পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
ঔষধ উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰিবলৈ চৰকাৰে সমন্বিত পদ্ধতি গ্ৰহণ কৰিছে
বিশ্বজুৰি যোগান শৃংখলত ব্যাঘাত জন্মিলেও দেশত ঔষধ আৰু ঔষধৰ মূল্যত কোনো বিশেষ বৃদ্ধি হোৱা নাই
ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ যোগান স্বাভাৱিক হৈয়েই আছে; ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC) ভিত্তিক ডেলিভাৰী প্ৰায় ৯২% লৈ বৃদ্ধি কৰা হৈছে
কালি ১.০৬ লাখতকৈ অধিক এফটিএল চিলিণ্ডাৰ বিক্ৰী হোৱাৰ বিপৰীতে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত দৈনিক গড়ে ৭৭০০০ চিলিণ্ডাৰ বিক্ৰী হৈছিল
১৮ হাজাৰতকৈ অধিক পিএনজি গ্ৰাহকে এম ৱাই পি এন জি ডি ডট ইন ৱেবছাইটৰ জৰিয়তে নিজৰ এল পি জি সংযোগ ত্যাগ কৰিছে
ভাৰতৰ পতাকা থকা এল পি জি কঢ়িওৱা জাহাজ গ্ৰীণ আশাই যোৱা ৫ এপ্ৰিলত হৰমুজ জলদ্বীপ পাৰ হৈ নিৰাপদে জৱাহৰলাল নেহৰু বন্দৰত উপস্থিত হৈছে
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ২০২৬ চনৰ ১১–১২ এপ্ৰিলৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহী ভ্ৰমণ কৰি দ্বিপাক্ষিক সহযোগিতা পৰ্যালোচনা কৰিব আৰু ভাৰত–ইউএইৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব
তেহৰাণত থকা ভাৰতৰ দূতাবাসে ইৰাণৰ পৰা আৰ্মেনিয়া আৰু আজাৰবাইজান হৈ বাবে ছাত্ৰ-ছাত্ৰী আৰু মাছমৰীয়াকে ধৰি ২,১৭০ গৰাকী ভাৰতীয় নাগৰিকক ভাৰতলৈ অহাৰ লৈ যোৱাৰ সুবিধা প্ৰদান কৰিছে
পোষ্ট কৰা হৈছে:
09 APR 2026 5:40PM by PIB Guwahati
পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰিবলৈ অব্যাহত ৰখা পদক্ষেপৰ অংশ হিচাপে ভাৰত চৰকাৰে আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদমেল আহ্বান কৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ আৰু জলপথ, বৈদেশিক পৰিক্ৰমা আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্য্যকলাপ, অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক সহায় কৰা আৰু মূল খণ্ডসমূহৰ মাজত স্থিতিশীলতা বজাই ৰখাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে। ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ ঔষধ বিভাগেও ঔষধ খণ্ডৰ সৈতে জড়িত তথ্যসমূহ প্ৰকাশ কৰে।
ফাৰ্মাচিউটিকেল খণ্ডৰ তথ্য
ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ ঔষধ বিভাগে বৰ্তমানৰ অৱস্থাৰ বিষয়ে তথ্য প্ৰদান কৰে:
• ভাৰত চৰকাৰে পশ্চিম এছিয়াৰ সংকটৰ বাবে ঔষধৰ যোগানৰ ক্ষেত্ৰত বিশ্বজুৰি যোগান শৃংখলত ব্যাঘাত জন্মা লক্ষ্য কৰিছে, বিশেষকৈ দ্রাৱক আৰু সক্ৰিয় ঔষধ উপাদান (এপিআই)ক এনে পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিছে।
• এই প্ৰত্যাহ্বানসমূহৰ মাজতো দেশত ঔষধৰ মূল্য বৃহৎ বৃদ্ধি হোৱা নাই।
• ঔষধ উদ্যোগক সহায় কৰিবলৈ আৰু অত্যাৱশ্যকীয় তথা জীৱন ৰক্ষাকাৰী ঔষধৰ অবিৰত উপলব্ধতা নিশ্চিত কৰিবলৈ ৰাজহ বিভাগে ২০২৬ চনৰ ১ এপ্ৰিলত এক অধিসূচনাৰ জৰিয়তে ৪০টা পেট্ৰ’কেমিকেল ক্ষেত্ৰত সীমা শুল্ক শূন্যলৈ হ্ৰাস কৰিছে।
• বিশেষকৈ ঔষধ আৰু চিৰাপ নিৰ্মাণত প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ ফিডষ্টক আৰু দ্রাৱকৰ বাবে পেট্ৰলিয়াম আৰু পেট্ৰ’কেমিকেল খণ্ডৰ সৈতে ঔষধ খণ্ডৰ মূল্য শৃংখলৰ শক্তিশালী সম্পৰ্ক আছে।
• ঔষধ বিভাগে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় তথা ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল বিভাগৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি কাম কৰি আছে ।যাতে ঔষধ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰিব পৰা যায়। এই দ্রাৱকসমূহৰ অনুপাত, বিশেষকৈ যথেষ্ট পৰিমাণৰ প্ৰপাইলিন, উপলব্ধতা অনুসৰি ৰাসায়নিক পদাৰ্থ আৰু দ্রাৱক নিৰ্মাতাসকলক যোগান ধৰা হৈছে।
• ঔষধ উদ্যোগৰ বাবে প্ৰয়োজনীয় মূল দ্রাৱকসমূহৰ ভিতৰত প্ৰপাইলিন, এমোনিয়া আৰু মিথানল অন্তৰ্ভুক্ত, আনহাতে কিছুমান এন্টিবায়টিকৰ বাবে বিউটানলৰ প্ৰয়োজন কম পৰিমাণে হয়।
• প্ৰপাইলিন আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈয়েই আছে, কাৰণ ইয়াক আইছ’প্ৰ’পাইল এলক’হল (IPA) আৰু আইছ’বুটাইল বেনজিন উৎপাদনত ব্যৱহাৰ কৰা হয়, যিবোৰ ইবুপ্ৰ’ফেনৰ দৰে ঔষধত ব্যৱহাৰ কৰা হয়।
• বৰ্তমান ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ কোচি আৰু মুম্বাই শোধনাগাৰৰ জৰিয়তে প্ৰপাইলিন যোগানৰ এটা উল্লেখযোগ্য অংশ পূৰণ কৰা হৈছে আৰু আইছ’প্ৰ’পাইল এলক’হলৰ প্ৰধান নিৰ্মাতাসকলক যোগান ধৰা হৈছে।
• সংশ্লিষ্ট বিভাগৰ সহযোগত সাৰ উদ্যোগে ঔষধ ইউনিটলৈ এমোনিয়া আৰু আনুষংগিক সামগ্ৰীৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰিছে।
• মিথানলৰ যোগান এটা চিন্তাৰ বিষয় হিচাপে আত্মপ্ৰকাশ কৰিছিল; কিন্তু অসম পেট্ৰ’কেমিকেলছ আৰু গুজৰাট নৰ্মাদা ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেলছে (জিএনএফচি) পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে, আৰু ইতিমধ্যে যোগান আৰম্ভ কৰি লজিষ্টিক ব্যৱস্থা চলি আছে।
• মেটফৰ্মিন আৰু এছপিৰিনৰ দৰে ঔষধৰ বাবে মধ্যৱৰ্তী হিচাপে ব্যৱহাৰ কৰা মিথাইলেটেড এমোনিয়াম সামগ্ৰীৰ উপলব্ধতা তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা হৈছে।
• ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল বিভাগে কেইবাটাও জীৱনৰক্ষাকাৰী ঔষধ নিৰ্মাণত ব্যৱহৃত গুৰুত্বপূৰ্ণ ইনপুট মৰ্ফ’লিনৰ গুণগত নিয়ন্ত্ৰণ আদেশ স্থগিত ৰাখিছে।
• ঔষধৰ পেকেজিঙত ব্যৱহৃত এলুমিনিয়ামৰ যোগানত বাধাৰ সন্মুখীন হৈছিল যদিও ইয়াৰ যোগান পুনৰুদ্ধাৰ কৰা হৈছে আৰু এসপ্তাহৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে।
• এম্পুল আৰু চিচি বন্ধ কৰাৰ বাবে ব্যৱহাৰ কৰা এল পি জি আৰু হাই-স্পীড ডেইজেল (এইচ এছ ডি) তেলৰ যোগান তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা হৈছে আৰু বৰ্তমান ঔষধ ইউনিটসমূহে ইয়াৰ বাবে কোনো নাটনিৰ সন্মুখীন হোৱা নাই।
• চৰকাৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সৈতে সমন্বয় স্থাপন কৰি ক্ষেত্ৰভিত্তিকভাৱে গুৰুত্বপূৰ্ণ সামগ্ৰীৰ যোগান অব্যাহত ৰাখিছে, যাতে অত্যাৱশ্যকীয় ঔষধৰ নিৰৱচ্ছিন্ন উৎপাদন নিশ্চিত কৰিব পৰা যায়।
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ত তথ্য প্ৰকাশ কৰে। য’ত হৰমুজ জলদ্বীপক প্ৰভাৱান্বিত কৰা পৰিস্থিতিৰ মাজতে পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰে। মন কৰিবলগীয়া যে:
জনপৰামৰ্শ আৰু নাগৰিক সজাগতা
• নাগৰিকসকলক পেট্ৰ’ল, ডিজেল আৰু এল পি জি আতংকিত হৈ ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আৰু সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
• এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
• নাগৰিকসকলক বিকল্প ইন্ধন যেনে পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
• সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত সকলো নাগৰিককে শক্তি সংৰক্ষণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা ব্যৱস্থা
