তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

বাজেট-উত্তৰ ৱেবিনাৰ-ত বিদ্যালয়-মহাবিদ্যালয়সমূহত ‘এভিজিচি কন্টেন্ট ক্ৰিয়েটৰ লেব’ স্থাপনৰ কৰ্ম-পৰিকল্পনাত আলোকপাত

ভাৰতৰ উদ্ভাৱন-সঞ্চালিত অৰ্থনীতিৰ মূল স্তম্ভ হিচাপে ‘এভিজিচি’ খণ্ডক প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে; শক্তিশালী উদ্যোগ–শৈক্ষিক সহযোগিতাৰ আহ্বান

নাগৰিকসকলক গণতান্ত্ৰিক মঞ্চ আগবঢ়াব পৰাকৈ ‘নিৰ্মাতা অৰ্থনীতি’ত গুৰুত্ব প্ৰদানৰ পোষকতা তথ্য-সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

পোষ্ট কৰা হৈছে: 10 MAR 2026 3:20PM by PIB Guwahati

 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২০২৬ চনৰ ৯ মাৰ্চত “সবকা সাথ, সবকা বিকাশ – জনসাধাৰণৰ আকাংক্ষা পূৰণৰ প্ৰয়াস: শিক্ষা, দক্ষতা আৰু বিশ্ববিদ্যালয় টাউনশ্বিপ” শীৰ্ষক বাজেট-উত্তৰ ৱেবিনাৰৰ অংশ হিচাপে “বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত এভিজিচি কন্টেন্ট ক্ৰিয়েটৰ লেব” বিষয়ক বিশেষ অধিৱেশনৰ আয়োজন কৰে। কেন্দ্ৰীয় বাজেট ২০২৬–২৭ত কৰা ঘোষণা অনুসৰি ১৫,০০০খন মাধ্যমিক বিদ্যালয় আৰু ৫০০খন উচ্চ শিক্ষানুষ্ঠানত ‘এভিজিচি কন্টেন্ট ক্ৰিয়েটৰ লেব’ (চিচিএল)স্থাপন সম্পৰ্কীয় কৰ্ম-পৰিকল্পনা সন্দৰ্ভত অধিৱেশনত আলোচনা কৰা হয়।

এই ৱেবিনাৰ-ৰ শৃংখলাটো উদ্বোধন কৰি মাননীয় প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতে নতুনত্ব-সঞ্চালিত অৰ্থনীতিৰ দিশত হোৱা দেশৰ সংক্ৰমণৰ অংশ হিচাপে এনিমেশ্যন, ভিজুৱেল ইফেক্ট, গে’মিং আৰু কমিক্স (এভিজিচি) খণ্ডক সক্ৰিয়ভাৱে উদগণি যোগাই আহিছে বুলি গুৰুত্ব আৰোপ কৰে। তেওঁ শিক্ষানুষ্ঠানসমূহক উদ্যোগৰ সহযোগিতা আৰু গৱেষণা-সঞ্চালিত শিক্ষণ শক্তিশালী কৰিবলৈ উৎসাহিত কৰে যাতে কেম্পাছসমূহ উদ্ভাৱন আৰু উদ্যোগৰ সংযোগৰ কেন্দ্ৰলৈ বিকশিত হয়, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে বাস্তৱ জগতৰ পৰিচয় লাভ কৰিব পাৰে আৰু ৰাষ্ট্ৰীয় দক্ষতা পৰিতন্ত্ৰ শক্তিশালী হয়।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আলোকপাত কৰে যে চৰকাৰে IIT, IIM & AIIMS ৰ দৰে শীৰ্ষ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ আৰ্হিত ‘ইণ্ডিয়ান ইনষ্টিটিউট অব ক্ৰিয়েটিভ টেকন’লজিছ’ (আই আই চি টি) প্ৰতিষ্ঠা কৰিছে। এই প্ৰতিষ্ঠানত উচ্চ প্ৰযুক্তিৰ মডেল লেবৰেটৰীসমূহ অন্তৰ্ভুক্ত কৰা হৈছে যিসমূহ বিশ্বৰ আগশাৰীৰ সুবিধাসমূহৰ সৈতে তুলনাযোগ্য, গোলকীয় শ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়। তেওঁ কয় যে এই প্ৰতিষ্ঠানটোৱে সৃষ্টিশীল, প্ৰচাৰ মাধ্যম আৰু প্ৰযুক্তি খণ্ডৰ উদীয়মান ক্ষেত্ৰসমূহৰ যুৱক-যুৱতীসকলক উচ্চমানৰ শিক্ষা আৰু পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰিব। শ্ৰী বৈষ্ণৱে লগতে উল্লেখ কৰে যে দূৰদৰ্শনে “ক্ৰীয়েটৰ্ছ কৰ্ণাৰ” আৰম্ভ কৰিছে, যিয়ে কন্টেন্ট ক্ৰীয়েটৰসকলক তেওঁলোকৰ কাম-কাজ প্ৰদৰ্শন কৰাৰ, ৰাজহ অৰ্জন কৰাৰ আৰু সমগ্ৰ দেশৰ লগতে গোলকীয় দৰ্শকৰ মাজলৈ যোৱাৰ সুযোগ প্ৰদান কৰিছে।

এই অধিৱেশনত তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱেও মূল ভাষণ প্ৰদান কৰি সৃষ্টিশীল প্ৰতিভাসমূহক লালন-পালন কৰাৰ লগতে ভাৰতক এভিজিচি খণ্ডত বিশ্ব-নেতা হিচাপে স্থান দিয়াৰ বাবে এক শক্তিশালী পৰিতন্ত্ৰ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে।

‘হুইছলিং উডছ ইণ্টাৰনেশ্যনেল’-ৰ ভিপি এণ্ড চিটিঅ’ শ্ৰী চৈতন্য চিঞ্চলিকাৰে আঁত ধৰা এই বিশেষ অধিৱেশনত নীতি নিৰ্ধাৰক, উদ্যোগৰ নেতা, শিক্ষাবিদ আৰু ছাত্ৰ-ছাত্ৰীসকলক সন্মিলিত কৰি উদীয়মান নিৰ্মাতা অৰ্থনীতিৰ বাবে পাঠ্যক্ৰম বিকাশ, আন্তঃগাঁথনি, উদ্যোগৰ সহযোগিতা আৰু দক্ষতা পথৰ বিষয়ে আলোচনা কৰা হয়। পেনেলিষ্টসকলৰ ভিতৰত আছিল চৰকাৰ, উদ্যোগ, শিক্ষা আৰু সৃষ্টিশীল প্ৰযুক্তি পৰিতন্ত্ৰৰ প্ৰতিনিধি-  শ্ৰীমতী এ শ্ৰীজা (অৰ্থনৈতিক উপদেষ্টা, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ), ড° আশীষ কুলকাৰ্ণী (অধ্যক্ষ, ফিকি এভিজিচি ফ’ৰাম), শ্ৰী ৰাজন নৱনী (প্ৰতিষ্ঠাপক তথা গ্ৰুপ চিইঅ’, জেটচিন্থেছিছ), শ্ৰীমতী সোণম ভগত (চিইঅ’, ভাইগ্ৰ), ড০ বিশ্ব দেওস্কৰ (চিইঅ’, আইআইচিটি), শ্ৰী মুঞ্জল শ্ৰফ (পৰিচালক আৰু চিঅ’অ’, গ্ৰেফিটি ষ্টুডিঅ’), শ্ৰী বীৰেণ ঘোষ (প্ৰতিষ্ঠাপক তথা চিইঅ’, এষ্ট্ৰা ষ্টুডিঅ’), শ্ৰী মানবেন্দ্ৰ শুকুল (চিইঅ’, লক্ষ্য ডিজিটেল), শ্ৰীমতী মালা শৰ্মা (গ্ল’বেল ভিপি, এডুকেশ্যন এণ্ড ইণ্টাৰনেশ্যনেল, এড’ব) আৰু শ্ৰীমতী প্ৰীতি ব্যাস (সভাপতি, মিথিক)ৰ লগতে ছাত্ৰ-ছাত্ৰী তথা স্বেচ্ছাসেৱকসকল।

আলোচনাত অংশগ্ৰহণকাৰীসকলে এই কথাত গুৰুত্ব আৰোপ কৰে যে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত কন্টেন্ট ক্ৰিয়েটৰ লেব স্থাপনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এনিমেশ্যন, গে’মিং, ভিএফএক্স আৰু ডিজিটেল গল্প-কথনৰ ক্ষেত্ৰত কেৰিয়াৰ অন্বেষণ কৰাৰ বাবে গাঁথনিগত পথ সৃষ্টি কৰিব, যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) আৰু ইয়াৰ বহুবিষয়ক শিক্ষণ, সৃষ্টিশীলতা আৰু আৰ্হি চিন্তাধাৰাত আৰোপ কৰা গুৰুত্বৰ সৈতে সংগতিপূৰ্ণ। অংশীদাৰসকলে মেণ্টৰশ্বিপ, ইন্টাৰশ্বিপ আৰু বাস্তৱ জগতৰ এক্সপ’জাৰ প্ৰদানৰ বাবে শক্তিশালী উদ্যোগ অংশীদাৰিত্বতো গুৰুত্ব আৰোপ কৰে।

আলোচনাত পাইলট প্ৰতিষ্ঠানসমূহৰ পৰা আৰম্ভ কৰি প্ৰস্তুতি আৰু প্ৰতিক্ৰিয়াৰ ভিত্তিত সম্প্ৰসাৰণ কৰি পৰ্যায়ক্ৰমে ৰূপায়ণৰ পদ্ধতিত আলোকপাত কৰা হয়, একে সময়তে টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহৰ পৰা অংশগ্ৰহণ নিশ্চিত কৰা হয়। মূল কাৰ্য্য বিন্দুসমূহৰ ভিতৰত আছিল লেবৰ বাবে উপযুক্ত প্ৰতিষ্ঠান চিনাক্ত কৰা, গাঁথনিগত এভিজিচি পাঠ্যক্ৰম বিকশিত কৰা, উদ্যোগ সমৰ্থিত প্ৰশিক্ষণৰ জৰিয়তে অধ্যাপকৰ সামৰ্থ্য বিকাশ, আৰু উদ্যোগ–শৈক্ষিক সহযোগিতা শক্তিশালী কৰাৰ লগতে এক প্ৰামাণিক আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ কাঠামো স্থাপন কৰা।

অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৫০০খন বিদ্যালয়, ৫০খন মহাবিদ্যালয়, উদ্যোগৰ অংশীদাৰ, অভিভাৱক আৰু ব্যক্তিগত অংশগ্ৰহণকাৰীকে ধৰি ১৬,৬০০ৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল।

বাজেট-উত্তৰ ৱেবিনাৰৰ সামৰণি অধিৱেশনত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মাননীয় মন্ত্ৰীগৰাকীয়ে নাগৰিকসকলক ভাৰতৰ সজীৱ সংস্কৃতি আৰু সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে গণতান্ত্ৰিক মঞ্চ প্ৰদানৰ ক্ষেত্ৰত নিৰ্মাতা অৰ্থনীতিৰ ক্ৰমবৰ্ধমান গুৰুত্বত আলোকপাত কৰে। তেওঁ সংবাদ মাধ্যম আৰু বিনোদন খণ্ডৰ ৰূপান্তৰত প্ৰযুক্তিৰ ভূমিকাক আলোকপাত কৰি উল্লেখ কৰে যে ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই চি টি)ৰ বিশেষজ্ঞতাৰ সহায় লৈ সমগ্ৰ দেশতে কন্টেন্ট ক্ৰিয়েটৰ লেব স্থাপনত সহায় কৰা হ’ব।

এই আলোচনাৰ লক্ষ্য হৈছে ‘এভিজিচি কন্টেন্ট ক্ৰিয়েটৰ লেব’-ৰ পদক্ষেপৰ বাবে এক শক্তিশালী ৰূপায়ণ কাঠামো গঢ়ি তোলাত, ভাৰতীয় যুৱক-যুৱতীসকলক সৃষ্টিশীল আৰু ডিজিটেল দক্ষতা আহৰণ কৰিবলৈ সক্ষম কৰা আৰু বিশ্ব এভিজিচি পৰিতন্ত্ৰত ভাৰতৰ স্থান শক্তিশালী কৰা।

****

Mahesh Kumar/Vivek Vishwash/Aparajita Priyadarshini/KB


(ৰিলিজ আই ডি : 2237828) অতিথি কক্ষ : 6