প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২২ ফেব্ৰুৱাৰীত মীৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰায় ১২,৯৩০ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
ভাৰতৰ প্ৰথম নমো ভাৰত আৰ আৰ টি এছ উদ্বোধন কৰি দিল্লী–মীৰাট নমো ভাৰত কৰিডৰ দেশৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
ভাৰতৰ দ্ৰুততম মেট্ৰ’ - মীৰাট মেট্ৰ’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰথমবাৰৰ বাবে নমো ভাৰত আৰ আৰ টি এছ তথা মীৰাট মেট্ৰ’ই একে আন্তঃগাঁথনিৰেই কাম কৰিবলৈ
এই প্ৰকল্পসমূহে ভাৰতত সংহত নগৰীয়া আৰু আঞ্চলিক সংযোগৰ ক্ষেত্ৰত এক নতুন মাপকাঠী নিৰ্ধাৰণ কৰিব
পোষ্ট কৰা হৈছে:
20 FEB 2026 6:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২২ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ মীৰাট ভ্ৰমণ কৰিব।নিশা প্ৰায় ১২:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে শতাব্দী নগৰ নমো ভাৰত ষ্টেচনত মীৰাট মেট্ৰ' আৰু নমো ভাৰত ৰে'লৰ ফ্লেগ অফ কৰিব। তাৰ পৰা তেওঁ মীৰাট চাউথ ষ্টেচনলৈকে মেট্ৰ’ত যাত্ৰা কৰিব । দুপৰীয়া প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে মীৰাটত প্ৰায় ১২,৯৩০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি দেশৰ বাবে উৎসৰ্গা কৰিব। তেওঁ এই উপলক্ষ্যে আয়োজিত এখন সভাতো ভাষণ আগবঢ়াব।
প্ৰধানমন্ত্ৰীয়ে ৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী–মীৰাট নমো ভাৰত কৰিডৰ দেশৰ বাবে উৎসৰ্গা কৰিব। তেওঁ ভাৰতৰ প্ৰথম নমো ভাৰত আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম (আৰ আৰ টি এছ)ৰ বাকী অংশসমূহো উদ্বোধন কৰিব। ইয়াৰ ভিতৰত দিল্লীৰ ছৰাই কালে খান আৰু নিউ অশোক নগৰৰ মাজৰ ৫ কিলোমিটাৰ অংশ আৰু উত্তৰ প্ৰদেশৰ মীৰাট দক্ষিণ আৰু মোদীপুৰমৰ মাজৰ ২১ কিলোমিটাৰ অংশও আছে। প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰৰ গতিবেগেৰে নমো ভাৰত ভাৰতৰ প্ৰথম আঞ্চলিক দ্ৰুত ট্ৰেনজিট ব্যৱস্থা হৈ পৰিব । ইয়াৰ জৰিয়তে চাহিবাবাদ, গাজিয়াবাদ, মোদীনগৰ, মীৰাটৰ দৰে প্ৰধান নগৰীয়া কেন্দ্ৰসমূহক দিল্লীৰ সৈতে সংযোগ কৰিব পৰা যাব। কৰিডৰৰ আৰম্ভনিস্থল ষ্টেচন ছৰাই কালে খান এই উদ্বোধনী অনুষ্ঠানৰ লগে লগে কমিচন হ’বলগীয়া চাৰিটা নমো ভাৰত ষ্টেচনৰ ভিতৰত অন্যতম হৈ পৰিব। ই কৌশলগতভাৱে এটা প্ৰধান বহুমুখী হাব হিচাপে পৰিগণিত হোৱাৰ লগতে হজৰত নিজামুদ্দিন ৰে'লৱে ষ্টেচন, দিল্লী মেট্ৰ’ৰ পিংক লাইন, বীৰ হকীকত ৰাই আই এছ বি টি আৰু ৰিং ৰোডক সংযোগ কৰিব । মীৰাটত আন তিনিটা নমো ভাৰত ষ্টেচন, শতাব্দী নগৰ, বেগমপুল আৰু মোদীপুৰমৰ কাম আৰম্ভ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিতৰতে প্ৰথম পদক্ষেপ হিচাপে নমো ভাৰতৰ সৈতে জড়িত আন্তঃগাঁথনিৰেই মীৰাট দক্ষিণ আৰু মোদীপুৰমৰ মাজত মীৰাট মেট্ৰ’ সেৱাও উদ্বোধন কৰিব। মীৰাট মেট্ৰ’ হ’ব ভাৰতৰ আটাইতকৈ দ্ৰুততম মেট্ৰ’ ব্যৱস্থা, যাৰ সৰ্বোচ্চ কাৰ্যক্ষম গতি ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ। মাত্ৰ ৩০ মিনিটতে এই মেট্ৰ’ই সমগ্ৰ পথটো সামৰি ল’ব । একেটা আন্তঃগাঁথনিৰ আধাৰত গঢ়ি তোলা নমো ভাৰত আৰু মীৰাট মেট্ৰ’ৰ এই সংহতিয়ে ভাৰতত সংহত নগৰীয়া আৰু আঞ্চলিক সংযোগৰ এক নতুন মাপকাঠী নিৰ্ধাৰণ কৰিব। লগতে ই তীব্ৰবেগী আন্তঃনগৰ ভ্ৰমণ আৰু চহৰৰ ভিতৰতে দ্ৰুত চলাচল নিশ্চিত কৰিব। ইয়াৰ ফলত পথত ভিৰ হ্ৰাস পাব আৰু বাহনৰ পৰা কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমনো যথেষ্ট হ্ৰাস পাব।এই প্ৰকল্পসমূহে নগৰীয়া গতিশীলতাক ৰূপান্তৰিত কৰাৰ লগতে নাগৰিকসকলৰ বাবে জীৱন-যাপনৰ সহজতা উন্নত কৰি নিৰৱচ্ছিন্ন, দক্ষ, আধুনিক তথা বহনক্ষম ৰাজহুৱা পৰিবহণ ব্যৱস্থা নিশ্চিত কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিব।
***
MJPS/PKK/DM
(ৰিলিজ আই ডি : 2231037)
অতিথি কক্ষ : 3