• চলি থকা ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে বিশেষকৈ চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ বাবে ঘৰুৱা এল পি জি আৰু পি এন জি যোগানক অগ্ৰাধিকাৰ দিছে।
• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি পদক্ষেপ আছে।
• এল পি জিৰ চাহিদাৰ চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
• কয়লা মন্ত্ৰালয়ে কল ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ আৰু মজলীয়া গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অতিৰিক্ত কয়লা যোগান ধৰিবলৈ নিৰ্দেশ দিছে।
• ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়া হৈছে।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টা
• ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত যোগান নিৰীক্ষণ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলোৱাৰ ক্ষমতা প্ৰদান কৰা হৈছে।
• ভাৰত চৰকাৰে ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ সন্দৰ্ভত আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হৈছে। এই প্ৰসংগত ০২.০৪.২০২৬ তাৰিখে (সচিব, এম অ’ পি এন জিৰ অধ্যক্ষতাত) আৰু ০৬.০৪.২০২৬ তাৰিখে (আই এণ্ড বি আৰু গ্ৰাহক পৰিক্ৰমাৰ সচিবসকলৰ সৈতে এম অ’ পি এন জিৰ সচিবৰ অধ্যক্ষতাত) সভা আহ্বান কৰা হৈছিল, য’ত তলত উল্লেখ কৰা বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হৈছিল।
o দৈনিক সংবাদমেল অনুষ্ঠিত কৰা আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
o ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি / ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু প্ৰতিহত কৰা।
o জিলা প্ৰশাসকৰ দ্বাৰা দৈনিক বলৱৎকৰণ অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সৈতে সমন্বয়ত অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা
o তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ আদেশ জাৰি কৰা
o ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা।
o পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনক প্ৰসাৰিত কৰা।
বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিতিশীলতা নিশ্চিত কৰিবলৈ ৫ কিলোগ্ৰাম এফ টি এল চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পদক্ষেপ গ্ৰহণ ।
• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায় ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি গঠন কৰিছে।
• বৰ্তমান ২৪ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে নিয়মীয়াকৈ সংবাদমেল অনুষ্ঠিত কৰি আছে৷
বলৱৎকৰণ আৰু নিৰীক্ষণ কাৰ্য্য
• এল পি জিৰ অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায় ৰোধৰ বাবে সমগ্ৰ দেশতে অভিযান অব্যাহত আছে। কালি ৩৩০০ৰো অধিক অভিযান চলোৱা হয় আৰু সমগ্ৰ দেশতে প্ৰায় ৬০০ চিলিণ্ডাৰ জব্দ কৰা হয়।
• আজিলৈকে সমগ্ৰ দেশতে ১.১৬ লাখৰো অধিক অভিযান চলোৱা হৈছে।
• পিএছইউ তেল বিপণন কোম্পানীসমূহে হঠাতে পৰিদৰ্শন কৰিছে আৰু ১৮৭০টাতকৈও অধিক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে, ১৮৯টা এলপিজি বিতৰকত জৰিমনা বিহা হৈছে আৰু ৫৩টা বিতৰকক নিলম্বিত কৰিছে।
এল পি জি যোগান
ঘৰুৱা এল পি জি যোগানৰ অৱস্থা:
• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত এল পি জি যোগানৰ প্ৰভাৱ অব্যাহত আছে।
• এল পি জি বিতৰকত কোনো ধৰণৰ নাটনি হোৱাৰ খবৰ পোৱা হোৱা নাই।
• সমগ্ৰ উদ্যোগটোত অনলাইন এল পি জি বুকিং প্ৰায় ৯৮% লৈ বৃদ্ধি পাইছে।
• ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC) ভিত্তিক ডেলিভাৰী প্ৰায় ৯২% লৈ বৃদ্ধি কৰা হৈছে।
• ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ যোগান স্বাভাৱিক হৈয়েই আছে।
• ০৮.০৪.২০২৬ তাৰিখে ৫১.৫ লাখতকৈ অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ যোগান ধৰা হয়।
বাণিজ্যিক এল পি জিৰ যোগান আৰু আবণ্টনৰ ব্যৱস্থা:
• মুঠ বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ প্ৰায় ৭০% লৈ বৃদ্ধি কৰা হৈছে, য’ত ১০% সংস্কাৰ-সংলগ্ন আবণ্টনো অন্তৰ্ভুক্ত হৈ আছে।
• ভাৰত চৰকাৰে ০৮.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে জনাইছে যে ফাৰ্মা, খাদ্য, পলিমাৰ, কৃষি, পেকেজিং, ৰং, ইউৰেনিয়াম, গধুৰ পানী, তীখা, বীজ, ধাতু, চিৰামিক, ফাউণ্ড্ৰি, জাল, কাঁচ, এৰ’ছল আদি খণ্ডৰ উদ্যোগিক ইউনিটসমূহেও ইউনিটৰ ৭০% ইউনিটসমূহৰ ২০২৬ মাৰ্চৰ পূৰ্বে ০.২ টিএমটি/দিনৰ সামগ্ৰিক খণ্ডগত সীমাৰ অধীনত অঘৰুৱা এলপিজি ব্যৱহাৰৰ মাত্ৰা নিশ্চিত কৰিব লাগিব।
• ২১.০৩.২০২৬ তাৰিখৰ পত্ৰৰ পেৰা (খ)ত উল্লেখ কৰা চৰ্তসমূহ অ’এমচিৰ সৈতে পঞ্জীয়নৰ সন্দৰ্ভত আৰু চিজিডি সত্তাসমূহলৈ পিএনজিৰ বাবে আবেদন সম্পৰ্কীয় পেৰা (গ)ত উল্লেখ কৰা চৰ্তসমূহো এই আবণ্টনৰ অধীনত বাল্ক এলপিজি লাভ কৰিবলৈ নিজ নিজ উদ্যোগসমূহে পূৰণ কৰিব লাগিব। কিন্তু যদি ওপৰত উল্লেখ কৰা উদ্যোগসমূহে উৎপাদন প্ৰক্ৰিয়াত এল পি জিক অবিচ্ছেদ্য ইনপুট হিচাপে বা বিশেষ উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰে , যাক প্ৰাকৃতিক গেছৰ দ্বাৰা প্ৰতিস্থাপন কৰিব নোৱাৰি, তেন্তে পিএনজিৰ বাবে আবেদনৰ সৈতে জড়িত প্ৰয়োজনীয়তা ৰেহাই দিয়া হ’ব।
• এই ব্যৱস্থাসমূহে যোগান শৃংখলৰ ব্যাঘাত ৰোধ কৰিব, অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি এৰাই চলিব আৰু চলি থকা বিশ্ব সংকটৰ মাজতো ঔদ্যোগিক কাৰ্য্যকলাপৰ ধাৰাবাহিকতা নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।
• ভাৰত চৰকাৰে ০৬.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে জনাইছে যে প্ৰব্ৰজিত শ্ৰমিকসকলক প্ৰদানৰ বাবে প্ৰতিখন ৰাজ্যত উপলব্ধ দৈনিক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ পৰিমাণ ২০২৬ চনৰ ২-৩ মাৰ্চৰ ভিতৰত প্ৰব্ৰজিত শ্ৰমিকসকলক গড় দৈনিক যোগান (চিলিণ্ডাৰৰ সংখ্যা)ৰ ওপৰত ভিত্তি কৰি দুগুণ কৰা হৈছে ,২১.০৩.২০২৬ তাৰিখৰ পত্ৰৰ জড়িয়তে এনে কৰা হৈছে। এই ৫ কেজি এফটিএল চিলিণ্ডাৰসমূহ তেল বিপণন কোম্পানী (অ’এমচি)ৰ সহায়ত তেওঁলোকৰ ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলকহে যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ হৈ থাকিব।
• পিএছইউ অ’এমচিসমূহে যোৱা ছদিনত ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ বাবে প্ৰায় ২০০০টা সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ২০,০০০ - ৫ কিলোগ্ৰামতকৈ অধিক এফটিএল চিলিণ্ডাৰো বিক্ৰী কৰা হৈছে।
• ০৮.০৪.২০২৬ তাৰিখে সমগ্ৰ দেশতে ১.০৬ লাখতকৈ অধিক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছিল, যিটো ফেব্ৰুৱাৰী-২৬ মাহত দৈনিক গড়ে ৭৭০০০ বিক্ৰী হৈছিল।
• ২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা প্ৰায় ১০ লাখ ৫ কেজি ফ্ৰী ট্ৰেড এল পি জি চিলিণ্ডাৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰব্ৰজিত শ্ৰমিককে ধৰি দুৰ্বল শ্ৰেণীৰ লোকক বিক্ৰী কৰা হৈছে।
• আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰ তিনিজনীয়া সমিতিয়ে ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে সমন্বয় কৰি বাণিজ্যিক এল পি জি বিতৰণৰ পৰিকল্পনা কৰিছে।
• ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা প্ৰায় ৯৯,৭৯৬ মেট্ৰিক টন বাণিজ্যিক এল পি জি (৫২.৫ লাখতকৈ অধিক ১৯ কেজি চিলিণ্ডাৰৰ সমতুল্য) বিক্ৰী হৈছে।কালি ৬৭১১ মেট্ৰিক টন বাণিজ্যিক এল পি জি (৩.৫ লাখতকৈ অধিক - ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ সমতুল্য) বিক্ৰী কৰা হৈছে।
প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ
• অগ্ৰাধিকাৰ খণ্ডসমূহে ঘৰুৱা পিএনজি আৰু চিএনজি পৰিবহণলৈ ১০০% যোগানকে ধৰি সুৰক্ষিত যোগান লাভ কৰি আহিছে।
• উপলব্ধ তথ্য আৰু নিৰ্ধাৰিত এল এন জি কাৰ্গোৰ আগমনৰ ভিত্তিত সাৰ উদ্যোগসমূহলৈ সামগ্ৰিক গেছ আবণ্টন ৫% আৰু অধিক বৃদ্ধি কৰি ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯৫% পোৱা গৈছে, যিটো ০৯.০৪.২০২৬ৰ পৰা কাৰ্যকৰী হ’ব।
• চিটি গেছ বিতৰণ (চিজিডি) নেটৱৰ্ককে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈও গেছ যোগান আৰু ১০% বৃদ্ধি কৰা হৈছে, যিটো ০৬.০৪.২০২৬ৰ পৰা কাৰ্যকৰী হ’ব।
• বাণিজ্যিক এল পি জিৰ উপলব্ধতাৰ সন্দৰ্ভত সৃষ্টি হোৱা উদ্বেগ সমাধান কৰিবলৈ চিজিডি সত্তাসমূহক হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।
• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলকে ধৰি চিজিডি কোম্পানীসমূহে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ বাবে উদগনি আগবঢ়াইছে।
• ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ কৰা হৈছে।
• ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যসমূহলৈ অতিৰিক্ত ১০% বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ দিছে, যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে।
• গুজৰাট, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, কেৰালাম আদিৰ দৰে ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ইতিমধ্যে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।
• পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক নিৰ্দেশ দিছে যে পাইপলাইন উপলব্ধ হোৱা পাঁচ দিনৰ ভিতৰত পিএনজিৰ জৰিয়তে বিদ্যালয়, হোষ্টেল, কমিউনিটি পাকঘৰ আৰু অংগনবাড়ী পাকঘৰৰ দৰে প্ৰতিষ্ঠানসমূহক সংযোগ কৰিব লাগিব।
• পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে অগ্ৰাধিকাৰ ভিত্তিত আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে তিনি মাহৰ বাবে চিজিডি আন্তঃগাঁথনিৰ বাবে ত্বৰান্বিত অনুমোদন কাঠামো গ্ৰহণ কৰিছে।
• ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট অনুসৰি প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ বিস্তাৰ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬ অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত অৱগত কৰিছে দেশত, অনুমোদন আৰু বিলম্বৰ সৈতে মোকাবিলা কৰা আৰু আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰা আদি পদক্ষেপ। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্ক বৃদ্ধি ত্বৰান্বিত হ’ব, সমাজৰ শেষ মাইললৈ সংযোগ বৃদ্ধি হ’ব আৰু নিকা ইন্ধনলৈ পৰিৱৰ্তনত সহায় হ’ব, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতিক আগুৱাই নিব পৰা যাব ।
• পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ পিএনজিআৰবিয়ে ২০২৬ চনৰ ৩০ জুনলৈকে ৰাষ্ট্ৰীয় পিএনজি অভিযান ২.০ৰ সময় বৃদ্ধি কৰিছে।
• স্বচ্ছ, অধিক সুৰক্ষিত আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতক উৎসাহিত কৰিবলৈ ভাৰত চৰকাৰে ৰাজ্যিক চিবিজি নীতিৰ আৰ্হি খচৰা প্ৰস্তুত কৰিছে। আৰ্হি নীতিৰ উদ্দেশ্য হৈছে ৰাজ্যসমূহে চিবিজি উন্নয়নৰ বাবে নিজাকৈ বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ আৰু ৰূপায়ণমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰিব। যিবোৰ ৰাজ্যই ইয়াক বাছি লয়, সেইবোৰক বাণিজ্যিক এল পি জিৰ অতিৰিক্ত আবণ্টনৰ পৰৱৰ্তী শাখাৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব।
• ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা প্ৰায় ৩.৯৭ লাখ পিএনজি সংযোগ প্ৰদান কৰা হৈছে আৰু প্ৰায় ৪.৩০ লাখ অতিৰিক্ত গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে।
• ১৮ হাজাৰতকৈ অধিক পিএনজি গ্ৰাহকে এম ৱাই পি এন জি ডি ডট ইন ৱেবছাইটৰ জৰিয়তে নিজৰ এল পি জি সংযোগ ত্যাগ কৰিছে।
খাৰুৱা তেলৰ স্থিতি আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ
• সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্যৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
• ঘৰুৱা ব্যৱহাৰক সহায় কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
• ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশ অনুসৰি ভাৰতৰ পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি ৰিফাইনিং কোম্পানীসমূহক উচ্চ প্ৰযুক্তি কেন্দ্ৰই নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট পৰিমাণ আৰু শোধনাগাৰৰ উৎসৰ ভিত্তিত ঔষধ বিভাগ, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’ ৰাসায়নিক বিভাগ আদি জটিল খণ্ডৰ বাবে কিছুমান নূন্যতম পৰিমাণৰ চি৩ আৰু ষ্ট্ৰিম উপলব্ধ কৰাৰ অনুমতি দিছে (চি এইচ টি)।
• ওপৰৰ বিভাগসমূহৰ সৈতে জড়িত কোম্পানীসমূহৰ বাবে ৮০০ মেট্ৰিক টন প্ৰতিদিনৰ ব্যৱস্থা কৰা হৈছে।
খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা
• সমগ্ৰ দেশতে খুচুৰা বিপণীসমূহ স্বাভাৱিকভাৱে চলি আছে।
• মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে; কিন্তু গ্ৰাহকক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ক্ষেত্ৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকাকৈ হ্ৰাস কৰিছে।
• পৰ্যাপ্ত ঘৰুৱা উপলব্ধতা নিশ্চিত কৰিবলৈ ডিজেলত প্ৰতি লিটাৰত ২১.৫ টকা আৰু বিমান টাৰ্বাইন ইন্ধন (এ টি এফ)ৰ ওপৰত প্ৰতি লিটাৰত ২৯.৫ টকা ৰপ্তানি শুল্ক আৰোপ কৰা হৈছে।
• খুচুৰা বিপণীত কোনো বৃদ্ধি নোহোৱাকৈ পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্য অপৰিৱৰ্তিত হৈ আছে।
• চৰকাৰে নাগৰিকসকলক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ পৰামৰ্শ দি ৰাজ্য চৰকাৰসমূহক প্ৰেছ ব্রিফিঙৰ জৰিয়তে সঠিক তথ্য প্রচাৰ কৰিবলৈ অনুৰোধ জনাইছে৷
কেৰাচিনৰ উপলব্ধতা আৰু বিতৰণৰ ব্যৱস্থা
• নিয়মীয়া আবণ্টনৰ ওপৰত ৰাজ্য/কেৰাষ্ট্ৰীয় কেন্দ্ৰসমূহক ৪৮,০০০ কেল কেৰাচিনৰ অতিৰিক্ত আবণ্টন দিয়া হৈছে।
• ভাৰত চৰকাৰে ২৯.০৩.২০২৬ তাৰিখৰ গেজেট অধিসূচনা অনুসৰি কেৱল ৰন্ধা-বঢ়া আৰু পোহৰৰ উদ্দেশ্যে পিডিএছ এছকেঅ’ মুক্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত পিডিএছ চুপিৰিয়েৰ কেৰাচিন অইল (এছকেঅ’) বিতৰণৰ সুবিধা প্ৰদান কৰিছে –
o প্ৰতিখন জিলাত সৰ্বাধিক দুটা পিএছইউ অ’এমচি চাৰ্ভিচ ষ্টেচন (কোম্পানী মালিকানাধীন কোম্পানী পৰিচালিত হ’লে ভাল) ৫,০০০ লিটাৰ পৰ্যন্ত পিডিএছ এছকেঅ’ জমা কৰাৰ অনুমতি দিয়া হৈছে।
o এই পিএছইউ অ’এমচি সেৱা কেন্দ্ৰসমূহ প্ৰতিখন জিলাৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে নিৰ্ধাৰণ কৰিব লাগিব।
• ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে কোনো প্ৰয়োজনীয়তাৰ ইংগিত দিয়া নাই।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলোৱাৰ কাৰ্য্যকলাপ
পাৰস্য উপসাগৰৰ বৰ্তমানৰ সামুদ্ৰিক পৰিস্থিতিৰ লগতে ভাৰতীয় জাহাজ আৰু নাৱিকসকলক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও অৱগত কৰা হয়। ইয়াত কোৱা হয় যে:
• বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা আৰু ভাৰতীয় মিছন মন্ত্ৰালয়ৰ সমন্বয়ত পাৰস্য উপসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে।
• অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ আৰু বিগত ২৪ ঘন্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো কূটাঘাত সংঘটিত হোৱা নাই।
• ২০২৬ চনৰ ৫ এপ্ৰিলত হৰমুজ জলদ্বীপ অতিক্ৰম কৰা ভাৰতৰ পতাকা থকা এল পি জি জাহাজ গ্ৰীণ আশাই আজি পুৱাই নিৰাপদে জৱাহৰলাল নেহৰু বন্দৰ (জে এন পি এ)ত উপস্থিত হৈছে।
• জাহাজৰ মালিক, নিযুক্তি আৰু নিযুক্তি সেৱা অনুজ্ঞাপত্ৰ (আৰ পি এছ এল) সংস্থা আৰু ভাৰতীয় মিছনৰ সৈতে সমন্বয় সাধন কৰি জাহাজ সঞ্চালকালয়ে (ডি জি শিপিং) উন্নয়নসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে।
• ডিজি শ্বিপিং কণ্ট্ৰল ৰুমে সক্ৰিয় হোৱাৰ পিছত ৫,৬৪৭টা কল আৰু ১২,০৪৩টা ইমেইল চম্ভালিছে, য’ত বিগত ২৪ ঘণ্টাত ১৬৬টা কল আৰু ৩১৭টা ইমেইল আছে।
• ডি জি শ্বিপিঙে এতিয়ালৈকে ১৮০৩ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে, য’ত সমগ্ৰ উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা যোৱা ২৪ ঘণ্টাত ৪৯ জন নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে।
• সমগ্ৰ ভাৰতত বন্দৰৰ কাম-কাজ স্বাভাৱিকভাৱে অব্যাহত আছে আৰু কোনো ধৰণৰ অসুবিধাৰ তথ্য পোৱা হোৱা নাই। গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কেৰালাম, অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীৰ ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডে সুচাৰুৰূপে কাম কৰাটো নিশ্চিত কৰিছে।
• ভাৰতীয় নাৱিকসকলৰ কল্যাণ নিশ্চিত কৰা আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ অব্যাহত ৰখাৰ বাবে মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰি আছে।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
সংবাদমেলত ভাৰতীয় মিছনৰ জৰিয়তে সহায় সহযোগিতাকে ধৰি অঞ্চলটোৰ শেহতীয়া পৰিঘটনাসমূহৰ বিষয়ে তথ্য প্ৰদান কৰা হয়৷ ইয়াত জনোৱা হয় যে:
• ভাৰতে পশ্চিম এছিয়াৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে আৰু অঞ্চলটোৰ দেশসমূহৰ সৈতে জড়িত হৈ আছে।
• বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ২০২৬ চনৰ ১১–১২ এপ্ৰিলৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহী ভ্ৰমণ কৰিব।এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ নেতৃত্বক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতা পৰ্যালোচনা কৰিব আৰু ভাৰত–ইউএইৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰিব।
• উচ্চ পৰ্যায়ৰ সংযোগৰ জৰিয়তেও ভাৰতে অঞ্চলটোৰ অন্যান্য দেশসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে।
• পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীয়ে ২০২৬ চনৰ ৯–১০ এপ্ৰিলত কাটাৰলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব।
• উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ পৰিস্থিতি সন্দৰ্ভত চৰকাৰে নিৰীক্ষণ অব্যাহত ৰাখিছে। মন্ত্ৰালয়ত এটা নিৰ্দিষ্ট বিশেষ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছে।
• অঞ্চলটোত ভাৰতীয় লোকৰ সুৰক্ষা, কল্যাণ নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।
• ভাৰতীয় মিছন আৰু পোষ্টসমূহে ২৪ ঘণ্টাই হেল্পলাইন চলাই আছে আৰু ভাৰতীয় নাগৰিকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে।
• স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান আৰু ভ্ৰমণৰ পৰিস্থিতি তথা কনছুলাৰ সেৱাৰ তথ্যকে ধৰি নিয়মিতভাৱে পৰামৰ্শ জাৰি কৰা হৈছে।
• আমাৰ মিছনসমূহে ভাৰতীয় সম্প্ৰদায়ৰ সংঘ, পেছাদাৰী গোট, ভাৰতীয় কোম্পানী আৰু অঞ্চলটোৰ অন্যান্য অংশীদাৰসকলৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি আছে।
• যিবোৰ দেশত আকাশমাৰ্গ মুকলি হৈ আছে , সেইবোৰ দেশৰ পৰা বিমান সেৱা অব্যাহত আছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ৮,১৫,০০০ গৰাকী যাত্ৰীয়ে ভাৰতলৈ যাত্ৰা কৰিছে।
• ইউ এ ইত বিমান সংস্থাসমূহে কাৰ্য্যকৰী আৰু সুৰক্ষাৰ বিবেচনাৰ ভিত্তিত ইউ এ ই আৰু ভাৰতৰ মাজত সীমিত অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান সেৱা অব্যাহত ৰাখিছে, আজি প্ৰায় ৮৫খন বিমান সেৱাৰ আশা কৰা হৈছে।
• চৌদি আৰৱ আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ গন্তব্যস্থানলৈ বিমান সেৱা অব্যাহত আছে।
• কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ বাবে আজি কাটাৰ এয়াৰৱেজে ভাৰতলৈ প্ৰায় ৮–১০খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।
• কুৱেইটৰ আকাশমাৰ্গ বন্ধ হৈ আছে। জাজিৰা এয়াৰৱেজ আৰু কুৱেইট এয়াৰৱেজে ছৌদি আৰৱৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতলৈ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান চলাই আছে। কুৱেইটৰ পৰা ভাৰতীয় নাগৰিকক চৌদি আৰৱৰ মাজেৰে ভাৰতলৈ যাত্ৰাৰ সুবিধা অব্যাহত আছে।
· বাহৰেইনৰ আকাশমাৰ্গ এতিয়া মুকলি হৈছে। বাহৰেইনৰ পৰা ভাৰতলৈ সীমিত বিমান সেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে । গালফ এয়াৰে আৰু বৰ্তমান ছৌদি আৰৱৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতলৈ অনিৰ্ধাৰিত বিমান সেৱা চলাই আছে। বাহৰেইনৰ পৰা ভাৰতীয় নাগৰিকৰ ভাৰত ভ্ৰমণৰ সুবিধা অব্যাহত আছে চৌদি আৰৱৰ জৰিয়তে।
· তেহৰাণত থকা ভাৰতৰ দূতাবাসে এতিয়ালৈকে ইৰাণৰ পৰা আৰ্মেনিয়া আৰু আজাৰবাইজানলৈ ২১৭০ জন ভাৰতীয় নাগৰিকক ভাৰতলৈ আগুৱাই যোৱাৰ বাবে যোৱাৰ সুবিধা প্ৰদান কৰিছে, য’ত ৯৭১ গৰাকী ভাৰতীয় শিক্ষাৰ্থী আৰু ৬৫৭ জন ভাৰতীয় মাছমৰীয়াও আছে।
· ইজৰাইলৰ আকাশমাৰ্গ বন্ধ হৈ আছে। ভাৰতীয় নাগৰিকৰ জৰ্ডান আৰু ইজিপ্তৰ মাজেৰে ভাৰতলৈ যাত্ৰাৰ সুবিধা অব্যাহত আছে।
· ইৰাকৰ আকাশমাৰ্গ এতিয়া মুকলি হৈছে যদিও বিমান সেৱা এতিয়াও আৰম্ভ হোৱা নাই। ভাৰতীয় নাগৰিকৰ বাবে জৰ্ডান আৰু চৌদি আৰৱৰ মাজেৰে ভাৰতলৈ যাত্ৰাৰ সুবিধা অব্যাহত আছে।
****
TM/DM
(ৰিলিজ আই ডি : 2250671)
অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam