তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav AI Impact Summit 2026

ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬ত এআইকেন্দ্ৰিক পেনেল আৰু পৰ্ব আয়োজন কৰিব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে

ইণ্ডিয়া এআই ইমপেক্ট এক্সপ’ ২০২৬ত ৱেভছ ক্ৰিয়েটৰ কৰ্ণাৰত এআই উদ্ভাৱন প্ৰদৰ্শন কৰিব ৫১টা ষ্টাৰ্টআপে

ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬ত ভাৰতৰ এআই-সক্ষম সৃষ্টিশীল পৰিস্থিতিতন্ত্ৰৰ ওপৰত আলোকপাত কৰিব এমআইবি আৰু এড’বৰ অংশীদাৰসকলে

এম আই বি পেভিলিয়নত প্ৰদৰ্শন কৰা হ'ব মেড ইন ইণ্ডিয়া এ আই চুটি ছবি আৰু উন্নত কণ্টেণ্ট ক্ৰিয়েচন ৱৰ্কফ্ল'

পোষ্ট কৰা হৈছে: 16 FEB 2026 3:40PM by PIB Guwahati

ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬ৰ এমআইবি পেভিলিয়নত এআইচালিত প্ৰডাকচন ৱৰ্কফ্ল’, বহুভাষিক কণ্ঠ প্ৰযুক্তি, গেমিং উদ্ভাৱন, বিষয়বস্তু মুদ্ৰাকৰণ আৰু দায়িত্বশীল এআই কাঠামোকে ধৰি সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ওপৰত এআইৰ পৰিৱৰ্তনশীল প্ৰভাৱ অন্বেষণ কৰা পেনেল আলোচনা, মাষ্টাৰক্লাছ আৰু প্ৰযুক্তি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ মুল দিশসমূহৰ ভিতৰত আছে ইণ্টাৰেক্টিভ এআই মাইক্ৰ’-ড্ৰামা গল্প কোৱা, এড’বৰ সৈতে অংশীদাৰিত্বৰে কাথাৱতাৰ এআইয়ে সৃষ্টি কৰা চুটি ছবি আৰু এআই চালিত গল্প কোৱাৰ ওপৰত শেখৰ কাপুৰৰ মাষ্টাৰক্লাছ, চলচ্চিত্ৰ নিৰ্মাণ আৰু সাংস্কৃতিক প্ৰামাণ্যতাৰ বিৱৰ্তন পৰীক্ষা কৰা। অধিবেশনত এলটিএম ব্লুভাৰ্ছ, এডব্লিউএছ, গুগলৰ উদ্ভাৱনসমূহ ইভাৰ্জেণ্ট, ছনী ৰিচাৰ্চ ইণ্ডিয়া, পাৰ্পলটক, ডেচভাৰ্ছ, পকেট এফএম, কুকু এফএম আৰু লুমিকাইৰ সৈতে প্ৰদৰ্শন কৰাৰ লগতে জ্ঞান বিনিময়, নীতি আলোচনা, আৰু দায়িত্বশীল এআই সৃষ্টিশীল সেৱাত ভাৰতৰ নেতৃত্বক প্ৰসাৰিত কৰা হ’ব।

এআই উদ্ভাৱন প্ৰদৰ্শন কৰিবলৈ ৫১টা ষ্টাৰ্টআপ

ইণ্ডিয়া এআই ইম্পেক্ট এক্সপ’ ২০২৬ত ভাৰতৰ এভিজিচি-এক্সআৰ আৰু মিডিয়া টেক খণ্ডৰ ৫১টা ষ্টাৰ্টআপে ৱেভছ ক্ৰিয়েটৰ্ছ কৰ্ণাৰত এআই চালিত উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰিব। প্লেটফৰ্মত ইমাৰ্চিভ গল্প কোৱা, গেমিং, ভাৰ্চুৱেল প্ৰডাকচন আৰু নেক্সট-জেন কণ্টেণ্ট প্ৰযুক্তিৰ বৈশিষ্ট্য আছে। মুল দিশসমূহৰ ভিতৰত আছে জিৰ’-টাচ অটোনমাছ নিউজৰুম, বহুভাষিক ডাবিং আৰু এআই সাংকেতিক ভাষাৰ অৱতাৰৰ সৈতে ভাষা-ৱাল, সম্বাদ সেতু আৰু দ্য ডাইৰেক্টৰছ চেয়াৰৰ দৰে ইণ্টাৰেক্টিভ অভিজ্ঞতা, এআই প’ডকাষ্ট ষ্টুডিঅ’, কথোপকথনমূলক মানৱৰূপী ৰবট আৰু ভইচ ক্ল’নিং। ভাষাসেতু আৰু কলাসেতু চেলেঞ্জৰ বিজয়ীসকলে ভাৰতৰ সৃষ্টিশীল প্ৰযুক্তি নেতৃত্ব প্ৰদৰ্শন কৰি সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু ভাষিক সুলভতা বৃদ্ধি কৰা এআই-চালিত সঁজুলিও উপস্থাপন কৰিব।

ভাৰতৰ এআই-সক্ষম সৃষ্টিশীল পৰিস্থিতিতন্ত্ৰক উজ্জ্বল কৰি তুলিবলৈ এমআইবি আৰু এডব অংশীদাৰ

ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬ৰ সময়ত এড’বে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত এমআইবি পেভিলিয়ন, ৱেভছ ক্ৰিয়েটৰ্ছ কৰ্ণাৰত এআই-চালিত সৃষ্টিশীল পদক্ষেপৰ ধাৰাবাহিকতা উপস্থাপন কৰিব।

সহযোগিতাৰ অংশ হিচাপে এড’বে ভাৰতীয় লোককথাৰ পৰা অনুপ্ৰাণিত পাঁচখন মেড-ইন-ইণ্ডিয়া এআই চুটি ছবিৰ কিউৰেটেড শ্ব’কেছ কথাৱতাৰ উপস্থাপন কৰিব। লেংগুৱেজ অৱ বাৰ্ডছ, মিগ’ই, উত্তৰায়ণ, দ্য বাৰ্বাৰ’ছ ছিক্ৰেট আৰু ইয়াপ্পাছৌৰছ ছবিসমূহ সমগ্ৰ শীৰ্ষ সন্মিলনত ৱেভছ ক্ৰিয়েটাৰ্ছ কৰ্ণাৰৰ ভিতৰৰ এ আই থিয়েটাৰত প্ৰদৰ্শিত হ’ব। এই শ্ব’কেছত গল্প কোৱা আৰু চিনেমাৰ শিল্পৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ পৰীক্ষা-নিৰীক্ষা কৰা ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাৰ নতুন প্ৰজন্মক উজ্জ্বল কৰি তোলা হ’ব।

এড’বে “ফিল্মৰ ভৱিষ্যত: এআই, সৃষ্টিশীলতা আৰু ক্ৰাফ্ট” শীৰ্ষক বিষয়ভিত্তিক অধিবেশন এটাও আয়োজন কৰিব, যিটোৱে উদীয়মান এআই চলচ্চিত্ৰ নিৰ্মাণৰ পদ্ধতি আৰু বিকশিত সৃষ্টিশীল কৰ্মপ্ৰবাহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

তদুপৰি, এডবৰ দ্বাৰা চালিত কণ্টেণ্ট ক্ৰিয়েটৰ হাবে আধুনিক বিষয়বস্তু সৃষ্টিকৰ্তাৰ বাবে ডিজাইন কৰা এআই-নেতৃত্বাধীন ভিডিঅ' সৃষ্টি কাৰ্য্যপ্ৰবাহ প্ৰদৰ্শন কৰিব, দ্ৰুত উৎপাদন, উন্নত সৃষ্টিশীলতা আৰু স্কেলেবল বিষয়বস্তু বিকাশ সক্ষম কৰা সঁজুলিসমূহৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব।

এই পদক্ষেপসমূহৰ জৰিয়তে এড’ব আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ লক্ষ্য হৈছে এআই-সক্ষম সৃষ্টিশীলতাৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান নেতৃত্ব প্ৰদৰ্শন কৰা আৰু সমগ্ৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন পৰিস্থিতিতন্ত্ৰত উদ্ভাৱনক শক্তিশালী কৰা।

এআই থিয়েটাৰে পুনৰ সংজ্ঞায়িত কৰিলে ভৱিষ্যতৰ চিনেমাক

নতুন দিল্লীৰ এআই ইমাৰ্চিভ থিয়েটাৰে ২৭০ ডিগ্ৰী প্ৰজেকচন, স্থানীয় ডিজাইন আৰু এআই চালিত গল্প কোৱাৰ বৈশিষ্ট্যযুক্ত এক পৰিৱৰ্তনশীল চিনেমাৰ স্থানৰ পৰিচয় দিয়ে, যিয়ে দৰ্শকক সম্পূৰ্ণৰূপে এক ইণ্টাৰেক্টিভ পৰিৱেশত আগুৰি ধৰে। সাংস্কৃতিক কেন্দ্ৰবিন্দু হিচাপে কল্পনা কৰা ই প্ৰযুক্তি আৰু আখ্যানৰ মিশ্ৰণেৰে দৰ্শকৰ নিয়োজিততাক পুনৰ সংজ্ঞায়িত কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম আৰু ৱেভছ বজাৰৰ নেতৃত্বত চলি থকা এই শ্ব’কেছত কিউৰেটেড এআই ছবি, ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা চিনেমএআই হেকাথন চূড়ান্ত প্ৰতিযোগী আৰু ভাৰত মণ্ডপমত কথাৱতাৰ প্ৰদৰ্শন, ভাৰতক দায়িত্বশীল এআই-চালিত চিনেমাৰ ক্ষেত্ৰত অগ্ৰণী স্থান দিয়া হৈছে।

*****

Mahesh Kumar/ VivekVishwash/ Aparajita Priyadarshini/DB


(ৰিলিজ আই ডি : 2228928) অতিথি কক্ষ : 5