গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন মাইলৰ খুঁটি স্থাপন কৰা ভাৰত–নিউজিলেণ্ড এফটিএক প্ৰশংসা কৰি ইয়াক মোদী চৰকাৰৰ বাণিজ্যিক কূটনীতি বুলি অভিহিত কৰে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে

ভাৰত–নিউজিলেণ্ড এফটিএই ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ অনাৰ লগতে ভাৰতীয় উদ্ভাৱক, উদ্যোগী, কৃষক, এমএছএমই, ছাত্ৰ আৰু যুৱক-যুৱতীসকলৰ বাবে লাভজনক সুযোগ প্ৰদান কৰি সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত কেনেকৈ জনকেন্দ্ৰিক বৈদেশিক নীতিয়ে নাগৰিকৰ আকাংক্ষা পূৰণ কৰি আছে, এয়া তাৰ উপযুক্ত উদাহৰণ

प्रविष्टि तिथि: 22 DEC 2025 7:58PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন মাইলৰ খুঁটি স্থাপন কৰা ভাৰত–নিউজিলেণ্ড এফটিএক প্ৰশংসা কৰি ইয়াক মোদী চৰকাৰৰ বাণিজ্যিক কূটনীতি বুলি অভিহিত কৰে।

এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “মোদী চৰকাৰৰ বাণিজ্যিক কূটনীতিয়ে নতুন মাইলৰ খুঁটি স্থাপন কৰিলে। ভাৰত–নিউজিলেণ্ড এফটিএ, যিয়ে ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ আনিছে আৰু ভাৰতীয় উদ্ভাৱক, উদ্যোগী, কৃষক, এমএছএমই, ছাত্ৰ আৰু যুৱক-যুৱতীসকলৰ বাবে লাভজনক সুযোগ প্ৰদান কৰাৰ লগতে ই সমৃদ্ধিৰ নতুন দুৱাৰ পথ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত কেনেকৈ, জনকেন্দ্ৰিক বৈদেশিক নীতিয়ে নাগৰিকৰ আকাংক্ষা পূৰণ কৰি আছে, এয়া তাৰ উপযুক্ত উদাহৰণ।”

***

RK / RR / PS/DB


(रिलीज़ आईडी: 2207606) आगंतुक पटल : 22
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam