পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মূল খণ্ডসমূহৰ সন্দৰ্ভত শেহতীয়া তথ্য

ইন্ধন ক্ৰয়ৰ ক্ষেত্ৰত আতংকিত নহ'বলৈ নাগৰিকসকলক পৰামৰ্শ

ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে ইন্ধন যোগানৰ পৰিস্থিতিৰ পৰ্যালোচনা কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ

ৰাজ্যসমূহক এলপিজি বিতৰণত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আৰু অবৈধ মজুত আৰু ভুল তথ্যৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ

২৩ মাৰ্চৰ পৰা ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ বিক্ৰী ৫ লাখ অতিক্ৰম; কালি ৬৭,০০০ৰো অধিক বিক্ৰী হৈছে

পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ অধীনত ১০ খন ৰাজ্যই অতিৰিক্ত এলপিজি লাভ কৰিছে

পিএনজিৰ সম্প্ৰসাৰণে গতি লাভ কৰিছে; ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা ৩.৪২ লাখ সংযোগ গেছীকণ আৰু ৩.৭ লাখ নতুন পঞ্জীয়ন

চৰকাৰে সামুদ্ৰিক কাৰ্যকলাপ আৰু নাৱিকৰ সুৰক্ষাৰ ওপৰত নিবিড় নিৰীক্ষণ অব্যাহত ৰাখিছে; বন্দৰসমূহ স্বাভাৱিক ভাৱে চলি আছে

এতিয়ালৈকে ১১৩০ গৰাকীৰো অধিক ভাৰতীয় নাৱিকক স্বদেশলৈ উভতাই অনা হৈছে; বিগত ২৪ ঘণ্টাত উভতি আহিছে ১৫৫ গৰাকী নাৱিক

উপসাগৰীয় অঞ্চলত ভাৰতীয় সমুদায়ক ২৪ ঘণ্টাই সহায় আগবঢ়াই আছে মিছন আৰু পোষ্টসমূহে

বিমানৰ পৰিস্থিতিৰ উন্নতি অব্যাহত; ২৮ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ৬,৪৯,০০০গৰাকী যাত্ৰী ভাৰতলৈ উভতি আহিছে

পোষ্ট কৰা হৈছে: 03 APR 2026 6:34PM by PIB Guwahati

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে সমন্বিত সঁহাৰি ব্যৱস্থাৰ জৰিয়তে মুখ্য খণ্ডসমূহত প্ৰস্তুতি আৰু ধাৰাবাহিকতা সুনিশ্চিত কৰাত সক্ৰিয়ভাৱে জড়িত হৈ আছে। তলৰ আপডেটত শক্তি যোগান, সামুদ্ৰিক কাৰ্যকলাপ আৰু এই অঞ্চলত ভাৰতীয় নাগৰিকক সমৰ্থন প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বৰ্ণনা কৰা হৈছেঃ

ইন্ধন যোগান আৰু উপলব্ধতা

হৰমুজ প্ৰণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ক ইন্ধন যোগানৰ পৰিস্থিতি আৰু পেট্ৰলিয়াম সামগ্ৰী আৰু এলপিজিৰ অবিৰত উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰা হয়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এইদৰে কয়ঃ

জনসাধাৰণৰ বাবে পৰামৰ্শ আৰু নাগৰিক সজাগতা

পেট্ৰ, ডিজেল আৰু এলপিজিৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা হাতত লৈছে। গতিকে পেট্ৰল আৰু ডিজেল ক্ৰয় কৰি এলপিজি বুকিং কৰাৰ সময়ত আতংকিত হৈ কিনা বা অতিৰিক্ত বুকিং কৰাৰ পৰা বিৰত থাকক।

উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী বা প্ৰতিষ্ঠানিক উৎসৰ ওপৰত নিৰ্ভৰ কৰক।

এলপিজিৰ ক্ষেত্ৰত নাগৰিকলৈ অনুৰোধ

Ø বুকিঙৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰক।

Ø এলপিজি বিতৰক বা যোগানকাৰীৰ ওচৰলৈ ব্যক্তিগতভাৱে যোৱা এৰক।

নাগৰিকক বিকল্প ইন্ধন, যেনে পিএনজি, ইণ্ডাকচন বা বৈদ্যুতিক কুকটপ আদি ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হৈছে।

