প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰোজগাৰ মেলাৰ অধীনত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী অনুবাদ
পোষ্ট কৰা হৈছে:
24 JAN 2026 12:36PM by PIB Guwahati
সকলো যুৱ বন্ধুবৰ্গলৈ মোৰ শুভেচ্ছা!
২০২৬ বৰ্ষই আপোনালোকৰ জীৱনত নতুন আনন্দৰ আৰম্ভণি চিহ্নিত কৰিছে। ইয়াৰ লগতে, কালি বসন্ত পঞ্চমী পাৰ হৈ যোৱাৰ লগে লগে আপোনালোকৰ জীৱনতো এক নতুন বসন্ত আৰম্ভ হৈছে। এই সময়ত আপোনালোকে সংবিধানৰ প্ৰতি থকা আপোনালেকৰ কৰ্তব্যৰ সৈতেও জড়িত হৈ আছে। কাকতালীয়ভাৱে, দেশত বৰ্তমান গণৰাজ্যৰ বিশাল উৎসৱ চলি আছে। কালি, ২৩ জানুৱাৰীত, আমি নেতাজী সুভাষৰ জয়ন্তীত পৰাক্ৰম দিৱস উদযাপন কৰিছিলো আৰু এতিয়া কাইলৈ, ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, তাৰ পাছত ২৬ জানুৱাৰীত গণৰাজ্য দিৱস। আজিও এক বিশেষ দিন। এই দিনটোতে আমাৰ সংবিধানে 'জন গণ মন’ক ৰাষ্ট্ৰীয় সংগীত আৰু ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰিছিল। আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোত ৬১হাজাৰৰো অধিক যুৱক-যুৱতীয়ে জীৱনৰ এক নতুন আৰম্ভণি কৰিছে।
আজি আপোনালোক সকলোৱে চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰিছে; এক প্ৰকাৰে এয়া হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ পত্ৰ। ই হৈছে উন্নত ভাৰত নিৰ্মাণক গতি প্ৰদান কৰাৰ বাবে এখন সংকল্প পত্ৰ। আপোনালোকৰ মাজৰ বহুতে দেশৰ নিৰাপত্তা শক্তিশালী কৰিব, বহুতে আমাৰ শিক্ষা আৰু স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰ অধিক শক্তিশালী কৰিব, বহুতো বন্ধুৱে বিত্তীয় সেৱা আৰু শক্তি সুৰক্ষা শক্তিশালী কৰিব, আনহাতে বহু যুৱক-যুৱতীয়ে আমাৰ চৰকাৰী কোম্পানীসমূহৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মই আপোনালোক সকলো যুৱক-যুৱতীক বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছো।
বন্ধুসকল,
যুৱপ্ৰজন্মক দক্ষতাৰ সৈতে সংযোগ কৰা আৰু তেওঁলোকক নিযুক্তি তথা আত্ম-নিযুক্তিৰ সুযোগ প্ৰদান কৰাটো আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈ আহিছে। চৰকাৰী নিযুক্তি মিছন মোডত কৰাটো নিশ্চিত কৰিবলৈ ৰোজগাৰ মেলা আৰম্ভ কৰা হৈছিল। বিগত বছৰবোৰত ৰোজগাৰ মেলা এটা প্ৰতিষ্ঠানত পৰিণত হৈছে। ইয়াৰ জৰিয়তে লাখ লাখ যুৱক-যুৱতীয়ে চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পত্ৰ লাভ কৰিছে। এই অভিযানক আৰু অধিক সম্প্ৰসাৰিত কৰি আজি দেশৰ চল্লিছৰো অধিক স্থানত এই ৰোজগাৰ মেলা অনুষ্ঠিত কৰা হৈছে। মই বিশেষকৈ এই সকলো স্থানত উপস্থিত যুৱক-যুৱতীসকলক স্বাগতম জনাইছো।
বন্ধুসকল,
আজি ভাৰত বিশ্বৰ আটাইতকৈ কনিষ্ঠ দেশসমূহৰ ভিতৰত অন্যতম। দেশৰ ভিতৰত আৰু সমগ্ৰ বিশ্বতে ভাৰতৰ যুৱ শক্তিৰ বাবে নতুন সুযোগ সৃষ্টি কৰাটো আমাৰ চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা। আজি ভাৰত চৰকাৰে বহুতো দেশৰ সৈতে বাণিজ্য আৰু গতিশীলতাৰ চুক্তি স্বাক্ষৰ কৰিছে। এই বাণিজ্যিক চুক্তিসমূহে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে বহুতো নতুন সুযোগ কঢ়িয়াই আনিছে।
বন্ধুসকল,
বিগত সময়ত ভাৰতে আধুনিক আন্তঃগাঁথনিৰ বাবে অভূতপূৰ্ব ৰ্বিনিয়োগ কৰিছে। ইয়াৰ ফলত নিৰ্মাণ সম্পৰ্কীয় প্ৰতিটো খণ্ডত নিযুক্তি যথেষ্ট বৃদ্ধি পাইছে। ভাৰতৰ ষ্টাৰ্ট-আপ পৰিৱেশ তন্ত্ৰৰ পৰিসৰো দ্ৰুত গতিত আগবাঢ়িছে। আজি দেশত প্ৰায় দুই লাখ পঞ্জীয়নভুক্ত ষ্টাৰ্ট-আপ আছে। ইয়াত ২১ লাখতকৈও অধিক যুৱক-যুৱতীয়ে কাম কৰি আছে। একেদৰে, ডিজিটেল ইণ্ডিয়াই এক নতুন অৰ্থনীতিৰ সম্প্ৰসাৰণ কৰিছে। এনিমেচন আৰু ডিজিটেল মিডিয়াৰ দৰে বহু ক্ষেত্ৰত ভাৰত বিশ্বৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে। ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি অতি দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু ইয়াৰ জৰিয়তেও যুৱপ্ৰজন্মই নতুন সুযোগ লাভ কৰিছে।
মোৰ যুৱ বন্ধুসকল,
আজি ভাৰতৰ ওপৰত বিশ্বৰ আস্থা যিধৰণে বৃদ্ধি পাইছে, ই যুৱক-যুৱতীসকলৰ বাবেও বহুতো নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। ভাৰত হৈছে বিশ্বৰ একমাত্ৰ বৃহৎ অৰ্থনীতি যি এটা দশকত ইয়াৰ মুঠ ঘৰুৱা উৎপাদন দুগুণ কৰিছে। আজি এশৰো অধিক দেশে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ জৰিয়তে ভাৰতত বিনিয়োগ কৰি আছে। ২০১৪ চনৰ আগৰ দহ বছৰৰ তুলনাত ভাৰতলৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগ আঢ়ৈ গুণতকৈও অধিক হৈছে। অধিক বিদেশী বিনিয়োগৰ অৰ্থ হৈছে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ বহুতো সুযোগ।
বন্ধুসকল,
আজি ভাৰত এক বৃহৎ উৎপাদন শক্তি হৈ পৰিছে। ইলেক্ট্ৰনিকছ, ঔষধ আৰু প্ৰতিষেধক, প্ৰতিৰক্ষা আৰু অটোৰ দৰে বহুতো খণ্ডত ভাৰতৰ উৎপাদন আৰু ৰপ্তানি দুয়োটাতে অভূতপূৰ্ব ৰ্বৃদ্ধি হৈছে। ২০১৪ চনৰ পৰা ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদন ছয়গুণ বৃদ্ধি পাইছে। আজি এই উদ্যোগটো ১১ লাখ কোটি টকাতকৈও অধিক। আমাৰ ইলেক্ট্ৰনিকছ ৰপ্তানিও চাৰি লাখ কোটি টকা অতিক্ৰম কৰিছে। ভাৰতৰ অটো উদ্যোগো দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ডসমূহৰ ভিতৰত এটা হৈ পৰিছে। ২০২৫ চনত দুচকীয়া বাহনৰ বিক্ৰী দুই কোটি অতিক্ৰম কৰিছে। এইটোৱে দেখুৱাইছে যে দেশৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাইছে; তেওঁলোকে আয়কৰ আৰু জিএছটি হ্ৰাসৰ পৰা বহু সুবিধা লাভ কৰিছে; এনে বহুতো উদাহৰণ আছে যি সূচায় যে দেশত বৃহৎ সংখ্যাত নিযুক্তিৰ সৃষ্টি কৰা হৈছে।
বন্ধুসকল,
আজিৰ অনুষ্ঠানত ৮ হাজাৰৰো অধিক কন্যাই নিযুক্তি পত্ৰ লাভ কৰিছে। বিগত ১১ বছৰত দেশৰ কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ প্ৰায় দুগুণ বৃদ্ধি পাইছে। মুদ্ৰা আৰু ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ দৰে চৰকাৰৰ আঁচনিসমূহৰ পৰা আমাৰ কন্যাসকল যথেষ্ট লাভান্বিত হৈছে। মহিলাৰ আত্ম-নিযুক্তিৰ হাৰ প্ৰায় ১৫ শতাংশ বৃদ্ধি পাইছে। মই যদি ষ্টাৰ্ট-আপ আৰু এমএছএমইৰ কথা কওঁ, আজি বহুত বেছি সংখ্যক মহিলা সঞ্চালক আৰু মহিলা প্ৰতিষ্ঠাপক আছে। আমাৰ সমবায় খণ্ডত আৰু গাঁৱত কাম কৰা আত্মসহায়ক গোটবোৰত মহিলাসকলে অতি বৃহৎ সংখ্যাত আগবাঢ়ি আছে।
বন্ধুসকল,
আজি দেশখনে ৰিফৰ্ম এক্সপ্ৰেছৰ দিশে আগবাঢ়িছে। ইয়াৰ উদ্দেশ্য হৈছে দেশৰ জীৱন আৰু ব্যৱসায় দুয়োটাকে সহজ কৰি তোলা। জি এছ টি-ৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ পৰা সকলোৱে উপকৃত হৈছে। ইয়াৰ জৰিয়তে আমাৰ যুৱ উদ্যোগীসকল লাভান্বিত হৈছে আৰু আমাৰ এমএছএমইসমূহো লাভান্বিত হৈছে। শেহতীয়াকৈ দেশে ঐতিহাসিক শ্ৰমিক সংস্কাৰ কাৰ্যকৰী কৰিছে। ইয়াৰ জৰিয়তে শ্ৰমিক, কৰ্মচাৰী আৰু ব্যৱসায়ী, সকলো লাভান্বিত হ’ব। নতুন শ্ৰমিক সংহিতাসমূহে শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ বাবে সামাজিক সুৰক্ষাৰ পৰিসৰ অধিক শক্তিশালী কৰিছে।
বন্ধুসকল,
আজি, যেতিয়া সকলো ঠাইতে ৰিফৰ্ম এক্সপ্ৰেছৰ বিষয়ে আলোচনা কৰা হৈছে, মই আপোনালোককো এই বিষয়টোৰ সন্দৰ্ভত এটা কাম দিব বিচাৰো। স্মৰণ কৰক, যোৱা পাঁচ-সাত বছৰত আপোনালেকে কেতিয়া আৰু কি ৰূপত চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল? আপোনাৰ কোনো চৰকাৰী কাৰ্যালয়ত কাম আছিল বা আন কোনো মাধ্যমৰ জৰিয়তে বাৰ্তালাপ হৈছিল আৰু আপুনি সমস্যাৰ সন্মুখীন হৈছিল, কিবা অভাৱ অনুভৱ কৰিছিল- কেৱল এনেধৰণৰ কথাবোৰ মনত পেলাব। এতিয়া আপুনি সিদ্ধান্ত ল'ব লাগিব যে যিবোৰে আপোনাক কষ্ট দিছিল, কেতিয়াবা আপোনাৰ পিতৃ-মাতৃক কষ্ট দিছিল, কেতিয়াবা আপোনাৰ বন্ধুবৰ্গক কষ্ট দিছিল আৰু যিবোৰে আপোনাক বিৰক্ত কৰিছিল, বেয়া অনুভৱ কৰিছিল বা আপোনাক খং কৰিছিল-এতিয়া আপুনি আপোনাৰ নিজৰ কাৰ্যকালত আন নাগৰিকৰ সৈতে সেই অসুবিধাসমূহ হ'বলৈ নিদিব। চৰকাৰৰ অংশ হোৱাৰ বাবে আপুনিও আপোনাৰ স্তৰত সৰু সৰু সংস্কাৰ সাধন কৰিব লাগিব। আপোনালোকে এই পদ্ধতিৰে আগবাঢ়ি যাব লাগিব যাতে সৰ্বাধিক সংখ্যক লোক উপকৃত হয়।
জীৱন ধাৰণৰ সূচলতা আৰু ব্যৱসায় কৰাৰ সূচলতা শক্তিশালী কৰাৰ কাম যিমান নীতিৰ জৰিয়তে হয়, সিমানেই স্থানীয় পৰ্যায়ত কাম কৰা চৰকাৰী কৰ্মচাৰীসকলৰ অভিপ্ৰায়ৰ জৰিয়তে হয়। আপুনি আৰু এটা কথা মনত ৰাখিব লাগিব যে দ্ৰুতগতিত সলনি হোৱা প্ৰযুক্তিৰ এই যুগত দেশৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰসমূহো দ্ৰুতগতিত সলনি হৈ আছে। এই দ্ৰুত পৰিৱৰ্তনৰ লগতে আপুনি নিজকে উন্নত কৰি থাকিব লাগিব। আপুনি নিশ্চিতভাৱে আই গ’ট কৰ্মযোগীৰ দৰে মঞ্চসমূহৰ ভালদৰে ব্যৱহাৰ কৰিব লাগিব। মই সুখী যে ইমান কম সময়ৰ ভিতৰত প্ৰায় ডেৰ কোটি চৰকাৰী কৰ্মচাৰীয়ে এই আই গ’ট প্লেটফৰ্মত যোগদান কৰি নিজকে প্ৰশিক্ষিত আৰু শক্তিশালী কৰি তুলিছে।
বন্ধুসকল,
প্ৰধানমন্ত্ৰীয়েই হওক বা চৰকাৰৰ সৰু সেৱক, আমি সকলো সেৱক আৰু আমাৰ সকলোৰে এটা উমৈহতীয়া মন্ত্ৰ আছে; তাত, কোনোৱেই ওপৰত নাই, সোঁ বা বাওঁফালে কোনোৱেই নাই। আমাৰ সকলোৰে বাবে, মোৰ বাবে আৰু আপোনালোকৰ বাবেও, যিটো মন্ত্ৰ-‘নাগৰিক দেৱ ভৱ’(নাগৰিক হৈছে ভগৱান)। আমি ‘নাগৰিক দেৱ ভৱ’ মন্ত্ৰৰ সৈতে কাম কৰিব লাগিব; আপোনালোকেও সেইটো কৰি থাকিব। আকৌ এবাৰ, আপোনালোকৰ জীৱনলৈ অহা এই নতুন বসন্তই জীৱনৰ এটা নতুন যুগ আৰম্ভ কৰিছে। আপোনালোকৰ জৰিয়তে ২০৪৭ চনত এখন উন্নত ভাৰত নিৰ্মাণ হ'বলৈ গৈ আছে। মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত বহুত শুভেচ্ছা।
বহুত বহুত ধন্যবাদ।
****
MJPS/VJ/MK
(ৰিলিজ আই ডি : 2248701)
অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam