পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল

২০২৬ৰ খাৰিফ বতৰৰ বাবে পৰ্যাপ্ত বীজৰ উপলব্ধ হৈ আছে

কোনো পৰ্যায়তে কৃষি সঁজুলি আৰু ৰাসায়নিক সাৰৰ অভাৱ নহয়; উপলব্ধতা আৰু অধিক বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলি আছে

কৃষি সামগ্ৰীৰ মূল্য সুস্থিৰ হৈ আছে আৰু সেয়া নিৰীক্ষণ কৰা হৈছে

বিশ্বব্যাপী এটিএফৰ মূল্যবৃদ্ধিৰ প্ৰভাৱৰ বিষয়ে চৰকাৰ সতৰ্ক হৈছে ; বিমান যাত্ৰাৰ খৰচ হ্ৰাস কৰিবলৈ ঘৰুৱা বিমান সংস্থাসমূহৰ বাবে সীমা বান্ধি নিৰ্ধাৰণ কৰা হৈছে

পেট্ৰল আৰু ডিজেলৰ নিয়মীয়া খুচুৰা মূল্য অপৰিৱৰ্তিত হৈ আছে

ঘৰুৱা এল পি জি গ্ৰাহকৰ বাবে মূল্য বৃদ্ধি নহয়

২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা ৩.৯ লাখতকৈ অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে

পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে; নাগৰিকসকলক আতংকিত হৈ ক্ৰয় কৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে

চৰকাৰে পশ্চিম এছিয়া অঞ্চলত বিকশিত পৰিস্থিতিৰ নিৰীক্ষণ কৰি আছে ; অঞ্চলটোত থকা সকলো ভাৰতীয় নাৱিক নিৰাপদে আছে

উপসাগৰীয় অঞ্চলত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ শিক্ষাবৰ্ষত যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব দিছে

পোষ্ট কৰা হৈছে: 01 APR 2026 5:53PM by PIB Guwahati

পশ্চিম এছিয়াৰ বিৱৰ্তনশীল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে নাগৰিকসকলক এই বিষয়ে  অৱগত কৰি ৰাখিবলৈ নিয়মীয়াকৈ তথ্য প্ৰদান কৰি আহিছে। এই পৰিপ্ৰেক্ষিতত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদমেল  অনুষ্ঠিত কৰা হয়, য’ত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ আৰু জলপথ, তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্য্যকলাপ, অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক প্ৰদান কৰা সহায় আৰু সামগ্ৰিক স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তথ্য প্ৰকাশ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় তথা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও এই সংবাদমেলত  অংশগ্ৰহণ কৰি  সংবাদ মাধ্যমক বিভিন্ন তথ্য  অৱগত কৰে।

কৃষি খণ্ডৰ বিষয়ে তথ্য

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কৃষি খণ্ডত পশ্চিম এছিয়াৰ সংকটৰ  সম্ভাৱ্য প্ৰভাৱৰ লগতে বিঘিনি কম কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে তথ্য প্ৰকাশ কৰে। মন্ত্ৰালয়ে এনেবোৰ তথ্য অৱগত কৰে :

বীজ খণ্ড

• খাৰিফ ২০২৬ বতৰৰ  বাবে  বীজৰ উপলব্ধতা অটুত  আছে, ১৮৫.৭৪ লাখ কুইণ্টল উপলব্ধ হৈ থকাৰ  বিপৰীতে ১৬৬.৪৬ লাখ কুইণ্টলৰ প্ৰয়োজন হ'ব, যাৰ ফলত প্ৰায় ১৯.২৯ লাখ কুইণ্টল উদ্বৃত্ত হ'ব ।

• ধান ৮০.৯ লাখ কুইণ্টল, সৰিয়হ ৩৫.৭ লাখ কুইণ্টল, মাটিমাহ ২১.১ লাখ কুইণ্টল, কুঁহিয়াৰ ১১.৯ লাখ কুইণ্টল আৰু দাইল (ৰহৰ দাইল, মুগ দাইল , মাটি দাইল)কে ধৰি প্ৰধান শস্যসমূহৰ ভিতৰত উদ্বৃত্ত হৈছে।

• মাকৈৰ  বাবে বীজ শুকুৱাই লোৱাৰ অৰ্থে এল পি জি/পি এন জিৰ অগ্ৰাধিকাৰ ভিত্তিক আবণ্টন নিশ্চিত কৰা হৈছে, লগতে তেল বিপণন কোম্পানীসমূহৰ জৰিয়তে নিৰৱচ্ছিন্ন ইন্ধন যোগান নিশ্চিত কৰা হৈছে।

• খাৰিফ আৰু ৰবি ২০২৬ উভয় বতৰৰ খেতিৰ বাবে বীজৰ যোগানো নিশ্চিত কৰা হৈছে।

সাৰ

• ৰাজ্যসমূহৰ সৈতে আলোচনা কৰি খাৰিফ ২০২৬ৰ বাবে সাৰৰ প্ৰয়োজনীয়তা ৩৯০.৫৪ এল এম টি হিচাপে মূল্যায়ন কৰা হৈছে, যাৰ বিপৰীতে ১৮০ এল এম টি (৪৬%) মজুত হিচাপে উপলব্ধ—সাধাৰণ প্ৰাক ঋতু স্তৰৰ তুলনাত এয়া যথেষ্ট বেছি,  প্ৰায় ৩৩%; উপলব্ধতা আৰু অধিক বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলি আছে আৰু কোনো পৰ্যায়তে কৃষি সামগ্ৰী তথা  ৰাসায়নিক সাৰৰ যাতে অভাৱ নহয় সেয়া নিশ্চিত কৰা হ’ব।

• সাৰৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ আৰু সময়মতে তথা  শৃংখলাবদ্ধভাৱে সমাজৰ শেষ মাইলৰ লোক পৰ্যন্ত সৰবৰাহ  নিশ্চিত কৰাৰ  বিষয়ত ডি এ এণ্ড এফ ডব্লিউ, সাৰ বিভাগ আৰু ৰাজ্যিক সচিবসকলৰ এখন বৈঠক ৩০.০৩.২০২৬ তাৰিখে অনুষ্ঠিত হয়।

• ৰাজ্যসমূহক বিশেষ অভিযান গ্ৰহণ কৰিবলৈ  অনুৰোধ জনোৱা  হৈছে , যাতে কোনো ধৰণৰ অবৈধ মজুত বা ক’লা ব্যৱসায়  বা সীমা অতিক্ৰম কৰি অ-কৃষি ব্যৱহাৰৰ বাবে সাৰৰ চোৰাং ব্যৱসায় নহয়।

• যোৱা বছৰ গাঁও পঞ্চায়ত, মহকুমা আৰু জিলা পৰ্যায়ত স্থাপন কৰা ধৰ্তি  মাতা বচাও আন্দোলন সমিতিৰ বাবে এক অভিযান আৰম্ভ হৈছিল। ৰাজ্যসমূহক পুনৰ অনুৰোধ কৰা হৈছে যে এই স্থানীয় সমিতিসমূহক নিৰীক্ষণৰ লগতে সাৰৰ ন্যায্য বিতৰণৰ বাবে সংগঠিত কৰক।

• মধ্যপ্ৰদেশ, হাৰিয়ানা আৰু তেলেংগানাৰ দৰে ৰাজ্যই গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদ্ধতিসমূহ ৰাজ্যসমূহৰ সৈতে ভাগ বাটোৱাৰা কৰা হৈছে,  যিয়ে সাৰৰ বিতৰণ সহজ কৰি তুলিছে।

কৃষি ৰাসায়নিক পদাৰ্থ

• কৃষি- ৰাসায়নিক পদাৰ্থ- কীটনাশক, ঘাঁহনাশক আৰু ভেঁকুৰনাশক তিনি প্ৰকাৰৰ। কৃষি ৰাসায়নিক পদাৰ্থৰ বৃহৎ উৎপাদনকাৰী দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। পৰ্যাপ্ত পৰিমাণৰ কৃষি ৰাসায়নিক পদাৰ্থ  উপলব্ধ হৈ আছে ।

• ২০২৫-২৬ চনৰ ভিতৰত (২০২৬ চনৰ ফেব্ৰুৱাৰী মাহলৈকে) কৃষি ৰাসায়নিক পদাৰ্থৰ মুঠ উৎপাদন ২,৬১,০৯৯ মেট্ৰিক টন হৈছে। মুঠ আনুমানিক চাহিদা হৈছে ৭৪,২৬৬ মেট্ৰিক টন, ইয়াৰে ২০২৬ চনৰ খাৰিফ বতৰত  প্ৰায় ৪২,০০০ মেট্ৰিক টনৰ প্ৰয়োজন হয়।

• সাপ্তাহিক নিৰীক্ষণৰ লগতে উদ্যোগ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিৰন্তৰ আলোচনা অব্যাহত ৰখা হৈছে।

• বহু অংশীদাৰৰ সমন্বিত পদ্ধতিৰ জৰিয়তে ভেজাল কীটনাশকৰ বিৰুদ্ধে অভিযান  চলোৱা হৈছে।

• ৰাজ্যসমূহৰ সহযোগত সংহত কীট ব্যৱস্থাপনা (আই পি এম)ৰ বিষয়ত গুৰুত্ব দিয়া হৈছে।

• কৃষকৰ সজাগতা, নিৰীক্ষণ , কীট-পতংগ নিয়ন্ত্ৰণ আৰু পৰামৰ্শ শক্তিশালী কৰাৰ লগতে জৈৱ কীটনাশক আৰু বহনক্ষম পদ্ধতিক উৎসাহিত কৰা হৈছে ।

কৃষি সামগ্ৰীৰ মূল্যৰ পৰিস্থিতি

• কৃষি সামগ্ৰীৰ মূল্য সামগ্ৰিকভাৱে সুস্থিৰ হৈ আছে  আৰু ইয়াৰ ওপৰত তীক্ষ্ণ  নজৰ ৰখা হৈছে।

•বিলাহী , পিয়াঁজ আৰু  আলুৰ দাম নিয়ন্ত্ৰণত  আছে আৰু তিনিবিধৰে দাম সামান্য বৃদ্ধি পোৱাহে দেখা গৈছে।

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

পশ্চিম এছিয়াৰ চলি থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ত আলোকপাত কৰি  ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ত তথ্য প্ৰদান কৰা হয়। মন কৰিবলগীয়া যে:

খাৰুৱা তেল  আৰু শোধনাগাৰ

• সকলো শোধনাগাৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্য স্থাপন কৰা হৈছে। দেশত পেট্ৰ’ল-ডিজেলৰ পৰ্যাপ্ত মজুত  ৰখা হৈছে।

• ঘৰুৱা সহায়ৰ বাবে শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে

খুচুৰা বিপণী

• সমগ্ৰ দেশতে সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।

• পেট্ৰ’ল আৰু ডিজেলৰ নিয়মীয়া খুচুৰা মূল্য অপৰিৱৰ্তিত হৈ আছে ।

• মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। গ্ৰাহকক সুৰক্ষা প্ৰদানৰ বাবে ভাৰত চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক  হ্ৰাস কৰিছে। প্ৰতি লিটাৰত ১০ টকা।

• চৰকাৰে ৰপ্তানি শুল্ক আৰোপ কৰিছে - ডিজেলত প্ৰতি লিটাৰত ২১.৫ টকা  আৰু বিমান টাৰ্বাইন ইন্ধনত (এ টি এফ) প্ৰতি লিটাৰত ২৯.৫ টকা।

• কিছুমান বিশেষ অঞ্চলত উৰাবাতৰিৰ বাবে আতংকিত হৈ  ক্ৰয় কৰাৰ ঘটনা  লক্ষ্য কৰা হৈছে, যাৰ ফলত অস্বাভাৱিকভাৱে অধিক বিক্ৰী আৰু খুচুৰা বিপণীত ভিৰ হৈছে। অৱশ্যে দেশৰ সকলো পেট্ৰ’ল পাম্পতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত উপলব্ধ আছে।

• চৰকাৰে উৰাবাতৰিত বিশ্বাস নকৰিবলৈ দিয়া পৰামৰ্শ পুনৰবাৰ প্ৰকাশ কৰি ৰাজ্য চৰকাৰসমূহক সংবাদমেলৰ জৰিয়তে শুদ্ধ তথ্য প্রচাৰ কৰিবলৈ অনুৰোধ জনাইছে৷

প্ৰাকৃতিক গেছ

• ঘৰুৱা পিএনজি আৰু চিএনজি পৰিবহণৰ বাবে ১০০% যোগানৰ সৈতে গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে।

• গ্ৰীডত সংযুক্ত ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকসকলক ধৰা যোগান তেওঁলোকৰ গড় ব্যৱহাৰৰ ৮০%।

• চিজিডি সত্তাসমূহক ৰেষ্টুৰেণ্ট, হোটেল আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।

• চলি থকা ইউৰিয়া উদ্যোগসমূহলৈ যোগান যোৱা ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৭০–৭৫% স্থিৰ হৈ আছে। যোগান বজাই ৰাখিবলৈ অতিৰিক্ত এল এন জি আৰু আৰ এল এন জিৰ উৎস আহৰণ কৰা হৈছে।

• সাৰ উদ্যোগকে ধৰি ঔদ্যোগিক গ্ৰাহকসকলক অতিৰিক্ত প্ৰয়োজনীয়তাৰ ইংগিত দিবলৈ পৰামৰ্শ দিয়া হৈছে।

• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ বাবে উদগনি  আগবঢ়াইছে।

• চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি সম্প্ৰসাৰণৰ বাবে অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ জনাইছে।

• পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বাণিজ্যিক এলপিজিৰ অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে আৰু সেই অনুসৰি আবণ্টনৰ পৰামৰ্শ দিয়া হৈছে।

• পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক নিৰ্দেশ দিছে যে য’তেই সম্ভৱ হয় তাত  পাঁচ দিনৰ ভিতৰত বিদ্যালয়, হোষ্টেল আৰু কমিউনিটি পাকঘৰৰ দৰে প্ৰতিষ্ঠানৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিব লাগে।

• পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে চিজিডি আন্তঃগাঁথনিৰ বাবে তিনি মাহৰ বাবে ত্বৰান্বিত অনুমোদনৰ পদক্ষেপ গ্ৰহণ কৰিছে।

• পাইপলাইন সম্প্ৰসাৰণ সুশৃংখলিত আৰু সমাজৰ শেষ মাইলৰ সংযোগ উন্নত কৰাৰ বাবে চৰকাৰে প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ আদেশ, ২০২৬ অধিসূচনা কৰিছে।

• প্ৰতিৰক্ষা আৱাসিক অঞ্চলত পিএনজিৰ আন্তঃগাঁথনি ক্ষিপ্ৰতাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে হ্ৰস্বম্যাদী নীতি পৰিৱৰ্তন জাৰি কৰিছে।

• পিএনজিআৰবিয়ে ডি-পিএনজি সংযোগৰ ত্বৰণৰ নিৰ্দেশ দিছে আৰু নেচনেল পিএনজি অভিযান  ২.০ ৩০.০৬.২০২৬লৈকে বৃদ্ধি কৰিছে।

• মাৰ্চ মাহৰ ভিতৰত ৩.২৫ লাখতকৈ অধিক গেছ সংযোগ  কৰা হৈছে  আৰু ২.৮৫ লাখতকৈ অধিক নতুন সংযোগ  দিয়া হৈছে। নতুন সংযোগৰ বাবে ৩.৫ লাখ নতুন গ্ৰাহক পঞ্জীয়ন কৰা হৈছে।

এল পি জি

• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এল পি জিৰ যোগানৰ ওপৰত প্ৰভাৱ অব্যাহত আছে।

• ঘৰুৱা এল পি জি গ্ৰাহকৰ বাবে মূল্য বৃদ্ধি নহয়।

• এল পি জি বিতৰক শিতানত কোনো ধৰণৰ নাটনিৰ খবৰ পোৱা হোৱা নাই।

• অনলাইন এল পি জি বুকিং ৯২% লৈ বৃদ্ধি পাইছে।

• ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC) ভিত্তিক ডেলিভাৰী ৫৩%ৰ পৰা ৮১%লৈ বৃদ্ধি পাইছে।

• কালি ৬০ লাখৰো অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হয়।

• বাণিজ্যিক এল পি জিৰ যোগান সংকটৰ পূৰ্বৰ স্তৰৰ ৭০% লৈ বৃদ্ধি কৰা হৈছে। ৰেষ্টুৰেণ্ট, হোটেল, উদ্যোগ আৰু কমিউনিটি পাকঘৰৰ দৰে খণ্ডৰ বাবে অতিৰিক্ত আবণ্টনক অগ্ৰাধিকাৰ দিয়া হৈছে।

• ২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা ৩.৯ লাখতকৈ অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।

• কালি ৬৫ হাজাৰৰো অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।

• ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰায় ৫৫,৬২২ মেট্ৰিক টন বাণিজ্যিক এল পি জি লাভ কৰিছে।

কেৰাচিন

• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত ৪৮,০০০ কেল কেৰাচিন আবণ্টন দিয়া হৈছে।

• পিডিএছ এছকেঅ’-মুক্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিৰ্দিষ্ট পিএছইউ অ’এমচি আউটলেটৰ জৰিয়তে বিতৰণ সক্ষম কৰা হৈছে।

• ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে কোনো প্ৰয়োজনীয়তাৰ ইংগিত দিছে।

ৰাজ্য চৰকাৰ / কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিকা

• ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে কাম কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।

• ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অনুৰোধ কৰা হৈছে যে:

Ø দৈনিক সংবাদমেল অনুষ্ঠিত  কৰা আৰু ৰাজহুৱা পৰামৰ্শ জাৰি কৰা

Ø নিয়ন্ত্ৰণ কক্ষ আৰু হেল্পলাইন স্থাপন কৰা

Ø ভুৱা তথ্য নিৰীক্ষণ আৰু প্ৰতিহত কৰা

Ø বলৱৎকাৰী  অভিযান আৰু পৰিদৰ্শন তীব্ৰতৰ কৰা

Ø এল পি জি আৰু এছ কে অ’ আবণ্টনৰ অৰ্ডাৰ প্ৰদান কৰা

Ø দ্ৰুত-ট্ৰেক চিজিডি সম্প্ৰসাৰণ

Ø পিএনজি আৰু বিকল্প ইন্ধনৰ প্ৰসাৰ

Ø সমন্বয়ৰ বাবে ন’ডেল বিষয়াক মনোনীত কৰা

• বৰ্তমান ১৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে সংবাদমেল অনুষ্ঠিত কৰি  আছে।

বলৱৎকাৰী ব্যৱস্থা

• অবৈধ মজুত আৰু ক'লা ব্যৱসায় নিয়ন্ত্ৰণৰ বাবে ২৮০০ৰো অধিক অভিযান চলোৱা হৈছে, প্ৰায় ৫০০টা চিলিণ্ডাৰ জব্দ কৰা হৈছে।

• পিএছইউ অ’এমচিসমূহে খুচুৰা বিপণী আৰু এলপিজি বিতৰকত ১১০০ৰো অধিক হঠাতে  পৰিদৰ্শন কৰিছে।

• এল পি জি বিতৰকলৈ ৫৬০ টাতকৈও অধিক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

চৰকাৰী ব্যৱস্থা

• এই যুদ্ধ পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি আৰু পি এন জিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ লগতে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহক অধিক অগ্ৰাধিকাৰ দিছে।

• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিংৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি পদক্ষেপো  আছে।

• এল পি জিৰ চাহিদাৰ ওপৰত চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধনৰ বিকল্প আগবঢ়োৱা হৈছে।

• কয়লা মন্ত্ৰালয়ে ইতিমধ্যে কয়লা ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য গ্ৰাহকক কয়লা বিতৰণৰ বাবে ৰাজ্যসমূহক অধিক পৰিমাণৰ আবণ্টন দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

• ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহক উভয়ৰে বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

 

ৰাজহুৱা পৰামৰ্শ

 

• চৰকাৰে পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে। পেট্ৰল, ডিজেলৰ ক্ষেত্ৰত হোৱা আতংকিত ক্ৰয় আৰু এল পি জিৰ বুকিং এৰাই চলক।

• উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।

• এল পি জিৰ ক্ষেত্ৰত নাগৰিকসকলক অনুৰোধ কৰা হৈছে–

o বুকিঙৰ বাবে ডিজিটেল মোড ব্যৱহাৰ কৰক

o এল পি জি বিতৰকসকলৰ ওচৰলৈ যোৱা এৰক

• নাগৰিকসকলক পিএনজি, ইণ্ডাকচন/ইলেক্ট্ৰিক কুকটপ আদি বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

• বৰ্তমানৰ পৰিস্থিতিত সকলো নাগৰিককে দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ অনুৰোধ জনোৱা হৈছে।

বিমান টাৰ্বাইন ইন্ধন (ATF)ৰ মূল্য নিৰ্ধাৰণ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এটিএফৰ মূল্য নিৰ্ধাৰণৰ তথ্য প্ৰকাশ কৰিছে। কোৱা হৈছিল যে:

• ভাৰতীয় বিমান উদ্যোগে ঘৰুৱা পথত ঘৰুৱা নিৰ্ধাৰিত বিমান সংস্থাসমূহৰ বাবে বিমান টাৰ্বাইন ইন্ধনৰ (এ টি এফ) মূল্যত ২৫% সীমিত বৃদ্ধি কাৰ্যকৰী কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে।

