প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav AI Impact Summit 2026

কাজাখস্তানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 18 FEB 2026 6:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰতে আয়োজন কৰা এ আই ইম্পেক্ট সন্মিলনৰ মাজতে কাজাখস্তানৰ প্ৰধানমন্ত্ৰী ওলঝাছ বেক্টেনোভৰ সৈতে মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে এ আই ইম্পেক্ট সন্মিলনত প্ৰধানমন্ত্ৰী বেক্টেনোভৰ অংশগ্ৰহণক প্ৰশংসা কৰে, যিয়ে সামাজিক কল্যাণ আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰক দুয়োখন ৰাষ্ট্ৰৰে অংশীদাৰী দায়বদ্ধতাক গুৰুত্ব দিয়াটোক প্ৰতীয়মান কৰে। দুয়োগৰাকী নেতাই ৰাজনৈতিক, বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সংযোগ, শক্তি, উদীয়মান প্ৰযুক্তি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে।

এক্সত পৃথক পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ

‘প্ৰধানমন্ত্ৰী ওলঝাছ বেক্টেনোভ আৰু মই আজি মিলিত হৈছিলো। তেওঁৰ এই ভ্ৰমণে ভাৰত-কাজাখস্তানৰ কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰি তুলিব। বাণিজ্য, শক্তি, গুৰুত্বপূৰ্ণ খনিজ, বিৰল মৃৎ মৌল, প্ৰতিৰক্ষা, সংযোগ আৰু মহাকাশৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ অপৰিসীম সম্ভাৱনা আছে। আমি আমাৰ বন্ধুত্বক নতুন শিখৰলৈ লৈ যোৱাৰ বাবে একেলগে কাম কৰি যাম।

@PrimeMinisterEn’

“Бүгін ертерек Премьер-министр Олжас Бектенов мырзамен кездестім. Оның сапары Үндістан мен Қазақстан арасындағы стратегиялық серіктестікті одан әрі тереңдете түседі. Сауда, энергетика, маңызды минералдар, сирек жер элементтері, қорғаныс, көлік-логистика байланысы және ғарыш салаларында екіжақты ынтымақтастықты дамытуға зор мүмкіндік бар. Достығымызды жаңа белестерге көтеру үшін бірлесіп жұмыс істеуді жалғастырамыз.

@PrimeMinisterEn”

****

MJPS/SR/HS


(ৰিলিজ আই ডি : 2249289) অতিথি কক্ষ : 15