কেবিনেট
azadi ka amrit mahotsav

কেবিনেটে বজাৰ-চালিত নগৰীয়া ৰূপান্তৰক আগুৱাই নিবলৈ এক লাখ কোটি টকাৰ নগৰীয়া চেলেঞ্জ পুঁজিত অনুমোদন জনায়

পোষ্ট কৰা হৈছে: 14 FEB 2026 1:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটে কালি মুঠ এক লাখ কোটি টকা কেন্দ্ৰীয় সাহায্য (CA) সাপেক্ষে নগৰীয়া চেলেঞ্জ পুঁজিৰ (UCF) শুভাৰম্ভ কৰাত অনুমোদন জনায়। প্ৰকল্প ব্যয়ৰ ২৫%-ক চিএ-এ সামৰি ল’ব, প্ৰকল্প ব্যয়ৰ ন্যূনতম ৫০% বজাৰৰ পৰা সংগ্ৰহ কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত অহা পাঁচ বছৰত নগৰীয়া খণ্ডত মুঠ চাৰি লাখ কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈ উঠিব। এই অনুমোদনে অনুদান-ভিত্তিক বিত্তীয় সাহায্যৰ পৰা বজাৰ-সংলগ্ন, সংস্কাৰ-চালিত আৰু ফলাফল-মুখী আন্তঃগাঁথনি সৃষ্টিলৈ ভাৰতৰ নগৰীয়া উন্নয়ন পদ্ধতিৰ এক দৃষ্টান্তমূলক পৰিৱৰ্তন কাৰ্য্যকে সূচিত কৰিছে।

এই নগৰীয়া চেলেঞ্জ পুঁজিয়ে উচ্চ-মানৰ নগৰীয়া আন্তঃগাঁথনি প্ৰদানৰ বাবে বজাৰ বিত্ত, ব্যক্তিগত অংশগ্ৰহণ আৰু নাগৰিক-কেন্দ্ৰিক সংস্কাৰ সাধনৰ সহায় ল’ব। এই পুঁজিৰ লক্ষ্য হৈছে স্থিতিস্থাপক, উৎপাদনশীল, অন্তৰ্ভুক্ত আৰু জলবায়ুৰ প্ৰতি সঁহাৰি জনোৱা নগৰ গঢ়ি তোলা। ইয়াৰ জৰিয়তে নগৰসমূহক দেশৰ পৰৱৰ্তী পৰ্য্যায়ৰ অৰ্থনৈতিক বিকাশৰ মূল চালিকা শক্তি হিচাপে গঢ়ি তোলা হ’ব।

২০২৫–২৬ বিত্তীয় বৰ্ষৰ পৰা ২০৩০–৩১ বিত্তীয় বৰ্ষলৈকে এই পুঁজি কাৰ্য্যক্ষম হৈ থাকিব। ২০৩৩–৩৪ বিত্তীয় বৰ্ষলৈকে ইয়াৰ ৰূপায়ণৰ সময়সীমা সম্প্ৰসাৰিত কৰিব পৰা যাব। এই পুঁজিয়ে ২০২৫–২৬ ৰ বাজেটত ঘোষণা কৰা চৰকাৰৰ দৃষ্টিভংগীক কাৰ্য্যকৰী কৰিছে। চৰকাৰে নগৰসমূহক বিকাশৰ কেন্দ্ৰ হিচাপে, নগৰসমূহৰ সৃষ্টিশীল পুনৰ উন্নয়ন তথা জল আৰু অনাময়ৰ সৈতে জড়িত প্ৰস্তাৱ আগবঢ়াইছে।