• পশ্চিম এছিয়াৰ সংকটৰ ফলত বিশ্ব শক্তিৰ মূল্যৰ অভূতপূৰ্ব উত্থানৰ মাজতে এই ব্যৱস্থাই সকাহ প্ৰদান কৰিছে।

• এই হস্তক্ষেপে নিশ্চিত কৰিছে  যাতে ভাৰতীয় কেৰিয়াৰৰ ঘৰুৱা পৰিচালনা ব্যয় বহনযোগ্য হৈ থাকে।

• ভাৰতীয় তৈল বাহকৰ মুঠ পৰিচালনা ব্যয়ৰ প্ৰায় ৪০% ইন্ধনে সাধাৰণতে গ্ৰহণ কৰে; মানাংকিত বৃদ্ধিয়ে উদ্যোগব্যাপী সম্ভাৱ্য বিঘিনি ৰোধ কৰাত সহায় কৰিছে।

• এটিএফৰ মূল্যত ২৫% সীমিত বৃদ্ধিয়ে বিমান সংস্থাসমূহক ঘৰুৱা ভ্ৰমণকাৰীৰ বাবে প্ৰতিযোগিতামূলক মূল্য নিৰ্ধাৰণ বজাই ৰাখিবলৈ সক্ষম কৰিছে, বজাৰ-সংলগ্ন মূল্য নিৰ্ধাৰণৰক্ষেত্ৰত অতিৰিক্ত ইন্ধনৰ চাৰ্চাৰ্জৰ প্ৰয়োজনীয়তা এৰাই চলা হৈছে।

• ভাৰতীয় বিমান সংস্থাসমূহে এই কথা প্ৰকাশ কৰিছে যে প্ৰত্যাহ্বানমূলক বিশ্ব পৰিৱেশত কাৰ্য্যকৰী স্থিতিশীলতা আৰু বিত্তীয় বহনক্ষমতা বজাই ৰখাৰ বাবে এনে মানাংকিত ব্যৱস্থা অতি প্ৰয়োজনীয়, লগতে যাত্ৰীসকলক স্বাৰ্থ সুৰক্ষিত কৰা আৰু খণ্ডগত স্থিতিস্থাপকতা শক্তিশালী কৰাৰ ক্ষেত্ৰতো এয়া প্ৰয়োজনীয় ।

• দৈনিক ৪.৫ লাখতকৈ অধিক যাত্ৰীয়ে প্ৰতিদিনে ঘৰুৱা পথেৰে  যাত্ৰা কৰিছে ।

• চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে বিমান যাত্ৰা যাতে সুলভ হৈ থাকে। এই ব্যৱস্থাই মালবাহী সামগ্ৰীৰ মসৃণ গতিবিধি নিশ্চিত কৰিছে আৰু বাণিজ্য তথা লজিষ্টিকছৰ বাবে গুৰুত্বপূৰ্ণ বিমান সংযোগ বজাই ৰখা কাৰ্যই অৰ্থনীতিকো সহায় কৰিব।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলোৱাৰ কাৰ্য্যকলাপ

পাৰ্চী উপসাগৰৰ বৰ্তমানৰ সামুদ্ৰিক পৰিস্থিতিৰ বিষয়ত তথ্য প্ৰকাশ কৰা হয়, য’ত অঞ্চলটোত ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰা হয়। ইয়াত কোৱা হৈছে  যে:

• বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সমন্বয়ত পশ্চিম এছিয়া অঞ্চলৰ বিকশিত পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ অব্যাহত ৰাখিছে।

• অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদে আছে আৰু বিগত ২৪ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো কূটাঘাত সংঘটিত হোৱা নাই। শেহতীয়া সময়ছোৱাত কোনো ধৰণৰ ঘটনা ঘটাৰ  বাতৰি পোৱা নাই , পৰিস্থিতি সুস্থিৰ হৈ আছে।

• পশ্চিম পাৰস্য উপসাগৰীয় অঞ্চলত ৪৮৫ জন ভাৰতীয় নাৱিকৰ সৈতে মুঠ ১৮ খন ভাৰতীয় পতাকা থকা জাহাজ  আছে। জাহাজৰ মালিক, আৰ পি এছ এল সংস্থা আৰু ভাৰতীয় মিছনৰ সমন্বয়ত জাহাজ সঞ্চালকালয়ে সক্ৰিয়ভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

