পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
ভাৰতত ইন্ধনৰ যোগান সম্পূৰ্ণ সুৰক্ষিত হৈ আছে; চৰকাৰে ভুৱা খবৰ তথা উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আহবান জনাইছে
পোষ্ট কৰা হৈছে:
26 MAR 2026 2:15PM by PIB Guwahati
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ভাৰতৰ পেট্ৰলিয়াম আৰু এল পি জি যোগানৰ পৰিস্থিতি সম্পূৰ্ণ সুৰক্ষিত হৈ থকাৰ লগতে নিয়ন্ত্ৰণত আছে। সকলো খুচুৰা ইন্ধনৰ বিপণীতে পৰ্যাপ্ত যোগান আছে। দেশৰ ক’তো পেট্ৰ’ল, ডিজেল, এল পি জিৰ অভাৱ হোৱা নাই৷ এইক্ষেত্ৰত ইচ্ছাকৃতভাৱে অযুক্তিকৰ আতংক বিয়পাবলৈ কৰা অপচেষ্টা , ভুল তথ্যত ভোল নাযাবলৈ নাগৰিকসকলক মন্ত্ৰালয়ে আহ্বান জনাইছে।
পেট্ৰল আৰু ডিজেল: কোনো অভাৱ হোৱা নাই
১/ ভাৰত শক্তি সুৰক্ষাৰ দিশৰ পৰা বিশ্বৰ চতুৰ্থ বৃহত্তম শোধনাগাৰ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ ৫ম বৃহত্তম ৰপ্তানিকাৰক দেশ। যি খন দেশে ১৫০ খনতকৈও অধিক দেশলৈ পৰিশোধিত ইন্ধন যোগান ধৰে। যিহেতু ভাৰত বিশ্বলৈ নিকা ইন্ধনৰ ৰপ্তানিকাৰক, সেয়েহে দেশখনে ঘৰুৱা পেট্ৰ’ল আৰু ডিজেলৰ উপলব্ধতা নিশ্চিত কৰিব পাৰে। সমগ্ৰ দেশৰ ১ লাখৰো অধিক খুচুৰা ইন্ধনৰ বিপণী খোলা আছে আৰু বিনা বাধাই সেইবোৰৰ পৰা ইন্ধন বিতৰণ কৰা হৈছে। কোনো বিতৰকেই ইন্ধনৰ নাটনিৰ কথা কোৱা নাই।
সমগ্ৰ বিশ্বতে দেশসমূহে মূল্যবৃদ্ধি, ইন্ধন আদি সমস্যাৰ সৈতে যুঁজি আছে । কমসংখ্যক দেশেহে “ৰাষ্ট্ৰীয় শক্তি জৰুৰীকালীন” অৱস্থা ঘোষণা কৰিছে। ভাৰতে এনে কোনো ব্যৱস্থাৰ প্ৰয়োজন অনুভৱ কৰা নাই। আন দেশ বোৰত ইন্ধন নথকাৰ সময়তে ভাৰতত যোগানৰ অভাৱ হোৱা নাই। ইয়াত নিৰ্বাচিত পাম্পত আতংকিত হৈ ক্ৰয় কৰাৰ বিচ্ছিন্ন ঘটনাহে সংঘটিত হৈছে। সেইবোৰকে ছ’চিয়েল মিডিয়াত কিছুমান বিশেষ ভিডিঅ’ৰ দ্বাৰা ইচ্ছাকৃতভাৱে ভুল তথ্যৰে অপপ্ৰচাৰ লোৱা হৈছে। । চাহিদা বৃদ্ধি পোৱাৰ পাছতো সকলো গ্ৰাহকক ইন্ধন বিতৰণ কৰা হৈছে আৰু যোগান বৃদ্ধিৰ বাবে তেল কোম্পানীৰ ডিপোসমূহে নিশাটোৰ ভিতৰতে কাৰ্যক্ষম হৈ পৰিছে। পাম্পৰ মালিকৰ ৱৰ্কিং কেপিটেলৰ সমস্যাৰ বাবে কোনো পাম্পতে যাতে পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নহয় তাৰ বাবে পেট্ৰ’ল পাম্পৰ ঋণ পূৰ্বতে অনুমতি দিয়া ১ দিনৰ পৰা ৩ দিনৰ ওপৰলৈ বৃদ্ধি কৰাৰ পদক্ষেপো তেল কোম্পানীয়ে গ্ৰহণ কৰিছে।
খাৰুৱা তেলৰ যোগান: ক্ষতিতৰ তুলনাত অধিক ব্যৱধান
২) হৰমুজ জলদ্বীপৰ পৰিস্থিতিৰ মাজতো ভাৰতে আজি সমগ্ৰ বিশ্বতে ৪১ তকৈ অধিক যোগানকাৰীৰ পৰা অধিক খাৰুৱা তেল লাভ কৰিছে, যিটো পূৰ্বতে জলদ্বীপৰ মাজেৰে আহিছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত উপলব্ধ উচ্চ পৰিমাণে — বিশেষকৈ পশ্চিম গোলাৰ্ধৰ পৰা — যিকোনো বিঘিনিৰ ক্ষতিপূৰণতকৈও অধিক। প্ৰতিটো ভাৰতীয় শোধনাগাৰ ১০০%তকৈ অধিক ব্যৱহাৰত চলি আছে। আগন্তুক ৬০ দিনৰ বাবে খাৰুৱা তেলৰ যোগান ইতিমধ্যে ভাৰতীয় তেল কোম্পানীয়ে বান্ধি ৰাখিছে। যোগানৰ ব্যৱধান নাই।
কৌশলগত সংৰক্ষণ: সম্পূৰ্ণ আৰু সঠিক ছবি
৩/ ভুল তথ্য প্ৰচাৰ হৈ আহিছে — কিছুমান লেখা আৰু ছ’চিয়েল মিডিয়াৰ ভিডিঅ’ৰ জৰিয়তে —যত কোৱা হৈছে যে দেশত মাত্ৰ ৬ দিনৰহে ইন্ধন মজুত আছে। ভাৰতৰ মুঠ সংৰক্ষিত ক্ষমতা ৭৪ দিনৰ আৰু প্ৰকৃত মজুতৰ পৰিমাণ বৰ্তমান প্ৰায় ৬০ দিন (খাৰুৱা তেলৰ মজুত, সামগ্ৰীৰ মজুত আৰু গুহাত নিবেদিত কৌশলগত মজুতকে ধৰি) আনকি আমি মধ্যপ্ৰাচ্যৰ সংকটৰ ২৭ তাৰিখত থকাৰ সময়তো। বিশ্বজুৰি যিয়েই নহওক কিয়, প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে প্ৰায় দুমাহৰ বাবে অবিৰত যোগান উপলব্ধ হৈ আছে । অহা ২ মাহৰ বাবে খাৰুৱা তেলৰ ক্ৰয়ো নিশ্চিত কৰা হৈছে। এনে অৱস্থাত অহা বহু মাহৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সুৰক্ষিত । গতিকে ভাৰতৰ মজুত নাই বা অপৰ্যাপ্ত বুলি যিকোনো কথাই প্ৰচাৰ কৰা উচিত নহয়৷
এল পি জি: উৎপাদন বৃদ্ধি, আমদানিৰ প্ৰয়োজনীয়তা হ্ৰাস, সামগ্ৰীৰ সুৰক্ষা
৪/ এল পি জিৰ অভাৱ হোৱা নাই। মন্ত্ৰালয়ে জাৰি কৰা এল পি জি নিয়ন্ত্ৰণ আদেশৰ পিছত ঘৰুৱা শোধনাগাৰৰ উৎপাদন ৪০% বৃদ্ধি কৰা হৈছে, যাৰ ফলত দৈনিক এল পি জি উৎপাদন ৫০ টি এম টি (আমাৰ প্ৰয়োজনীয়তাৰ ৬০%তকৈ অধিক) হৈছে, যিটো মুঠ দৈনিক প্ৰয়োজন প্ৰায় ৮০ টি এম টি। ফলস্বৰূপে দৈনিক আমদানিৰ প্ৰয়োজনীয়তা মাত্ৰ ৩০ টিএমটিলৈ হ্ৰাস পাইছে — অৰ্থাৎ ভাৰতে এতিয়া আমদানি কৰাৰ লগতে প্ৰয়োজনীয়তকৈ বহু বেছি উৎপাদন কৰিছে। ঘৰুৱা উৎপাদনৰ ওপৰত, ৮০০ টিএমটি নিশ্চিত এলপিজি কাৰ্গো ইতিমধ্যে আমেৰিকা, ৰাছিয়া, অষ্ট্ৰেলিয়া, আৰু অন্যান্য দেশৰ পৰা নিৰাপদে ভাৰতলৈ আহি ২২টা এলপিজি আমদানি টাৰ্মিনেলত উপস্থিত হৈছে — এয়া ২০১৪ চনত থকা ১১টা টাৰ্মিনেলৰ দুগুণ সংখ্যা।
তেল কোম্পানীসমূহে প্ৰতিদিনে ৫০ লাখৰো অধিক চিলিণ্ডাৰ সফলতাৰে ডেলিভাৰী কৰি আছে। গ্ৰাহকে আতংকিত হৈ অৰ্ডাৰ দিয়াৰ বাবে চিলিণ্ডাৰৰ চাহিদা ৮৯ লাখলৈ বৃদ্ধি পাইছিল আৰু এতিয়া পুনৰ ৫০ লাখ চিলিণ্ডাৰলৈ নামি আহিছে। অবৈধ মজুত বা ক’লা ব্যৱসায়ৰ পৰা হাত সাৰিবলৈ ৰাজ্য চৰকাৰসমূহৰ লগত আলোচনা কৰি বাণিজ্যিক চিলিণ্ডাৰ আবণ্টন ৫০% লৈ বৃদ্ধি কৰা হৈছে।
পিএনজি: ইতিমধ্যে চলি আছে পৰিৱৰ্তন, এয়া সংকটৰ প্ৰতিক্ৰিয়া নহয়
৫) পাইপযুক্ত প্ৰাকৃতিক গেছৰ প্ৰসাৰ ঘটোৱা হৈছে — ৰাজ্য চৰকাৰৰ সৈতে সম্পূৰ্ণ সমন্বয়ত এনে কৰা হৈছে। কাৰণ ই ভাৰতীয় পৰিয়ালৰ বাবে সস্তীয়া, নিকা আৰু সুৰক্ষিত ইন্ধন যোগান ধৰিব । ভাৰতে ইতিমধ্যে মুঠ দৈনিক প্ৰয়োজনীয় ১৯১ এমএমএছচিএমডিৰ ভিতৰত ৯২ এমএমএছচিএমডি প্ৰাকৃতিক গেছ ঘৰুৱাভাৱে উৎপাদন কৰে। যাৰ ফলত ভাৰত এলপিজিৰ ক্ষেত্ৰত বহু কম আমদানি নিৰ্ভৰশীল হৈ পৰিছে ।
ঘৰুৱা পিএনজি সংযোগ ২৫ লাখৰ পৰা ১.৫ কোটিৰো অধিকলৈ বৃদ্ধি পাইছে। বৰ্তমানৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আগতেই এই পৰিৱৰ্তন চলি আছিল আৰু ই ভাৰতৰ দীৰ্ঘম্যাদী শক্তি কৌশলক প্ৰতিফলিত কৰে। এল পি জিৰ পিছত
এতিয়া পি এন জিক গুৰুত্ব দিয়া হৈছে বুলি কৰা দাবী ভুল । দৰাচলতে ই পৰিয়ালসমূহৰ বাবে এক উন্নত, অধিক সুলভ আৰু অতি সুবিধাজনক ইন্ধন।
চৰকাৰী সতৰ্কবাণী: ভুৱা তথ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ
৬) ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিভ্ৰান্তিকৰ ভিডিঅ’ আৰু পোষ্ট কৰা আৰু ভাৰতত আগতীয়াকৈ লকডাউন হব তথা জৰুৰীকালীন ইন্ধনৰ ব্যৱস্থাৰ প্ৰয়োজন হৈছে বুলি কৰা সম্পূৰ্ণ ভুৱা আৰু প্ৰৰোচনামূলক কথাবোৰ চৰকাৰে তীক্ষ্ণভাবে লক্ষ্য কৰিছে।
৭) কিছুমান লোকে ইচ্ছাকৃতভাৱে ভুৱাকৈ চৰকাৰী আদেশক প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ আদেশ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ বুলি কৈ সংকটৰ সংকেত দিয়াছে। জৰুৰীকালীন ঘোষণা হিচাপে ভুৱা তথ্য প্ৰচাৰ কৰিছে। এনে কাৰ্যৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হব।
৮) এনে ভুল তথ্য দুষ্কৃতিকাৰীয়ে বিয়পাইছে , যাৰ ফলত জনসাধাৰণৰ মাজত অপ্ৰয়োজনীয় উদ্বেগৰ সৃষ্টি হৈছে। মন্ত্ৰালয়ে সকলো নাগৰিককে ইন্ধন আৰু গেছৰ উপলব্ধতা সন্দৰ্ভত প্ৰয়োজনীয় তথ্যৰ বাবে কেৱল চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা সন্দৰ্ভত ভুৱা তথ্য প্ৰচাৰ কৰাটো প্ৰচলিত আইনৰ অধীনত অপৰাধ, আৰু ইচ্ছাকৃতভাৱে আতংকৰ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি সকিয়াই দিছে।
****
MN/DM
(ৰিলিজ আই ডি : 2245865)
অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক:
English
,
Khasi
,
Urdu
,
हिन्दी
,
Nepali
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam