গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

সাৱিত্ৰীবাঈ ফুলেৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

যি সময়ত সমাজত বিভিন্ন সামাজিক কু-সংস্কাৰ বিৰাজ কৰিছিল, সেই সময়ত সাৱিত্ৰবাঈ ফুলে জীয়ে মহিলাসকলক শিক্ষাৰ সৈতে সংযুক্ত কৰাৰ বাবে এক আন্দোলনৰ সূচনা কৰিছিল

তেওঁ দেশৰ প্ৰথমখন কন্যা বিদ্যালয় স্থাপন কৰাৰ লগতে জনসাধাৰণৰ মাজত সমতাৰ ধাৰণা প্ৰচাৰ কৰিছিল

পোষ্ট কৰা হৈছে: 10 MAR 2026 11:26AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে সৱিত্ৰীবাঈ ফুলেৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 'এক্স'ৰ এক পোষ্টত শ্ৰী অমিত শ্বাহে কয়, "যি সময়ত সমাজত বহু সামাজিক কু-সংস্কাৰ বিৰাজ কৰিছিল, সেই সময়ত সাৱিত্ৰীবাঈ ফুলেই মহিলাসকলক শিক্ষাৰ সৈতে সংযুক্ত কৰাৰ বাবে এক আন্দোলন আৰম্ভ কৰিছিল। তেওঁ দেশৰ প্ৰথমখন বালিকা বিদ্যালয় স্থাপন কৰাৰ লগতে সমতাৰ ধাৰণাটো জনসাধাৰণৰ মাজত প্ৰচাৰ কৰে। মই সাৱিত্ৰীবাঈ ফুলেৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

***

RK/PR/PS/SK/DB


(ৰিলিজ আই ডি : 2237439) অতিথি কক্ষ : 3