গৃহ মন্ত্ৰালয়
স্বাধীনতা সংগ্ৰামী শ্বহীদ উধম সিঙক তেওঁৰ জয়ন্তী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
অমৰ শ্বহীদ উধম সিঙে জালিয়ানৱালা বাগ গণহত্যাত শ্বহীদ হোৱা দেশবাসীসকলৰ প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত অতুলনীয় সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল
তেওঁ ঘাদৰ আন্দোলনৰ জৰিয়তে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ শিখা বিদেশত প্ৰচাৰ কৰাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছিল
তেওঁৰ সাহসিকতাৰ কাহিনী দেশৰ যুৱক-যুৱতীসকলৰ বাবে অনুপ্ৰেৰণাৰ এক অপৰিসীম উৎস, যিয়ে মাতৃভূমিৰ প্ৰতি তেওঁলোকৰ গভীৰ ভক্তিৰ ভাৱ জাগ্ৰত কৰে
प्रविष्टि तिथि:
26 DEC 2025 11:25AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে স্বাধীনতা সংগ্ৰামী শ্বহীদ উধম সিঙক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
‘এক্স’ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে অমৰ শ্বহীদ উধম সিঙে জালিয়ানৱালা বাগ গণহত্যাত শ্বহীদ হোৱা দেশবাসীসকলৰ প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত অতুলনীয় সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল। তেওঁ কয় যে উধম সিং জীয়ে ঘাদৰ আন্দোলনৰ জৰিয়তে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ শিখা বিদেশলৈ প্ৰসাৰিত কৰাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছিল। শ্ৰী শ্বাহে কয় যে তেওঁৰ সাহসিকতাৰ কাহিনী দেশৰ যুৱক-যুৱতীসকলৰ বাবে অনুপ্ৰেৰণাৰ এক অপৰিসীম উৎস, যিয়ে মাতৃভূমিৰ প্ৰতি তেওঁলোকৰ গভীৰ ভক্তিৰ ভাৱ জাগ্ৰত কৰে।
***
RK / RR/ MK
(रिलीज़ आईडी: 2208752)
आगंतुक पटल : 5