গৃহ মন্ত্ৰালয়
বলিদান দিৱসত পণ্ডিত ৰাম প্ৰসাদ বিছমিল, আছফাকুল্লা খান আৰু ৰোশন সিঙক কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
তেওঁলোকৰ ত্যাগে ‘কাকোৰী ট্ৰেইন একচন’ৰ জৰিয়তে স্বাধীনতা সংগ্ৰামক নতুন শক্তি প্ৰদান কৰিছিল আৰু ব্ৰিটিছ শাসনৰ ভেটি জোকাৰি গৈছিল
এই স্বাধীনতা সংগ্ৰামীসকলে এই সংকল্প উপলব্ধি কৰিছিল যে দেশৰ সম্পদ আৰু ইয়াৰ কঠোৰ পৰিশ্ৰমী লোকসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ সঠিকভাৱে জনসাধাৰণৰ নিজৰ
তেওঁলোকৰ সাহস আৰু বীৰত্ব আন বিপ্লৱীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিল
ৰাষ্ট্ৰই এই ছহিদসকলক কেতিয়াও পাহৰিব নোৱাৰিব
प्रविष्टि तिथि:
19 DEC 2025 11:55AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পণ্ডিত ৰাম প্ৰসাদ বিছমিল, আছফাকুল্লা খান আৰু ৰোশন সিঙক বলিদান দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে এই বীৰসকলৰ ত্যাগক সন্মান জনায়, যিয়ে ‘কাকোৰী ট্ৰেইন একচন’ৰ জৰিয়তে স্বাধীনতা সংগ্ৰামক নতুন শক্তি প্ৰদান কৰাৰ লগতে ব্ৰিটিছ শাসনৰ ভেটি জোকাৰি গৈছিল।
‘এক্স’ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পণ্ডিত ৰাম প্ৰসাদ বিছমিল, আছফাকুল্লা খান আৰু ৰোশন সিঙক বলিদান দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই বীৰসকলৰ ত্যাগক সন্মান জনায়, যিয়ে ‘কাকোৰী ট্ৰেইন একচন’ৰ জৰিয়তে স্বাধীনতা সংগ্ৰামক নতুন শক্তি প্ৰদান কৰাