ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
বৈচিত্ৰ্যময় প্ৰয়োজনীয়তা আৰু বাস্তৱ জগতৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ইণ্ডিয়া এ আই মিছন প্ৰস্তুত কৰা হৈছে : ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ সচিব শ্ৰী এছ কৃষ্ণন
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তিৰ সচিবগৰাকীয়ে "এলগৰিদমৰ পৰা ফলাফললৈ : মানুহৰ ব্যৱহাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা গঢ়ি তোলক" শীৰ্ষক অধিবেশনত বক্তব্য আগবঢ়ায়
ইণ্ডিয়া এ আই ইমপেক্ট ছামিটৰ লক্ষ্য হৈছে এ আই ব্যৱহাৰ কৰি প্ৰভাৱশালী প্ৰয়োগৰ সন্ধান কৰা : শ্ৰী এছ কৃষ্ণন
মেইটীৰ সচিবগৰাকীয়ে এক্সপ’ত উপলব্ধ ৬০০ৰ অধিক ষ্টাৰ্টআপ আৰু কোম্পানীসমূহে এ আই ব্যৱহাৰ কৰা উদ্ভাৱন ক্ষেত্ৰসমূহৰ সাক্ষী হ’বলৈ আহ্বান জনায়
পোষ্ট কৰা হৈছে:
17 FEB 2026 3:42PM by PIB Guwahati
ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ৰ দ্বিতীয় দিনাৰ আৰম্ভণিতে এখন গুৰুত্বপূৰ্ণ অধিবেশনত জনকেন্দ্ৰিক এ আই আৰু সাৰ্বভৌম প্ৰযুক্তিগত ক্ষমতাৰ দ্বৈত আৱশ্যকতাসমূহৰ বিষয়ে আলোচনা কৰা হয়।
ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ত "এলগৰিদমৰ পৰা ফলাফললৈ : মানুহৰ ব্যৱহাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা গঢ়ি তোলক" শীৰ্ষক অধিবেশনখনৰ মূল উদ্দেশ্য আছিল কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থাই যাতে ৰাজহুৱা সেৱা প্ৰদান আৰু নাগৰিক কল্যাণৰ ক্ষেত্ৰত অপৰিসীম উন্নতি সাধন কৰে। এই আলোচনাত গুৰুত্ব দিয়া হৈছিল যে কম্পিউটিং, মডেল আৰু তথ্যই শেষত এনে প্ৰয়োগৰ সূচনা কৰে যি উৎপাদনশীলতা বৃদ্ধি কৰে, শাসন ব্যৱস্থা শক্তিশালী কৰে আৰু মানুহক সুস্পষ্ট সুবিধা প্ৰদান কৰে।
অধিবেশনত ভাষণ দি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ সচিব শ্ৰী এছ কৃষ্ণনে কয় যে ইণ্ডিয়া এ আই মিছন বৈচিত্ৰ্যময় প্ৰয়োজনীয়তা আৰু বাস্তৱ জগতৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰস্তুত কৰা হৈছে। তেওঁ লগতে কয় যে ইণ্ডিয়া এ আই ইমপেক্ট ছামিটৰ লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱশালী প্ৰয়োগৰ সন্ধান কৰা। তেওঁ লগতে কয় যে আমি কম্পিউটিং, মডেল আৰু ডাটা ব্যৱহাৰ কৰিছো কেৱল প্ৰকৃত প্ৰভাৱৰ সৈতে ইয়াৰ প্ৰয়োগ নিৰ্মাণ কৰিবলৈ। তেওঁ কয় যে প্ৰচাৰৰ উৰ্ধত এ আই সফল হয় নে নহয় সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে ই জীৱন উন্নত কৰা সমাধান প্ৰদান কৰে নে নকৰে তাৰ ওপৰত। তেওঁ লগতে কয় যে প্ৰদৰ্শনীখন ভ্ৰমণ কৰিলে স্বাস্থ্যসেৱা, কৃষি, শিক্ষা আৰু উৎপাদন ক্ষেত্ৰত কাম কৰা শ শ ষ্টাৰ্টআপৰ কথা উন্মোচিত হ’ব আৰু ইয়াৰ প্ৰভাৱ পৰিব। তেওঁ কয় যে চৰকাৰত কেতিয়াও পৰ্যাপ্ত শিক্ষক, চিকিৎসক বা বিচাৰক নাথাকিব পাৰে, কিন্তু যদিহে এ আয়ে উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে তেন্তে সেৱাৰ মানদণ্ডৰ যথেষ্ট উন্নতি সম্ভৱ। এতিয়া প্ৰত্যাহ্বানটো হ’ল- ই কেনেদৰে কাম কৰে, ইয়াক দায়িত্বশীলভাৱে কেনেকৈ প্ৰয়োগ কৰিব লাগে, গোপনীয়তা কেনেকৈ সুৰক্ষিত কৰিব লাগে আৰু ৰাজহুৱা পুঁজিৰ দ্বাৰা জুখিব পৰা ফলাফল পোৱাটো কেনেকৈ নিশ্চিত কৰিব পাৰি। তেওঁ সন্মিলনত অংশগ্ৰহণকাৰীসকলক প্ৰদৰ্শনীত উপস্থিত থকা ৬০০ৰো অধিক ষ্টাৰ্টআপ আৰু কোম্পানী ভ্ৰমণ কৰি এ আই ব্যৱহাৰ কৰা উদ্ভাৱন ক্ষেত্ৰসমূহ চাবলৈ আহ্বান জনায়।
