তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতে ৱেভ্ছ ২০২৫ৰ আয়োজন কৰে; তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এই অগ্ৰণী পদক্ষেপত ৯০খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰে

বিভিন্ন দেশৰ ৰচনাকাৰসকলক সংযোগ কৰি ক্ৰিয়েট’স্ফিয়াৰত ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জেছ’

ৱেভেক্স ২০২৫ : মিডিয়া আৰু মনোৰঞ্জন খণ্ডত ষ্টাৰ্টআপক উদ্গনি যোগাবলৈ এখন পৰৱৰ্তী-প্ৰজন্মৰ মঞ্চ

ৱেভ্ছ বজাৰ, ভাৰতৰ সৃষ্টিশীল প্ৰতিভা আৰু সামগ্ৰী প্ৰদৰ্শনৰ বাবে একেটা স্থানতে সকলো সামগ্ৰীৰ পৰ্টেল

সৃষ্টিশীল প্ৰযুক্তিৰ অত্যাধুনিক প্ৰশিক্ষণৰ বাবে আইআইচিটিয়ে নতুন ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰে

प्रविष्टि तिथि: 31 DEC 2025 8:54AM by PIB Guwahati

ৱেভ্ছ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২০২৫ চনত ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডক সহায় কৰিবলৈ বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ পদক্ষেপ আছিল বিশ্ব অডিঅ’ ভিজুৱেল আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (ৱেভ্ছ) ২০২৫।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভ্ছক কেৱল এটা অনুষ্ঠান হিচাপেই নহয়, বৰং সংস্কৃতি, সৃষ্টিশীলতা আৰু সাৰ্বজনীন সংযোগৰ ঢৌ” বুলি অভিহিত কৰে আৰু বিশ্বজুৰি ৰচনাকাৰসকলক ডাঙৰ সপোন দেখিবলৈ আৰু নিজৰ কাহিনী ক’বলৈ” উৎসাহিত কৰেপ্ৰধানমন্ত্ৰীয়ে “ভাৰতত সৃষ্টি কৰক, বিশ্বৰ বাবে সৃষ্টি কৰক”ৰ ভাৰতৰ দৃষ্টিভংগীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু বিশ্বৰ বিনিয়োগকাৰী আৰু যুৱক-যুৱতীসকলক ভাৰতৰ বিস্তৃত সৃষ্টিশীল পৰিৱেশ তন্ত্ৰৰ সৈতে জড়িত হ’বলৈ আমন্ত্ৰণ জনায়।

ৱেভছ ২০২৫ত ৯০খনতকৈও অধিক দেশৰ অংশগ্ৰহণৰ সাক্ষী হৈছিল, য'১০,০০০তকৈ অধিক প্ৰতিনিধি, ১,০০০ ৰচনাকাৰ, ৩০০ৰো অধিক কোম্পানী, ৩৫০টাতকৈও অধিক ষ্টাৰ্টআপ, আৰু সামগ্ৰিকভাৱে প্ৰায় লাখ উপস্থিত লোকে ভাগ লয় যি সম্প্ৰচাৰ, মনোৰঞ্জন, এভিজিচি-এক্সআৰ, চলচ্চিত্ৰ, আৰু ডিজিটেল মিডিয়াকে ধৰি বিভিন্ন খণ্ডৰ সৈতে জড়িত আছিল।

ৱেভ্ছ প্লেটফৰ্মক ভৱিষ্যতে ইয়াৰ তিনিটা অৱয়বৰ জৰিয়তে অব্যাহত ৰখা হৈছে:

১) ক্ৰিয়েট'স্ফিয়াৰ আৰু ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ (চিআইচি)

CreatoSphere হৈছে উদ্ভাৱনৰ এনে এটা কেন্দ্ৰ যিয়ে সৃষ্টিকৰ্তাসকলক গুৰুত্ব প্ৰদান কৰে আৰু চলচ্চিত্ৰ, ভিএফএক্স, ভিআৰ, এনিমেচন, গেমিং, কমিক্স, সংগীত, সম্প্ৰচাৰ, আৰু ডিজিটেল মিডিয়াসহ বিভিন্ন ক্ষেত্ৰত চিন্তা-চৰ্চাক অভিজ্ঞতালৈ ৰূপান্তৰিত কৰে। ই ভাৰত আৰু বিদেশৰ আগশাৰীৰ সৃষ্টিশীল মনক একত্ৰিত কৰি আলোচনা, অংশীদাৰিত্ব, উদ্ভাৱন, আৰু প্ৰতিভাৰ বিশ্বব্যাপী প্ৰদৰ্শনক লালন-পালন কৰে।

