প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী নাৰায়ণ ধৰ্মসংঘম ট্ৰাষ্টৰ স্বামীসকলক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
23 JAN 2026 4:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্কলাৰ শিৱগিৰি মটত শ্ৰী নাৰায়ণ ধৰ্মসংঘম ট্ৰাষ্টৰ সৈতে জড়িত স্বামীসকলক সাক্ষাৎ কৰে।
মত-বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমাজ সেৱা, শিক্ষা, আধ্যাত্মিকতা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত স্বামীসকলে কৰা নিষ্ঠাবান কামৰ শলাগ লোৱাৰ লগতে তেওঁলোকৰ প্ৰচেষ্টাই ভাৰতৰ সামাজিকতন্ত্ৰত স্থায়ী অৱদান আগবঢ়োৱা বুলি উল্লেখ কৰে।
তেওঁ কয় যে শ্ৰী নাৰায়ণ গুৰুৰ কালজয়ী আদৰ্শ শিপাই থকা ট্ৰাষ্টে গ্ৰহণ কৰা পদক্ষেপে সমগ্ৰ সমাজত সমতা, সম্প্ৰীতি আৰু মৰ্যাদাৰ প্ৰসাৰ ঘটাই আহিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
'শ্ৰী নাৰায়ণ ধৰ্মসংঘম ট্ৰাষ্ট, শিৱগিৰি মট, ভাৰ্কলাৰ সৈতে জড়িত স্বামীসকলক লগ পালোঁ।সমাজ সেৱা, শিক্ষা, আধ্যাত্মিকতা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে কৰা নিষ্ঠাবান কামে আমাৰ সামাজিক তন্ত্ৰত স্থায়ী অৱদান আগবঢ়াইছে।
শ্ৰী নাৰায়ণ গুৰুৰ কালজয়ী আদৰ্শ শিপাই থকা তেওঁলোকৰ প্ৰচেষ্টাই আছে সমগ্ৰ সমাজত সমতা, সম্প্ৰীতি আৰু মৰ্যাদাৰ প্ৰসাৰৰ ঘটাই আছে।”
******
MJPS/ST/DM
(रिलीज़ आईडी: 2217728)
आगंतुक पटल : 3