কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

ৰাজস্থানৰ বালোত্ৰা জিলাৰ পাচপাদ্ৰাৰ এইচ পি চি এল ৰাজস্থান ৰিফাইনাৰী লিমিটেড (এইচ আৰ আৰ এল) ৰ বাবে ব্যয় আৰু ইকুইটিৰ বিনিয়োগৰ সংশোধনত কেবিনেটৰ অনুমোদন

{হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেড (এইচ পি চি এল) আৰু ৰাজস্থান চৰকাৰৰ যৌথ উদ্যোগ}

পোষ্ট কৰা হৈছে: 08 APR 2026 4:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে এইচপিচিএল ৰাজস্থান ৰিফাইনাৰী লিমিটেড (এইচআৰআৰএল) প্ৰকল্পৰ ব্যয় ৪৩,১২৯ কোটি টকাৰ পৰা ৭৯,৪৫৯ কোটি টকালৈ সংশোধন আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড (এইচপিচিএল) ৰ দ্বাৰা ৮.৯৬২ কোটি টকাৰ অতিৰিক্ত ইকুইটি বিনিয়োগত অনুমোদন জনাইছে। বৃদ্ধিৰ পাছত এইচ পি চি এল-ৰ মুঠ ইকুইটি বিনিয়োগ হ’ব ১৯,৬০০ কোটি টকা।

ৰূপায়ণৰ কৌশল আৰু লক্ষ্যঃ

এইচ আৰ আৰ এল শোধনাগাৰ হৈছে ২৬ শতাংশতকৈ অধিক পেট্ৰোকেমিকেল সামগ্ৰীৰ স্লেট থকা এক অতি জটিল শোধনাগাৰ। পেট্ৰ’লৰ ১ এম এম টি পি এ, ডিজেলৰ ৪ এম এম টি পি এ উৎপাদনৰ লগতে ই ১ এম এম টি পি এ পলিপ্ৰপিলিন, এল এল পি ডি ই-ৰ ০.৫ এম এম টি পি এ (লিনিয়াৰ লো ডেন্সিটি পলিথিলিন), এইচ ডি পি ই-ৰ ০.৫  এম এম টি পি এ (হাই ডেন্সিটি পলিথিলিন) আৰু প্ৰায় ০.৫ এম এম টি পি এ বেনজিন, টলুইন আৰু বুটাডাইন উৎপাদন কৰিব। এই সকলোবোৰ সামগ্ৰী পৰিবহণ, ফাৰ্মা, ৰং, পেকেজিং উদ্যোগ আদিৰ দৰে ক্ষেত্ৰত আমাৰ শক্তি আৰু ঔদ্যোগিক পৰিৱেশ তন্ত্ৰৰ বাবে গুৰুত্বপূৰ্ণ। এই প্ৰকল্পটোৱে শক্তিৰ ক্ষেত্ৰত স্বাধীনতা কঢ়িয়াই আনিব আৰু পেট্ৰোকেমিকেল খণ্ডৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। অনুসূচীত বাণিজ্যিক কাৰ্য্যকৰীকৰণৰ তাৰিখ (এছচিঅ’ডি) হৈছে ২০২৬ চনৰ ১ জুলাই।

 

নিয়োগ সৃষ্টিৰ সম্ভাৱনাকে ধৰি প্ৰধান প্ৰভাৱঃ

এইচ আৰ আৰ এল হৈছে দেশৰ বৰ্ধিত শক্তিৰ প্ৰয়োজনীয়তা আৰু পেট্ৰোকেমিকেলৰ প্ৰয়োজনীয়তা আৰু বিশেষ সামগ্ৰী উৎপাদনৰ কথা বিবেচনা কৰি এক গুৰুত্বপূৰ্ণ প্ৰকল্প, যাৰ ফলত দেশৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস হ'ব আৰু  বৈদেশিক মুদ্ৰা ৰাহি হ'ব। তদুপৰি, এই প্ৰকল্পটোৱে পিছপৰা অঞ্চলৰ ঔদ্যোগিকৰণ, স্থানীয়ভাৱে উপলভ্য মঙ্গলা ক্ৰুডৰ ব্যৱহাৰ আৰু ভাৰতক এক শোধন কেন্দ্ৰ হিচাপে প্ৰচাৰ কৰাত সহায় কৰিব। এই প্ৰকল্প ৰূপায়ণৰ সময়ত এইচ আৰ আৰ এল-এ শোধনাগাৰ গোট নিৰ্মাণত নিয়োজিত বিভিন্ন অংশীদাৰৰ দ্বাৰা নিয়োজিত প্ৰায় ২৫,০০০ শ্ৰমিকৰ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে।

পটভূমিঃ

এইচ আৰ আৰ এল, পাচপদৰা, জিলা-বালোত্ৰা, ৰাজস্থান হৈছে প্ৰতি বছৰে ৯ নিযুত মেট্ৰিক টন (এম এম টি পি এ) গ্ৰীণফিল্ড শোধনাগাৰ তথা পেট্ৰোকেমিকেল কমপ্লেক্স য’ত ২.৪ এম এম টি পি এ পেট্ৰোকেমিকেল উৎপাদন ক্ষমতা আছে। এইচ পি চি এল-ৰ যুটীয়া উদ্যোগ (জে ভি) আৰু ৰাজস্থান চৰকাৰে (জিঅ’আৰ) ক্ৰমে ৭৪ শতাংশ আৰু ২৬ শতাংশ ইকুইটি ষ্টেকৰ সৈতে এই প্ৰকল্পটো এইচ আৰ আৰ এল-ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে।

 

***

MJPS/MK


(ৰিলিজ আই ডি : 2250307) অতিথি কক্ষ : 21