বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

বিগত বছৰসমূহত পেঞ্চন আৰু বীমা কভাৰেজ প্ৰদান কৰি সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে


৩১ ডিচেম্বৰলৈকে ৯.৫ শতাংশ চিএজিআৰৰ সৈতে ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত এনপিএছৰ গ্ৰাহক ২১১.৭ লাখলৈ বৃদ্ধি পাইছে

পিএফআৰডিএই এনপিএছ ই-শ্ৰমিক মডেলৰ অধীনত সামাজিক সুৰক্ষাৰ পৰিসৰ বৃদ্ধি কৰি গিগ কৰ্মীকে ধৰি দেশৰ বিশাল অনানুষ্ঠানিক কৰ্মশক্তিক সামৰি লোৱাত গুৰুত্ব আৰোপ কৰিছে

‘নন-লাইফ’ বীমা খণ্ডত গাঁথনিগত পৰিৱৰ্তন; স্বাস্থ্য বীমাই মুঠ ঘৰুৱা প্ৰিমিয়ামৰ ৪১ শতাংশ লাভ কৰে

বীমা কোম্পানীসমূহৰ ২২,০৭৬টা কাৰ্যালয় আৰু ৮৩ লাখ বিতৰকৰ নেটৱৰ্কে বীমা কভাৰেজক আগুৱাই লৈ গৈছে

प्रविष्टि तिथि: 29 JAN 2026 1:44PM by PIB Guwahati

আজি সংসদত ২০২৫-২৬ বৰ্ষৰ অৰ্থনৈতিক জৰীপ উপস্থাপন কৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে পেঞ্চন আৰু বীমাৰ ক্ষেত্ৰত নাগৰিকক সামাজিক সুৰক্ষা কভাৰেজ প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে। সমীক্ষাটোত এইটোও উল্লেখ কৰা হৈছে যে দেশৰ বীমা আৰু পেঞ্চন নিয়ন্ত্ৰণ সংস্থা আইআৰডিএআই আৰু পিএফআৰডিএয়ে বিত্তীয় অন্তৰ্ভুক্তি গভীৰ কৰাৰ বাবে আৰু সুবিধালাভ নকৰা শ্ৰেণীক সুৰক্ষা প্ৰদানৰ বাবে সংস্কাৰ আগবঢ়াই নিছে।

পেঞ্চন খণ্ড

সমীক্ষাটোত উল্লেখ কৰা হৈছে যে পেঞ্চন ফাণ্ড ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটিয়ে (পিএফআৰডিএ) এক শক্তিশালী পেঞ্চন ব্যৱস্থাৰ ভেটি স্থাপন কৰিছে যিয়ে ইয়াৰ গ্ৰাহকসকলক বহুতো বিকল্প প্ৰদান কৰে আৰু জনসংখ্যাৰ এক বৃহৎ অংশক সামৰি লয়। ভাৰতৰ পেঞ্চন লেণ্ডস্কেপত বজাৰ সংযুক্ত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (এনপিএছ), ২০২৫ চনত আৰম্ভ হোৱা চৰকাৰী সমৰ্থিত ইউনিফাইড পেঞ্চন আঁচনি (ইউপিএছ) আৰু বহল কভাৰেজৰ বাবে কৰ্মচাৰীৰ ভৱিষ্য নিধি (ইপিএফ) আৰু অটল পেঞ্চন যোজনা (এপিৱাই)ৰ দৰে অন্যান্য আঁচনিৰে গঠিত বহুস্তৰীয় পেঞ্চন ব্যৱস্থা আছে।

২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে এনপিএছৰ ২ কোটি ১৭ লাখ গ্ৰাহক আছিল আৰু ১৬.১ কোটিৰ সম্পত্তি পৰিচালিত কৰিছিল। সমীক্ষাটোত কোৱা হৈছে যে যোৱা দশকত (বিত্তীয় বৰ্ষ ১৫ৰ পৰা বিত্তীয় বৰ্ষ ২৫লৈ) এনপিএছ গ্ৰাহকসকল ৯.৫ শতাংশ চিএজিআৰৰে বৃদ্ধি পাইছে, আৰু পৰিচালনাৰ অধীনত থকা সম্পত্তি (এইউএম) ৩৭.৩ শতাংশ দ্ৰুত চিএজিআৰৰে বৃদ্ধি পাইছে। একেদৰে ২০১৬ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা এপিৱাইৰ গ্ৰাহকসকলে ৪৩.৭ শতাংশ শক্তিশালী চিএজিআৰৰে বৃদ্ধি পাইছে, আৰু এইউএময়ে ৬৪.৫ শতাংশ চিএজিআৰৰে আকৰ্ষণীয় বৃদ্ধি দেখুৱাইছে।

সমীক্ষাটোত কোৱা হৈছে যে পিএফআৰডিএই সামাজিক সুৰক্ষাৰ পৰিসৰ বৃদ্ধি কৰি দেশৰ বৃহৎ অনানুষ্ঠানিক কৰ্মশক্তিক সামৰি লোৱাত গুৰুত্ব আৰোপ কৰিছে। ২০২৫ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱা এনপিএছ ই-শ্ৰমিক মডেলে প্লেটফৰ্ম (গিগ) কৰ্মীসকলক লক্ষ্য কৰি অৱসৰৰ সময়ত সঞ্চয়ৰ মূলসুঁতিত একত্ৰিত কৰে। ইয়াৰ উপৰিও পিএফআৰডিএই কৃষক উৎপাদক সংস্থা (এফপিঅ’) আৰু এমএছএমইৰ সৈতে অংশীদাৰিত্ব কৰি এনপিএছ আৰু এপিৱাইৰ জৰিয়তে কৃষক, এফপিঅ’ৰ সদস্য, আৰু আত্মসহায়ক গোটৰ সদস্যকে ধৰি অধিক কৃষি শ্ৰমিকলৈ পেঞ্চনৰ কভাৰেজ সম্প্ৰসাৰণ কৰিছে।

সমীক্ষাটোৱে লক্ষ্য কৰিছে যে পেঞ্চনৰ বিষয়ে ধাৰাবাহিকভাৱে সজাগতাৰ অভাৱে কম আয়ৰ আৰু গ্ৰাম্য পৰিয়ালৰ বাবে দীৰ্ঘম্যাদী অৱসৰৰ সামগ্ৰীৰ সুবিধা সীমিত কৰি পেলায়। শেহতীয়া পদক্ষেপসমূহ, যেনে সহজ অনবৰ্ডিং, এনপিএছ লাইটৰ ভিন্নতা, এপিৱাই আউটৰিচ অভিযান, ই-এনপিএছ, ডিজিটেল কেৱাইচি, নমনীয় অৱদান গঠন, আৰু নাবালক, গিগ কৰ্মী, আৰু কৃষক গোটৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা সামগ্ৰীসমূহে এই দীৰ্ঘদিনীয়া কভাৰেজ ব্যৱধানসমূহ দূৰ কৰাৰ ক্ষেত্ৰত অগ্ৰগতিৰ ইংগিত দিয়ে।

সমীক্ষাটোৱে প্ৰকাশ কৰিছে যে দেশৰ পেঞ্চন ব্যৱস্থাৰ বাবে আগুৱাই যোৱাৰ পথ নিহিত হৈ আছে অৱদান আৰু অনা-অৱদানমূলক আঁচনি দুয়োটাৰে চিন্তাশীল সম্প্ৰসাৰণত। ৰাজ্য চৰকাৰ, সমবায়, কৃষক নেটৱৰ্ক, আৰু গিগ-প্লেটফৰ্ম কোম্পানীসমূহৰ সৈতে জড়িত হ’লে শেষ মাইলৰ প্ৰৱেশ নিশ্চিত কৰিব পাৰি। এই খণ্ডটো অধিক অগ্ৰগতিৰ বাবে নিয়ন্ত্ৰণমূলক অভিসৰণ হৈছে এক ক্ষেত্ৰ। এই পৰ্যালোচনাত এনে অধ্যয়নৰ উল্লেখ কৰা হৈছে যিয়ে ইপিএফঅ’, পিএফআৰডিএ আৰু ৰাজ্যিক পৰ্যায়ৰ পেঞ্চন সংস্থাসমূহৰ মাজত উন্নত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাতে খণ্ডিতকৰণ হ্ৰাস পায়, বহনযোগ্যতা বৃদ্ধি পায় আৰু শাসন ব্যৱস্থা সুশৃংখলিত হয়।

সমীক্ষাত এইটোও কোৱা হৈছে যে সমগ্ৰ এনপিএছ, এপিৱাই, আৰু অন্যান্য আঁচনিসমূহত আন্তঃকাৰ্য্যক্ষমতা বৃদ্ধি কৰিলে শ্ৰমিকসকলে খণ্ড সলনি বা স্থানান্তৰিত হ’লে নিৰৱচ্ছিন্ন পৰ্টেবিলিটিৰ সুবিধা পাব। এচ্যুৱেৰিয়েল ক্ষমতা শক্তিশালী কৰা, ৰিস্ক-মডেলিং কাঠামো উন্নত কৰা, আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ চেনেলসমূহক প্ৰসাৰ কৰাই স্থিতিস্থাপকতা আৰু ৰিটাৰ্ণ দুয়োটা বৃদ্ধি কৰিব পাৰে। ইয়াত উল্লেখ কৰা হৈছে যে প্ৰতিষ্ঠানিক শক্তিশালীকৰণ অব্যাহত ৰখাৰ লগে লগে দেশখনে এক পেঞ্চন ব্যৱস্থা গঢ়ি তুলিবলৈ সুস্থিৰ অৱস্থাত আছে যিটো অন্তৰ্ভুক্ত, ভৱিষ্যতৰ বাবে সাজু আৰু বিশ্বজুৰি উত্তম পদ্ধতিৰ ওপৰত ভিত্তি কৰি কৰা হয়।

বীমা খণ্ড

“২০৪৭ চনৰ ভিতৰত সকলোৰে বাবে বীমা”ৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত ভাৰতীয় বীমা খণ্ডটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে। অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে যে ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই নীতিভিত্তিক কাঠামোৰ দিশত আগবাঢ়িছে যিয়ে নিয়মসমূহ শক্তিশালী কৰে, অনুসৰণৰ বোজা হ্ৰাস কৰে, আৰু বীমা কোম্পানীসমূহক উদ্ভাৱনৰ বাবে অধিক নমনীয়তা প্ৰদান কৰে। ইফালে “সবকা বীমা সবকী ৰক্ষা” (বীমা আইন সংশোধনী) য়ে বীমা ব্যৱস্থাক ডিজিটেলাইজ কৰা আৰু কভাৰেজক গণতান্ত্ৰিক কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে।

সমীক্ষাটোৱে আৰু কয় যে নন-লাইফ বীমা খণ্ডত গাঁথনিগত পৰিৱৰ্তন স্পষ্ট হৈ পৰিছে, য’ত মুঠ ঘৰুৱা প্ৰিমিয়ামৰ ৪১ শতাংশ স্বাস্থ্য বীমাই লাভ কৰি মটৰ বীমাক অতিক্ৰম কৰি সৰ্ববৃহৎ ব্যৱসায়ত পৰিণত হৈছে। নন-লাইফ খণ্ডত নিকা ব্যয়ৰ দাবী বিত্তীয় বৰ্ষ ২১ৰ পৰা ৭০ শতাংশতকৈ অধিক বৃদ্ধি পাই বিত্তীয় বৰ্ষ ২৫ত ১.৯ লাখ কোটি টকা হৈছে, মূলতঃ স্বাস্থ্য আৰু মটৰ খণ্ডৰ দ্বাৰা পৰিচালিত হৈছে। কিন্তু জীৱন বীমা খণ্ডই এই খণ্ডত আধিপত্য বিস্তাৰ কৰিছে, মুঠ এইউএমৰ ৯১ শতাংশ আৰু প্ৰিমিয়াম আয়ৰ প্ৰায় ৭৫ শতাংশ অৰিহণা যোগায়। পৰ্যালোচনাত কোৱা হৈছে যে ২০২৫ বিত্তীয় বৰ্ষত জীৱন বীমা কোম্পানীসমূহে মুঠ ৬.৩ লাখ কোটি টকাৰ সুবিধা প্ৰদান কৰিছিল।

২৬টা জীৱন বীমা কোম্পানী, ২৬টা নন-লাইফ বীমা কোম্পানী, সাতটা স্বাস্থ্য বীমা কোম্পানী, আৰু দুটা বিশেষ বীমা কোম্পানীয়েই সক্ৰিয় আৰু ৮৩ লাখতকৈ অধিক বিতৰকৰ নেটৱৰ্কৰ দ্বাৰা সমৰ্থিত। ২০২৫ চনৰ মাৰ্চ মাহলৈকে বীমা কোম্পানীসমূহৰ মুঠ কাৰ্যালয়ৰ সংখ্যা আছিল ২২,০৭৬টা। জৰীপটোৱে এইটোও উল্লেখ কৰিছে যে এজেণ্ট, পইণ্ট অৱ চেলছ কৰ্মী, আৰু প্ৰতিষ্ঠানিক অংশীদাৰেৰে গঠিত বিতৰণ নেটৱৰ্কটো ২০২১ বিত্তীয় বৰ্ষত প্ৰায় ৪৮ লাখৰ পৰা ২০২৫ বিত্তীয় বৰ্ষত প্ৰায় ৮৩ লাখলৈ বৃদ্ধি পাইছে।

সমীক্ষাটোত কোৱা হৈছে যে জীৱন বীমা আৰু ব্যক্তিগত স্বাস্থ্য বীমা পলিচীৰ ওপৰত জিএছটি ৰেহাই দিয়াৰ ফলত পলিচিধাৰীসকলক যথেষ্ট সকাহ পোৱাৰ লগতে বীমা সেৱাসমূহ অধিক সুলভ কৰি তুলিছে। “সবকা বিমা, সবকী সুৰক্ষা আইন, ২০২৫” ৰূপায়ণে বীমা খণ্ডলৈ বহু প্ৰত্যাশিত সংস্কাৰ কঢ়িয়াই আনিব। ইয়াৰ উপৰিও কোৱা হৈছে যে অন্যান্য সংশোধনীৰ লগতে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সীমা ১০০ শতাংশলৈ বৃদ্ধি কৰিলে ব্যৱসায় কৰাত সহজ হ’ব আৰু বীমা খণ্ডৰ সম্প্ৰসাৰণৰ পথ মুকলি হ’ব।

বীমা খণ্ডটো এক জটিল সন্ধিক্ষণত আছে, কিয়নো ই “কম অনুপ্ৰৱেশ, উচ্চ খৰচ” ট্ৰেড-অফত আবদ্ধ হৈ আছে। ইয়াৰ কাৰণ হৈছে ব্যয়বহুল বিতৰণ মডেল যিয়ে বীমা কভাৰেজৰ খৰচ বৃদ্ধি কৰিছে। অৰ্থনৈতিক জৰীপে কয় যে আগুৱাই যোৱাৰ পথটোৱে নিৰ্ণায়ক পৰিৱৰ্তনৰ দাবী কৰে, বীমা কোম্পানীসমূহে অধিগ্ৰহণৰ খৰচ হ্ৰাস কৰিবলৈ আৰু পলিচিধাৰীসকলক “টকাৰ বিনিময়ত মূল্য” প্ৰদান কৰিবলৈ বিতৰণৰ ডিজিটেলাইজেচনক অগ্ৰাধিকাৰ দিব লাগিব।

 

 

*****

NB/VM/NS/AA


(रिलीज़ आईडी: 2220614) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Tamil , Kannada , Malayalam