প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav AI Impact Summit 2026

নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ডিক শ্বুফৰ ভাৰত ভ্ৰমণ

পোষ্ট কৰা হৈছে: 19 FEB 2026 8:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ​​ফেব্ৰুৱাৰী, ২০২৬ত নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ডিক শ্বুফৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।প্ৰধানমন্ত্ৰী শ্বুফে এআই ইমপেক্ট ছামিটত নেদাৰলেণ্ডৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্বুফক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অৰ্থনৈতিক বিকাশ আৰু সামাজিক মংগলৰ বাবে এআই বিষয়ক ৱৰ্কিং গ্ৰুপৰ সহ-অধ্যক্ষ হিচাপে নেদাৰলেণ্ডৰ অৱদানক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী শ্বুফে সন্মিলনৰ গুৰুত্বৰ ওপৰত জোৰ দি সন্মিলনৰ ঘোষণাই ভৱিষ্যতৰ নীতিগত আলোচনাক অৱগত কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে। এআইৰ আগমনে প্ৰযুক্তিগত বিকাশৰ এক টাৰ্নিং পইণ্ট প্ৰতিনিধিত্ব কৰাৰ লগতে সমাজৰ বাবে বিপুল সুযোগৰ সৃষ্টি কৰে বুলি স্বীকাৰ কৰি দুয়োগৰাকী নেতাই সামাজিক পৰিৱৰ্তনক আগুৱাই নিবলৈ এআইৰ সম্পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ ভাৰত আৰু নেদাৰলেণ্ডে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনে প্ৰেক্ষাপটত নেতাসকলে এআই, কোৱাণ্টাম, অৰ্ধপৰিবাহীৰ দৰে উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰে।

দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ পৰ্যালোচনা কৰি নেতা দুগৰাকীয়ে ভাৰত-নেদাৰলেণ্ডৰ অংশীদাৰিত্বৰ অবিৰত অগ্ৰগতিক আদৰণি জনোৱাৰ লগতে বিভিন্ন খণ্ড যেনে WAH (পানী, কৃষি, স্বাস্থ্য), স্বচ্ছ শক্তি, সেউজ হাইড্ৰজেন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ক আদিত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। তেওঁলোকে এই কথাত সহমত প্ৰকাশ কৰে যে ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ ঐতিহাসিক আলোচনা সম্পন্ন হোৱাটোৱে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্বৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ এক ঐতিহাসিক সুযোগ প্ৰদান কৰে।

নেতাদ্বয়ে গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰে আৰু বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ বহুপক্ষীয় মঞ্চত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। ইউক্ৰেইনৰ সংঘাতৰ সন্দৰ্ভত ভাৰতৰ স্থিতি পুনৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ আগতীয়া অন্ত পেলোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজখন শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

ভাৰত-নেদাৰলেণ্ডৰ অংশীদাৰিত্ব বাণিজ্য আৰু বিনিয়োগৰ পৰম্পৰাগত খণ্ড, WAH (জল, কৃষি, স্বাস্থ্য) খণ্ড, জনসাধাৰণৰ সম্পৰ্ক অধিৰ সুদৃঢ় হোৱাৰ লগতে শেহতীয়াকৈ প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, নবীকৰণযোগ্য শক্তি, শিক্ষা আৰু সামুদ্ৰিক ক্ষেত্ৰ আদি কৌশলগত ক্ষেত্ৰসমূহলৈ সম্প্ৰসাৰিত হৈছে।

 

****

MJPS/SR/DB


(ৰিলিজ আই ডি : 2230606) অতিথি কক্ষ : 3