বৰ্তমানৰ পৰিস্থিতিত সকলো নাগৰিককে দৈনন্দিন ব্যৱহাৰত শক্তি বা ইন্ধন ৰাহি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা ব্যৱস্থা

• এই যুদ্ধ পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এলপিজি আৰু পি এন জিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ লগতে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহক অধিক অগ্ৰাধিকাৰ দিছে।

• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰামাঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদিও আছে।

• এলপিজিৰ চাহিদাৰ ওপৰত চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধনৰ বিকল্প আগবঢ়োৱা হৈছে।

• কয়লা মন্ত্ৰালয়ে ইতিমধ্যে কয়লা ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য গ্ৰাহকক কয়লা বিতৰণৰ বাবে ৰাজ্যসমূহক অধিক পৰিমাণৰ আবণ্টন দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

• ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহক উভয়ৰে বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

• সচিব (এমঅ’পিএনজি)ৰ সভাপতিত্বত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অতিৰিক্ত মুখ্য সচিব আৰু প্ৰধান সচিব (খাদ্য আৰু অসামৰিক যোগান)ৰ সৈতে এখন বৈঠকত ইন্ধন যোগানৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে। ৰাজ্যসমূহক বিশেষকৈ ঘৰুৱা আৰু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাৰ বাবে এলপিজি বিতৰণক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়া হৈছিল, একে সময়তে অধিক মজুত কৰা, ডাইভাৰচন আৰু ভুল তথ্যৰ বিৰুদ্ধে কঠোৰ সতৰ্কতা বজাই ৰখা হৈছিল। প্ৰব্ৰজিত শ্ৰমিকসকলক এফটিএল এলপিজি যোগান সম্পৰ্কীয় প্ৰতিবেদনসমূহৰ ওপৰত ৰাজ্যসমূহে স্পষ্ট কৰি দিয়ে যে প্ৰব্ৰজনকাৰীসকলক প্ৰভাৱিত কৰা এলপিজি যোগানত কোনো ধৰণৰ ব্যাঘাত নাই আৰু যোগান সুস্থিৰ হৈ আছে। সচিবে জনাইছে যে ৰাজ্যসমূহে অ’এমচিৰ সৈতে স্থানীয় প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ৫ কিলোগ্ৰাম এফটিএল এলপিজি চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰি বিতৰণ পৰিচালনা কৰাৰ কথা চিন্তা কৰিব পাৰে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিকা

• অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ অনুসৰি ৰাজ্য চৰকাৰসমূহক যিকোনো ধৰণৰ জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে। পেট্ৰ’ল, ডিজেল আৰু এল পি জিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মূল ভূমিকা আছে। ভাৰত চৰকাৰে কেইবাখনো চিঠিৰ জৰিয়তে আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক এই বিষয়টো সোঁৱৰাই দিছে।

• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সকলো মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব/প্ৰধান সচিব/সচিবক তলত দিয়া কথাসমূহ মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে—

  • ৰাজ্য/জিলা পর্যায়ত দৈনিক সংবাদমেলৰ ব্যৱস্থা প্রতিষ্ঠানিক কৰি নিয়মীয়াকৈ ৰাজহুৱা জাননী জাৰি কৰা।
  • বিশেষ নিয়ন্ত্ৰণ কক্ষ/হেল্পলাইন স্থাপন কৰা।
  • ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভুৱা বাতৰি/ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু প্ৰতিহত কৰা।

Ø জিলা প্ৰশাসনৰ জৰিয়তে দৈনিক ড্ৰাইভ আৰু চোৱাচিতাৰ কাম-কাজ শক্তিশালী কৰা আৰু তেল বিপণন কোম্পানীসমূহৰ সৈতে সমন্বয়ত অনুসন্ধান আৰু পৰিদৰ্শন কাৰ্য্যকলাপ অব্যাহত ৰখা।

Ø নিজ নিজ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ বাবে আদেশ জাৰি কৰা।

Ø ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে অতিৰিক্ত এছ কে অ’ আবণ্টনৰ বাবে আদেশ জাৰি কৰা।

