পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত বিভিন্ন প্ৰধান ক্ষেত্ৰৰ শেহতীয়া তথ্য
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অপপ্ৰচাৰ ৰোধৰ বাবে সংবাদ মেলৰ জৰিয়তে সঠিক তথ্য প্ৰচাৰ কৰিবলৈ আহ্বান
চিজিডি প্ৰতিষ্ঠানসমূহক ডি-পিএনজি সংযোগৰ গতি বৃদ্ধি কৰিবলৈ; ৩০.০৬.২০২৬ লৈকে সম্প্ৰসাৰিত কৰা হৈছে ৰাষ্ট্ৰীয় পিএনজি অভিযান ২.০
মাৰ্চ মাহত ৩.১লাখতকৈও অধিক সংযোগ; ২.৭লাখতকৈও অধিক নতুন সংযোগৰ লগতে গেছীকৰণ কৰা হৈছে
২০২৬ চনৰ ১ মাৰ্চৰ পৰা প্ৰতিদিনে গড়ে ৫০ লাখৰো অধিক ঘৰুৱা এলপিজি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে
যোৱা ২৩ মাৰ্চৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে ৩.২ লাখ ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে
বিগত ২৪ ঘন্টাত স্বদেশলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন ৯৫৯ গৰাকী ভাৰতীয় নাৱিকক
ভাৰতৰ বন্দৰসমূহৰ কাম-কাজ স্বাভাৱিক অৱস্থাত আছে; কোনো ভিৰৰ বাতৰি পোৱা নাই
যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৫.৭২ লাখৰো অধিক যাত্ৰীয়ে ভাৰতলৈ উভতি আহিছে
সমগ্ৰ অঞ্চলটোত মিছন আৰু পোষ্টসমূহ ২৪x৭ হেল্পলাইনৰ সৈতে দিনে-ৰাতিয়ে অব্যাহত আছে কাম
পোষ্ট কৰা হৈছে:
31 MAR 2026 2:55PM by PIB Guwahati
পশ্চিম এছিয়াত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সুস্থিৰতা বজাই ৰখাৰ বাবে সমন্বিত পদক্ষেপ গ্ৰহণ কৰিছে। ইন্ধনৰ যোগান ধৰি ৰখা, সামুদ্ৰিক সুৰক্ষা নিশ্চিত কৰা আৰু এই অঞ্চলত থকা ভাৰতীয় লোকসকলক প্ৰয়োজনীয় সাহায্য প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
ইন্ধন যোগান আৰু উপলব্ধতা
হৰমুজ প্ৰণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ক ইন্ধন যোগানৰ পৰিস্থিতি আৰু পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ অবিৰত উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰা হয়। মন্ত্ৰালয়ে এইদৰে কয়ঃ
খাৰুৱা তেল আৰু শোধনাগাৰ:
• সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্যৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে আৰু পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
• সংকটৰ পূৰ্বৰ স্তৰৰ তুলনাত শোধনাগাৰৰ পৰা ঘৰুৱা এলপিজি উৎপাদন বৃদ্ধি কৰা হৈছে।
খুচুৰা বিপণী:
- খুচুৰা বিপণীসমূহত নিয়মীয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ যোগান ধৰি ৰখা হৈছে।
- মধ্যপ্ৰাচ্যৰ সংকটৰ বাবে খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ইয়াৰ পৰা ঘৰুৱা গ্ৰাহকক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
- ঘৰুৱা বজাৰত যাতে নাটনি নহয় তাৰ বাবে ভাৰত চৰকাৰে ডিজেলত প্ৰতি লিটাৰত ২১.৫০ টকা আৰু বিমান ইন্ধনত প্ৰতি লিটাৰত ২৯.৫০ টকা ৰপ্তানি শুল্ক আৰোপ কৰিছে।
- উৰাবাতৰিৰ বাবে কিছুমান অঞ্চলত আতংকিত হৈ ক্ৰয় কৰা দেখা গৈছে। দেশৰ সকলো পেট্ৰ’ল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেলৰ মজুত থকা বুলি পুনৰবাৰ অৱগত কৰা হৈছে।
- নাগৰিকসকলক উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ চৰকাৰে পুনৰবাৰ পৰামৰ্শ দিছে । ৰাজ্য চৰকাৰসমূহক নিয়মীয়াকৈ সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত প্ৰকৃত তথ্য দাঙি ধৰিবলৈ অনুৰোধ জনোৱা হৈছে।
প্ৰাকৃতিক গেছ
- পৰিবহণৰ বাবে ঘৰুৱা পিএনজি আৰু চিএনজিক শীৰ্ষ অগ্ৰাধিকাৰ দি ১০০ শতাংশ যোগান নিশ্চিত কৰা হৈছে।
- ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে যোগানৰ অনুপাত প্ৰায় ৮০ শতাংশ।
- ভাৰত চৰকাৰে চিজিডিসকলক ৰেষ্টুৰেণ্ট, হোটেল আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিছে।
- বৰ্তমান চলি থকা ইউৰিয়া উদ্যোগসমূহলৈ গেছৰ যোগান সুস্থিৰ, যিটো যোৱা ৬ মাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৭০-৭৫ শতাংশ। অতিৰিক্ত এল এন জি কাৰ্গো আৰু পুনৰ গেছিফাইড এল এন জিৰ ব্যৱস্থাও কৰা হৈছে।
- সাৰ উদ্যোগকে ধৰি সকলো উদ্যোগিক গ্ৰাহকক গেছ বিপণন কোম্পানীসমূহক তেওঁলোকৰ অতিৰিক্ত গেছৰ প্ৰয়োজনীয়তাৰ বিষয়ে ‘স্পট বেচিছ’ত অৱগত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে কোম্পানীসমূহে সেই অনুসৰি গেছৰ ব্যৱস্থা কৰিব পাৰে।
- আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে আৱাসিক আৰু বাণিজ্যিক পিএনজি সংযোগ গ্ৰহণৰ বাবে বিভিন্ন উদগনি আগবঢ়াইছে।
- ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আৱেদনৰ অনুমোদন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ অনুৰোধ জনাইছে।
- ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত বাণিজ্যিক এল পি জিৰ ক্ষেত্ৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ আগবঢ়াইছে; কিন্তু চৰ্তটো হ’ল এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী ৰূপান্তৰ প্ৰক্ৰিয়াত সংশ্লিষ্ট ৰাজ্যসমূহক সহায় কৰা উচিত। ইয়াৰ পৰিপ্ৰেক্ষিতত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কেইবাখনো ৰাজ্যৰ পৰা আবেদন লাভ কৰিছে, যিয়ে চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি উক্ত ৰাজ্যসমূহৰ কিছুমানৰ বাবে অতিৰিক্ত গেছ আবণ্টনৰ পৰামৰ্শ দিয়া হৈছে।
- PNGRB (Petroleum and Natural Gas Regulatory Board) vide an order dated 23.03.2026 য়ে সকলো চিজিডি সংস্থাক ৫ দিনৰ ভিতৰত আৱাসিক বিদ্যালয়-মহাবিদ্যালয়, হোষ্টেল, কমিউনিটি পাকঘৰ, অংগনবাড়ী পাকঘৰ ইত্যাদি, য'ত পাইপলাইনৰ আন্তঃগাঁথনি নিকটতম অঞ্চলত উপলব্ধ, পিএনজি সংযোগ প্ৰদানৰ বাবে ৫ দিনৰ ভিতৰত সকলো প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিছে।
- পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২০২৬ তাৰিখৰ এখন পত্ৰযোগে জনাইছে যে ৩ মাহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাৰ অধীনত অনুমোদনৰ সময়সীমা হ্ৰাস কৰা হৈছে আৰু চিজিডি আন্তঃগাঁথনিৰ সৈতে জড়িত আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰা হ’ব।
- ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট অধিসূচনাযোগে ‘অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫’ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ যোগান আনিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুশৃংখলিত আৰু সময়সীমাবদ্ধ কাঠামো প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা অনুমোদন লাভ আৰু ভূমি অধিগ্ৰহণত পলম হোৱাৰ সমস্যাটো সমাধান হ’ব আৰু আৱাসিক অঞ্চলকে ধৰি সমগ্ৰ দেশতে প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত সম্প্ৰসাৰণ সম্ভৱ হ’ব। আশা কৰা হৈছে যে ইয়াৰ ফলত পিএনজি নেটৱৰ্কৰ সম্প্ৰসাৰণ ত্বৰান্বিত হ’ব, ‘লাষ্ট-মাইল’ বা পেৰিফেৰেল সংযোগ উন্নত হ’ব আৰু স্বচ্ছ শক্তিলৈ পৰিৱৰ্তনত সহায়ক হ’ব। ইয়াৰ দ্বাৰা দেশৰ শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতিও আগুৱাই নিব।
- প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২৭.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত হ্ৰস্বম্যাদী নীতি সংশোধনী জাৰি কৰিছে। এই সংশোধনী ৩০.০৬.২০২৬ পৰ্যন্ত কাৰ্যকৰী হ’ব আৰু ইয়াৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা বিভাগৰ অধীনত সকলো আৱাসিক অঞ্চল আৰু ইউনিট লাইনত পিএনজি আন্তঃগাঁথনি স্থাপনৰ কাম ক্ষিপ্ৰতাৰে কৰা।
- পিএনজিআৰবিৰ অধ্যক্ষই ৩০.০৩.২০২৬ তাৰিখে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰি চিজিডি সংস্থাসমূহক ডি-পিএনজি সংযোগ প্ৰদানৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ‘ৰাষ্ট্ৰীয় পিএনজি ড্ৰাইভ ২.০’ কাৰ্যসূচীৰ সময়সীমা (যিটো ০১.০১.২০২৬ৰ পৰা ৩১.০৩.২০২৬লৈ নিৰ্ধাৰিত আছিল) এতিয়া ৩০.০৬.২০২৬লৈ বৃদ্ধি কৰা হৈছে।
- মাৰ্চ মাহত আৱাসিক, বাণিজ্যিক, হোষ্টেল, মেছ, কেণ্টিন আদিকে ধৰি ৩.১ লাখৰো অধিক সংযোগত গেছ যোগান আৰম্ভ কৰা হয়।উপৰোক্ত সংযোগৰ উপৰিও ২.৭ লাখতকৈ অধিক নতুন সংযোগৰ ব্যৱস্থা কৰা হৈছে আৰু বৰ্তমান গেছৰ সৈতে সংযোগ কৰাৰ কাম চলি আছে।
এল পি জি
- বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে এল পি জিৰ যোগানত প্ৰভাৱ পেলাইছে।
ঘৰুৱা এল পি জি যোগান:
* এল পি জি বিতৰক বা বিতৰণ কেন্দ্ৰত এল পি জিৰ নাটনিৰ কোনো খবৰ পোৱা নগ’ল।
* উদ্যোগ অনুযায়ী কালি অনলাইন এল পি জি চিলিণ্ডাৰ বুকিঙৰ হাৰ ৯২ শতাংশলৈ বৃদ্ধি।
* বিতৰক পৰ্যায়ত এল পি জিৰ ডাইভাৰচন বা অপব্যৱহাৰ ৰোধ কৰিবলৈ ‘ডেলিভাৰী অথেণ্টিকেচন ক’ড’ (ডি এ চি) ভিত্তিক যোগানৰ হাৰ ৫৩ শতাংশ (ফেব্ৰুৱাৰী-২০২৬)ৰ পৰা কালিলৈকে ৮৩ শতাংশলৈ বৃদ্ধি পাইছে।
* ২০২৬ চনৰ ১ মাৰ্চৰ পৰা চৰকাৰী তেল বিপণন কোম্পানীসমূহে প্ৰতিদিনে গড়ে ৫০ লাখতকৈ অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ যোগান ধৰিছে।
বাণিজ্যিক এল পি জি যোগান:
* ইতিমধ্যে চৰকাৰে গ্ৰাহকক আংশিক বাণিজ্যিক এল পি জি যোগান (২০%) পুনৰ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত পিএনজি নেটৱৰ্ক সম্প্ৰসাৰণৰ উদ্দেশ্যে ‘ব্যৱসায়ৰ সুচলতা’ সংস্কাৰৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অতিৰিক্ত ১০% বাণিজ্যিক এলপিজি আবণ্টন দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে।
* ভাৰত চৰকাৰে ২১.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত ৰাজ্যসমূহক অতিৰিক্ত ২০% বাণিজ্যিক এল পি জি আবণ্টনৰ অনুমোদন জনাইছে। ইয়াৰ ফলত মুঠ আবণ্টন ৫০%লৈ বৃদ্ধি পাব (পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ অধীনত ১০% আবণ্টনকে ধৰি)। এই অতিৰিক্ত ২০% আবণ্টন ৰেষ্টুৰেণ্ট, ধাবা, হোটেল, উদ্যোগিক কেন্টিন, খাদ্য প্ৰক্ৰিয়াকৰণ/দুগ্ধ উদ্যোগ, ৰাজ্য চৰকাৰ বা স্থানীয় সংস্থাৰ দ্বাৰা পৰিচালিত ৰাজসাহায্যযুক্ত কেন্টিন/খাদ্য বিপণী, সামূহিক পাকঘৰ আৰু প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৫ কেজি এফটিএল চিলিণ্ডাৰ আদি খণ্ডলৈ অগ্ৰাধিকাৰ ভিত্তিত প্ৰদান কৰা হ’ব।
* ভাৰত চৰকাৰে ২৭.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত বাণিজ্যিক এল পি জি খণ্ডলৈ অতিৰিক্ত ২০ শতাংশ আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে (সংস্কাৰৰ বাবে দিয়া ১০ শতাংশ আবণ্টনকে ধৰি মুঠ বাণিজ্যিক আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ ৭০ শতাংশলৈ লৈ)। এই অতিৰিক্ত ২০ শতাংশ আবণ্টন উদ্যোগসমূহৰ বাবে নিৰ্ধাৰণ কৰা হ’ব আৰু তীখা, অটোমোবাইল, বস্ত্ৰ, ৰং, ৰাসায়নিক আৰু প্লাষ্টিক উদ্যোগক অগ্ৰাধিকাৰ দিয়া হ’ব। ইয়াৰে বিশেষ উত্তাপনৰ উদ্দেশ্যে এল পি জিৰ প্ৰয়োজন হোৱা প্ৰচেছিং উদ্যোগসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হ’ব।
* ২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা সমগ্ৰ দেশতে প্ৰব্ৰজিত শ্ৰমিকক ৩.২ লাখতকৈ অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
* কালি প্ৰব্ৰজিত শ্ৰমিকক ৬৩ হাজাৰৰো অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
* অধিকাংশ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনা মানি অঘৰুৱা এল পি জি আবণ্টনৰ নিৰ্দেশ জাৰি কৰিছে। ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাণিজ্যিক কোম্পানীসমূহে মুঠ ৪৭,৯২৮ মেট্ৰিক টন এলপিজি ক্ৰয় কৰিছে।
কেৰাচিন
• সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিয়মীয়াকৈ আবণ্টন দিয়াৰ উপৰিও ৪৮,০০০ কিলোলিটাৰ কেৰাচিন আবণ্টন দিয়া হৈছে।
• ভাৰত চৰকাৰে ২৯.০৩.২০২৬ তাৰিখৰ গেজেট অধিসূচনাৰ ভিত্তিত পিডিএছ এছকেঅ’ (ৰেচন চিষ্টেম কেৰাচিন) কেৱল ৰন্ধন আৰু পোহৰৰ উদ্দেশ্যে সেই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিতৰণৰ ব্যৱস্থা কৰিছে য’ত বৰ্তমান পিডিএছ এছকেঅ’ (ৰেচন চিষ্টেম কেৰাচিন) বিতৰণ কৰা হোৱা নাই।
• প্ৰতিখন জিলাত সৰ্বাধিক দুটা পিএছঅ’ ছাৰ্ভিচ ষ্টেচনত ৫,০০০ লিটাৰ পৰ্যন্ত পিডিএছ এছকেঅ’ মজুত ৰখাৰ অনুমতি দিয়া হৈছে।
• প্ৰতিখন জিলাৰ এই নিৰ্দিষ্ট পিএছঅ’সমূহৰ চাৰ্ভিচ ষ্টেচনসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে নিৰ্ধাৰণ কৰিব।
• ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ বাবে নিৰ্দেশ জাৰি কৰিছে। তদুপৰি হিমাচল প্ৰদেশ আৰু লাডাখে উল্লেখ কৰিছে যে বৰ্তমান তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এছ কে অ’ৰ কোনো প্ৰয়োজনীয়তা নাই।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিকা
• অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ অনুসৰি ৰাজ্য চৰকাৰসমূহক যিকোনো ধৰণৰ জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে। পেট্ৰ’ল, ডিজেল আৰু এল পি জিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মূল ভূমিকা আছে। ভাৰত চৰকাৰে কেইবাখনো চিঠিৰ জৰিয়তে আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক এই বিষয়টো সোঁৱৰাই দিছে।
• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সকলো মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব/প্ৰধান সচিব/সচিবক তলত দিয়া কথাসমূহ মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে—
- ৰাজ্য/জিলা পর্যায়ত দৈনিক সংবাদমেলৰ ব্যৱস্থা প্রতিষ্ঠানিক কৰি নিয়মীয়াকৈ ৰাজহুৱা জাননী জাৰি কৰা।
- বিশেষ নিয়ন্ত্ৰণ কক্ষ/হেল্পলাইন স্থাপন কৰা।
- ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভুৱা বাতৰি/ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু প্ৰতিহত কৰা।
Ø জিলা প্ৰশাসনৰ জৰিয়তে দৈনিক ড্ৰাইভ আৰু চোৱাচিতাৰ কাম-কাজ শক্তিশালী কৰা আৰু তেল বিপণন কোম্পানীসমূহৰ সৈতে সমন্বয়ত অনুসন্ধান আৰু পৰিদৰ্শন কাৰ্য্যকলাপ অব্যাহত ৰখা।
Ø নিজ নিজ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ বাবে আদেশ জাৰি কৰা।
Ø ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে অতিৰিক্ত এছ কে অ’ আবণ্টনৰ বাবে আদেশ জাৰি কৰা।
Ø চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ কাম ক্ষিপ্ৰ কৰা; ইয়াৰ ভিতৰত আছে ‘ৰাইট অৱ ৱে’/‘ৰাইট অৱ ইউজ’ পাৰ্মিট আৰু ২৪ ঘণ্টীয়া কামৰ পাৰ্মিটৰ সমস্যা ক্ষিপ্ৰ কৰা।
Ø পিএনজিৰ ব্যৱহাৰ আৰু বিকল্প ইন্ধনৰ প্ৰচাৰত সহায় কৰা।
Ø পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সৈতে সমন্বয়ৰ বাবে উচ্চ পদস্থ নডেল বিষয়া নিযুক্তি দিয়া।
• ভাৰত চৰকাৰে ২৭.০৩.২০২৬ তাৰিখৰ এখন পত্ৰযোগে পুনৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবক অনুৰোধ জনাইছে যে দৈনিক সংবাদমেল আয়োজন কৰি ছ’চিয়েল মিডিয়া/ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে সক্ৰিয়ভাৱে আপডেট প্ৰদান কৰিব লাগে যাতে সঠিক তথ্য প্ৰচাৰ কৰিব পৰা যায় আৰু উৰাবাতৰি বন্ধ কৰিব পৰা যায়।
• বৰ্তমান ১৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল—যেনে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, নাগালেণ্ড, ওড়িশা, ৰাজস্থান, তেলেংগানা, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, তামিলনাডু আৰু অৰুণাচল প্ৰদেশে দৈনিক সংবাদমেল আয়োজন কৰি আছে।
আইনী ব্যৱস্থা
• সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এলপিজিৰ অবৈধ জমা আৰু ক’লা বজাৰ ৰোধৰ বাবে অভিযান অব্যাহত আছে। কালি ৩ হাজাৰৰো অধিক ড্ৰাইভ চলোৱা হয় আৰু ৫০০ৰো অধিক চিলিণ্ডাৰ জব্দ কৰা হয়।
• মসৃণ যোগান নিশ্চিত কৰিবলৈ আৰু যিকোনো অবৈধ জমা বা ক’লা বিপণন পৰীক্ষা কৰিবলৈ কালি চৰকাৰী মালিকানাধীন তেল বিপণন কোম্পানীসমূহৰ বিষয়াসকলে সমগ্ৰ দেশৰ ১২০০ৰো অধিক খুচুৰা বিপণী আৰু এলপিজি বিতৰকত আচৰিত ধৰণৰ পৰিদৰ্শন কৰে।
• চৰকাৰী মালিকানাধীন তেল বিপণন কোম্পানীসমূহে এতিয়ালৈকে এলপিজি বিতৰকসকলক ৫৪০টাতকৈও অধিক কাৰণ দেখুৱাই জাননী জাৰি কৰিছে।
অন্যান্য চৰকাৰী ব্যৱস্থা
• যুদ্ধৰ পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি আৰু পি এন জিক শীৰ্ষ অগ্ৰাধিকাৰ দিছে। চিকিৎসালয় আৰু শিক্ষানুষ্ঠানকো অধিক অগ্ৰাধিকাৰ দিয়া হৈছে।
• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও ব্যৱস্থা ৰূপায়ণ কৰিছে। ইয়াৰ ভিতৰত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা; চহৰ অঞ্চলত এল পি জি বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰামাঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা; আৰু যোগানৰ ক্ষেত্ৰত বিভিন্ন খণ্ডক অগ্ৰাধিকাৰ দিয়া।
• এলপিজিৰ চাহিদাৰ ওপৰত চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
• কয়লা মন্ত্ৰালয়ে ইতিমধ্যে ‘ক’ল ইণ্ডিয়া’ আৰু ‘চিংগাৰেনী কলিয়াৰী’ক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য শ্ৰেণীৰ গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অধিক কয়লা যোগান ধৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।
• ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক দুয়োটা শ্ৰেণীৰ গ্ৰাহকৰ বাবে নতুন পিএনজি সংযোগ লাভৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ পৰামৰ্শ দিয়া হৈছে।
জনসাধাৰণৰ বাবে পৰামৰ্শ
• পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা হাতত লৈছে। গতিকে পেট্ৰল আৰু ডিজেল ক্ৰয় কৰি এল পি জি বুকিং কৰাৰ সময়ত আতংকিত হৈ কিনা বা অতিৰিক্ত বুকিং কৰাৰ পৰা বিৰত থাকক।
• উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী বা প্ৰতিষ্ঠানিক উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
• এল পি জিৰ ক্ষেত্ৰত নাগৰিকলৈ অনুৰোধ —
Ø বুকিঙৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰক।
Ø এল পি জি বিতৰক বা যোগানকাৰীৰ ওচৰলৈ ব্যক্তিগতভাৱে যোৱা এৰক।
• নাগৰিকক বিকল্প ইন্ধন, যেনে পিএনজি, ইণ্ডাকচন বা বৈদ্যুতিক কুকটপ আদি ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হৈছে।
• বৰ্তমানৰ পৰিস্থিতিত সকলো নাগৰিককে দৈনন্দিন ব্যৱহাৰত শক্তি বা ইন্ধন ৰাহি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ পৰিবহণ সম্পৰ্কীয় কাৰ্য্যকলাপ
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জনাইছে যে অঞ্চলটোত চলাচল কৰা ভাৰতীয় জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ৰ মতে:
• সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা বজাই ৰাখি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জাহাজ, বন্দৰৰ কাৰ্যকলাপ আৰু ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বিষয়সমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে।
• অঞ্চলটোত নিয়োজিত সকলো ভাৰতীয় নাৱিক সুৰক্ষিত। ২৪ ঘণ্টাত কোনো ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।
• পশ্চিম পাৰস্য উপসাগৰত ভাৰতীয় পতাকাযুক্ত ১৮খন জাহাজ আছে, য’ত ৪৮৫ জন ভাৰতীয় নাৱিকক কঢ়িয়াই অনা হৈছে। জাহাজ সঞ্চালকালয়ে জাহাজৰ মালিক, আৰপিএছএল আৰু বহিঃৰাজ্যৰ ভাৰতীয় মিছনৰ সৈতে সমন্বয়ৰে পৰিস্থিতি সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে।
• জাহাজ সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষ ২৪x৭ কাৰ্যক্ষম আৰু ইয়াৰ আৰম্ভণিৰ পৰাই ৪৬৯৯টা ফোন কল আৰু ৯৩৬৪টা ইমেইলৰ উত্তৰ দিছে। যোৱা ২৪ ঘন্টাত ১৪৪টা ফোন কল আৰু ২৯০টা ইমেইল লাভ কৰিছে।
• জাহাজ সঞ্চালকালয়ে এতিয়ালৈকে ৯৫৯ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰি অহাৰ ব্যৱস্থা কৰিছে, ইয়াৰে ৯ জন যোৱা ২৪ ঘণ্টাত ঘূৰি আহিছে।
সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক আৰু ক’তো যান-জঁট বা ব্যাঘাত নাই। গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কেৰালা, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীৰ ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডে নিশ্চিত কৰিছে যে বন্দৰৰ কাম-কাজ সুচাৰুৰূপে চলি আছে।
• বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বহিঃৰাজ্যৰ ভাৰতীয় মিছন আৰু সামুদ্ৰিক খণ্ডৰ সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে সমন্বয়ত অবিৰতভাৱে কাম কৰি আছে যাতে নাৱিকসকলৰ কল্যাণ নিশ্চিত হয় আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত হয়।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
অঞ্চলটোত বসবাস কৰা ভাৰতীয় জনগোষ্ঠীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখা হৈছে আৰু তেওঁলোকৰ সুৰক্ষা আৰু সামগ্ৰিক কল্যানৰ বাবে প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হৈছে আৰু সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰিঃ
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে কথা পাতি ভাৰত-নেদাৰলেণ্ডৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে অৰ্ধপৰিবাহী, বৃহৎ জল প্ৰকল্প, সেউজ হাইড্ৰ’জেন আৰু প্ৰতিভা স্থানান্তৰৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰি তাত শান্তি আৰু সুস্থিৰতা আগতীয়াকৈ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ উন্নয়নসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে। তাত বসবাস কৰা ভাৰতীয় জনগোষ্ঠীৰ সুৰক্ষা, সুৰক্ষা আৰু মংগল আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়েই আছে।
- এটা নিৰ্দিষ্ট নিয়ন্ত্ৰণ কক্ষ দিনে-নিশাই কাৰ্যক্ষম হৈ থাকে। তথ্য বিনিময় আৰু বিভিন্ন কাম-কাজৰ সমন্বয়ৰ বাবে মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি থাকে।
- অঞ্চলটোৰ বিভিন্ন ঠাইত ভাৰতীয় মিছন আৰু কাৰ্যালয় ২৪/৭ কাম কৰি আছে। তেওঁলোকে ২৪/৭ হেল্পলাইন চলাই আছে আৰু তাত বসবাস কৰা ভাৰতীয় জনগোষ্ঠী, বিভিন্ন সংঘ, সংগঠন আৰু কোম্পানীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে। পৰিস্থিতি অনুসৰি নিয়মিতভাৱে ভ্ৰমণৰ পৰামৰ্শ বা পৰামৰ্শ জাৰি কৰা হৈছে।
- ভাৰতীয় মিছনসমূহে স্থানীয় চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে আৰু নাৱিক, ছাত্ৰ আৰু অন্যান্য ভাৰতীয় নাগৰিকসকলক ভিছা সহায়, বাণিজ্যদূতৰ সেৱা আৰু প্ৰয়োজনীয় লজিষ্টিক বা আনুষংগিক সহায় আগবঢ়াই আহিছে।
- ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ৫,৭২,০০০ যাত্ৰী ভাৰতলৈ উভতি আহিছে।
Ø আজি ইউএইৰ পৰা প্ৰায় ৮৫খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে। কাৰ্য্যকৰী আৰু সুৰক্ষাৰ কথা মনত ৰাখি সীমিত সংখ্যক অ-নিৰ্ধাৰিত বিমান সেৱা অব্যাহত আছে।
Ø ওমান আৰু চৌদি আৰৱৰ পৰা ভাৰতলৈ বিমান সেৱা অব্যাহত আছে।
Ø কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ বাবে আজি তাৰ পৰা ভাৰতলৈ প্ৰায় ৮-১০খন অনিৰ্ধাৰিত বাণিজ্যিক বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।
Ø কুৱেইট আৰু বাহৰেইনৰ আকাশমাৰ্গ বৰ্তমান বন্ধ। ছৌদি আৰৱৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিশেষ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান সেৱা চলি আছে।
Ø ইৰাণৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজেৰে ভাৰতীয় নাগৰিকক ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে।
Ø ইজৰাইলৰ আকাশমাৰ্গত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ইজিপ্ত আৰু জৰ্ডানৰ মাজেৰে ভাৰতীয় নাগৰিকক ঘূৰাই অনা হৈছে।
Ø ইৰাকৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে জৰ্ডান আৰু চৌদি আৰৱৰ মাজেৰে ভাৰতীয় নাগৰিকক ঘূৰাই অনা হৈছে।
***
MN/DB
(ৰিলিজ আই ডি : 2247438)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
हिन्दी
,
Khasi
,
English
,
Urdu
,
Marathi
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam