাধিক ভোটদানৰ হাৰ আছিল ক্ৰমে ৮৪.৭% (২০১৬ বিধানসভা নিৰ্বাচন) আৰু ৮৬.১৯% (২০১১ বিধানসভা নিৰ্বাচন)।

 

৩. নিৰ্বাচনত অংশগ্ৰহণৰ সবিশেষ (%)* তলত দিয়া ধৰণৰ+:

 

State/UT

Poll Percentage (%)

Male

Female

3rd Gender

Total

General Elections to Legislative Assembly

Assam

84.80

85.96

36.84

85.38

Kerala

75.01

80.86

57.04

78.03

Puducherry

88.09

91.33

91.81

89.83

Bye-elections to AC

Karnataka

1. Bagalkot-24

68.69

68.68

0.07

68.70

2. Davanagere South-107

68.55

68.55

0.08

68.55

Nagaland

1. Koridang-28

79.34

85.14

-

82.21

Tripura

1. Dharmanagar-56

79.80

80.26

-

80.04

 

* পি আৰ অ’সমূহে ইচিআইনেটত উপলব্ধ কৰা তথ্য অনুসৰি। ৩,৪৬৯ পিএছৰ পৰা তথ্য এতিয়াও উপলব্ধ কৰা হোৱা নাই।

+ তথ্য অস্থায়ী আৰু ইয়াত চাকৰিয়াল ভোটদাতা আৰু ডাকৰ বেলট অন্তৰ্ভুক্ত নহয়। চূড়ান্ত সংখ্যাসমূহ ই চি আই ইনডেক্স কাৰ্ডৰ জৰিয়তে উপলব্ধ কৰা হ’ব।

৪. মুখ্য নিৰ্বাচন আয়ুক্ত (চিইচি) শ্ৰী জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়ুক্ত ড এছ এছ সান্ধু আৰু ডবিবেক যোশীৰ সৈতে লাইভ-ৱেবকাষ্টিংৰ জৰিয়তে ভোটদান ব্যৱস্থা পৰ্যবেক্ষণ কৰে। এই ব্যৱস্থা অসম, কেৰালাম আৰু পুডুচেৰীত প্ৰথমবাৰৰ বাবে ১০০ শতাংশ ভোটদান কেন্দ্ৰতে নিশ্চিত কৰা হয়।

 

৫. মুঠ ৫.৩১ কোটিতকৈ অধিক ভোটদাতা থকা অসম, পুডুচেৰী কেন্দ্ৰীয়শাসিত অঞ্চল আৰু কেৰালাম ৰাজ্যৰ মুঠ ২৯৬ টা বিধানসভা সমষ্টি (এচি)ৰ লগতে আজি তিনিখন ৰাজ্যৰ (কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰা)ৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অনু্ষ্ঠিত হয়।

 

৬. আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচী (আই ই ভি পি)ৰ অংশ হিচাপে ২২ খন দেশৰ ৩৮ গৰাকী প্ৰতিনিধিয়ে নিৰ্বাচনৰ কাৰ্য্যক্ৰমৰ অভিজ্ঞতা লয়।

৭. যোৱা নিশা ২.৫০ লাখৰো অধিক নিৰ্বাচনী কৰ্মী সংশ্লিষ্ট ভোটদান কেন্দ্ৰসমূহত উপস্থিত হয়। আজি পুৱা ৭ বজাৰ পূৰ্বে ১,৮৯৯ গৰাকী প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ দ্বাৰা নিযুক্ত ১.৮ লাখৰো অধিক প’লিং এজেণ্টৰ উপস্থিতিত অনুশীলনমূলক ভোটদান সম্পন্ন হয় আৰু তাৰ পাছত একেলগে ৬৩,০৮৪ টা ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটদান আৰম্ভ হয়।

 

৮. ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি প্ৰিজাইডিং বিষয়াসকলে ভোটদান কেন্দ্ৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে ভোটদান সমাপ্ত হোৱাৰ সময়ত ভোটদানৰ সংখ্যা আপডেট কৰাৰ জৰিয়তে আনুমানিক ভোটদানৰ হাৰ আপডেট কৰাত ন্যূনতম পলম হোৱাটো নিশ্চিত হৈছিল।

 

৯. এই নিৰ্বাচনত কেইবাটাও নতুন ভোটদাতাৰ-অনুকূল পদক্ষেপ যেনে ই ভি এম বেলট পেপাৰত প্ৰাৰ্থীসকলক সহজে চিনাক্ত কৰিব পৰাকৈ ৰঙীন ফটো সম্বলিত কৰা, মোবাইল ফোন সুৰক্ষিতকৈ ৰখাৰ সুবিধা (এম ডি এফ), সহজে পঢ়িব পৰাকৈ নতুনকৈ প্ৰস্তুত কৰা ভোটাৰ তথ্য নথি (ভি আই এছ) আৰু প্ৰতিটো ভোটদান কেন্দ্ৰত সৰ্বাধিক ১,২০০ গৰাকীলৈকে ভোটদাতাৰ সীমা নিশ্চিত কৰা হয়।

 

১০. বিশেষভাৱে সক্ষম ভোটদাতাসকলক সহায় কৰিবলৈ ভোটদান কেন্দ্ৰসমূহত হুইল চেয়াৰৰ সুবিধা প্ৰদান কৰাৰ লগতে স্বেচ্ছাসেৱকসকলক সহজে চিনিব পৰাৰ ব্যৱস্থাও কৰা হয়। বিশেষভাৱে সক্ষম ভোটদাতাসকলক তেওঁলোকৰ ভোটদান কেন্দ্ৰত উপস্থিত হোৱাত সহায় কৰিবলৈ পৰিবহণৰ সুবিধাও প্ৰদান কৰা হয়।

 

১১. জিলা তথা বিধানসভা সমষ্টি অনুসৰি আনুমানিক ভোটদানৰ সংখ্যা ইচিআইনেট এপত উপলব্ধ।

**********

PK/GDH/RP/DD


(ৰিলিজ আই ডি : 2250686) অতিথি কক্ষ : 19