|
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
প্ৰেছ সেৱা পৰ্টেল-ৰ জৰিয়তে সকলো প্ৰেছ পঞ্জীয়ন সেৱা এতিয়া অনলাইনত; ডিজিটাইজ কৰা হৈছে ১.৫ লাখতকৈয়ো অধিক সাময়িকীৰ তথ্য
প্ৰেছ সেৱা পৰ্টেল-ত ৭৮০ খন জিলা; ৫ কোটি টকাকৈয়ো অধিক জৰিমনা আৰোপ আৰু ৮৮,৩১৫ ৰ প্ৰকাশন বাতিল
পোষ্ট কৰা হৈছে:
11 MAR 2026 5:59PM by PIB Guwahati
প্ৰেছ আৰু সাময়িকী পঞ্জীয়ন (পি আৰ পি) আইন, ২০২৩ অনুসৰি সাময়িকী পঞ্জীয়নৰ বাবে কৰা আবেদনৰ সকলো প্ৰক্ৰিয়া প্ৰেছ সেৱা পৰ্টেল-ৰ জৰিয়তে ডিজিটেলভাৱে সম্পন্ন কৰা হয়। সেই অনুসৰি প্ৰেছ আৰু গ্ৰন্থ পঞ্জীয়ন (পি আৰ বি) আইন, ১৮৬৭ (এতিয়া বাতিল কৰা)ৰ অধীনত কৰা বাতৰি কাকতৰ পঞ্জীয়নৰ (১.৫ লাখতকৈয়ো অধিক) সকলো ভৌতিক তথ্য ডিজিটেলাইজ কৰি প্ৰেছ সেৱা পৰ্টেল-ৰ অংশ কৰি তোলা হৈছে। বৰ্তমান নতুন সাময়িকীৰ পঞ্জীয়ন, বৰ্তমানে থকা সাময়িকীসমূহৰ পঞ্জীয়ন পুনৰীক্ষণ, সাময়িকীসমূহৰ মালিকীস্বত্ব হস্তান্তৰ, বাৰ্ষিক বিবৃতি দাখিল, অনলাইন জৰিমনা পৰিশোধ, সাময়িকীসমূহৰ প্ৰচলন পৰীক্ষণ আদি সেৱাসমূহৰ প্ৰক্ৰিয়া প্ৰেছ সেৱা পৰ্টেল-ৰ জৰিয়তে সম্পন্ন কৰি থকা হৈছে। আইনখন কাৰ্যকৰী কৰাৰ অংশ হিচাপে প্ৰেছ সেৱা পৰ্টেল-ত ৭৮০খন জিলাৰ নিৰ্দিষ্ট কৰ্তৃপক্ষক অনবৰ্ড কৰা হৈছে। ২০২৪ চনৰ ১ মাৰ্চৰ পৰা ১১,০৮১ টা আবেদনৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে, আৰু প্ৰাসংগিক শ্ৰেণীৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।
প্ৰেছ সেৱা পৰ্টেল-ৰ জৰিয়তে আৰোপ কৰা আৰু পৰিশোধ কৰা জৰিমনাৰ বিশদ তালিকা পৰিশিষ্ট-১ত সংলগ্ন কৰা হৈছে আৰু বাতিল কৰা এনে সাময়িকীসমূহৰ সংখ্যাৰ ৰাজ্যভিত্তিক বিশদ তালিকা পৰিশিষ্ট-২ত সংলগ্ন কৰা হৈছে। চৰকাৰে বিভিন্ন পদক্ষেপ আৰু কাৰ্যসূচীসমূহৰ প্ৰভাৱৰ অহৰহ মূল্যায়ন কৰি থাকে। ভাৰতৰ প্ৰেছ মহা পঞ্জীয়ক-য়ে পৰ্টেল-ৰ জৰিয়তে উন্নত সেৱাৰ সুবিধা আগবঢ়োৱাৰ বাবে নিয়মীয়াকৈ মতামত আৰু ব্যৱস্থা গ্ৰহণ কৰে।
পঞ্জীয়নভুক্ত বাতৰি কাকত/সাময়িকীসমূহৰ তালিকা পি আৰ জি আই-ৰ ৱেবছাইট-ত অৰ্থাৎ https://prgi.gov.in/ ত “আমাৰ সেৱা” শিতানৰ অন্তৰ্গত “পঞ্জীয়নভুক্ত শিৰোনাম” টেবৰ অধীনত উপলব্ধ।
আজি লোকসভাত দামোদৰ আগৰৱালে উথ্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দাখিল কৰে তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে।
|
পৰিশিষ্টঃ১ ‘প্ৰেছ সেৱা পৰ্টেল’ সম্পৰ্কীয় লোকসভাৰ অনষ্টাৰ্ড প্ৰশ্ন নং ৩০২৮ৰ ১১.০৩.২০২৬ তাৰিখে প্ৰদান কৰা উত্তৰত উল্লেখ কৰা অনুসৰি
|
|
২৭.০২.২০২৬ তাৰিখ পৰ্যন্ত প্ৰেছ সেৱা পৰ্টেল-ৰ জৰিয়তে আৰোপ কৰা আৰু পৰিশোধ কৰা জৰিমনা
|
|
ক্ৰমিক নং
|
প্ৰকাশন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল
|
মুঠ জৰিমনা
লাভ কৰা ধনৰাশি (টকা)
|
|
১
|
কৰ্ণাটক
|
৫২,৭৪,০০০
|
|
২
|
ওড়িশা
|
৯,২০,০০০
|
|
৩
|
তামিল নাডু
|
৪৪,১৭,০০০
|
|
৪
|
হাৰিয়ানা
|
৪,৭২,০০০
|
|
৫
|
মহাৰাষ্ট্ৰ
|
৯৯,৬০,০০০
|
|
৬
|
পশ্চিম বংগ
|
১৩,৮৭,০০০
|
|
৭
|
দিল্লী
|
৩৭,৯২,০০০
|
|
৮
|
গুজৰাট
|
৩৭,৫৯,০০০
|
|
৯
|
উত্তৰ প্ৰদেশ
|
৪৪,০৮,০০০
|
|
১০
|
অন্ধ্ৰ প্ৰদেশ
|
৩০,৭২,০০০
|
|
১১
|
চত্তিশগড়
|
৮,৪৪,০০০
|
|
১২
|
মধ্য প্ৰদেশ
|
৮২,৮৪,০০০
|
|
১৩
|
কেৰালা
|
১৭,৩৯,০০০
|
|
১৪
|
তেলেংগানা
|
১২,৬১,০০০
|
|
১৫
|
পাঞ্জাৱ
|
৮,৩৩,০০০
|
|
১৬
|
জম্মু আৰু কাশ্মীৰ
|
৬,৬৩,০০০
|
|
১৭
|
ৰাজস্থান
|
২৬,৭৭,০০০
|
|
১৮
|
উত্তৰাখণ্ড
|
৮,৬৮,০০০
|
|
১৯
|
ঝাৰখণ্ড
|
২,০২,০০০
|
|
২০
|
বিহাৰ
|
৫,০৯,০০০
|
|
২১
|
হিমাচল প্ৰদেশ
|
১,১২,০০০
|
|
২২
|
ত্ৰিপুৰা
|
১,৪২,০০০
|
|
২৩
|
চণ্ডীগড়
|
১,৫০,০০০
|
|
২৪
|
আন্দামান আৰু নিকোবৰ
|
১৮,০০০
|
|
২৫
|
অসম
|
২,৫৫,০০০
|
|
২৬
|
নগালেণ্ড
|
৯,০০০
|
|
২৭
|
ছিক্কিম
|
১,৫৯,০০০
|
|
২৮
|
গোৱা
|
৩৩,০০০
|
|
২৯
|
মিজোৰাম
|
৫০,০০০
|
|
৩০
|
পুডুচেৰী
|
৪৫,০০০
|
|
৩১
|
মণিপুৰ
|
৫১,০০০
|
|
৩২
|
দাদ্ৰা আৰু নগৰ হাভেলী
|
৯,০০০
|
|
৩৩
|
মেঘালয়
|
৯,০০০
|
|
৩৪
|
অৰুণাচল প্ৰদেশ
|
০
|
|
|
মুঠ
|
৫,৬৩,৮৩,০০০
|
|
পৰিশিষ্ট-২ ‘প্ৰেছ সেৱা পৰ্টেল’ সম্পৰ্কীয় লোকসভাৰ অনষ্টাৰ্ড প্ৰশ্ন নং ৩০২৮ৰ উত্তৰৰ বাবে ১১.০৩.২০২৬ তাৰিখে উল্লেখ কৰা অনুসৰি
|
|
বাতিল কৰা প্ৰকাশনৰ সংখ্যাৰ বিৱৰণ-ৰাজ্যভিত্তিক
|
|
ক্ৰমিক নং
|
প্ৰকাশন ৰাজ্য/ইউটি
|
বাতিলৰ সংখ্যা
|
|
১
|
আন্দামান আৰু নিকোবৰ
|
৬৯
|
|
২
|
অন্ধ্ৰ প্ৰদেশ
|
২৪৮৫
|
|
৩
|
অৰুণাচল প্ৰদেশ
|
১২
|
|
৪
|
অসম
|
৬১২
|
|
৫
|
বিহাৰ
|
১৭০৩
|
|
৬
|
চণ্ডীগড়
|
৫৩৪
|
|
৭
|
চত্তীশগড়
|
৮১৭
|
|
৮
|
দাদ্ৰা আৰু নগৰ হাভেলী
|
৫
|
|
৯
|
দিল্লী
|
১১৯২০
|
|
১০
|
গোৱা
|
১৩১
|
|
১১
|
গুজৰাট
|
৩৫৩৯
|
|
১২
|
হাৰিয়না
|
১৮৫৪
|
|
১৩
|
হিমাচল প্ৰদেশ
|
২৮৯
|
|
১৪
|
জম্মু আৰু কাশ্মীৰ
|
৫৮২
|
|
১৫
|
ঝাৰখণ্ড
|
৩২৫
|
|
১৬
|
কৰ্ণাটক
|
৫০৫৯
|
|
১৭
|
কেৰালা
|
৩৫৪১
|
|
১৮
|
লাক্ষাদ্বীপ
|
৭
|
|
১৯
|
মধ্য প্ৰদেশ
|
৪৮০৬
|
|
২০
|
মহাৰাষ্ট্ৰ
|
১২৪০৩
|
|
২১
|
মণিপুৰ
|
২২৬
|
|
২২
|
মেঘালয়
|
৮৭
|
|
২৩
|
মিজোৰাম
|
১৬৩
|
|
২৪
|
নাগালেণ্ড
|
১৭
|
|
২৫
|
ওড়িশা
|
১৭২৩
|
|
২৬
|
পুডুচেৰী
|
১২৫
|
|
২৭
|
পাঞ্জাৱ
|
২৪৮১
|
|
২৮
|
ৰাজস্থান
|
৪৮৫১
|
|
২৯
|
ছিক্কিম
|
৫১
|
|
৩০
|
তামিল নাডু
|
৬৪৪৩
|
|
৩১
|
তেলেংগানা
|
১৯৬২
|
|
৩২
|
ত্ৰিপুৰা
|
৮৮
|
|
৩৩
|
উত্তৰ প্ৰদেশ
|
১১৯৮৭
|
|
৩৪
|
উত্তৰাখণ্ড
|
১০৯৬
|
|
৩৫
|
পশ্চিম বংগ
|
৬৩২২
|
|
|
মুঠ
|
৮৮,৩১৫
|
****
Mahesh Kumar/ Vivek Vishwash/KB
(ৰিলিজ আই ডি : 2238597)
|