বিত্ত মন্ত্ৰালয়
কেন্দ্ৰীয় বাজেট ২০২৬-২৭-ত স্থিৰ অৰ্থনৈতিক বিকাশ, সামৰ্থ্য নিৰ্মাণ আৰু সবকা সাথ, সবকা বিকাশৰ ৩টা কৰ্তব্যৰ ওপৰত গুৰুত্ব আৰোপ
বাজেট ২০২৬-২৭ হৈছে এখন অনন্য যুৱশক্তি-চালিত বাজেটঃ বিত্ত মন্ত্ৰী
পোষ্ট কৰা হৈছে:
01 FEB 2026 1:07PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত কেন্দ্ৰীয় বাজেট ২০২৬-২৭ দাখিল কৰাৰ সময়ত বিকশিত ভাৰতৰ দিশত সংস্কাৰৰ গতি ত্বৰান্বিত কৰিবলৈ ৩টা কৰ্তব্যৰ প্ৰস্তাৱ দিয়ে । বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমটো কৰ্তব্য হৈছে উৎপাদনশীলতা আৰু প্ৰতিযোগিতামূলকতা বৃদ্ধি কৰি অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা আৰু বহনক্ষম কৰি ৰখা তথা অস্থিৰ গোলকীয় গতিশীলতালৈ স্থিতিস্থাপকতা গঢ়ি তোলা; দ্বিতীয়টো কৰ্তব্য হৈছে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰা আৰু তেওঁলোকৰ সামৰ্থ্য গঢ়ি তোলা, তেওঁলোকক ভাৰতৰ সমৃদ্ধিৰ পথত শক্তিশালী অংশীদাৰ কৰি তোলা আৰু তৃতীয়টো কৰ্তব্য হৈছে, যাতে প্ৰতিটো পৰিয়াল, সম্প্ৰদায়, অঞ্চল আৰু খণ্ডই অৰ্থপূৰ্ণ অংশগ্ৰহণৰ বাবে সম্পদ, সা-সুবিধা আৰু সুযোগ লাভ কৰে।
বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিমাত্ৰিক দৃষ্টিভংগীৰ বাবে এক সহায়ক পৰিৱেশ তন্ত্ৰৰ প্ৰয়োজন । প্ৰথম প্ৰয়োজনীয়তাটো হ’ল অবিৰত, অভিযোজিত আৰু অগ্ৰগামীভাবে গাঁথনিগত সংস্কাৰৰ গতি বজাই ৰখা। দ্বিতীয়তে, সঞ্চয় একত্ৰিত কৰা, দক্ষভাৱে মূলধন আবণ্টন কৰা আৰু বিপদাশংকাৰ ব্যৱস্থাপনাৰ বাবে এক শক্তিশালী তথা স্থিতিস্থাপক বিত্তীয় খণ্ড কেন্দ্ৰীভুত কৰা । তৃতীয়তে, কৃত্ৰিম বুদ্ধিমত্তা এপ্লিকেচনকে ধৰি অত্যাধুনিক প্ৰযুক্তিসমূহে উন্নত প্ৰশাসনৰ বাবে শক্তিকাৰক হিচাপে কাম কৰিব পাৰে।
শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে কৰ্তব্য ভৱনত প্ৰস্তুত কৰা প্ৰথমখন বাজেট হৈছে এক অনন্য যুৱশক্তি-চালিত বাজেট, যি কেইবাটাও উদ্ভাৱনীমূলক ধাৰণাৰ পৰা অনুপ্ৰাণিত হৈছে আৰু যিবোৰ বিকশিত ভাৰত ইয়ং লিডাৰচ ডাইলগ ২০২৬ -ত প্ৰধানমন্ত্ৰীৰ সৈতে শ্বেয়াৰ কৰা হৈছিল।
বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ অৰ্থনৈতিক গতিপথ যোৱা ১২ বছৰত স্থিৰতা, বিত্তীয় অনুশাসন, ধাৰাবাহিক বিকাশ আৰু মধ্যমীয়া মুদ্ৰাস্ফীতিৰ দ্বাৰা চিহ্নিত হৈছে। চৰকাৰে ৰাজহুৱা বিনিয়োগৰ ওপৰত এক শক্তিশালী গুৰুত্ব বজাই ৰাখি নিৰন্তৰভাৱে সুদূৰপ্রসাৰী গাঁথনিগত সংস্কাৰ, বিত্তীয় বিচক্ষণতা আৰু বিত্তীয় স্থিৰতা অনুসৰণ কৰি আহিছে। তেওঁ কয় যে ‘আত্মনিৰ্ভৰশীলতা’ কেন্দ্ৰত ৰাখি চৰকাৰে ঘৰুৱা উৎপাদন ক্ষমতা, শক্তি সুৰক্ষা গঢ়ি তুলিছে আৰু গুৰুত্বপূৰ্ণ আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে নাগৰিককেন্দ্ৰিক উন্নয়ন নিশ্চিত কৰিছে আৰু নিযুক্তি সৃষ্টি, কৃষি উৎপাদনশীলতা, ঘৰুৱা ক্ৰয় শক্তি তথা জনসাধাৰণৰ বাবে সাৰ্বজনীন সেৱাক সমৰ্থন কৰাৰ বাবে সংস্কাৰ হাতত লৈছে। এই পদক্ষেপসমূহে প্ৰায় ৭ শতাংশ উচ্চ বিকাশৰ হাৰ প্ৰদান কৰিছে আৰু আমাক দৰিদ্ৰতা হ্ৰাস তথা মানুহৰ জীৱন উন্নত কৰাতঅগ্ৰগতি লাভ কৰাত যথেষ্ট সহায় কৰিছে, তেওঁ কয়।
শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে এনে এক বাহ্যিক পৰিৱেশত য'ত বাণিজ্য আৰু বহুপাক্ষিকতা বিপদাপন্ন হৈছে আৰু সম্পদ তথা যোগান শৃংখলাত ব্যাঘাত ঘটিছে। নতুন প্ৰযুক্তিয়ে পানী, শক্তি আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি কৰি উৎপাদন প্ৰণালীক ৰূপান্তৰিত কৰিছে; ভাৰতে অন্তৰ্ভুক্তিৰ সৈতে উচ্চাকাংক্ষাৰ ভাৰসাম্য বজাই ৰাখি বিকশিত ভাৰতৰ দিশত আত্মবিশ্বাসী পদক্ষেপ গ্ৰহণ অব্যাহত ৰাখিব আৰু বিশ্ব বজাৰৰ সৈতে গভীৰভাৱে একত্ৰিত হৈ থাকিব লাগিব, অধিক ৰপ্তানি কৰিব লাগিব আৰু দীৰ্ঘম্যাদী বিনিয়োগ আকৰ্ষণ কৰিব লাগিব। বিত্ত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ সৈতে দৃঢ়ভাৱে থিয় দিয়া আৰু বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতি হোৱাৰ দিশত একেলগে পথ প্ৰশস্ত কৰাৰ বাবে জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
উচ্চাকাংক্ষাক সাফল্য আৰু সম্ভাৱনাক প্ৰদৰ্শনলৈ ৰূপান্তৰিত কৰাৰ চৰকাৰৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বিকাশৰ লাভালাভ প্ৰতিজন কৃষক, অনুসূচীত জাতি, অনুসূচীত জনজাতি, যুৱক-যুৱতী, দৰিদ্ৰ আৰু মহিলাসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিছে।
বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নিযুক্তি সৃষ্টি, উৎপাদনশীলতা বৃদ্ধি আৰু বিকাশ ত্বৰান্বিত কৰাৰ দিশত ব্যাপক অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয় যে ২০২৫ চনৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত ৩৫০ ৰো অধিক সংস্কাৰ ৰূপায়ণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে জি এছ টি-ৰ সৰলীকৰণ, শ্ৰমিক সংহিতাৰ অধিসূচনা আৰু বাধ্যতামূলক মান নিয়ন্ত্ৰণ আদেশৰ যুক্তিসংগতকৰণ। উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে আৰু সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে নিয়ন্ত্ৰণ হ্ৰাস আৰু অনুপালনৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাৰ বাবে কাম কৰি আছে। তেওঁ কয় যে এই ৰিফৰ্ম এক্সপ্ৰেছ ভালদৰে আগবাঢ়িছে আৰু কৰ্তব্য পূৰণ কৰাৰ বাবে ই গতি বজাই ৰাখিব।
শ্ৰীমতী নিৰ্মলা সীতাৰমণে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত আৰু বহনক্ষম কৰি ৰাখিবলৈ প্ৰথম কৰ্তব্যৰ অধীনত ছয়টা ক্ষেত্ৰত হস্তক্ষেপৰ প্ৰস্তাৱ দিছিল ক) ৭টা কৌশলগত আৰু সীমান্ত খণ্ডত উৎপাদন বৃদ্ধি কৰা; খ) উত্তৰাধিকাৰী ঔদ্যোগিক খণ্ডসমূহক পুনৰুজ্জীৱিত কৰা; গ) ‘চেম্পিয়ন এমএছএমই’ সৃষ্টি কৰা; ঘ) আন্তঃগাঁথনিৰ বাবে এক শক্তিশালী প্ৰচেষ্টা প্ৰদান কৰা; ঙ) দীৰ্ঘম্যাদী শক্তি সুৰক্ষা আৰু সুস্থিৰতা নিশ্চিত কৰা আৰু চ) চহৰৰ অৰ্থনৈতিক অঞ্চলসমূহৰ বিকাশ সাধন কৰা ।
বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে দ্বিতীয় কৰ্তব্য হৈছে আকাংক্ষা পূৰণ কৰা আৰু ক্ষমতা নিৰ্মাণ কৰা। তেওঁ কয় যে আমাৰ চৰকাৰৰ ধাৰাবাহিক আৰু সংস্কাৰমুখী প্ৰচেষ্টাৰ এটা দশকৰ জৰিয়তে প্ৰায় ২৫ কোটি লোক বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে এক যুৱ ভাৰতৰ আকাংক্ষা পূৰণৰ পথ প্ৰদান কৰিবলৈ সেৱা খণ্ডৰ ওপৰত এক নতুন গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছে, যাৰ জৰিয়তে উন্নত ভাৰতৰ মূল চালক হিচাপে সেৱা খণ্ডৰ ওপৰত গুৰুত্ব দিয়া ব্যৱস্থাসমূহৰ পৰামৰ্শ দিবলৈ এক উচ্চ ক্ষমতাসম্পন্ন 'নিযুক্তি আৰু উদ্যোগলৈ শিক্ষা'-ৰ দৰে স্থায়ী সমিতি গঠনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সমিতিয়ে বিকাশ, নিযুক্তি আৰু ৰপ্তানিৰ সম্ভাৱনা সৰ্বোত্তম কৰাৰ ক্ষেত্ৰসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰিব। তেওঁলোকে চাকৰি আৰু দক্ষতাৰ প্ৰয়োজনীয়তাৰ ওপৰত বৃত্ৰিম বুদধিমত্তাকে ধৰি উদীয়মান প্ৰযুক্তিৰ প্ৰভাৱ মূল্যায়ন কৰিব আৰু ইয়াৰ ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াব। ই ২০৪৭ চনৰ ভিতৰত ১০ শতাংশ গোলকীয় অংশীদাৰিত্বৰ সৈতে ভাৰতক সেৱাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিব।
শ্ৰীমতী নিৰ্মলা সীতাৰমণে প্ৰস্তাৱ দিয়ে যে তৃতীয় কৰ্তব্যই ‘সবকা সাথ, সবকা বিকাশ’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে, তাৰ বাবে ক) ক্ষুদ্ৰ তথা প্রান্তীয় কৃষকসকলৰ ওপৰত বিশেষ গুৰুত্ব দি উৎপাদনশীলতা বৃদ্ধি আৰু উদ্যোগশীলতাৰ জৰিয়তে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা; খ) জীৱিকাৰ সুযোগ, প্ৰশিক্ষণ আৰু উচ্চ মানৰ সহায়ক সঁজুলিৰ প্ৰৱেশাধিকাৰৰ জৰিয়তে দিব্যাঙ্গজনক শক্তিশালী কৰা; গ) মানসিক স্বাস্থ্য আৰু আঘাতজনিত যত্ন লাভৰ বাবে দুৰ্বল লোকসকলক শক্তিশালী কৰা; ঘ) উন্নয়ন আৰু নিযুক্তিৰ সুযোগ ত্বৰান্বিত কৰিবলৈ পূৰ্বোদয় ৰাজ্য আৰু উত্তৰ-পূব অঞ্চলৰ ওপৰত গুৰুত্ব দিয়া ।
****
NB/AK/MK
(ৰিলিজ আই ডি : 2221527)
অতিথি কক্ষ : 81
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam