প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav AI Impact Summit 2026

স্পেইনৰ ৰাষ্ট্ৰপতিৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 18 FEB 2026 1:48PM by PIB Guwahati

স্পেইনৰ ৰাষ্ট্ৰপতি মহামহিম পেড্ৰ’ ছানচেজে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

দুয়োগৰাকী নেতাই বিশেষকৈ প্ৰতিৰক্ষা, নিৰাপত্তা, প্ৰযুক্তিকে ধৰি অন্যান্য ক্ষেত্ৰত ভাৰত-স্পেইনৰ মিত্ৰতা ত্বৰান্বিত কৰাৰ দিশসমূহ আলোচনা কৰে।

দুয়োখন দেশেই ২০২৬ বৰ্ষটোক ভাৰত-স্পেইনৰ সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তা বৰ্ষ হিচাপে পালন কৰিছে।

এক্সত পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ

‘ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজৰ সৈতে দিল্লীত এক ফলপ্ৰসূ বৈঠকত ভাগ লওঁ। বিশেষকৈ প্ৰতিৰক্ষা, নিৰাপত্তা, প্ৰযুক্তি আদিৰ দৰে ক্ষেত্ৰত ভাৰত-স্পেইনৰ মিত্ৰতা ত্বৰান্বিত কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰা হয়। আমাৰ ৰাষ্ট্ৰসমূহে ২০২৬ বৰ্ষটোক সংস্কৃতি, পৰ্যটন আৰু কৃত্রিম বুদ্ধিমত্তাৰ ভাৰত-স্পেইন বৰ্ষ হিচাপে চিহ্নিত কৰিছে। ইয়াৰ ফলত জনসাধাৰণৰ মাজত সম্পৰ্ক গভীৰ হ’ব। বিশ্ববিদ্যালয়সমূহৰ এক বৃহৎ প্ৰতিনিধি দল ভাৰতলৈ অহা দেখি আনন্দিত হৈছো। ইয়াৰ জৰিয়তে আমাৰ জনসাধাৰণৰ পৰস্পৰৰ মাজত সংযোগ ত্বৰান্বিত হ’ব।

ইউৰোপীয় সংঘৰ সৈতে ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিয়ে স্পেইনৰ সৈতে অৰ্থনৈতিক অংশীদাৰিত্বত অতি ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ ৰাষ্ট্ৰসমূহৰ জনসাধাৰণক নতুন সুযোগ প্ৰদান কৰিব।

@sanchezcastejon’

“Tuve una reunión productiva con el presidente Pedro Sánchez en Delhi. Hablamos de formas de fortalecer la amistad entre la India y España, especialmente en ámbitos como la defensa, la seguridad, la tecnología y otros.

Nuestros países celebran 2026 como el Año India-España de la Cultura, el Turismo y la IA. Esto profundizará los vínculos entre nuestros pueblos. Me alegra ver que también ha venido a la India una gran delegación de universidades. Esto también contribuirá en gran medida a acercar a nuestros pueblos.

El histórico acuerdo de libre comercio con la UE tendrá un impacto muy positivo en la asociación económica con España y brindará nuevas oportunidades a los ciudadanos de nuestros países.

@sanchezcastejon”

***

MJPS/SR/DD


(ৰিলিজ আই ডি : 2229560) অতিথি কক্ষ : 7