প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী মণি শংকৰ মুখোপাধ্যায় জীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
20 FEB 2026 7:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী মণি শংকৰ মুখোপাধ্যায় জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীয়ে তেওঁক বাংলা সাহিত্যৰ এগৰাকী উচ্চ ব্যক্তিত্ব বুলি প্ৰশংসা কৰে , যিয়ে সংবেদনশীলতা আৰু অন্তৰ্দৃষ্টিৰে মানুহৰ জীৱনক চিত্ৰিত কৰিছিল।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-
“শংকৰ নামেৰে পৰিচিত শ্ৰী মণি শংকৰ মুখোপাধ্যায় জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো।
তেওঁ আছিল বাংলা সাহিত্যৰ এক উচ্চ ব্যক্তিত্ব, যাৰ শব্দই সংবেদনশীলতা আৰু অন্তৰ্দৃষ্টিৰে মানুহৰ জীৱনক চিত্ৰিত কৰিছিল। অবিস্মৰণীয় ৰচনাৰ জৰিয়তে তেওঁ প্ৰজন্মৰ পিছত প্ৰজন্মৰ পাঠকক প্ৰভাৱান্বিত কৰিছিল আৰু ভাৰতৰ সাহিত্য জগতখনক সমৃদ্ধ কৰিছিল।
তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অগণন প্ৰশংসকলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”
****
MJPS/SR/DM
(ৰিলিজ আই ডি : 2231040)
অতিথি কক্ষ : 4