গৃহ মন্ত্ৰালয়
'শ্বহীদ দিৱস' উপলক্ষে ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুলৈ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি
ভগত সিং, সুখদেৱ আৰু ৰাজগুৰু আছিল একো একোগৰাকী নায়ক যিয়ে নিজৰ মাতৃভূমিৰ মুক্তিৰ বাবে প্ৰয়াস চলোৱাৰ বাবে যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিছিল
তেওঁলোকৰ বীৰগাঁথাসমূহে প্ৰত্যেকৰে হৃদয়ত দেশপ্ৰেমৰ বোধেৰে ভৰাই তোলে
प्रविष्टि तिथि:
23 MAR 2026 11:56AM by PIB Guwahati
'শ্বহীদ দিৱস' উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰকৃত নায়ক আছিল, যিয়ে তেওঁলোকৰ চিন্তাধাৰা আৰু কাৰ্য্যৰ জৰিয়তে যুৱক-যুৱতীসকলক মাতৃভূমিৰ মুক্তিৰ বাবে চেষ্টা প্ৰয়াস কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ কয় যে নিজৰ মাতৃভূমিৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া এই সাহসী ব্যক্তিসকলৰ বীৰগাঁথা স্মৰণ কৰিলে প্ৰত্যেকৰে হৃদয় গভীৰ দেশপ্ৰেমৰ ভাৱনাৰে ভৰি উঠে।
*****
RK/ RR/PS/NB
(रिलीज़ आईडी: 2243772)
आगंतुक पटल : 44