প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মহিলাৰ মাজত ক্ৰীড়াক প্ৰসাৰিত কৰা অস্মিতা পদক্ষেপ বিষয়ক এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
পোষ্ট কৰা হৈছে:
08 MAR 2026 4:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী ৰক্ষা খাদছেয়ে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰবন্ধটোত ৰাষ্ট্ৰজুৰি মহিলাসকলৰ মাজত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে পৰিকল্পিত খেল’ ইণ্ডিয়া মিছনৰ এটা অংশ সফল অস্মিতা (ASMITA) পদক্ষেপৰ বিষয়ে লিখা হৈছে। ইয়াত ক্ৰীড়া মন্ত্ৰালয়ে লিংগ নিৰপেক্ষতাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাত আলোকপাত কৰা হৈছে আৰু ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগীত অস্মিতাই এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি লক্ষ্য কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে লিখিছে;
“প্ৰবন্ধটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী @khadseraksha-এ ৰাষ্ট্ৰজুৰি মহিলাসকলৰ মাজত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে পৰিকল্পিত খেল’ ইণ্ডিয়া মিছনৰ এটা অংশ সফল অস্মিতা (ASMITA) পদক্ষেপৰ বিষয়ে লিখিছে।
ইয়াত ক্ৰীড়া মন্ত্ৰালয়ে লিংগ নিৰপেক্ষতাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাত আলোকপাত কৰা হৈছে আৰু ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগীত অস্মিতাই এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি লক্ষ্য কৰা হৈছে।
#NayeBharatKiNariShakti”
****
MJPS/ST/SB
(ৰিলিজ আই ডি : 2236844)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam