প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সোমনাথ স্বাভিমান পৰ্বৰ আভাস ভাগ-বাটোৱাৰা কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
11 JAN 2026 10:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সোমনাথত সোমনাথ স্বাভিমান পৰ্বৰ আভাস ভাগ-বাটোৱাৰা কৰে।
এক্সৰ এলানি পৃথক পোষ্টত শ্ৰী মোদীয়ে লিখিছে-
'সোমনাথ চিৰন্তন ঐশ্বৰিকতাৰ আলোক হিচাপে দৃষ্টিগোচৰ হৈছে। ইয়াৰ পৱিত্ৰ উপস্থিতিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মানুহক পথ প্ৰদৰ্শন কৰি আহিছে। ইয়াত ওমকাৰ মন্ত্ৰ জপ আৰু ড্ৰ'ন শ্ব'কে ধৰি কালিৰ কাৰ্যসূচীৰ উল্লেখযোগ্য দিশসমূহ উল্লেখ কৰা হৈছে।
#SomnathSwabhimanParv”
"পবিত্ৰ আৰু ঐশ্বৰিক সোমনাথ ধাম ভ্ৰমণ আৰু ইয়াত পূজা কৰাৰ সৌভাগ্য হৈছিল। এই অভিজ্ঞতাই মোৰ মনটো শান্তি আৰু ইতিবাচক শক্তিৰে পৰিপূৰ্ণ কৰিলে। ভগৱান সোমনাথৰ আশীৰ্বাদ মোৰ সকলো দেশবাসীয়ে চিৰদিনৰ বাবে লাভ কৰাটো কামনা কৰিলোঁ।"
"সোমনাথত সাহসী বীৰ হামিৰজী গোহিলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। বৰ্বৰতা আৰু হিংসাৰ সন্মুখত তেওঁ সাহস আৰু দৃঢ়তাৰ প্ৰতীক হিচাপে থিয় দিছে। তেওঁৰ সাহস আমাৰ সভ্যতাৰ স্মৃতিত অনাদি কালৰ বাবে খোদিত হৈ থাকিব। তেওঁৰ সাহসে সেইসকলৰ চিৰন্তন উত্তৰ ধৰি ৰাখিছে যিসকলে বিশ্বাস কৰিছিল যে নিষ্ঠুৰ শক্তিয়ে আমাৰ সভ্যতাক ভৰিৰে গচকিব পাৰে।"
"আজি আমি দেখা সোমনাথ মন্দিৰটো মহান চৰ্দাৰ পেটেল নহ'লে বাস্তৱায়িত নহ'লহেঁতেন। ১৯৪৭ চনত দীপাৱলীৰ সময়ত কৰা ভ্ৰমণে তেওঁক ইমানেই আগুৱাই লৈ গ'ল যে তাত এটা মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হল। ১৯৫১ চনৰ মে' মাহত যেতিয়া মন্দিৰটোৱে দুৱাৰ মুকলি কৰিছিল, তেতিয়া চৰ্দাৰ চাহাব তাত নাছিল, কিন্তু তেওঁৰ অদম্য ইচ্ছা আৰু দৃষ্টিভংগী এই ঐশ্বৰিক মন্দিৰ চৌহদত প্ৰতিফলিত হৈছে।"
“ভেগদাজী ভীলৰ সাহস সোমনাথৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। অমানৱীয় হিংসাৰ ভাবুকিত ভয় খাবলৈ অস্বীকাৰ কৰি তেওঁ পবিত্ৰ মন্দিৰৰ প্ৰতিৰক্ষাত দৃঢ়তাৰে থিয় দিছিল। তেওঁৰ জীৱনে আমাক দেখুৱাইছে যে সোমনাথৰ শক্তি সদায় এই ঐতিহাসিক মন্দিৰটোক ৰক্ষা কৰি থকা ভাৰত মাতাৰ অগণন সন্তানৰ সংকল্পৰ পৰাই আহৰণ কৰা।”
"সোমনাথ স্বাভিমান পৰ্বৰ শৌৰ্য্য যাত্ৰাত অংশগ্ৰহণ কৰি মই গভীৰভাৱে সন্মানিত হৈছো। এই উপলক্ষে মন্দিৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰত মাতাৰ অগণন বীৰ পুত্ৰসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিলোঁ। তেওঁলোকৰ অদম্য সাহস আৰু বীৰত্বই দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।"
