প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav AI Impact Summit 2026

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে

পোষ্ট কৰা হৈছে: 20 FEB 2026 9:49PM by PIB Guwahati

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ভাৰত আৰু শ্ৰীলংকাৰ মাজত শক্তিশালী বন্ধুত্বৰ কথা  পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে ।

ভাৰত–শ্ৰীলংকাৰ সম্পৰ্কত শেহতীয়াকৈ হোৱা অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰি দুয়োগৰাকী নেতাই শক্তি, সংযোগ, আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, দক্ষতা, সংস্কৃতি, নীলা অৰ্থনীতি আৰু পাৰস্পৰিক স্বাৰ্থ জড়িত অন্যান্য ক্ষেত্ৰত সহযোগিতাৰ পথসমূহৰ বিষয়ে আলোচনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে  এই বিষয়ত এক্স পোষ্টত কৰিছে ;

“এজন গুৰুত্বপূৰ্ণ প্ৰতিবেশীৰ সৈতে বন্ধুত্ব শক্তিশালী কৰাৰ বিষয়!

দিল্লীত ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কক লগ পোৱাটো  আনন্দদায়ক কথা । শেহতীয়াকৈ ভাৰত-শ্ৰীলংকাৰ সম্পৰ্কৰ অগ্ৰগতিৰ বুজ ললো। শক্তি, সংযোগ, আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, দক্ষতা, সংস্কৃতি, নীলা অৰ্থনীতি আদি ক্ষেত্ৰত সহযোগিতাৰ পথসমূহৰ বিষয়েও আমি আলোচনা কৰিলোঁ।

@anuradisanayake”

 

 

***

MJPS/ST/DM


(ৰিলিজ আই ডি : 2231046) অতিথি কক্ষ : 6