বিত্ত মন্ত্ৰালয়
কেন্দ্ৰীয় বাজেট ২০২৬-২৭ -ত চাকৰি আৰু উদ্যোগৰ বাবে উচ্চ ক্ষমতাসম্পন্ন ‘শিক্ষা’ ৰ প্ৰস্তাৱ আৰু সেৱা খণ্ডৰ ওপৰত পৰিমাপসমূহৰ পৰামৰ্শ দিবলৈ স্থায়ী সমিতি গঠন
প্ৰত্যাহ্বানমূলক পথৰ জৰিয়তে ভাৰতৰ পূৱ অঞ্চলত নতুন ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান স্থাপন কৰা হ’ব
মুখ্য উদ্যোগ আৰু লজিষ্টিক কৰিডৰৰ সমীপত ৫ খন বিশ্ববিদ্যালয় চহৰৰ সৃষ্টি
প্ৰতিখন জিলাত এটাকৈ ছোৱালীৰ আশ্ৰয়গৃহ ভি জি এফ/কেপিটেল সমৰ্থনৰ জৰিয়তে স্থাপন কৰা হ'ব
জ্যোতিৰ্পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান প্ৰচাৰৰ বাবে ৪ টা দূৰবীক্ষণ যন্ত্ৰৰ আন্তঃগাঁথনিৰ সুবিধা স্থাপন কৰা বা উন্নীত কৰা হ’ব
পোষ্ট কৰা হৈছে:
01 FEB 2026 12:48PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত কেন্দ্ৰীয় বাজেট ২০২৬-২৭ দাখিল কৰে। কেন্দ্ৰীয় বাজেটে বিকশিত ভাৰতৰ মূল চালক হিচাপে সেৱা খণ্ডৰ ওপৰত গুৰুত্ব দিয়া ব্যৱস্থাসমূহৰ পৰামৰ্শ দিবলৈ এক উচ্চ ক্ষমতাসম্পন্ন ‘নিযুক্তি আৰু উদ্যোগলৈ শিক্ষা’ শীৰ্ষক স্থায়ী সমিতি গঠনৰ প্ৰস্তাৱ দিছে। ই ২০৪৭ চনৰ ভিতৰত ১০ শতাংশ গোলকীয় অংশীদাৰিত্বৰ সৈতে ভাৰতক সেৱাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিব। এই সমিতিয়ে বিকাশ, নিযুক্তি আৰু ৰপ্তানিৰ সম্ভাৱনা সৰ্বোত্তম কৰাৰ ক্ষেত্ৰসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰিব। তেওঁলোকে চাকৰি আৰু দক্ষতাৰ প্ৰয়োজনীয়তাৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি উদীয়মান প্ৰযুক্তিৰ প্ৰভাৱ মূল্যায়ন কৰিব আৰু ইয়াৰ ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াব।
ভাৰতীয় ডিজাইন উদ্যোগ দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আছে আৰু তথাপিও ভাৰতীয় ডিজাইনৰসকলৰ অভাৱ আছে। কেন্দ্ৰীয় বাজেটে প্ৰত্যাহ্বানমূলক পথৰ জৰিয়তে ভাৰতৰ পূব অঞ্চলত ডিজাইন শিক্ষা আৰু উন্নয়নক উৎসাহিত কৰাৰ বাবে এখন নতুন ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তাৱ দিছে।
প্ৰধান ঔদ্যোগিক আৰু লজিষ্টিক কৰিডৰৰ সমীপত ৫ খন বিশ্ববিদ্যালয় টাউনশ্বিপ সৃষ্টি কৰাত চৰকাৰে প্ৰত্যাহ্বানমূলক পথৰ জৰিয়তে ৰাজ্যসমূহক সহায় কৰিব। এই পৰিকল্পিত শৈক্ষিক অঞ্চলত একাধিক বিশ্ববিদ্যালয়, মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, দক্ষতা কেন্দ্ৰ আৰু আৱাসিক কমপ্লেক্স থাকিব।
উচ্চ শিক্ষাৰ এছ টি ই এম প্ৰতিষ্ঠানসমূহত দীঘলীয়া সময় অধ্যয়ন আৰু পৰীক্ষাগাৰৰ কামে ছাত্ৰী ছাত্ৰীসকলৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। কেন্দ্ৰীয় বাজেটত ভি জি এফ/মূলধন সমৰ্থনৰ জৰিয়তে প্ৰতিখন জিলাত ১টাকৈ ছোৱালীৰ আবাসগৃহ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে।
সম্পূৰ্ণ অভিজ্ঞতাৰ জৰিয়তে জ্যোতিৰ্পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰচাৰৰ বাবে ৪ টা দূৰবীক্ষণ যন্ত্ৰৰ আন্তঃগাঁথনি স্থাপন বা উন্নীত কৰা হ’ব-ৰাষ্ট্ৰীয় বৃহৎ সৌৰ দূৰবীক্ষণ যন্ত্ৰ, ৰাষ্ট্ৰীয় বৃহৎ অপ্টিকেল ইনফ্ৰাৰেড দূৰবীক্ষণ যন্ত্ৰ, হিমালয়ান চন্দ্ৰ দূৰবীক্ষণ যন্ত্ৰ আৰু ক'ছমছ ২ প্লেনেটৰিয়াম।


****
NB/BJK/MK
(ৰিলিজ আই ডি : 2221922)
অতিথি কক্ষ : 41
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
Bengali-TR
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam