প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুড ফ্ৰাইডে উপলক্ষে সমন্বয় আৰু সহানুভূতিৰ মূল্যবোধৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 03 APR 2026 9:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গুড ফ্ৰাইডে'ই আমাক যীচু খ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলাই দিয়ে।

শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই দিৱসে সম্প্ৰীতি, সহানুভূতি আৰু কৰণাৰ মূল্যবোধক গভীৰ কৰে।

তেওঁ কয় যে ভাতৃত্ববোধ আৰু আশাই সকলোকে পথ প্ৰদৰ্শন কৰা উচিত।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

 গুড ফ্ৰাইডে'ই আমাক যীশু খ্রীষ্টৰ বলিদানৰ কথা মনত পেলাই দিয়ে। এই দিনটোৱে সমন্বয়, সহানুভূতি আৰু কৰুণাৰ মূল্যবোধক আৰু অধিক গভীৰ কৰক। ভাতৃত্ববোধ আৰু আশাই আমাক সকলোকে পথ প্ৰদৰ্শন কৰক।

 

*****

MJPS/ST/DB


(ৰিলিজ আই ডি : 2248785) অতিথি কক্ষ : 11