চিআইচি ছিজন-১ ভাৰতৰ সৰ্ববৃহৎ সৃষ্টিশীল প্ৰতিভা আন্দোলন” হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু অভূতপূৰ্ব বিশ্বব্যাপী প্ৰসাৰ লাভ কৰিছে। প্ৰথম ছিজনত ৩৩টা শাখা অন্তৰ্ভুক্ত আছিল, য’ত ভাৰত আৰু ৬০খনতকৈও অধিক দেশৰ পৰা লাখৰো অধিক প্ৰৱেশকাৰীক আকৰ্ষণ কৰা হৈছিল, আৰু WAVESত আঠটা সৃষ্টিশীল ক্ষেত্ৰত ৭৫০জনতকৈ অধিক চূড়ান্ত প্ৰতিযোগীক প্ৰদৰ্শন কৰা হৈছিল, যাৰ ফলত ভাৰতৰ সৰ্ববৃহৎ সৃষ্টিকৰ্তা নেতৃত্বাধীন প্ৰত্যাহ্বান মঞ্চ স্থাপিত হয়।

এই অনুষ্ঠানৰ এটা গুৰুত্বপূৰ্ণ ক্ষণ আছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ, যিয়ে যুৱ সৃষ্টিকৰ্তাৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিছিল, বিজয়ী উদ্ভাৱনৰ অভিজ্ঞতা লাভ কৰে, আৰু বিশ্বব্যাপী কন্টেন্ট হাব হিচাপে ভাৰতৰ সম্ভাৱনাক উজ্জ্বল কৰি তোলে। অনুষ্ঠানৰ সমাপণ সমাৰোহত কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ৱেভ্ছ ক্ৰিয়েটৰ এৱাৰ্ডছত ১৫০জনৰো অধিক ৰচনাকাৰক সন্মানিত কৰে যি ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিক লালন-পালনৰ ওপৰত চৰকাৰৰ বিশেষ পদক্ষেপক দৰ্শায়।

শেহতীয়াকৈ চিআইচিৰ বিজয়ীসকলে মেলবৰ্ণ, ওছাকা, টৰন্টো, টকিঅ’ আৰু মাদ্ৰিদত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু প্ৰধান আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক মঞ্চত অনুষ্ঠান আৰু প্ৰদৰ্শনী আগবঢ়ায়। সংগীত বিজয়ীসকলে মেলবৰ্ণ আৰু টৰন্টোৰ টিআইএফএফত অনুষ্ঠান পৰিৱেশন কৰে। টকিঅ’ গেম শ্ব’ত গেমিং আৰু এনিমেচনৰ চূড়ান্ত প্ৰতিযোগীসকলে প্ৰদৰ্শন কৰে। মাদ্ৰিদৰ আইবাৰছিৰিজত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ফিল্ম আৰু ভিএফএক্সৰ ৰচনাকাৰসকলে। আন কেইবাজনো বিজয়ীয়ে সহযোগিতা নিশ্চিত কৰে, প্ৰধান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰে, আৰু গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰে।

২) ৱেভেক্স

ৱেভেক্সৰ লক্ষ্য হৈছে উদ্ভাৱন আৰু ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বাবে নিজৰ পদক্ষেপৰ অংশ হিচাপে ২০০ৰো অধিক ষ্টাৰ্টআপক সমৰ্থন দিয়া আৰু সিবিলাকৰ সৈতে জড়িত হোৱা।

ইয়াৰ ফলত ৩০টাতকৈও অধিক ষ্টাৰ্টআপে মাইক্ৰ’ছফ্ট, আমাজন, আৰু লুমিকাইৰ দৰে বিশ্বব্যাপী উদ্যোগ জগতৰ অগ্ৰণী কোম্পানীৰ সন্মুখত নিজৰ চিন্তা-চৰ্চা উপস্থাপন কৰাৰ সুযোগ পায়, আনহাতে প্ৰায় ১০০টা ষ্টাৰ্টআপে প্ৰদৰ্শনী বুথৰ জৰিয়তে সমাধান প্ৰদৰ্শন কৰে। এটা গুৰুত্বপূৰ্ণ প্ৰাপ্তি হৈছে ভিৱাইজিআৰ নিউজ আৰু ভিভা টেকন’লজিছ (দুয়োটা ৱেভেক্সৰ দ্বাৰা সমৰ্থিত)ৰ শ্বাৰ্ক টেংক ইণ্ডিয়াত প্ৰস্তুতিৰ বাবে বাছনি, যিয়ে ৰাষ্ট্ৰীয় স্তৰত মান্যতা আৰু বিশ্বাসযোগ্যতাক দৰ্শায় ।

ৱেভেক্সে প্ৰযুক্তি, সংস্কৃতি, আৰু ভাষিক বৈচিত্ৰ্যৰ সংযোগস্থলত উদ্ভাৱনক প্ৰসাৰিত কৰিবলৈ কলাসেতু আৰু ভাষাসেতু প্ৰত্যাহ্বানসমূহৰ সফলতাৰে পৰিকল্পনা আৰু ৰূপায়ণ কৰে। কলাসেতুৰ উদ্দেশ্য হৈছে নিৰ্ধাৰণযোগ্য এআই-চালিত টেক্সট-টু-ভিডিঅ' জেনেৰেচন সমাধান বিকশিত কৰা, আনহাতে ভাষাসেতুৱে বাস্তৱ সময়ৰ ভাষা অনুবাদ সঁজুলি সৃষ্টি কৰাত উৎসাহিত কৰে। এই পদক্ষেপসমূহত দেশজুৰি ১০০টাতকৈও অধিক ষ্টাৰ্টআপে অংশগ্ৰহণ কৰে আৰু অন্ততঃ ১০টা ষ্টাৰ্টআপ বাছনি কৰা হয়, যিবোৰক চৰকাৰী সংবাদ মাধ্যমৰ ইউনিটৰ সৈতে সহযোগিতা কৰাৰ সুযোগ প্ৰদান কৰা হয়।

ৱেভেক্সে ইণ্ডিয়া জয়, আইজিডিচি, ইনফ'কম, আইএফআই/ ৱেভছ ফিল্ম বজাৰ (গোৱা), আৰু বিগ পিকচাৰ ছামিটকে ধৰি প্ৰধান প্লেটফৰ্মসমূহত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিছিল, যিয়ে বিনিয়োগকাৰীৰ আগ্ৰহ আৰু অংশীদাৰিত্ব, প্ৰকাশন, আৰু বাণিজ্যিকীকৰণৰ ওপৰত উন্নত আলোচনাক আগুৱাই লৈ গৈছিল। ই এফটিআইআই পুনে, এছআৰএফটিআই কলকাতা, আইআইচিটি মুম্বাই, আৰু একাধিক আইআইএমচি কেম্পাছৰ দৰে প্ৰিমিয়াৰ প্ৰতিষ্ঠানত ০৯টা ইনকিউবেচন চেণ্টাৰ স্থাপন কৰি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰসাৰ নিশ্চিত কৰিছে। বৰ্তমান ৩৪টা ষ্টাৰ্টআপ (ভৌতিক আৰু হাইব্ৰিড) ইনকিউবেট কৰা হৈছে আৰু ১০০খনতকৈও অধিক আবেদন মূল্যায়নৰ অধীনত আছে, যাক টি-হাবৰ সৈতে বুজাবুজিৰ চুক্তিৰ দৰে অংশীদাৰিত্বৰ দ্বাৰা শক্তিশালী কৰা হৈছে।