"সোমনাথত সাহসী হামিৰজী গোহিলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। বৰ্বৰতা আৰু হিংসাৰ সময়ত তেওঁ সাহস আৰু দৃঢ়তাৰ প্ৰতীক হিচাপে থিয় দিছিল। তেওঁৰ বীৰত্ব যুগ যুগ ধৰি দেশবাসীৰ স্মৃতিত খোদিত হৈ থাকিব। তেওঁৰ সাহস আৰু বীৰত্বই প্ৰমাণ কৰে যে ভাৰতৰ সংস্কৃতি কোনো ধৰণৰ শক্তিৰে দুৰ্বল হ'ব নোৱাৰে।"
"চৰ্দাৰ পেটেলৰ দৰে মহান ব্যক্তিত্ব যদি দেশত নাথাকিলহেঁতেন তেন্তে আজি আমি সোমনাথ মন্দিৰক এই ৰূপত চাব নোৱাৰিলোহেঁতেন। ১৯৪৭ চনত দীপাৱলীৰ সময়ত তেওঁৰ ইয়ালৈ অহাটোৱে তেওঁক ইমানেই আকৰ্ষিত কৰিলে যে তেওঁ এটা ভৱিষ্যৎ মন্দিৰ পুনৰ নিৰ্মাণৰ সংকল্প ল'লে। ১৯৫১ চনৰ মে' মাহত যেতিয়া মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি হ'ল, তেতিয়া চৰ্দাৰ চাহাব হয়তো আমাৰ মাজত নাছিল, কিন্তু তেওঁৰ অদম্য ইচ্ছাশক্তি আৰু দৃষ্টিশক্তি আছিল। সেয়া এই ঐশ্বৰিক মন্দিৰ চৌহদত স্পষ্টভাৱে দেখা যায়।"
"ভেগাদাজী ভীলজীৰ বীৰত্ব সোমনাথৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ। হিংসাৰ ভাবুকিৰ পৰা নিৰুৎসাহিত নোহোৱাকৈ তেওঁ এই পবিত্ৰ মন্দিৰটো ৰক্ষা কৰাত দৃঢ়তাৰে থিয় দিছিল। তেওঁৰ জীৱনে আমাক শিকাইছে যে সোমনাথক ৰক্ষা কৰাৰ বাবে ভাৰত মাৰ সন্তানসকলৰ সংকল্প কিমান শক্তিশালী আছিল।"
"সোমনাথৰ পবিত্ৰ মন্দিৰত আমাৰ মহিলাসকলৰ অংশগ্ৰহণে অভিভূত কৰিছে। সোমনাথৰ ভৱিষ্যৎ, ঐশ্বৰিকতা আৰু সততাত তেওঁলোকে সদায় মুখ্য ভূমিকা পালন কৰি আহিছে।"
"#SomnathSwabhimanParv বিশ্বাস আৰু দৃঢ়তাৰ বিষয়ে। সোমনাথে আমাক অনুপ্ৰাণিত কৰি থকা অগণন ত্যাগৰ কথা সোঁৱৰাই দিয়ে। ইয়াৰ উপৰি প্ৰদৰ্শন কৰে ঈশ্বৰত্ব আৰু সভ্যতাৰ মহত্ত্বৰ কথা। ইয়াত আজিৰ কিছু উল্লেখযোগ্য দিশ উল্লেখ কৰিলো"
"সোমনাথ স্বাভিমান পৰ্বত সোমনাথক ৰক্ষা কৰা আৰু মন্দিৰ পুনৰ নিৰ্মাণ কৰাটো নিজৰ জীৱনৰ লক্ষ্য হিচাপে গঢ়ি তোলা সকলো বীৰ পুৰুষ-মহিলাক শ্ৰদ্ধাঞ্জলি জনাইছো। এই লক্ষ্যত উপনীত হ'বলৈ তেওঁলোকে মহাদেৱৰ বাবে সৰ্বস্ব উৎসৰ্গা কৰিছিল।"
"যুগ যুগ ধৰি বিদেশী আগ্ৰাসনে ভাৰতক ধ্বংস কৰাৰ অহৰহ চেষ্টা চলাইছিল। কিন্তু সোমনাথ বা ভাৰত ধ্বংস হোৱা নাছিল!
#SomnathSwabhimanParv”
"সোমনাথ স্বাভিমান পৰ্ব কেৱল ঐতিহাসিক গৌৰৱৰ উদযাপন নহয়, ই ভৱিষ্যতৰ বাবে এক কালজয়ী যাত্ৰাক জীৱন্ত কৰি তোলাৰ মাধ্যম। আমি এই সুযোগ ব্যৱহাৰ কৰি আমাৰ অস্তিত্ব আৰু পৰিচয় শক্তিশালী কৰিব লাগিব।
#SomnathSwabhimanParv”
"ভাৰতে বিশ্বক শিকাইছিল যে কেনেকৈ হৃদয় জয় কৰি জীয়াই থাকিব লাগে। সোমনাথৰ হাজাৰ বছৰীয়া কাহিনীয়ে এই পাঠ সকলো মানৱ জাতিক শিকাইছে।
#SomnathSwabhimanParv”
***
MJPS/SR/KD
(रिलीज़ आईडी: 2213550)
आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Kannada
,
Malayalam