Ø চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ কাম ক্ষিপ্ৰ কৰা; ইয়াৰ ভিতৰত আছে ‘ৰাইট অৱ ৱে’/‘ৰাইট অৱ ইউজ’ পাৰ্মিট আৰু ২৪ ঘণ্টীয়া কামৰ পাৰ্মিটৰ সমস্যা ক্ষিপ্ৰ কৰা।

Ø পিএনজিৰ ব্যৱহাৰ আৰু বিকল্প ইন্ধনৰ প্ৰচাৰত সহায় কৰা।

Ø পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সৈতে সমন্বয়ৰ বাবে উচ্চ পদস্থ নডেল বিষয়া নিযুক্তি দিয়া।

Ø ২১খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে বৰ্তমানে নিয়মীয়াকৈ সংবাদমেল অনুষ্ঠিত কৰি আছে।

আইনী ব্যৱস্থা

সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এলপিজিৰ অবৈধ জমা আৰু কলা বজাৰ ৰোধৰ বাবে অভিযান অব্যাহত আছে। কালি ৪,০০০ৰো অধিক অভিযান চলোৱা হয় আৰু ১৩০০ৰো অধিক চিলিণ্ডাৰ জব্দ কৰা হয়।

মসৃণ যোগান নিশ্চিত কৰিবলৈ আৰু যিকোনো অবৈধ জমা বা কলা বিপণন পৰীক্ষা কৰিবলৈ দৈনিক খুচুৰা বিপণী আৰু এলপিজি বিতৰকত আকস্মিক পৰিদৰ্শন কৰে।

এতিয়ালৈকে এলপিজি বিতৰকসকলক ৬৭০তকৈও অধিক কাৰণ দেখুৱাই জাননী জাৰি কৰিছে।

ঘৰুৱা এল পি জি যোগানৰ স্থিতি

• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এল পি জিৰ যোগান প্ৰভাৱিত হৈছে। ইয়াৰ পিছতো এল পি জি বিতৰকত কোনো ধৰণৰ নাটনিৰ খবৰ পোৱা নাই।

• কালি উদ্যোগৰ ভিত্তিত অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং ৯৪% লৈ বৃদ্ধি পাইছে।

• বিতৰক পৰ্যায়ত ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (ডি এ চি) ভিত্তিক ডেলিভাৰী কালি ৫৩% (ফেব্ৰুৱাৰী-২০২৬)ৰ পৰা ৮৬%লৈ বৃদ্ধি কৰা হৈছে।

• কালি প্ৰায় ৫৫ লাখ ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হয়।

বাণিজ্যিক এল পি জি যোগান:

*১.০৪.২০২৬ তাৰিখৰ এক নিৰ্দেশৰ জৰিয়তে ভাৰত চৰকাৰে ভাৰতৰ পেট্ৰ'কেমিকেল কমপ্লেক্সকে ধৰি শোধনাগাৰ কোম্পানীসমূহক ফাৰ্মাচিউটিকেল বিভাগ, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ'কেমিকেল বিভাগ আদিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ চি৩ আৰু চি৪ ষ্ট্ৰীম উপলব্ধ কৰাৰ অনুমতি প্ৰদান কৰিছে।

* ইতিমধ্যে চৰকাৰে গ্ৰাহকক আংশিক বাণিজ্যিক এল পি জি যোগান (২০%) পুনৰ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত পিএনজি নেটৱৰ্ক সম্প্ৰসাৰণৰ উদ্দেশ্যেব্যৱসায়ৰ সুচলতাসংস্কাৰৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অতিৰিক্ত ১০% বাণিজ্যিক এলপিজি আবণ্টন দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। ভাৰত চৰকাৰে ২১.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত ৰাজ্যসমূহক অতিৰিক্ত ২০% বাণিজ্যিক এল পি জি আবণ্টনৰ অনুমোদন জনাইছে। ইয়াৰ ফলত মুঠ আবণ্টন ৫০%লৈ বৃদ্ধি পাব (পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ অধীনত ১০% আবণ্টনকে ধৰি)। এই অতিৰিক্ত ২০% আবণ্টন ৰেষ্টুৰেণ্ট, ধাবা, হোটেল, উদ্যোগিক কেন্টিন, খাদ্য প্ৰক্ৰিয়াকৰণ/দুগ্ধ উদ্যোগ, ৰাজ্য চৰকাৰ বা স্থানীয় সংস্থাৰ দ্বাৰা পৰিচালিত ৰাজসাহায্যযুক্ত কেন্টিন/খাদ্য বিপণী, সামূহিক পাকঘৰ আৰু প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৫ কেজি এফটিএল চিলিণ্ডাৰ আদি খণ্ডলৈ অগ্ৰাধিকাৰ ভিত্তিত প্ৰদান কৰা হব।

* ভাৰত চৰকাৰে ২৭.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত বাণিজ্যিক এল পি জি খণ্ডলৈ অতিৰিক্ত ২০ শতাংশ আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে (সংস্কাৰৰ বাবে দিয়া ১০ শতাংশ আবণ্টনকে ধৰি মুঠ বাণিজ্যিক আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ ৭০ শতাংশলৈ লৈ)। এই অতিৰিক্ত ২০ শতাংশ আবণ্টন উদ্যোগসমূহৰ বাবে নিৰ্ধাৰণ কৰা হব আৰু তীখা, অটোমোবাইল, বস্ত্ৰ, ৰং, ৰাসায়নিক আৰু প্লাষ্টিক উদ্যোগক অগ্ৰাধিকাৰ দিয়া হব। ইয়াৰে বিশেষ উত্তাপনৰ উদ্দেশ্যে এল পি জিৰ প্ৰয়োজন হোৱা প্ৰচেছিং উদ্যোগসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হব।

* কালি ৬৭,০০০তকৈ অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।

* অধিকাংশ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনা মানি অঘৰুৱা এল পি জি আবণ্টনৰ নিৰ্দেশ জাৰি কৰিছে। ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাণিজ্যিক কোম্পানীসমূহে মুঠ ৬৬,৬৯৩ মেট্ৰিক টন এলপিজি ক্ৰয় কৰিছে।

প্ৰাকৃতিক গেছ

  • পৰিবহণৰ বাবে ঘৰুৱা পিএনজি আৰু চিএনজিক শীৰ্ষ অগ্ৰাধিকাৰ দি ১০০ শতাংশ যোগান নিশ্চিত কৰা হৈছে।
  • ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে যোগানৰ অনুপাত প্ৰায় ৮০ শতাংশ।
  • ভাৰত চৰকাৰে চিজিডিসকলক ৰেষ্টুৰেণ্ট, হোটেল আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিছে।
  • বৰ্তমান চলি থকা ইউৰিয়া উদ্যোগসমূহলৈ গেছৰ যোগান সুস্থিৰ, যিটো যোৱা ৬ মাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৭০-৭৫ শতাংশ। অতিৰিক্ত এল এন জি কাৰ্গো আৰু পুনৰ গেছিফাইড এল এন জিৰ ব্যৱস্থাও কৰা হৈছে।
  • সাৰ উদ্যোগকে ধৰি সকলো উদ্যোগিক গ্ৰাহকক গেছ বিপণন কোম্পানীসমূহক তেওঁলোকৰ অতিৰিক্ত গেছৰ প্ৰয়োজনীয়তাৰ বিষয়ে ‘স্পট বেচিছ’ত অৱগত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে কোম্পানীসমূহে সেই অনুসৰি গেছৰ ব্যৱস্থা কৰিব পাৰে।
  • আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে আৱাসিক আৰু বাণিজ্যিক পিএনজি সংযোগ গ্ৰহণৰ বাবে বিভিন্ন উদগনি আগবঢ়াইছে।
  • ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আৱেদনৰ অনুমোদন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ অনুৰোধ জনাইছে।
  • ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত বাণিজ্যিক এল পি জিৰ ক্ষেত্ৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ আগবঢ়াইছে; কিন্তু চৰ্তটো হ’ল এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী ৰূপান্তৰ প্ৰক্ৰিয়াত সংশ্লিষ্ট ৰাজ্যসমূহক সহায় কৰা উচিত। ইয়াৰ পৰিপ্ৰেক্ষিতত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কেইবাখনো ৰাজ্যৰ পৰা আবেদন লাভ কৰিছে, যিয়ে চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি উক্ত ৰাজ্যসমূহৰ কিছুমানৰ বাবে অতিৰিক্ত গেছ আবণ্টনৰ পৰামৰ্শ দিয়া হৈছে।
  • PNGRB (Petroleum and Natural Gas Regulatory Board) vide an order dated 23.03.2026 য়ে সকলো চিজিডি সংস্থাক ৫ দিনৰ ভিতৰত আৱাসিক বিদ্যালয়-মহাবিদ্যালয়, হোষ্টেল, কমিউনিটি পাকঘৰ, অংগনবাড়ী পাকঘৰ ইত্যাদি, য'ত পাইপলাইনৰ আন্তঃগাঁথনি নিকটতম অঞ্চলত উপলব্ধ, পিএনজি সংযোগ প্ৰদানৰ বাবে ৫ দিনৰ ভিতৰত সকলো প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিছে।
  • পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২০২৬ তাৰিখৰ এখন পত্ৰযোগে জনাইছে যে ৩ মাহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাৰ অধীনত অনুমোদনৰ সময়সীমা হ্ৰাস কৰা হৈছে আৰু চিজিডি আন্তঃগাঁথনিৰ সৈতে জড়িত আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰা হ’ব।
  • ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট অধিসূচনাযোগে ‘অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫’ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ যোগান আনিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুশৃংখলিত আৰু সময়সীমাবদ্ধ কাঠামো প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা অনুমোদন লাভ আৰু ভূমি অধিগ্ৰহণত পলম হোৱাৰ সমস্যাটো সমাধান হ’ব আৰু আৱাসিক অঞ্চলকে ধৰি সমগ্ৰ দেশতে প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত সম্প্ৰসাৰণ সম্ভৱ হ’ব। আশা কৰা হৈছে যে ইয়াৰ ফলত পিএনজি নেটৱৰ্কৰ সম্প্ৰসাৰণ ত্বৰান্বিত হ’ব, ‘লাষ্ট-মাইল’ বা পেৰিফেৰেল সংযোগ উন্নত হ’ব আৰু স্বচ্ছ শক্তিলৈ পৰিৱৰ্তনত সহায়ক হ’ব। ইয়াৰ দ্বাৰা দেশৰ শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতিও আগুৱাই নিব।
  • প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২৭.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত হ্ৰস্বম্যাদী নীতি সংশোধনী জাৰি কৰিছে। এই সংশোধনী ৩০.০৬.২০২৬ পৰ্যন্ত কাৰ্যকৰী হ’ব আৰু ইয়াৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা বিভাগৰ অধীনত সকলো আৱাসিক অঞ্চল আৰু ইউনিট লাইনত পিএনজি আন্তঃগাঁথনি স্থাপনৰ কাম ক্ষিপ্ৰতাৰে কৰা।
  • পিএনজিআৰবিৰ অধ্যক্ষই ৩০.০৩.২০২৬ তাৰিখে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰি চিজিডি সংস্থাসমূহক ডি-পিএনজি সংযোগ প্ৰদানৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ‘ৰাষ্ট্ৰীয় পিএনজি ড্ৰাইভ ২.০’ কাৰ্যসূচীৰ সময়সীমা (যিটো ০১.০১.২০২৬ৰ পৰা ৩১.০৩.২০২৬লৈ নিৰ্ধাৰিত আছিল) এতিয়া ৩০.০৬.২০২৬লৈ বৃদ্ধি কৰা হৈছে।
  • বিগত পাঁচ দিনত ১১০টা ভৌগোলিক এলেকাত ৭৫,০০০ৰো অধিক পিএনজি সংযোগৰ গেছীকৰণ কৰা হৈছে।
  • • ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা ৩.৪২ লাখতকৈ অধিক পিএনজি সংযোগ গেছীকৰণ কৰা হৈছে। তদুপৰি নতুন সংযোগৰ বাবে ৩৭ লাখতকৈ অধিক গ্ৰাহক পঞ্জীয়ন কৰা হৈছে।

খাৰুৱা তেল আৰু শোধনাগাৰ:

সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্যৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে আৰু পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।

সংকটৰ পূৰ্বৰ স্তৰৰ তুলনাত শোধনাগাৰৰ পৰা ঘৰুৱা এলপিজি উৎপাদন বৃদ্ধি কৰা হৈছে।

খুচুৰা বিপণী:

  • খুচুৰা বিপণীসমূহত নিয়মীয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ যোগান ধৰি ৰখা হৈছে।
  • মধ্যপ্ৰাচ্যৰ সংকটৰ বাবে খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ইয়াৰ পৰা ঘৰুৱা গ্ৰাহকক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
  • ঘৰুৱা বজাৰত যাতে নাটনি নহয় তাৰ বাবে ভাৰত চৰকাৰে ডিজেলত প্ৰতি লিটাৰত ২১.৫০ টকা আৰু বিমান ইন্ধনত প্ৰতি লিটাৰত ২৯.৫০ টকা ৰপ্তানি শুল্ক আৰোপ কৰিছে।
  • উৰাবাতৰিৰ বাবে কিছুমান অঞ্চলত আতংকিত হৈ ক্ৰয় কৰা দেখা গৈছে। দেশৰ সকলো পেট্ৰ’ল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেলৰ মজুত থকা বুলি পুনৰবাৰ অৱগত কৰা হৈছে।
  • পেট্ৰ'ল আৰু ডিজেলৰ বাবে নিয়মীয়া খুচুৰা মূল্য অপৰিৱৰ্তিত। পিএছইউ ওএমচিৰ পৰা পেট্ৰ'লত প্ৰতিলিটাৰত ২৪.৪০টকা আৰু ৰন্ধন গেছত প্ৰতি লিটাৰত ৪.৫০ টকা আৰু ডিজেলত প্ৰতি লিটাৰত ১০৪.৯৯ টকাসহ মুঠ ১,৫০,০০০ কোটি টকা উদ্ধাৰ কৰিবলৈ বাকী আছে।
  • নাগৰিকসকলক উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ চৰকাৰে পুনৰবাৰ পৰামৰ্শ দিছে । ৰাজ্য চৰকাৰসমূহক নিয়মীয়াকৈ সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত প্ৰকৃত তথ্য দাঙি ধৰিবলৈ অনুৰোধ জনোৱা হৈছে।

কেৰাচিন

  • সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিয়মীয়াকৈ আবণ্টন দিয়াৰ উপৰিও ৪৮,০০০ কিলোলিটাৰ কেৰাচিন আবণ্টন দিয়া হৈছে।
  • প্ৰতিখন জিলাত সৰ্বাধিক দুটা পিএছঅছাৰ্ভিচ ষ্টেচনত ৫,০০০ লিটাৰ পৰ্যন্ত পিডিএছ এছকেঅমজুত ৰখাৰ অনুমতি দিয়া হৈছে।
  • ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অআবণ্টনৰ বাবে নিৰ্দেশ জাৰি কৰিছে। তদুপৰি হিমাচল প্ৰদেশ আৰু লাডাখে উল্লেখ কৰিছে যে বৰ্তমান তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এছ কে অৰ কোনো প্ৰয়োজনীয়তা নাই।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ পৰিবহণ সম্পৰ্কীয় কাৰ্য্যকলাপ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জনাইছে যে অঞ্চলটোত চলাচল কৰা ভাৰতীয় জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ৰ মতে:

  • সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা বজাই ৰাখি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জাহাজ, বন্দৰৰ কাৰ্যকলাপ আৰু ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বিষয়সমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে।
  • অঞ্চলটোত নিয়োজিত সকলো ভাৰতীয় নাৱিক সুৰক্ষিত। ২৪ ঘণ্টাত কোনো ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।
  • পশ্চিম পাৰস্য উপসাগৰত ভাৰতীয় পতাকাযুক্ত ১৮খন জাহাজ আছে, য’ত ৪৮৫জন ভাৰতীয় নাৱিকক কঢ়িয়াই অনা হৈছে। জাহাজ সঞ্চালকালয়ে জাহাজৰ মালিক, আৰপিএছএল আৰু বহিঃৰাজ্যৰ ভাৰতীয় মিছনৰ সৈতে সমন্বয়ৰে পৰিস্থিতি সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে।
  • জাহাজ সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষ ২৪x৭ কাৰ্যক্ষম আৰু ইয়াৰ আৰম্ভণিৰ পৰাই ৪,৯৮৪টা ফোন কল আৰু ১০,২৯৬টা ইমেইলৰ উত্তৰ দিছে। যোৱা ২৪ ঘন্টাত ৯৯টা ফোন কল আৰু ৩৬২টা ইমেইল লাভ কৰিছে।
  • জাহাজ সঞ্চালকালয়ে এতিয়ালৈকে ১১৩০জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰি অহাৰ ব্যৱস্থা কৰিছে, ইয়াৰে ১৫৫ জন যোৱা ২৪ ঘণ্টাত ঘূৰি আহিছে।

· সমগ্ৰ ভাৰতত বন্দৰসমূহৰ কাম-কাজ স্বাভাৱিক অৱস্থাত আছে, বিগত ২৪ ঘণ্টাত কোনো যান-জঁটৰ বাতৰি পোৱা নাই। গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কেৰালাম, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীৰ ৰাজ্যিক সামুদ্ৰিক বোৰ্ডসমূহে সুচাৰুৰূপে কাম কৰাৰ কথা নিশ্চিত কৰিছে।

  • বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় বজাই ৰাখিছে যাতে নাৱিকসকলৰ সুৰক্ষা, কল্যাণ আৰু নিৰবচ্ছিন্ন সামুদ্ৰিক কাৰ্যকলাপ সুনিশ্চিত হয়।

 

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

অঞ্চলটোত বসবাস কৰা ভাৰতীয় জনগোষ্ঠীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখা হৈছে আৰু তেওঁলোকৰ সুৰক্ষা আৰু সামগ্ৰিক কল্যানৰ বাবে প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হৈছে আৰু সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰিঃ

• ০২ এপ্ৰিল,২০২৬ত ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ (আই আৰ আই জি চি-টি ই চি) সহ-অধ্যক্ষ ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মন্টুৰৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে; দুয়োজনে বাণিজ্য, সাৰ, সংযোগ আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত পাৰস্পৰিকভাৱে উপকাৰী সহযোগিতাৰ বিষয়ে আলোচনা কৰে আৰু যোৱা ডিচেম্বৰ মাহত ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত অনুষ্ঠিত হোৱা ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ ফলাফল কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

• একেদিনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনে প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মন্টুৰৱৰ সৈতে বাণিজ্য, উদ্যোগ, শক্তি, সাৰ, সংযোগ আৰু গতিশীলতাৰ ক্ষেত্ৰত ভাৰত-ৰাছিয়াৰ দ্বিপাক্ষিক সহযোগিতাৰ ওপৰত গভীৰ কথা-বতৰা পাতিছিল আৰু পশ্চিম এছিয়াৰ সংঘাতকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী উন্নয়নৰ ওপৰত মত বিনিময় কৰে।

• উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ পৰিৱৰ্তিত পৰিস্থিতিৰ ওপৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে, বৃহৎ ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়ে আছে; ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰিবলৈ এটা নিৰ্দিষ্ট বিশেষ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে দূতাবাস আৰু কনছুলেটৰ সৈতে নিয়মীয়া সমন্বয় বজাই ৰখা হৈছে।

• সমগ্ৰ অঞ্চলটোৰ মিছন আৰু পোষ্টসমূহে ২৪ ঘণ্টাই হেল্পলাইন চলাই আছে আৰু ভাৰতীয় সম্প্ৰদায়ৰ সংঘ, সংস্থা আৰু কোম্পানীসমূহৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে; নাগৰিক, ছাত্ৰ, নাৱিক আৰু আৱাসী ভাৰতীয় সম্প্ৰদায়ৰ বাবে নিয়মীয়া পৰামৰ্শ জাৰি কৰা হৈছে, আনহাতে মিছনসমূহে স্থানীয় চৰকাৰৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে আৰু ভিছা, কনছুলাৰ সেৱা, চুবুৰীয়া দেশসমূহৰ মাজেৰে ট্ৰেনজিট য’ত আকাশমাৰ্গৰ নিষেধাজ্ঞা প্ৰযোজ্য, আৰু য’তেই প্ৰয়োজন হয় তাতেই লজিষ্টিক সহায়ৰ সুবিধা প্ৰদান কৰিছে।

• উপসাগৰীয় দেশসমূহত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ কল্যাণ এক উচ্চ অগ্ৰাধিকাৰৰ বিষয় হৈয়ে আছে, মিছনসমূহে স্থানীয় কৰ্তৃপক্ষ, ভাৰতীয় বিদ্যালয়, সংশ্লিষ্ট শিক্ষা ব’ৰ্ড আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (জেইই আৰু নীটৰ বাবে)ৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় সাধন কৰি শিক্ষাবৰ্ষত যাতে কোনো প্ৰভাৱ নপৰে।

• সমগ্ৰ অঞ্চলজুৰি জাহাজত থকা ভাৰতীয় ক্ৰু সদস্যসকলৰ সৈতে মিছনসমূহে তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে, কনছুলাৰ সহায় আগবঢ়োৱা, পৰিয়ালৰ সৈতে যোগাযোগৰ সুবিধা প্ৰদান কৰা, স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰা আৰু ভাৰতলৈ উভতি যাব বিচৰাসকলক সহায় কৰা।

• সামগ্ৰিক বিমানৰ পৰিস্থিতিৰ উন্নতি অব্যাহত আছে, অঞ্চলটোৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অতিৰিক্ত বিমান সেৱা চলি আছে; ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ৬,৪৯,০০০ যাত্ৰী ভাৰতলৈ উভতি আহিছে।

• ইউ এ ইঃ বিমান সংস্থাসমূহে পৰিচালনা আৰু সুৰক্ষাৰ বিবেচনাৰ ভিত্তিত সীমিত অ-নিৰ্ধাৰিত বিমান সেৱা অব্যাহত ৰাখিছে, ইউ এ ইৰ পৰা ভাৰতলৈ প্ৰায় ৯০খন বিমান চলাচলৰ আশা কৰা হৈছে।

• চৌদি আৰব আৰু ওমানঃ ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিভিন্ন বিমানবন্দৰৰ পৰা বিমান সেৱা অব্যাহত আছে।

• কাটাৰঃ আকাশমাৰ্গ আংশিকভাৱে মুকলি কৰাৰ লগে লগে কাটাৰ এয়াৰৱেজে ভাৰতলৈ প্ৰায় ৮–১০খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।

• কুৱেট: আকাশমাৰ্গ বন্ধ হৈ আছে; জাজিৰা এয়াৰৱেজে ডাম্মাম (চৌদি আৰব)ৰ পৰা ভাৰতলৈ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান চলাই আছে, আৰু কুৱেইট এয়াৰৱেজেও একেধৰণৰ অভিযানৰ কথা ঘোষণা কৰিছে।

• বাহৰেইন: আকাশমাৰ্গ বন্ধ হৈ আছে; গালফ এয়াৰে ডাম্মাম (চৌদি আৰৱ)ৰ পৰা ভাৰতলৈ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান চলাই আছে।

• ইৰাণঃ আকাশমাৰ্গ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজেৰে ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হৈছে; এতিয়ালৈকে ১২৬৭ জন ভাৰতীয়ই (৮৬০ জন ছাত্ৰ-ছাত্ৰীকে ধৰি) মিছনৰ সমৰ্থনত ইৰাণৰ পৰা ওলাই আহিছে।

• ইজৰাইলঃ আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ বাবে ইজিপ্ত আৰু জৰ্ডানৰ মাজেৰে ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হৈছে।

• ইৰাকঃ আকাশমাৰ্গ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত জৰ্ডান আৰু চৌদি আৰৱৰ মাজেৰে ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হৈছে।

• কুৱেইট আৰু বাহৰেইনত আকাশমাৰ্গ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিকৰ ছৌদি আৰৱ হৈ ভাৰতলৈ যাত্ৰাৰ সুবিধা প্ৰদান কৰা হৈছে।

*****

MN/DB


(ৰিলিজ আই ডি : 2248920) অতিথি কক্ষ : 9