গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ ২০২৬ৰ প্ৰাতিষ্ঠানিক শিতানত ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু ব্যক্তিগত শিতানত লেফটেনেণ্ট কৰ্ণেল সীতা অশোক শ্বেলকে নিৰ্বাচিত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতৰ ব্যক্তি আৰু সংস্থাসমূহে আগবঢ়োৱা অমূল্য অৱদান আৰু নিঃস্বাৰ্থ সেৱাক স্বীকৃতি আৰু সন্মান জনাবলৈ সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ প্ৰতিষ্ঠা কৰিছে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দিগদৰ্শনত দেশে ইয়াৰ দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি, প্ৰস্তুতি, প্রশমন আৰু প্ৰতিক্ৰিয়া প্ৰণালী যথেষ্ট উন্নত কৰাৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাইছে

प्रविष्टि तिथि: 23 JAN 2026 9:07AM by PIB Guwahati

প্ৰাতিষ্ঠানিক শিতানত ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এছএছডিএমএ) আৰু ব্যক্তিগত শিতানত লেফটেনেণ্ট কৰ্ণেল সীতা অশোক শ্বেলকেক দুৰ্যোগ ব্যৱস্থাপনাত তেওঁলোকৰ উৎকৃষ্ট বৰঙণিৰ বাবে সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ ২০২৬ৰ বাবে নিৰ্বাচিত কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতৰ ব্যক্তি আৰু সংস্থাসমূহে আগবঢ়োৱা অমূল্য অৱদান আৰু নিঃস্বাৰ্থ সেৱাক স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ নামেৰে জনাজাত এক বাৰ্ষিক বঁটা প্ৰতিষ্ঠা কৰিছে। প্ৰতি বছৰে ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয়।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দিগদৰ্শনত দেশে ইয়াৰ দুৰ্যোগ ব্যৱস্থাপনা অনুশীলন, প্ৰস্তুতি, প্রশমন আৰু সঁহাৰি প্ৰণালী যথেষ্ট উন্নত কৰাৰ ফলত ফলত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাইছে।

২০২৬ বৰ্ষৰ বঁটাৰ বাবে ২০২৫ চনৰ ১ মে’ৰ পৰা মনোনয়ন বিচৰা হৈছিল। ২০২৬ বৰ্ষৰ এই বঁটাৰ বিষয়ে ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপক প্ৰচাৰ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত প্ৰতিষ্ঠান আৰু ব্যক্তিৰ পৰা ২৭১ টা মনোনয়ন লাভ কৰা হৈছিল।

দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ২০২৬ চনৰ বঁটা বিজয়ীসকলৰ অতুলনীয় বৰঙণিৰ সাৰাংশ তলত দিয়াধৰণৰঃ

লেফটেনেণ্ট কৰ্ণেল সীতা অশোক শ্বেলকে-ব্যক্তিগত শিতান

ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল সীতা অশোক শ্বেলকেই ২০২৪ চনৰ বানপানী আৰু ভূমিস্খলনৰ সময়ত কেৰালাৰ ৱায়ানাডত বৃহৎ পৰিমাণৰ মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্য (এইচ এ ডি আৰ) অভিযানৰ নেতৃত্ব দিছিল। তেওঁ অসামৰিক কৰ্তৃপক্ষ আৰু স্থানীয় নেতাসকলৰ সৈতে সমন্বয়েৰে দ্ৰুত স্থানান্তৰ, সাহায্য বিতৰণ আৰু অত্যাৱশ্যকীয় সেৱাৰ পুনৰুদ্ধাৰ নিশ্চিত কৰিছিল। লেফটেনেণ্ট কৰ্ণেল সীতা অশোক শ্বেলকেই প্ৰতিকূল বতৰৰ পৰিস্থিতিত নেতৃত্ব দিয়া একাধিক উচ্চ-বিপদাশংকাৰ উদ্ধাৰ অভিযানৰ জৰিয়তে শ শ অসামৰিক লোকক উদ্ধাৰ কৰা হৈছিল। তেওঁ চুৰালমালাত ১৯০ ফুট উচ্চতাৰ বেইলী সেতুৰ দ্ৰুত নিৰ্মাণৰ তত্বাৱধান কৰিছিল, দূৰৱৰ্তী গাঁওসমূহৰ সৈতে গুৰুত্বপূৰ্ণ সংযোগ পুনৰুদ্ধাৰ কৰাৰ লগতে অধিক ওজনৰ সমতা ৰক্ষা কৰিবলৈ কমাৎসু পি চি ২১০ খননকাৰী ব্যৱহাৰ কৰা আৰু নিশাৰ চাৰি ঘণ্টাৰ ভিতৰত এক উন্নত ফুটব্ৰীজ নিৰ্মাণ কৰাৰ দৰে উদ্ভাৱনীমূলক অভিযান্ত্ৰিক সমাধানসমূহ কাৰ্যকৰী কৰিছিল।