নগৰীয়া চেলেঞ্জ পুঁজিৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহঃ

  1. প্ৰকল্পৰ বিত্তীয় সাহায্যৰ ন্যূনতম ৫০ শতাংশ পৌৰসভাৰ বণ্ড, বেংকৰ লোন আৰু ৰাজহুৱা–ব্যক্তিগত অংশীদাৰিত্বকে (PPP) প্ৰমুখ্য কৰি বজাৰৰ উৎসৰ পৰা সংগঠিত কৰিব লাগিব। বাকী অংশ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল (UT), নগৰীয়া স্থানীয় সংস্থা (ULB) বা আন-আন উৎসই আগবঢ়াব পাৰে।
  2. প্ৰকল্পসমূহক এটি স্বচ্ছ আৰু প্ৰতিযোগিতামূলক প্ৰত্যাহ্বান ম’ডৰ জৰিয়তে বাছনি কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত উচ্চ-প্ৰভাৱ বিশিষ্ট আৰু সংস্কাৰ-মুখী প্ৰস্তাৱসমূহলৈ সমৰ্থন নিশ্চিত হ’ব।
  3. সমগ্ৰ নগৰীয়া শাসন, বজাৰ আৰু বিত্তীয় ব্যৱস্থা, কাৰ্য্যকৰী দক্ষতা আৰু নগৰীয়া পৰিকল্পনাৰ ক্ষেত্ৰত সংস্কাৰ সাধনত ব্যাপক গুৰুত্ব আৰোপ কৰা হ’ব।
  4. ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক গাঁথনিগত ৰিস্ক-শ্বেয়াৰিং কাঠামো আৰু সেৱা প্ৰদানৰ মানদণ্ডৰ বেঞ্চমাৰ্কিঙৰ জৰিয়তে উৎসাহিত কৰা হ’ব।
  5. ৫,০০০ কোটি টকাৰ সমৰ্পিত কৰ্পাছে বিশেষকৈ বজাৰ বিত্তীয় সাহায্যত প্ৰথম-প্ৰৱেশৰ বাবে II আৰু III টায়াৰ নগৰসমূহকে প্ৰমুখ্য কৰি ৪২২৩ খন নগৰৰ ঋণযোগ্যতা বৃদ্ধি কৰিব।
  6. ইউএলবি-সমূহক বেংকযোগ্য সম্পত্তি শ্ৰেণী হিচাপে প্ৰতিষ্ঠা।

সৰু নগৰসমূহলৈ ক্ৰেডিট পৰিশোধৰ নিশ্চয়তাঃ

উত্তৰ-পূৰ্বাঞ্চল আৰু পাৰ্বত্য ৰাজ্যসমূহৰ সকলো চহৰ/ইউএলবি তথা আন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰু ইউএলবিৰ (<১,০০,০০০ জনসংখ্যা) বাবে প্ৰথম বজাৰ বিত্তীয় সাহায্যৰ সুবিধাৰ বাবে ৫,০০০ কোটি টকাৰ ঋণ পৰিশোধ নিশ্চয়তা আঁচনিত অনুমোদন জনোৱা হৈছে। আঁচনিখনে প্ৰথম ঋণৰ বাবে ৭ কোটি টকা বা ঋণৰ পৰিমাণৰ ৭০ শতাংশ (যিটো নিম্ন) পৰ্য্যন্ত কেন্দ্ৰীয় নিশ্চয়তা প্ৰদান কৰিব। প্ৰথম ঋণৰ সফল পৰিশোধৰ পিছত ৭ কোটি টকা বা ঋণৰ পৰিমাণৰ ৫০ শতাংশ (যিটো নিম্ন) কেন্দ্ৰীয় নিশ্চয়তা প্ৰদান কৰা হ’ব। ইয়াৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ন্যূনতম ২০ কোটি টকা আৰু সৰু নগৰত পৰৱৰ্তী প্ৰকল্পৰ বাবে ২৮ কোটি টকাৰ প্ৰকল্পক ফলপ্ৰসূভাৱে সহায় কৰা হ’ব।

প্ৰত্যাহ্বান-ভিত্তিক প্ৰকল্প বাছনিঃ

এই পুঁজিৰ অধীনত প্ৰকল্পসমূহ ৰূপান্তৰশীল প্ৰভাৱ, বহনক্ষমতা আৰু সংস্কাৰ অভিমুখিতাকে প্ৰমুখ্য কৰি এটি প্ৰত্যাহ্বান-ভিত্তিক কাঠামোৰ জৰিয়তে বাছনি কৰা হ’ব। পুঁজিৰ ব্যৱস্থাক সংস্কাৰ, মাইলৰ খুঁটি আৰু স্পষ্টভাৱে নিৰ্ধাৰিত ফলাফলৰ সৈতে সংযুক্ত কৰা হ’ব। সংস্কাৰ সাধন অব্যাহত ৰখাটো অধিক পুঁজি মুকলি কৰাৰ পূৰ্বচৰ্ত হ’ব। গৃহ নিৰ্মাণ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্ৰালয়ৰ একক ডিজিটেল পৰ্টেলৰ জৰিয়তে প্ৰকল্প আৰু সংস্কাৰৰ পেপাৰ-বিহীন নিৰীক্ষণৰ সুবিধা প্ৰশস্ত কৰা হ’ব।

প্ৰকল্পৰ মাত্ৰাঃ

বিকাশৰ কেন্দ্ৰ হিচাপে নগৰসমূহ, নগৰাঞ্চলৰ চিনাক্তকৰণ, গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰসমূহ, গ্ৰীনফিল্ড আৰু অৰ্ধ-গ্ৰীনফিল্ড উন্নয়নকে প্ৰমুখ্য কৰি সংহত স্থানীয় অৰ্থনৈতিক আৰু ট্ৰেনজিট পৰিকল্পনা, ট্ৰেনজিট আৰু অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, নগৰীয়া ম’বিলিটি, অৰ্থনৈতিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প, কেন্দ্ৰীয় ব্যৱসায়িক জিলা আৰু ঐতিহ্যৰ নবীকৰণ, ব্ৰাউনফিল্ড পুনৰুত্পাদন, ট্ৰেনজিট অভিমুখী উন্নয়ন তথা উত্তৰ-পূব আৰু পাৰ্বত্য ৰাজ্যসমূহৰ বৰ্তমানৰ নগৰসমূহক ভিৰমুক্ত কৰা আৰু জলবায়ু স্থিতিস্থাপকতা, দুৰ্য্যোগ প্ৰশমনক সামৰি লোৱা নগৰসমূহৰ সৃষ্টিশীল পুনৰ উন্নয়ন। লগতে জল আৰু অনাময়, পানী যোগান, নলাৰ পানী ব্যৱস্থা, নগৰীয়া আন্তঃগাঁথনি, জল গ্ৰীড আৰু সংহত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ উন্নীতকৰণকে প্ৰমুখ্য কৰি আৱৰ্জনা সংশোধন তথা স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

ক’ভাৰেজঃ

এই পুঁজিয়ে সামৰিবঃ

  • ১০ লাখ বা ততোধিক জনসংখ্যা থকা সকলো নগৰ (২০২৫-ৰ অনুমান);
  • ওপৰত অন্তৰ্ভুক্ত নোহোৱা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী; আৰু
  • ১ লাখ বা ​ততোধিক জনসংখ্যা থকা প্ৰধান ঔদ্যোগিক নগৰসমূহ।

ইয়াৰ উপৰিও পাৰ্বত্য ৰাজ্য, উত্তৰ-পূবৰ ৰাজ্য আৰু ১ লাখতকৈ কম জনসংখ্যাৰ সৰু ইউএলবি-এ ঋণ পৰিশোধ নিশ্চয়তা আঁচনিৰ অধীনত সহায় লাভ কৰিব। নীতিগতভাৱে সকলো নগৰক ইউচিএফ-ৰ অধীনত সামৰি লোৱা হ’ব।

সংস্কাৰ-সংলগ্ন পুঁজি কাঠামোঃ

নগৰীয়া চেলেঞ্জ ফাণ্ডৰ অধীনত পুঁজিৰ ব্যৱস্থাই এক বিস্তৃত সংস্কাৰ সাধনক সামৰি লৈছেঃ

  • শাসন আৰু ডিজিটেল সংস্কাৰ;
  • ঋণযোগ্যতাৰ বৰ্ধন ঘটাবলৈ বজাৰ আৰু বিত্তীয় সংস্কাৰ;
  • উন্নত সেৱা প্ৰদান আৰু উপযোগিতা দক্ষতাৰ বাবে কাৰ্য্যকৰী সংস্কাৰ সাধন;
  • ট্ৰেনজিট-মুখী উন্নয়ন আৰু সেউজ আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি নগৰীয়া পৰিকল্পনা আৰু স্থানীয় সংস্কাৰ সাধন; আৰু
  • সংজ্ঞায়িত মূল প্ৰদৰ্শন সূচক (KPI), তৃতীয়-পক্ষৰ পৰীক্ষণ আৰু বহনক্ষম পৰিচালনা তথা ৰক্ষণাবেক্ষণ ব্যৱস্থাৰ সৈতে প্ৰকল্প-নিৰ্দিষ্ট সংস্কাৰ সাধন।

ফলাফলৰ অভিমুখিতাঃ

  1. প্ৰকল্পসমূহক ৰূপান্তৰশীল ফলাফল প্ৰদান কৰাৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হ’ব- ৰাজহ সংগ্ৰহ, ব্যক্তিগত বিনিয়োগ, চাকৰি সৃষ্টি আৰু উন্নত সুৰক্ষা, অন্তৰ্ভুক্তি, সেৱাৰ সমতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাকে প্ৰমুখ্য কৰি অৰ্থনৈতিক, সামাজিক আৰু জলবায়ু ফলাফলৰ পৰিমাপ কৰা হ’ব।
  2. নগৰীয়া চেলেঞ্জ পুঁজিয়ে বৃহৎ পৰিসৰৰ ব্যক্তিগত বিনিয়োগৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰিব, নগৰীয়া শাসন কাৰ্য্যক শক্তিশালী কৰিব আৰু ৰাষ্ট্ৰীয় উন্নয়ন অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি ভৱিষ্যতৰ বাবে সাজু নগৰ সৃষ্টি প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।

নগৰীয়া চেলেঞ্জ পুঁজি সন্দৰ্ভত সঘনাই উত্থাপিত প্ৰশ্নসমূহৰ লিংক

 

****

MJPS/VJ/SB


(ৰিলিজ আই ডি : 2228307) অতিথি কক্ষ : 5