৩) ৱেভ্ছ বজাৰ

ৱেভ্ছ বাজাৰ হৈছে ফিল্ম, গেম ডেভেলপাৰ, এনিমেচন আৰু ভিএফএক্স সেৱা, এক্সআৰ, ভিআৰ আৰু এআৰ সেৱা, ৰেডিঅ' আৰু পডকাষ্ট, কমিক্স আৰু ই-বুক, ৱেব-ছিৰিজ, সংগীতৰ বাবে গ্ল'বেল ই-মাৰ্কেটপ্লেচ। ইয়াক ক্ৰাফ্ট-টু-কমাৰ্চ” পদক্ষেপ হিচাপে ডিজাইন কৰা হৈছে, ই উদ্যোগৰ অংশীদাৰসকলৰ সৈতে সমন্বয়ত, কিউৰেটেড উৎসৱ/ইভেণ্ট অংশগ্ৰহণ, বিটুবি সভা, সহ-প্ৰডাকচন, বিনিয়োগ, আৰু সহযোগিতাৰ জৰিয়তে ভাৰতীয় ৰচনাকাৰ আৰু প্ৰতিষ্ঠানসমূহক বিশ্বব্যাপী আৰু ঘৰুৱা বজাৰৰ সৈতে সংযোগ কৰে।

গ্লোবেল এণ্ড ডমেষ্টিক আউটৰিচ (আগষ্ট–ডিচেম্বৰ ২০২৫)

২০২৫ চনৰ আগষ্ট আৰু নৱেম্বৰৰ ভিতৰত ৱেভছ বজাৰে চাৰিটা মহাদ্বীপত ১২টা বৃহৎ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আৰু ৪টা মূল ঘৰুৱা উদ্যোগ কাৰ্যসূচীকে ধৰি এক বিস্তৃত আউটৰিচ কাৰ্যসূচী গ্ৰহণ কৰে। এই প্ৰয়াসৰ ফলত অভূতপূৰ্ব স্তৰ আৰু উল্লেখযোগ্য প্ৰভাৱ পৰিলক্ষিত হয়:

  • সম্ভাব্য ব্যৱসায় আৰু বিনিয়োগ সম্পৰ্কীয় আলোচনাত প্ৰায় ৪,৩৩৪ কোটি টকা প্ৰাপ্ত হয়।
  • ১০টা বুজাবুজিৰ চুক্তি/ চুক্তিপত্ৰ স্বাক্ষৰিত হয় আৰু ৩টা বুজাবুজিৰ চুক্তি / চুক্তিপত্ৰৰ প্ৰস্তাৱ কৰা হৈছে।
  • ৯০০০ৰো অধিক পাৰস্পৰিক ব্যৱসায়িক (বিটুবি) বৈঠক সঞ্চালন কৰা হয়।
  • ভাৰত-জাপান সৃষ্টিশীল কৰিডৰ, ভাৰত–কোৰিয়া এভিজিচি সহযোগিতা কাঠামো আৰু ভাৰত-অষ্ট্ৰেলিয়া সৃষ্টিশীল সহযোগিতা আৰম্ভ।

প্ৰধান আন্তঃৰাষ্ট্ৰীয় আয়োজনৰ ভিতৰত মেলবৰ্ণ চলচ্চিত্ৰ মহোৎসৱ, গেমছকম, ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ওছাকা বিশ্ব এক্সপ’, টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (টিআইএফএফ ৫০), বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, টকিঅ’ গেম শ্ব’, আইবাৰছিৰিজ, এমআইপিকম, ৰেডছি চলচ্চিত্ৰ মহোৎসৱ, ফ’কাচ লণ্ডন আৰু এছিয়া টিভি ফ’ৰাম মাৰ্কেট, ছিংগাপুৰ অন্তৰ্ভুক্ত আছিল।

মূল ঘৰুৱা কাৰ্যসূচী - আইএফএফআই/ৱেভছ ফিল্ম বজাৰ (গোৱা), ইণ্ডিয়া জয় (হায়দৰাবাদ), আইজিডিচি (চেন্নাই), চিআইআই- বিগ পিকচাৰ।

ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইচিটি)

চৰকাৰে ২০২৪ চনৰ ১৯ ছেপ্টেম্বৰত মুম্বাইত ৩৯১.১৫ কোটি টকাৰ এককালীন বাজেট সহায়ৰে এনিমেচন, ভিজুৱেল ইফেক্টছ (ভিএফএক্স), গেমিং, কমিক্স এণ্ড এক্সটেণ্ডেড ৰিয়েলিটি (এভিজিচি-এক্সআৰ)ৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ (এনচিঅ’ই) স্থাপন কৰিছে, যিটো পিছলৈ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন’লজিছ (আইআইচিটি)’ নামেৰে পৰিচিত। এই প্ৰতিষ্ঠান ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিৰ ওপৰত আধাৰিত, য’ত এফআইচিচিআই আৰু চিআইআই উদ্যোগ অংশীদাৰ হিচাপে আছে। মুম্বাইৰ এনএফডিচি কেম্পাছত ইয়াৰ অস্থায়ী পৰিসৰৰ কাম আৰম্ভ হৈছে।

২০২৫ চনৰ ১৮ জুলাইত আইআইচিটি-এনএফডিচি মুম্বাই কেম্পাছত প্ৰথম পৰ্যায়ৰ কাৰ্য্যকলাপ উদ্বোধন কৰা হয়, যিটো চাৰিটা সম্পূৰ্ণ কাৰ্যক্ষম মহলা (৪ৰ্থৰ পৰা ৭মলৈকে) বিস্তৃত। ইয়াত অত্যাধুনিক শ্ৰেণীকোঠা আৰু আঠটা উদ্ভাৱনীমূলক ষ্টাৰ্টআপক লালন-পালন কৰা এটা নিবেদিত ষ্টাৰ্টআপ ইনকিউবেচন চেণ্টাৰ আছে। পেছাদাৰী গ্ৰেডৰ প্ৰদৰ্শনী, শব্দ ডিজাইন, আৰু পোষ্ট-প্ৰডাকচনৰ বাবেও এটা উচ্চমানৰ থিয়েটাৰৰ সুবিধা সম্পূৰ্ণ কৰা হৈছে, যিয়ে বিশ্ব উদ্যোগৰ মানদণ্ড প্ৰতিফলিত কৰে। এই পৰিকল্পনা গোৰেগাঁওস্থিত ফিল্ম চিটিত ১০ একৰ স্থায়ী কেম্পাছলৈ বিস্তৃত, য’ত অত্যাধুনিক এআৰ/ভিআৰ/এক্সআৰ প্ৰশিক্ষণৰ বাবে ইমাৰ্চিভ ষ্টুডিঅ’ হ’ব, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ মনোৰঞ্জন উদ্যোগৰ কেন্দ্ৰত পোনপটীয়াকৈ অন্তৰ্ভুক্ত কৰিব।

মূল ঘটনাক্ৰম এনেধৰণৰ:

ক। গুগল, মেটা, এনভিডিয়া, মাইক্ৰ’ছফ্ট, এপল, এড’ব, আৰু ডব্লিউপিপিৰ দৰে অগ্ৰণী বিশ্বব্যাপী প্ৰযুক্তি আৰু মিডিয়া কোম্পানীসমূহৰ সৈতে একাধিক বুজাবুজিৰ চুক্তিৰ জৰিয়তে স্থাপন কৰা কৌশলগত অংশীদাৰিত্ব।

খ। প্ৰতিষ্ঠানটোৰ ৱেবছাইটত (https://www.iict.org) মুঠ ১৮টা পাঠ্যক্ৰম প্ৰকাশ কৰা হৈছে আৰু বিভিন্ন কাৰ্যসূচীত ১০০জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰা হৈছে। বৰ্তমান আইআইচিটিত মুঠ ৮টা ষ্টাৰ্ট-আপ ইনকিউবেট কৰা হৈছে।

ভাৰতৰ লাইভ ইভেণ্ট উদ্যোগ

কনচাৰ্ট অৰ্থনীতিক ৰাষ্ট্ৰীয় বৃদ্ধিৰ চালক হিচাপে স্থান দিয়াৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এটা লাইভ ইভেণ্টছ ডেভেলপমেণ্ট চেল (এলইডিচি) স্থাপন কৰিছে। এই কোষটোত সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, উদ্যোগ সংস্থা আৰু মূল অংশীদাৰসকলৰ প্ৰতিনিধি থাকে, আৰু ইয়াৰ লক্ষ্য হৈছে খণ্ডটোৰ সমন্বিত আৰু গাঁথনিগত বৃদ্ধিৰ সুবিধা প্ৰদান কৰা।

মূল কেন্দ্ৰবিন্দু ক্ষেত্ৰসমূহ

  • ইণ্ডিয়া চিনে হাব (আইচিএইচ)ত বিভিন্ন ধৰণৰ মঞ্জুৰী (অগ্নি, যাতায়ত, পৌৰসভা আদি)ৰ বাবে একক উইণ্ড’ ক্লিয়াৰেন্স ছিষ্টেম বিকশিত কৰি থকা হৈছে যাতে দ্ৰুত অনুমোদন আৰু বিনিয়োগকাৰী অনুকূল প্ৰক্ৰিয়া সুনিশ্চিত কৰিব পাৰি
  • ৰাজ্যসমূহৰ বাবে আৰ্হি এছঅ'পিসমূহ আৰু অতিৰিক্ত অনুমতিসমূহ আঁতৰোৱা।

ডিজিটেল পাইৰেচি ৰোধৰ বাবে চৰকাৰী পদক্ষেপ

চলচ্চিত্ৰ আৰু মনোৰঞ্জন উদ্যোগকে ধৰি সৃষ্টিশীল অৰ্থনীতিত পাইৰেচিৰ বিৰূপ প্ৰভাৱৰ প্ৰতি চৰকাৰ সচেতন হৈ আছে। এই ক্ষেত্ৰত চৰকাৰে আইন প্ৰণয়ন, কঠোৰ বলবৎকৰণ, আৰু পাইৰেচিৰ সমস্যাটো সমাধানৰ বাবে সজাগতামূলক প্ৰচেষ্টাৰ জৰিয়তে বহুমুখী পন্থা গ্ৰহণ কৰিছে

ডিজিটেল পাইৰেচি বিৰোধী কৌশল শক্তিশালী কৰাৰ লগতে সমন্বিত কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ গৃহ মন্ত্ৰালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় (এমইআইটিৱাই), ডিপিআইআইটি আৰু ডিঅ’টিকে ধৰি মূল মন্ত্ৰালয়সমূহৰ সদস্যৰে এখন আন্তঃমন্ত্ৰালয় সমিতি (আইএমচি) গঠন কৰা হৈছে।

দূৰদৰ্শন আৰু কমিউনিটি ৰেডিঅ'সাফল্য

দূৰদৰ্শনে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভোটাৰ সজাগতা আৰু শিক্ষাৰ বাবে ইচিআই মিডিয়া বঁটা (টিভি) লাভ কৰে। এই পুৰস্কাৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২৫ জানুৱাৰী, ২০২৫ তাৰিখে প্ৰদান কৰে।

২০২৫ চনত কমিউনিটি ৰেডিঅ’ই স্থানীয় যোগাযোগ, শিক্ষা আৰু উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে সম্প্ৰসাৰণ অব্যাহত ৰাখিছিল, য’ত ২২টা নতুন ষ্টেচন কাৰ্যক্ষম হৈছিল, যাৰ ফলত দেশজুৰি মুঠ ষ্টেচন ৫৫১টা হৈছে। মুম্বাইত অনুষ্ঠিত হোৱা WAVES শীৰ্ষ সন্মিলনৰ সময়ত ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ’ সন্মিলনৰ আয়োজন কৰা হৈছিল, লগতে ০৫খন সজাগতা কৰ্মশালা আৰু ০১খন আঞ্চলিক সন্মিলনৰ আয়োজন কৰা হৈছিল, য’ত কমিউনিটি ৰেডিঅ’ৰ কম ব্যৱস্থা থকা অঞ্চল আৰু ষ্টেচনসমূহৰ সামৰ্থ্য বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

আইএফএফআই ২০২৫ (৫৬ সংখ্যক সংস্কৰণ) আৰু ৱেভ্ছ/ চলচ্চিত্ৰ বজাৰ

  • গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই ২০২৫)ত ৮১খন দেশৰ ২৪০খনতকৈও অধিক ছবি প্ৰদৰ্শিত হয়, য’ত অসংখ্য বিশ্ব, আন্তঃৰাষ্ট্ৰীয় আৰু এছিয়ান প্ৰিমিয়াৰ অন্তৰ্ভুক্ত আছিল, যি এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ হিচাপে ইয়াৰ প্ৰতিষ্ঠাক দৰ্শায়।
  • আইএফএফআই ২০২৫য়ে উদ্ভাৱন আৰু অন্তৰ্ভুক্তিক আগস্থান দিছিল, ভাৰতৰ প্ৰথম এআই চলচ্চিত্ৰ মহোৎসৱ আৰু ভিএফএক্স, চিজিআই আৰু ডিজিটেল প্ৰডাকচনৰ ওপৰত অধিবেশন অনুষ্ঠিত কৰি, উৎসৱটোক উদীয়মান প্ৰযুক্তি আৰু ভৱিষ্যতৰ বাবে সাজু দক্ষতাৰ সৈতে একাকাৰ কৰি ৰাখিছিল।
  • পানাজীৰ মাজেৰে অনুষ্ঠিত হোৱা এক ঐতিহাসিক গ্ৰেণ্ড পেৰেডে আইএফএফআইক ৰাজপথৰ ৰাজহুৱা উদযাপনলৈ ৰূপান্তৰিত কৰি জনকেন্দ্ৰিক জাতীয় সাংস্কৃতিক উৎসৱ হিচাপে ইয়াৰ পৰিচয় শক্তিশালী কৰি তুলিলে আৰু গোৱাক এক ৰচনাত্মক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায়ক হয়।
  • আইএফএফআই ২০২৫ৰ সমান্তৰালভাৱে অনুষ্ঠিত হোৱা ৱেভছ ফিল্ম বজাৰত অভূতপূৰ্ব বিশ্বব্যাপী অংশগ্ৰহণৰ সাক্ষী হৈছিল, য’ত ৪০খনতকৈও অধিক দেশৰ ২৫০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল, যাৰ ফলত ই দক্ষিণ এছিয়াৰ চলচ্চিত্ৰ বজাৰত অনুষ্ঠিত হোৱা অন্যতম বৃহৎ আন্তঃৰাষ্ট্ৰীয় সমাৱেশ হিচাপে পৰিগণিত হয়। এই অনুষ্ঠানত ১৫খনতকৈও অধিক দেশৰ ৩২০টা প্ৰকল্প প্ৰদৰ্শন কৰা হয়, যিয়ে ভাৰতৰ কন্টেন্ট ইক’চিষ্টেমৰ প্ৰতি বিশ্বব্যাপী শক্তিশালী আৰু ক্ৰমবৰ্ধমান আগ্ৰহক প্ৰতিফলিত কৰে।

চিবিএফচি এডভান্সিং ডিজিটেল, বহুভাষিক আৰু লিংগ-সুষম প্ৰমাণীকৰণ

  • চিবিএফচিয়ে ই-চিনেপ্ৰমাণ পৰ্টেলত অনলাইন প্ৰমাণীকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিলে, যাৰ ফলত আবেদনকাৰীয়ে ডাউনলোড কৰিব পৰাকৈ নিৰাপদভাৱে ডিজিটেল স্বাক্ষৰিত ফিল্ম প্ৰমাণপত্ৰ সম্পূৰ্ণ ইলেক্ট্ৰনিক প্ৰক্ৰিয়াকৰণ আৰু জাৰি কৰিব পৰা হ’ল।
  • ই-চিনেপ্ৰমাণত এটা নতুন বহুভাষিক প্ৰমাণীকৰণ মডিউল আৰম্ভ কৰা হৈছে, যাৰ ফলত এটা এপ্লিকেচনৰ জৰিয়তে এখন ছবিৰ একাধিক ভাষা সংস্কৰণৰ বাবে আবেদন কৰিব পৰা যায় আৰু ফলত সকলো অনুমোদিত ভাষাৰ তালিকাভুক্ত এক একীকৃত বহুভাষিক প্ৰমাণপত্ৰ পোৱা যায়।
  • চিবিএফচিয়ে প্ৰতিখন পৰীক্ষা আৰু সংশোধন সমিতিত ৫০% মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰে, যাৰ ফলত প্ৰমাণীকৰণ প্ৰক্ৰিয়াত লিংগ প্ৰতিনিধিত্ব শক্তিশালী হ’ল।

*****

MSZ/ Vivek Vishwash


(रिलीज़ आईडी: 2210728) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam