প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছাৰ মাৰ্ক টুলীৰ মৃত্যুত শোক প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
25 JAN 2026 7:11PM by PIB Guwahati
সাংবাদিকতাৰ সবল কণ্ঠস্বৰ ছাৰ মাৰ্ক টুলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ সৈতে ছাৰ মাৰ্ক টুলীৰ গভীৰ সংযোগ তেওঁৰ ৰচনাত স্পষ্টভাৱে প্ৰতিফলিত হৈছে। তেওঁ উল্লেখ কৰে যে ছাৰ মাৰ্কৰ প্ৰতিবেদন আৰু অন্তৰ্দৃষ্টিয়ে ৰাজহুৱা ক্ষেত্ৰত চিৰস্থায়ী চিন ৰাখিছে।
প্ৰধানমন্ত্ৰীয়ে ছাৰ মাৰ্ক টুলীৰ শোকসন্তপ্ত পৰিয়াল, বন্ধুবৰ্গ আৰু প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
"সাংবাদিকতাৰ সবল কণ্ঠস্বৰ ছাৰ মাৰ্ক টুলিৰ মৃত্যুত মৰ্মাহত। ভাৰত আৰু আমাৰ দেশৰ জনসাধাৰণৰ সৈতে তেওঁৰ সংযোগ তেওঁৰ ৰচনাত প্ৰতিফলিত হৈছিল। তেওঁৰ প্ৰতিবেদন আৰু অন্তৰ্দৃষ্টিয়ে ৰাজহুৱা ক্ষেত্ৰত চিৰস্থায়ী চিন ৰাখিছে। তেওঁৰ পৰিয়াল, বন্ধুগৰ্ব আৰু প্ৰশংসকলৈ সমবেদনা জ্ঞাপন কৰিছো।"
***********
MJPS/ST/DM
(ৰিলিজ আই ডি : 2218689)
অতিথি কক্ষ : 27
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Malayalam