• ডিজি শ্বিপিং কণ্ট্ৰল ৰুম ২৪×৭ কাৰ্যক্ষম হৈ আছে আৰু সক্ৰিয় হোৱাৰ পিছত সঞ্চিত ৪,৭৬৯টা কল আৰু ৯,৫৯৯টাতকৈও অধিক ইমেইল চম্ভালিছে, য’ত যোৱা ২৪ ঘণ্টাত ৭০টা কল আৰু ২৪৫টা ইমেইল, আৰু যোৱা ৪৮ ঘণ্টাত ২১৪টা কল আৰু ৫৩৫টা ইমেইল আছে।

• ডি জি শ্বিপিঙে বিগত ২৪ ঘণ্টাত ৫ জনকে ধৰি এই অঞ্চলৰ পৰা এতিয়ালৈকে ৯৬৪ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে।

• সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে আৰু বিগত ২৪ ঘণ্টাত কোনো ধৰণৰ অসুবিধা হোৱাৰ বাতৰি পোৱা নাই । গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কেৰালাম, অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীৰ ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডে সুচাৰুৰূপে কাম কৰাটো নিশ্চিত কৰিছে।

• নাৱিকৰ সুৰক্ষা, কল্যাণ আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত কৰাৰ বাবে মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ সমন্বয় অব্যাহত ৰাখিছে।

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

ভাৰতীয় অভিযানৰ জৰিয়তে চলি থকা সাহায্যকে ধৰি অঞ্চলটোৰ শেহতীয়া পৰিঘটনাৰ তথ্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে। ইয়াত জনোৱা হৈছে যে:

• বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে পৰ্তুগীজৰ বৈদেশিক মন্ত্ৰী  মহামহিম পাউলো ৰেংগেলৰ সৈতে কথা পাতিছে। দুয়োপক্ষই পশ্চিম এছিয়াৰ সংঘাত সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে।

• তেহৰাণত থকা ভাৰতৰ দূতাবাসে ৮১৮ জন ছাত্ৰকে ধৰি ১১৭১ জন ভাৰতীয় নাগৰিকক ইৰাণৰ পৰা স্থল সীমাৰে  আৰ্মেনিয়া আৰু আজাৰবাইজানলৈ ওলাই আহিবলৈ সুবিধা প্ৰদান কৰিছে। ইয়াৰে ৯৭৭ গৰাকীয়ে  আৰ্মেনিয়া আৰু ১৯৪ গৰাকীয়ে  আজাৰবাইজানলৈ পাৰ হৈ যায়। ইৰাণৰ পৰা ভাৰতীয় নাগৰিকৰ নিৰাপদ পৰিবহণৰ সুবিধাৰ বাবে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ কৰ্তৃপক্ষই সহায় আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰা হৈছে।

• বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ বিৱৰ্তনশীল পৰিস্থিতিৰ বিষয়ত  তীক্ষ্ণ দৃষ্টি  ৰাখিছে, ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়  হৈ  আছে।

• ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰিবলৈ এটা  বিশেষ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিৰন্তৰ সমন্বয় বজাই ৰখা হৈছে।

• সমগ্ৰ অঞ্চলটোৰ ভাৰতীয় মিছন আৰু পোষ্টসমূহে ২৪ ঘণ্টাই হেল্পলাইনৰ সৈতে অবিৰতভাৱে কাম কৰি আছে, নিয়মীয়া পৰামৰ্শ জাৰি কৰিছে আৰু ভাৰতীয় সম্প্ৰদায়ৰ সংঘ, সংস্থা আৰু ভাৰতীয় কোম্পানীসমূহৰ সৈতে ঘনিষ্ঠ সংযোগ বজাই ৰাখিছে। একে সময়তে স্থানীয় চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠ যোগাযোগ বজাই ৰখা হৈছে।

• ভিছাৰ সুবিধা, কনছুলাৰ সেৱা, আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ মাজতে চুবুৰীয়া দেশসমূহৰ মাজেৰে যাতায়াতৰ  সুবিধা প্ৰদান আৰু প্ৰয়োজন সাপেক্ষে লজিষ্টিক সহায় প্ৰদানকে ধৰি ভাৰতীয় নাগৰিকসকলৰ সমস্যা তথা  উদ্বেগসমূহ মিছনসমূহে সক্ৰিয়ভাৱে সমাধান কৰি আছে।

• উপসাগৰীয় অঞ্চলত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ প্ৰতি চৰকাৰে বিশেষ গুৰুত্ব দি তেওঁলোকৰ শিক্ষাবৰ্ষত যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে প্ৰচেষ্টা চলাইছে। অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে নিয়মীয়াকৈ যোগাযোগৰ জৰিয়তে চিবিএছই, আইচিএছই, কেৰালা ব’ৰ্ড আৰু জেইই আৰু নীট পৰীক্ষাৰ সৈতে জড়িত শৈক্ষিক উদ্বেগসমূহৰ সমাধানৰ বাবে স্থানীয় কৰ্তৃপক্ষ, ভাৰতীয় বিদ্যালয়, সংশ্লিষ্ট ব’ৰ্ড আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সৈতে নিয়মীয়াকৈ যোগাযোগ আৰু সমন্বয় সাধন কৰি আছে।

• ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অঞ্চলটোৰ পৰা অতিৰিক্ত বিমান চলাচলৰ ফলত সামগ্ৰিক বিমানৰ পৰিস্থিতিৰ উন্নতি অব্যাহত আছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ৫,৯৮,০০০ যাত্ৰী ভাৰতলৈ উভতি আহিছে।

• ইউ এ ইত বিমান সংস্থাসমূহে পৰিচালনা আৰু সুৰক্ষাৰ বিবেচনাৰ ভিত্তিত সীমিত অ-নিৰ্ধাৰিত বিমান সেৱা অব্যাহত ৰাখিছে, ভাৰতলৈ প্ৰায় ৯০খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।

• চৌদি আৰৱ আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা চলি আছে।

• কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ বাবে আজি কাটাৰ এয়াৰৱেজে ভাৰতলৈ প্ৰায় ৮ৰ পৰা ১০খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।

• কুৱেইট আৰু বাহৰেইনৰ আকাশমাৰ্গ বন্ধ হৈ আছে। কুৱেইটৰ জাজিৰা এয়াৰৱেজ আৰু বাহৰেইনৰ গালফ এয়াৰে ছৌদি আৰৱৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান চলাই আছে।

• বিমান নিষেধাজ্ঞা আৰু আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে ভাৰতীয় নাগৰিকসকলক বিকল্প পথৰ জৰিয়তে যাত্ৰাৰ সুবিধা প্ৰদান কৰা হৈছে

 য’ত আছে:

Ø ইৰাণৰ পৰা আৰ্মেনিয়া আৰু আজাৰবাইজান হৈ ভাৰতলৈ।

Ø ইজৰাইলৰ পৰা ইজিপ্ত আৰু জৰ্ডানৰ মাজেৰে ভাৰতলৈ।

Ø ইৰাকৰ পৰা জৰ্ডান আৰু চৌদি আৰৱৰ মাজেৰে ভাৰতলৈ।

Ø কুৱেইট আৰু বাহৰেইনৰ পৰা চৌদি আৰৱৰ মাজেৰে ভাৰতলৈ।

• ডুবাইত সংঘটিত আক্ৰমণত ৩ জন ভাৰতীয় নাগৰিক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকে স্থানীয় চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে আৰু এজনক ঘৰলৈ যাবলৈ দিয়া হৈছে। আহত ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ যোগাযোগ ৰক্ষা কৰি থকা হৈছে।  কনছুলেটে তেওঁলোকক সকলো ধৰণৰ সহায় আগবঢ়াইছে।

• ইৰাকৰ উপকূলৰ ওচৰৰ এম টি ছেফেচিয়া বিষ্ণুত সংঘটিত এক কাণ্ডত ১১ মাৰ্চত এজন ভাৰতীয় নাগৰিকৰ কৰুণ মৃত্যু হৈছে। ২৯ মাৰ্চত কুৱেইটত সংঘটিত এক সুকীয়া আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে আন এজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে। মৃত ভাৰতীয় নাগৰিকসকলৰ মৃতদেহ ভাৰতত উপস্থিত হৈছে। মন্ত্ৰালয়ে তেওঁলোকৰ পৰিয়ালৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে আৰু এই কঠিন সময়ত তেওঁলোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

 

********

MN/DM


(ৰিলিজ আই ডি : 2248075) অতিথি কক্ষ : 3