প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঐতিহাসিক ভাৰত-ইউৰোপিয়ান ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 JAN 2026 10:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত-ইউৰোপিয়ান ইউনিয়ন মুক্ত বাণিজ্য চুক্তিৰ আভাস শ্বেয়াৰ কৰে। ‘ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ এন্টোনিঅ’ ক’ষ্টা আৰু ইউৰোপিয়ান কমিছনৰ অধ্যক্ষ উৰছুলা ভন ডেৰ লেয়েন আৰু মই ঐতিহাসিক ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তি সম্পন্ন হোৱাৰ কথা ঘোষণা কৰি আনন্দিত হৈছো’, শ্ৰী মোদীয়ে কয়। ‘আজি ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পন্ন হোৱাটো আমাৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। ইয়াক সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত গঠনমূলক মনোভাৱ আৰু প্ৰতিশ্ৰুতিৰ বাবে মই ইউৰোপৰ সকলো নেতাক ধন্যবাদ জনাইছো। এই চুক্তিয়ে অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰিব, আমাৰ জনসাধাৰণৰ বাবে সুযোগ সৃষ্টি কৰিব আৰু এক সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে ভাৰত-ইউৰোপৰ অংশীদাৰিত্ব শক্তিশালী কৰিব’, শ্ৰী মোদীয়ে লগতে কয়।

এক্সত এলানি পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ

‘ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ এন্টোনিঅ’ ক’ষ্টা আৰু ইউৰোপিয়ান কমিছনৰ অধ্যক্ষ উৰছুলা ভন ডেৰ লেয়েনৰ সৈতে যুটীয়া সংবাদ সভাত সম্বোধন।’

@eucopresident

@vonderleyen

@EUCouncil

@EU_Commission

‘ইউৰোপিয়ান ইউনিয়নৰ সৈতে হোৱা ঐতিহাসিক চুক্তি হৈছে ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ মুক্ত বাণিজ্য চুক্তি, ইয়াৰ ফলত ভাৰতৰ ১৪০ কোটি লোক যথেষ্ট উপকৃত হৈছে। ই হ’বঃ

আমাৰ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে ইউৰোপীয় বজাৰসমূহত সহজ প্ৰৱেশাধিকাৰ।

উৎপাদনৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি।

আমাৰ সেৱা খণ্ডসমূহৰ মাজত সহযোগিতা অধিক শক্তিশালীকৰণ।

#IndiaEUTradeDeal

‘বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ আৰু চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতিৰ মাজত হোৱা এই যুগান্তকাৰী চুক্তিয়ে অভূতপূৰ্ব সুযোগ সৃষ্টি কৰাৰ লগতে বিকাশৰ লগতে সহযোগিতাৰ নতুন পথ মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই চুক্তিয়ে সমগ্ৰ বিশ্ব সম্প্ৰদায়ক উপকৃত কৰিব।

ই মূল খণ্ডসমূহত মানসম্পন্ন নিয়োগ সৃষ্টি কৰাত সহায় কৰিব, আমাৰ যুৱক-যুৱতী, পেছাদাৰী প্ৰতিভা, শিক্ষাৰ্থী আৰু গৱেষকসকলৰ বাবে অধিক গতিশীলতা সক্ষম কৰিব আৰু ডিজিটেল যুগৰ সম্ভাৱনা মুকলি কৰিব। গুৰুত্বপূৰ্ণভাৱে ই উদ্ভাৱনক উৎসাহিত কৰিব আৰু পাৰস্পৰিক বিকাশৰ বাবে অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰিব।

ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নে এক সমৃদ্ধিশালী তথা বহনক্ষম ভৱিষ্যতৰ দিশত বিশ্বাস আৰু উচ্চাকাংক্ষাৰে একেলগে আগবাঢ়ি আছে!

#IndiaEUTradeDeal

‘আজিৰ দিনটো চিৰস্মৰণীয়, যিটো আমাৰ অংশীদাৰী ইতিহাসত স্থায়ীভাৱে চিহ্নিত।

ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ এন্টোনিঅ’ ক’ষ্টা, ইউৰোপিয়ান কমিছনৰ অধ্যক্ষ উৰছুলা ভন ডেৰ লেয়েন আৰু মই ঐতিহাসিক ভাৰত-ইউৰোপিয়ান ইউনিয়ন মুক্ত বাণিজ্য চুক্তি সম্পন্ন হোৱাৰ কথা ঘোষণা কৰি আনন্দিত হৈছো।

এইটো আমাৰ সম্পৰ্কৰ এক মাইলৰ খুঁটি যি হ’বঃ

আমাৰ অৰ্থনৈতিক সম্পৰ্ক শক্তিশালীকৰণ,

আমাৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টি,

আমাৰ ব্যৱসায়ৰ বাবে বিভিন্ন সুযোগ,

অংশীদাৰী সমৃদ্ধি বৃদ্ধি,

শক্তিশালী গোলকীয় যোগান শৃংখলা সৃষ্টি।

#IndiaEUTradeDeal’

@eucopresident

@vonderleyen

@EUCouncil

@EU_Commission

‘ভাৰত আৰু ইউৰোপে আজি এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিয়ে বিকাশ, বিনিয়োগ আৰু কৌশলগত সহযোগিতাৰ বাবে নতুন পথ মুকলি কৰিছে।’

#IndiaEUTradeDeal

@eucopresident

‘এই চুক্তিয়ে আমাৰ কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱনক আগবঢ়াই নিব।

ই এক সুস্থিৰ, সমৃদ্ধিশালী আৰু ভৱিষ্যতৰ বাবে সাজু অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে আমাৰ যৌথ সংকল্পক প্ৰতিফলিত কৰে।’

#IndiaEUTradeDeal

@EU_Commission

@vonderleyen

‘ভাৰত-ইউৰোপিয়ান ইউনিয়ন ব্যৱসায়িক ফ’ৰামৰ সময়ত মোৰ মন্তব্য শ্বেয়াৰ কৰিছো।’

‘আজি ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পন্ন হোৱাটো আমাৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। ইয়াক সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত গঠনমূলক মনোভাৱ আৰু প্ৰতিশ্ৰুতিৰ বাবে মই ইউৰোপৰ সকলো নেতাক ধন্যবাদ জনাইছো। এই চুক্তিয়ে অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰিব, আমাৰ জনসাধাৰণৰ বাবে সুযোগ সৃষ্টি কৰিব আৰু এক সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে ভাৰত-ইউৰোপৰ অংশীদাৰিত্ব শক্তিশালী কৰিব।’

‘এই ফলাফলসমূহে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আমাৰ দায়বদ্ধতাক সুদৃঢ় কৰে।’

‘ভাৰত-ইউৰোপিয়ান ইউনিয়ন ব্যৱসায়িক ফ’ৰাম ভাৰত আৰু ইউৰোপৰ মাজত বিস্তৃত অৰ্থনৈতিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ এক মহান মঞ্চ আছিল। আজি স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়ে ব্যৱসায়, এমএছএমই আৰু উদ্ভাৱকসকলৰ বাবে অসংখ্য সুযোগ কঢ়িয়াই আনিছে। ই অংশীদাৰী সমৃদ্ধিৰ বাবে এক নতুন পৰিকল্পনা।’

@EU_Commission

@vonderleyen

****

 

MJPS/VJ/HS


(रिलीज़ आईडी: 2219572) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam