প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২৭ ফেব্ৰুৱাৰীত “বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত” বিষয়ক বাজেটৰ পোষ্ট ৱেবিনাৰত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

এয়া হৈছে কেন্দ্ৰীয় বাজেটৰ মূল বিষয়বস্তু সন্দৰ্ভত আয়োজন কৰা বাজেটৰ পিছৰ ৱেবিনাৰৰ শৃংখলাৰ প্ৰথম ৱেবিনাৰ

পোষ্ট কৰা হৈছে: 26 FEB 2026 8:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত” শীৰ্ষক বাজেটৰ প’ষ্ট ৱেবিনাৰত ভাষণ দিব। ৱেবিনাৰত ৰাজহুৱা কেপেক্স, আন্তঃগাঁথনি, বেংকিং খণ্ডৰ সংস্কাৰ, বিত্তীয় খণ্ডৰ স্থাপত্য, মূলধনী বজাৰ গভীৰ কৰা  আৰু কৰ সংস্কাৰৰ জৰিয়তে জীৱন-যাপনৰ সহজতাৰ বিষয়ত  আলোচনা কৰা হ’ব। এয়া হৈছে কেন্দ্ৰীয় বাজেট ২০২৬–২৭ৰ  মূল বিষয়বস্তুৰ আধাৰত আয়োজিত বাজেটৰ পিছৰ ৱেবিনাৰৰ শৃংখলাৰ প্ৰথমখন ৱেবিনাৰ।  এই ৱেবিনাৰসমূহৰ লক্ষ্য হৈছে অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু অংশগ্ৰহণকাৰীসকলৰ পৰা গাঁথনিগত মতামত লাভ কৰি বিভিন্ন অংশীদাৰৰ ব্যৱহাৰিক অভিজ্ঞতা তথা অন্তৰ্দৃষ্টিৰ আধাৰত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাসমূহৰ ফলাফলমুখী ৰূপায়ণ শক্তিশালী  আৰু নিশ্চিত কৰা।

এনে ৱেবিনাৰসমূহে উদ্যোগ, বিত্তীয় প্ৰতিষ্ঠান, বজাৰ অংশগ্ৰহণকাৰী, চৰকাৰ, উদ্যোগ নিয়ন্ত্ৰক আৰু শিক্ষাবিদসকলৰ অংশীদাৰসকলক একত্ৰিত কৰি মূল বাজেট ঘোষণাৰ বাবে ফলপ্ৰসূ ৰূপায়ণৰ পথৰ বিষয়ে আলোচনা কৰিব।

***

MJPS/PKK/DM


(ৰিলিজ আই ডি : 2233340) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: Telugu , Malayalam , English , Marathi , हिन्दी , Gujarati