জে-পিএএলৰ গ্ল’বেল এক্সিকিউটিভ ডাইৰেক্টৰ ইকবাল সিং ধালীৱাল আৰু চিকাগো বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক মাইকেল ক্ৰেমাৰৰ লগতে অন্যান্য নীতি নিৰ্ধাৰক আৰু বিভিন্ন খণ্ডৰ নেতাসকলো এই অধিবেশনত উপস্থিত থাকে।
জে-পিএএলৰ গ্ল’বেল এক্সিকিউটিভ ডাইৰেক্টৰ ইকবাল সিং ধালীৱালে কঠোৰ মূল্যায়নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে যদি আপুনি উন্নয়নক যথেষ্ট সময় দিয়ে তেন্তে আপুনি বহুতো অলৌকিক সমাধান দেখিব। এটা প্ৰযুক্তি তত্ত্বগতভাৱে বা পৰীক্ষাগাৰত অত্যন্ত আশাব্যঞ্জক যেন লাগিব পাৰে, কিন্তু ব্যৱহাৰিক পৰিস্থিতিত সেয়া বিফল হয়। সেইবাবেই প্ৰমাণ অতি গুৰুত্বপূৰ্ণ। আমি কেৱল এ আয়ে কাম কৰে নেকি বুলিয়েই নহয়, কাৰ বাবে, কি প্ৰসংগত আৰু ই কি ফলাফল দিয়ে সেয়াও সুধিব লাগিব। তেওঁ কয় যে কঠোৰ মূল্যায়ন অবিহনে আমি উৎসাহক প্ৰভাৱ বুলি ভুল কৰাৰ আশংকা থাকে। কৃত্ৰিম বুদ্ধিমত্তাৰ অপৰিসীম সম্ভাৱনা আছে, যদিহে ইয়াক বাস্তৱত মানুহ আৰু ফলাফলক কেন্দ্ৰ কৰি পৰীক্ষা তথা দায়িত্বশীলভাৱে প্ৰয়োগ কৰা হয়।
চিকাগো বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক মাইকেল ক্ৰেমাৰে কয় যে আমি যান-বাহন আইন প্ৰয়োগ, স্বয়ংক্ৰিয় ড্ৰাইভিং লাইচেন্স পৰীক্ষা, স্বাস্থ্য আৰু শিক্ষাৰ দৰে ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱৰ প্ৰাৰম্ভিক প্ৰমাণ দেখিবলৈ পাইছো, য’ত ব্যক্তিগত অভিযোজিত শিক্ষণকে ধৰি সপ্তাহত মাত্ৰ এঘণ্টাত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ দুগুণ বৃদ্ধি পাইছে। অৱশ্যে কেৱল প্ৰযুক্তিয়েই যথেষ্ট নহয়। চৰকাৰী সেৱাৰ উন্নতি কৰাটো সদায় ব্যক্তিগত উদগনিৰ শক্তিশালী বজাৰ নহয়, গতিকে দানশীলতা আৰু চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ লগতে কয় যে ৰাজহুৱা ব্যৱস্থাত ইয়াক গ্ৰহণ কৰাটো কঠিন আৰু ক্ৰয় প্ৰক্ৰিয়াটো অতি গুৰুত্বপূৰ্ণ। এ আই প্ৰয়োগৰ মূল্যায়নো অতি গুৰুত্বপূৰ্ণ যাতে দেশসমূহে ইখনে সিখনৰ অভিজ্ঞতাৰ পৰা শিকিব পাৰে। তেওঁ কয় যে এ আইৰ অপৰিসীম সম্ভাৱনা আছে, কিন্তু ইয়াক উপলব্ধি কৰিবলৈ হ’লে বৈধতা, ব্যৱস্থাগত পৰিৱৰ্তন আৰু সাৱধানে ৰূপায়ণৰ প্ৰয়োজন।
এই অধিবেশন ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত এ আই ইমপেক্ট ছামিটৰ বিস্তৃত কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল, য’ত নীতি নিৰ্ধাৰক, গৱেষক আৰু উদ্যোগৰ নেতাসকলে এ আইৰ সক্ষমতাক কেনেকৈ বহল পৰিসৰত ৰাজহুৱা প্ৰয়োগলৈ ৰূপান্তৰ কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিছিল। আলোচনাত এ আইচালিত সেৱা প্ৰদান বৃদ্ধিৰ বাবে গাঁথনিগত ৰূপায়ণ আৰু আন্তঃখণ্ডীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰা হয়।


*****
Mahesh Kumar/ Pawan Faujdar/ Navin Sreejith/ Allen Roy Joseph/KD
(ৰিলিজ আই ডি : 2233007)
অতিথি কক্ষ : 27