১৫০ টন সঁজুলি একত্ৰিত কৰি লেফটেনেণ্ট কৰ্ণেল সীতা অশোক শ্বেলকেই সময়োচিত সাহায্য আৰু উদ্ধাৰ প্ৰচেষ্টাৰ জৰিয়তে হাজাৰ হাজাৰ লোকক উপকৃত কৰা অভিযানৰ নেতৃত্ব দিছিল। তেওঁ দুৰ্যোগ সঁহাৰি আৰু মানৱীয় অভিযানত ২,৩০০ৰো অধিক কৰ্মচাৰীক প্ৰশিক্ষণ দিছিল। তেওঁ নিজৰ অভিযান্ত্ৰিক সেৱাৰ জৰিয়তে দুৰ্যোগৰ বিপদাশংকা হ্ৰাস (ডি আৰ আৰ) কাৰ্যকৰী কৰে। কৰ্পছ অৱ ইঞ্জিনিয়াৰ্ছৰ দক্ষতা ব্যৱহাৰ কৰি, তেওঁ দুৰ্যোগ-প্ৰভাৱিত দূৰৱৰ্তী অঞ্চলসমূহত দলং, প্ৰৱেশ পথ আৰু আশ্ৰয়ৰ দ্ৰুত নিৰ্মাণত সহায় কৰাৰ জৰিয়তে সাহায্য আৰু পুনৰুদ্ধাৰত সহায় কৰিছিল। তেওঁৰ কৰ্মই ব্যৱহাৰিক নেতৃত্ব আৰু কাৰ্য্যকৰীভাৱে দুৰ্যোগৰ বিপদাশংকা হ্ৰাসত মহিলাৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰে।

ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এছএছডিএমএ)-প্ৰাতিষ্ঠানিক শিতান

২০০৫ চনত ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এছএছডিএমএ) প্ৰতিষ্ঠা কৰা হৈছিল। এছ এছ ডি এম এয়ে তিনিটা স্তৰত দুৰ্যোগ ব্যৱস্থাপনা বিষয়া হিচাপে ১,১৮৫ গৰাকী প্ৰশিক্ষিত বিপদমিত্ৰক নিয়োগ কৰি ছিকিমত দুৰ্যোগ প্ৰস্তুতি আৰু সঁহাৰি যথেষ্ট শক্তিশালী কৰিছে-গাঁও পৰ্যায়ত দুৰ্যোগ ব্যৱস্থাপনা সহায়ক, খণ্ড মুখ্য কাৰ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা পৰিদৰ্শক আৰু জিলা মুখ্য কাৰ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা সমন্বয়কাৰী। সকলো গ্ৰাম পঞ্চায়তত দুৰ্যোগ ব্যৱস্থাপনা সহায়ক নিয়োগ কৰা হয়। ইয়াৰ ফলত অংশগ্ৰহণমূলক পৰিকল্পনা, সামৰ্থ্য-নিৰ্মাণৰ পদক্ষেপ আৰু পঞ্চায়ত পৰ্যায়ৰ সমিতিসমূহৰ সৃষ্টি হৈছে, যিয়ে সমগ্ৰ ৬ খন জিলাতে দুৰ্যোগ আৰু জলবায়ুৰ বিপদাশংকাক প্ৰতিৰোধযোগ্য কৰি তুলিছে।

২০১৬ চনৰ মান্টাম ভূমিস্খলন আৰু ২০২৩ চনৰ তিস্তা বানপানীৰ দৰে গুৰুত্বপূৰ্ণ ঘটনাৰ সময়ত এছ এছ ডি এম এৰ বাস্তৱ-সময়ৰ সমন্বয় আৰু প্ৰশিক্ষিত প্ৰথম সঁহাৰি দিয়াসকলে ২,৫৬৩ গৰাকী লোকক উদ্ধাৰ কৰাত সক্ষম হোৱাৰ লগতে জীৱনহানি আৰু ক্ষতি হ্ৰাস কৰিছিল। এছ এছ ডি এম এয়ে আগতীয়া সতৰ্কবাণী, প্ৰস্তুতি আৰু স্থানীয় সামৰ্থ্য নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিপদমিত্ৰৰ জৰিয়তে এক সক্ৰিয়, সম্প্ৰদায়-কেন্দ্ৰিক দুৰ্যোগ বিপদাশংকা হ্ৰাসৰ দৃষ্টিভংগীক প্ৰাতিষ্ঠানিক কৰি তুলিছে। সম্প্ৰদায়-কেন্দ্ৰিক দুৰ্যোগ স্থিতিস্থাপকতাৰ এক বহনক্ষম, পৰিসৰযোগ্য আৰু প্ৰতিলিপি কৰিব পৰা আৰ্হি সৃষ্টি কৰা, বিশেষকৈ অন্যান্য হিমালয় আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে প্ৰাসংগিক।

*****

RK/RR/PR/PS/DD


(रिलीज़ आईडी: 2217734) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Telugu , Malayalam , English , Urdu , Nepali , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Kannada