পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ সংকটপূৰ্ণ পৰিস্থিতিৰ সময়ত ভাৰতৰ মূল খণ্ডসমূহৰ বিষয়ে তথ্য

স্বাভাৱিকভাৱে চলি আছে খুচুৰা বিপণী; উৰাবাতৰিত বিশ্বাস নকৰিবলৈ পৰামৰ্শ দিলে জনসাধাৰণক

প্ৰব্ৰজিত শ্ৰমিককে ধৰি অগ্ৰাধিকাৰ খণ্ডলৈ অতিৰিক্ত এল পি জি আবণ্টন; কালি ৩৭,০০০ৰো অধিক সৰু এল পি জি চিলিণ্ডাৰ (৫ কিলোগ্ৰাম) বিক্ৰী হয়

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায়ৰ বিৰুদ্ধে তীব্ৰতৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়

ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো দৈনিক সংবাদমেল অনুষ্ঠিত কৰাৰ লগতে নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰিবলৈ পৰামৰ্শ দিয়ে

জাহাজৰ চলাচলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে

সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে

বিমানৰ পৰিচালনাৰ উন্নতি ঘটিছে; ২৮ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ৪.৫ লাখ যাত্ৰী দেশলৈ ঘূৰি আহিছে

পোষ্ট কৰা হৈছে: 26 MAR 2026 3:29PM by PIB Guwahati

পশ্চিম এছিয়াত চলি থকা সংকটৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে পৰিস্থিতি সন্দৰ্ভত তীক্ষ্ণ নীৰিক্ষণ অব্যাহত ৰাখিছে আৰু গুৰুত্বপূৰ্ণ  খণ্ডসমূহৰ মাজত স্থিতিশীলতা নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতি তথা সঁহাৰিৰ ব্যৱস্থা গ্ৰহণ কৰিছে।  শক্তি যোগান, সামুদ্ৰিক কাৰ্য্যকলাপ, আৰু অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলৰ বাবে সমৰ্থনকে ধৰি মূল দিশসমূহৰ বিষয়ত তলত তথ্য আগবঢ়োৱা হৈছে-

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

হৰমুজ জলদ্বীপ বন্ধ হৈ থকাৰ সময়তে ভাৰত চৰকাৰে সমগ্ৰ দেশতে পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন যোগান বজাই ৰখাৰ বাবে ধাৰাবাহিক ব্যৱস্থা গ্ৰহণ কৰিছে। বৰ্তমানৰ অৱস্থা তলত উল্লেখ কৰা হৈছে:

খাৰুৱা তেল/শোধনাগাৰ

• সকলো শোধনাগাৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্য স্থাপন কৰা হৈছে। দেশত পেট্ৰ’ল-ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।

• ঘৰুৱা ব্যৱহাৰক সহায় কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।

খুচুৰা বিপণী

• সমগ্ৰ দেশতে সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।

• কিছুমান অঞ্চলত আতংকিত হৈ  ক্ৰয়ৰল কৰাৰ  বাতৰি পোৱা গৈছে – কিছুমান বিশেষ উৰাবাতৰি ওলাইছিল যাৰ ফলত কিছুমান ৰাজ্যৰ কিছুমান খুচুৰা বিপণীত আতংকিত হৈ বহুতে ক্ৰয় কৰিছিল, যাৰ ফলত অস্বাভাৱিকভাৱে অধিক বিক্ৰী হৈছিল আৰু খুচুৰা বিপণীত প্ৰচণ্ড ভিৰ হৈছিল। অৱশ্যে দেশৰ সকলো পেট্ৰ’ল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেলৰ মজুত থকা বুলি কোৱা হৈছে।

• চৰকাৰে জনসাধাৰণক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ দিয়া পৰামৰ্শ পুনৰবাৰ প্ৰকাশ কৰে।

প্ৰাকৃতিক গেছ

• ডি-পিএনজি আৰু চিএনজি-ট্ৰেন্সপ’ৰ্টলৈ ১০০% যোগানৰ জৰিয়তে গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে।

• গ্ৰীডত সংযুক্ত ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকসকলক যোগান তেওঁলোকৰ গড় ব্যৱহাৰৰ ৮০% দিয়া হৈছে।

• চিজিডি সত্তাসমূহকো চৰকাৰে পৰামৰ্শ দিছে। ভাৰতৰ  ৰেষ্টুৰেণ্ট, হোটেল আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহত পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ, বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিবলৈ কোৱা হৈছে।

• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগ লোৱাৰ বাবে উদগণি আগবঢ়াইছে।

•  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ দ্বাৰা চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আবেদনসমূহৰ অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অনুৰোধ জনাইছে ।

 

• চৰকাৰে ১৮-৩-২০২৬ৰ পত্ৰ  মৰ্মে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যসমূহলৈ বাণিজ্যিক এলপিজিৰ অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ দিছে , যদিহে তেওঁলোকে এলপিজিৰ পৰা পিএনজিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে।

• কিছুমান ৰাজ্যই দ্ৰুত ৰাইট অৱ ইউজাৰ/ৰাইট অৱ ৱে (RoU/RoW) অনুমতি, দীঘলীয়া কামৰ সময় আৰু লগতে  ৰাইট অৱ ইউজাৰ/ৰাইট অৱ ৱে  চাৰ্জৰ যুক্তিসংগতকৰণৰ বাবে নীতি আগবঢ়াইছে।

পেট্ৰলিয়াম আৰু বিস্ফোৰক সুৰক্ষা সংস্থাই  ইয়াৰ সকলো কাৰ্যালয়ক চিজিডি আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত অৰ্থাৎ লাভ কৰাৰ ১০ দিনৰ ভিতৰত নিষ্কাশন কৰিবলৈ পৰামৰ্শ দিছে।

 

• পিএনজিআৰবিয়ে ২৩.০৩.২০২৬ তাৰিখৰ আদেশৰ ভিত্তিত সকলো চিজিডি সত্তাক নিৰ্দেশ দিছে যে আৱাসিক বিদ্যালয় আৰু মহাবিদ্যালয়, হোষ্টেল, সামূহিক পাকঘৰ, অংগনবাড়ী পাকঘৰ আদি ৫ দিনৰ ভিতৰত পিএনজিৰ জৰিয়তে সংযোগ কৰাৰ বাবে প্ৰচেষ্টা চলাব লাগে, য'তেই  ওচৰত পাইপলাইনৰ আন্তঃগাঁথনি উপলব্ধ আছে।

• পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত উল্লেখ কৰিছে যে তেওঁলোকে ৩ মাহৰ বাবে বিশেষ ব্যৱস্থা হিচাপে “হ্ৰাস কৰা সময়সীমাৰ সৈতে চিজিডি আন্তঃগাঁথনিৰ বাবে ত্বৰান্বিত অনুমোদন কাঠামো” গ্ৰহণ কৰিছে য’ত চিজিডি আন্তঃগাঁথনিৰ সৈতে জড়িত আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত প্ৰক্ৰিয়াকৰণ কৰা হ’ব।

• চৰকাৰে ২৪-৩-২০২৬ৰ পত্ৰ মৰ্মে   অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ  অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহৰ বিস্তাৰ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬ অধিসূচনা জাৰি কৰিছে।  অনুমোদন আৰু পলম হোৱা তথা আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰা আদি বিষয়ত নজৰ দিয়া হৈছে। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্ক বৃদ্ধি ত্বৰান্বিত হ’ব, সমাজৰ শেষ মাইললৈকে সংযোগ বৃদ্ধি হ’ব আৰু সংযোগসমূহ পৰিষ্কাৰ ইন্ধনলৈ পৰিৱৰ্তনত সহায় হ’ব। যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতি আগুৱাই নিব পৰা যাব ।

• কালি চিজিডি সত্তাসমূহে ১১০টা কেন্দ্ৰীভূত ভৌগোলিক অঞ্চলত ১১,০৮৯টা পিএনজি সংযোগ (নতুন সংযোগ আৰু পুৰণি গেছ-ইন)ৰ প্ৰতিবেদন দিছে।

এল পি জি

• সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এল পি জিৰ যোগান প্ৰভাৱান্বিত হৈছে।

ঘৰুৱা এল পি জি যোগান:

• এল পি জি বিতৰকে কোনো ধৰণৰ নাটনিৰ খবৰ দিয়া নাই।

• ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিক হৈ আছে।

বাণিজ্যিক এল পি জি যোগান

• চৰকাৰে ইতিমধ্যে গ্ৰাহকসকলক আংশিক বাণিজ্যিক এল পি জি যোগান (২০%) পুনৰুদ্ধাৰ কৰিছে। ইয়াৰ উপৰি চৰকাৰে ১৮-৩-২০২৬ৰ পত্ৰ মৰ্মে  পিএনজি সম্প্ৰসাৰণৰ বাবে ব্যৱসায়িক সংস্কাৰৰ ভিত্তিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বাণিজ্যিক এলপিজিৰ অতিৰিক্ত ১০% আবণ্টন দিয়াৰ প্ৰস্তাৱ দিছে।

• চৰকাৰে ২১.০৩.২০২৬ তাৰিখৰ পত্ৰ অনুসৰি ৰাজ্যসমূহক বাণিজ্যিক এলপিজি ০% আবণ্টনৰ অনুমতি দিয়া হৈছে, যিয়ে সামগ্ৰিক আবণ্টন ৫০% লৈ বৃদ্ধি কৰিব। সাৰণৰ বাবে সহজলভ্য সংস্কাৰৰ ওপৰত ভিত্তি কৰি ১০% আবণ্টনকে ধৰি)। এই অতিৰিক্ত ২০% আবণ্টন ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ৰেষ্টুৰেণ্ট, ধাবা, হোটেল, ঔদ্যোগিক কেণ্টিন, খাদ্য প্ৰক্ৰিয়াকৰণ/দুগ্ধ, ৰাজসাহায্যযুক্ত কেণ্টিন/আউটলেট আদি খণ্ডক অগ্ৰাধিকাৰ দিয়া হ’ব। বা খাদ্যৰ বাবে স্থানীয় সংস্থা, সম্প্ৰদায়ৰ পাকঘৰ, প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৫ কিলোগ্ৰাম এফটিএলৰ দিহা কৰা হৈছে।

• ২৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি অ-ঘৰুৱা এল পি জি আবণ্টন দিবলৈ নিৰ্দেশ জাৰি কৰিছে।বাকী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে পি এছ ইউ অইল মাৰ্কেটিং কোম্পানীসমূহে বাণিজ্যিক এল পি জি চিলিণ্ডাৰ মুকলি কৰি আছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহে ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা মুঠ প্ৰায় ২৫,৯২২ মেট্ৰিক টন লাভ কৰিছে।

• কালি ৩৭,০০০ – ৫ কেজিতকৈ অধিক এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।

কেৰাচিন

 

• নিয়মীয়া আবণ্টনৰ ওপৰত ৪৮০০০ কেল কেৰাচিনৰ অতিৰিক্ত আবণ্টন সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ কৰা হৈছে।

• কেৰাচিন বিতৰণৰ বাবে জিলাসমূহত স্থান চিনাক্ত কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অনুৰোধ জনোৱা হৈছে।

 

• ১৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে। ইয়াৰ উপৰিও হিমাচল প্ৰদেশ আৰু লাডাখে যোগাযোগ কৰিছে যে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এছ কে অ’ৰ কোনো প্ৰয়োজনীয়তা নাই।

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিকা-

 

• অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত ৰাজ্য চৰকাৰে যিকোনো জমা আৰু ক'লা বিপণনৰ বিৰুদ্ধে কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰে কৈছে যে  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পেট্ৰল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাত প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব। পত্ৰ  ১৩.০৩.২০২৬ আৰু ১৮.০৩.২০২৬ তাৰিখৰ চৰকাৰী পত্ৰ অনুসৰি  সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক এই কথা  পুনৰবাৰ সোঁৱৰাই দিয়া হৈছে।

 

• চৰকাৰে অবৈধ মজুতকৰণ , ক'লা  ব্যৱসায়  আৰু উৰাবাতৰিৰ প্ৰচাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰিছে  । সেই অনুসৰি ২৫.০৩.২০২৬ তাৰিখেপেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো মুখ্য সচিব, এচিএছ/প্ৰধান সচিব/সচিব খাদ্য আৰু অসামৰিক যোগানৰ সৈতে এখন ভিডিঅ কনফাৰেন্স অনুষ্ঠিত কৰি এনেদৰে  অনুৰোধ কৰিছিল –

• ৰাজ্য/জিলা পৰ্যায়ত দৈনিক সংবাদমেল অনুষ্ঠিত কৰা আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।

• নিৰ্দিষ্ট নিয়ন্ত্ৰণ কক্ষ/হেল্পলাইন স্থাপন কৰা

• ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি / ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি সেয়া  প্ৰতিহত কৰা।

• জিলা প্ৰশাসকৰ দ্বাৰা দৈনিক বলৱৎকাৰী অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সৈতে সমন্বয়ত অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা

•  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ আদেশ জাৰি কৰা

• ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা।

• দ্ৰুত ট্ৰেক কৰিবলৈ চিজিডিৰ সম্প্ৰসাৰণ আৰু  ২৪ ঘণ্টাই কাম কৰা। • পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনক প্ৰসাৰ কৰা।

• পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰি জ্যেষ্ঠ ন’ডেল বিষয়াসকলক মনোনীত কৰা

 

বলৱৎকাৰী ব্যৱস্থা

• বহু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এল পি জিৰ অবৈধ মজুতকৰণ  আৰু ক’লা ব্যৱসায়  পৰীক্ষাৰ বাবে অভিযান অব্যাহত আছে। ২৬০০ৰো অধিক অভিযান চলোৱা হৈছে, আৰু কালি দিল্লী, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আদিত ৪৫০ টাতকৈও অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে।

• পিএছইউ অ’এমচিৰ বিষয়াসকলে কালি সমগ্ৰ দেশৰ প্ৰায় ১৭০০ৰো অধিক আৰঅ’ আৰু এলপিজি বিতৰকত  হঠাতে  পৰিদৰ্শন  কৰে,  যাতে যোগান মসৃণ হোৱাটো নিশ্চিত কৰা হয় আৰু যিকোনো অবৈধ মজুতকৰণ /ক’লা ব্যৱসায়  ৰোধ কৰিব পৰা যায়।

• এতিয়ালৈকে ৬৮০ খনতকৈও অধিক এজাহাৰ  পঞ্জীয়ন কৰা হৈছে আৰু  ১৯৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

চৰকাৰী অন্যান্য ব্যৱস্থা

• এই যুদ্ধ পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি আৰু পি এন জিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ লগতে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহক অধিক অগ্ৰাধিকাৰ দিছে।

• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা উভয় দিশতে কেইবাটাও ফলপ্ৰসূ  ব্যৱস্থা ৰূপায়ণ কৰিছে। য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিংৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি আছে।

• এল পি জিৰ চাহিদাৰ ওপৰত চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধনৰ বিকল্প আগবঢ়োৱা হৈছে।

• কয়লা মন্ত্ৰালয়ে ইতিমধ্যে কয়লা ইণ্ডিয়া আৰু চিংগাৰেনী ক’লিয়েৰীক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য গ্ৰাহকক কয়লা বিতৰণৰ বাবে ৰাজ্যসমূহক অধিক পৰিমাণৰ আবণ্টন দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

• ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহক উভয়ৰে বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ৰাজহুৱা পৰামৰ্শ

• পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা হাতত লৈছে। নাগৰিকসকলক পেট্ৰল, ডিজেল আতংকিত হৈ  ক্ৰয় কৰা আৰু এল পি জি বুকিং কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

• এল পি জিৰ বাবে নাগৰিকসকলক বুকিঙৰ বাবে ডিজিটেল মোড ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু এল পি জি বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।

• নাগৰিকসকলক যিমান  সম্ভৱ সিমান পিএনজি, ইণ্ডাকচন/ইলেক্ট্ৰিক কুকটপৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।

• সকলো নাগৰিককে দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ অনুৰোধ জনোৱা হৈছে।

 

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ  চলাচল

সেই অঞ্চলটোত চলি থকা ভাৰতীয় জাহাজ আৰু নাৱিকসকলক সুৰক্ষা প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ৰ মতে:

• বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জাহাজৰ গতিবিধি, বন্দৰৰ কাৰ্য্যকলাপ আৰু ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে, লগতে সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা নিশ্চিত কৰিছে।

• অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ হৈ আছে আৰু বিগত ২৪ ঘন্টাত ভাৰতীয় পতাকা থকা জাহাজত কোনো কূটাঘাত সংঘটিত হোৱা নাই।

• পশ্চিম পাৰস্য উপসাগৰত ৫৪০ জন ভাৰতীয় নাৱিকৰ সৈতে ২০খন ভাৰতীয় পতাকা থকা জাহাজ ৰৈ আছে; জাহাজৰ মালিক, আৰ পি এছ এল এজেন্সী আৰু ইণ্ডিয়ান মিছনৰ সমন্বয়ত ডি জি শ্বিপিঙে সক্ৰিয়ভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

• ডিজি শ্বিপিঙে  কণ্ট্ৰল ৰুম ২৪x৭ কাৰ্যক্ষম আৰু সক্ৰিয় কৰাৰ পিছত ৪,২২৮টা কল আৰু ৮,২২১টা ইমেইল চম্ভালিছে, য’ত যোৱা ২৪ ঘণ্টাত ১২০টা কল আৰু ৩১২টা ইমেইল আহিছে।

• ডি জি শ্বিপিঙে যোৱা ২৪ ঘণ্টাত ৩৯ জনকে ধৰি এতিয়ালৈকে ৬৭৪ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে।

• সমগ্ৰ ভাৰতত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে আৰু কোনো ধৰণৰ অসুবিধা হোৱা নাই; গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কেৰালা, অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীৰ ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডে সুচাৰুৰূপে কাম কৰাৰ কথা  নিশ্চিত কৰিছে।

• মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে , যাতে নাৱিকৰ কল্যাণ আৰু নিৰৱচ্ছিন্ন কাৰ্য্যকলাপ নিশ্চিত কৰিব পৰা যায়।

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

ভাৰতীয় মিছন আৰু পোষ্ট সমূহে তাত থকা ভাৰতীয় লোকসকলৰ সৈতে ঘনিষ্ঠ যোগাযোগ বজাই ৰাখিছে আৰু সহায় আগবঢ়াই আহিছে।  লগতে তেওঁলোকৰ সুৰক্ষা তথা মংগলৰ বাবে উপযুক্ত পৰামৰ্শ জাৰি কৰিছে।

লগতে এইবুলি জনোৱা হৈছে যে:

• বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে। ভাৰতীয় জনগোষ্ঠীৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়  হৈয়েই আছে। ২৪x৭ নিয়ন্ত্ৰণ কক্ষ  কাৰ্যক্ষম হৈ আছে, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়া সমন্বয় ৰক্ষা কৰা হৈছে।

• ভাৰতীয় মিছন আৰু পোষ্টসমূহে ২৪ ঘণ্টাই কাম কৰি আছে, পৰামৰ্শ জাৰি কৰি আছে আৰু সামাজিক সংগঠন তথা  স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। ভিছা, কনছুলাৰ সেৱা আৰু লজিষ্টিকছৰ ক্ষেত্ৰত নাৱিক, ছাত্ৰ-ছাত্ৰী, আৱদ্ধ ভাৰতীয় নাগৰিক আৰু হ্ৰস্বম্যাদী দৰ্শনাৰ্থীক সহায় আগবঢ়োৱা হৈছে।

• অঞ্চলটোৰ পৰা অতিৰিক্ত বিমান সেৱাৰ সৈতে বিমান পৰিচালনাৰ উন্নতি ঘটিছে; ২৮ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ৪,৫০,০০০ গৰাকী যাত্ৰী ভাৰতলৈ উভতি আহিছে।

• ইউ এ ইঃ সীমিত অ-নিৰ্ধাৰিত বিমান চলাচল কৰিছে। আজি বিভিন্ন বিমানবন্দৰৰ পৰা প্ৰায় ৮০খন বিমান সেৱা চলি থাকিব বুলি  আশা কৰা হৈছে

• চৌদি আৰব আৰু ওমান: ভাৰতলৈ বিমান সেৱা অব্যাহত আছে

• কাটাৰ: আকাশমাৰ্গ আংশিকভাৱে মুকলি কৰি দিয়া হৈছে ; প্ৰায় ৮–৯ খন অ-নিৰ্ধাৰিত বিমান চলাচল কৰিব বুলি আজি আশা কৰা হৈছে।

• কুৱেইট আৰু বাহৰেইন: আকাশমাৰ্গ বন্ধ হৈ আছে; কিন্তু ডাম্মাম (চৌদি আৰব) হৈ ভাৰতলৈ চলি থকা জাজিৰা এয়াৰৱেজ আৰু গালফ এয়াৰৰ বিশেষ বিমান সেৱা অবাযাহত আছে।

• ইৰাণ: আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজেৰে ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হৈছে

• ইজৰাইল: জৰ্ডানৰ মাজেৰে ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হৈছে

• কুৱেইট, বাহৰেইন আৰু ইৰাক: চৌদি আৰৱৰ জৰিয়তেও ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হৈছে

 

 

****

MN/DM


(ৰিলিজ আই ডি : 2245863) অতিথি কক্ষ : 10