মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ চনৰ ২মাৰ্চৰ পৰা আৰম্ভ যুৱ সংগম(ষষ্ঠ পৰ্যায়)ৰ বাবে অনলাইন পঞ্জীয়ন

সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ শিক্ষা মন্ত্ৰালয়ৰ

"এক ভাৰত শ্ৰেষ্ঠ ভাৰত"ৰ অধীনত দেশজোৰা যুৱ বিনিময় কাৰ্যসূচীৰ নেতৃত্ব দিব ২২খন উচ্চ শিক্ষা প্ৰতিষ্ঠানে

পোষ্ট কৰা হৈছে: 02 MAR 2026 5:35PM by PIB Guwahati

শিক্ষা মন্ত্ৰালয়ে আজি এক ভাৰত শ্ৰেষ্ঠ ভাৰত (ইবিএছবি) পদক্ষেপৰ অধীনত যুৱ সংগম-ষষ্ঠ পৰ্যায়ৰ বাবে অনলাইন পঞ্জীয়ন প’ৰ্টেল মুকলি কৰিছে।

"যুৱ সংগম" হৈছে ভাৰত চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ এক ধ্বজাবাহী যুৱ বিনিময় কাৰ্যসূচী, ইয়াৰ লক্ষ্য হৈছে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ নাগৰিকৰ মাজত আৱেগিক বান্ধোন শক্তিশালী কৰা আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰা। এই পদক্ষেপে সংযুক্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত অভিজ্ঞতামূলক ভ্ৰমণৰ সুবিধা প্ৰদান কৰি ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰ মনোভাৱক উৎসাহিত কৰে।

উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, এন এছ এছ/এন ৱাই কে এছ স্বেচ্ছাসেৱক, আৰু যুৱ বৃত্তিধাৰীকে ধৰি ১৮-৩০বছৰ বয়সৰ গোটৰ আগ্ৰহী যুৱক-যুৱতীসকলে চৰকাৰী পৰ্টেলৰ জৰিয়তে ইয়াত আবেদন কৰিব পাৰিবঃ https://ebsb.aicte-india.orgআৰু https://ekbharat.gov.in

পূৰ্বৰ যুৱ সংগম পৰ্যায়-৫ত উল্লেখযোগ্য অংশগ্ৰহণ দেখা গৈছিল, য’ত সমগ্ৰ দেশৰ পৰা ৪৬,০০০ৰো অধিক পঞ্জীয়ন হৈছিল। আৰম্ভ হোৱাৰ পিছৰে পৰা দেশৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে আয়োজন কৰা যুৱ সংগমৰ বিভিন্ন পৰ্যায়ত (২০২২চনৰ পৰীক্ষামূলক পৰ্যায়কে ধৰি)৬,০০ৰো অধিক যুৱক-যুৱতী আৰু সমন্বয়ৰক্ষীয়ে এনে ভ্ৰমণত অংশগ্ৰহণ কৰিছে, যিয়ে পৰীক্ষামূলক শিক্ষা আৰু ৰাষ্ট্ৰীয় সংহতিৰ বাবে বৃদ্ধি পোৱা উৎসাহক প্ৰতিফলিত কৰে।

যুৱ সংগম ষষ্ঠ পৰ্যায়ত সমগ্ৰ দেশৰে ২২খন উচ্চ শিক্ষা প্ৰতিষ্ঠানক (এইচ ই আই) প্ৰধান প্ৰতিষ্ঠান হিচাপে চিনাক্ত কৰা হৈছে। নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ সংযুক্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ পাঁচৰ পৰা সাতদিনীয়া শৈক্ষিক আৰু সাংস্কৃতিক ভ্ৰমণ (ভ্ৰমণৰ দিন বাদ দি) কৰিব।

এই কাৰ্যসূচী পাঁচটা মূল বিষয়ৰ ওপৰত ভিত্তি কৰি কৰা হৈছে-৫টা পি হৈছেঃ  পৰ্য্টন (পৰ্যটন), পৰম্পৰা (পৰম্পৰা আৰু সংস্কৃতি), প্ৰগতি (উন্নয়ন আৰু প্ৰশাসন), পৰস্পৰ সম্পৰ্ক (জনসাধাৰণৰ মাজত সংযোগ) আৰু প্ৰদ্যোগিকী (প্ৰযুক্তি আৰু উদ্ভাৱন)।

এই বিষয়সমূহৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০-ৰ উদ্দেশ্যসমূহৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক ঐতিহ্য, উন্নয়নমূলক পদক্ষেপ, প্ৰযুক্তিগত অগ্ৰগতি, স্থানীয় সম্প্ৰদায় আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিব পাৰে। যুৱ সংগম অংশগ্ৰহণকাৰী মন্ত্ৰালয়/বিভাগ/সংস্থা, ৰাজ্য চৰকাৰ আৰু নডেল এইচ ই আই-ৰ সহযোগত এক সহযোগিতামূলক ‘সম্পূৰ্ণ চৰকাৰ’ দৃষ্টিভংগীৰ জৰিয়তে ৰূপায়ণ কৰা হয়।

Pairing of States/UTs and HEIs for Yuva Sangam Phase – VI

যুৱ সংগম পৰ্যায়-৬ৰ বাবে সংযুক্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ

       ক্ৰমিক নং

ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চল (প্ৰেৰক)

প্ৰতিষ্ঠানৰ নাম

সংযুক্ত ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চল (গ্ৰহণকাৰী)

সংযুক্ত প্ৰতিষ্ঠানৰ নাম

অন্ধ্ৰপ্ৰদেশ

আই আই টি তিৰুপতি

মহাৰাষ্ট্ৰ

আই আই এছ ই আৰ পুনে

দিল্লী

আই আই টি দিল্লী

চত্তিছগড়

আই আই টি ভিলাই

কৰ্ণাটক

আই আই আই টি ধাৰৱাড়

ৰাজস্থান

এন এন আই টি জয়পুৰ

পঞ্জাব

আই আই টি ৰোপাৰ  

বিহাৰ

আই আই টি পাটনা

জম্মু আৰু কাশ্মীৰ আৰু লাডাখ

আই আই এম জম্মু

কেৰালা আৰু লাক্ষাদ্বীপ

আই আই এম কোঝিকোড

মেঘালয়

আই আই এম শ্বিলং

তেলেংগানা

এন আই টি ৱাৰেংগল

মধ্যপ্ৰদেশ

আই আই টি ইন্দোৰ

ঝাৰখণ্ড

আই আই টি ধানবাদ 

হিমাচল প্ৰদেশ

চি ইউ, হিমাচল প্ৰদেশ

পুডুচেৰী

এন আই টি পুডুচেৰী

অৰুণাচল প্ৰদেশ

নেৰিষ্ট

উত্তৰ প্ৰদেশ

আই আই এম লক্ষ্ণৌ

১০

হাৰিয়ানা

এন আই টি কুৰুক্ষেত্ৰ

ত্ৰিপুৰা

এন আই টি আগৰতলা

১১

গুজৰাট, ডি এন এইচ, ডি ডি

আই আই এম আহমেদাবাদ

ওডি়শা

এন আই টি ৰুৰকেলা

 

 

 

 

 

*****

AK/HS


(ৰিলিজ আই ডি : 2236978) অতিথি কক্ষ : 79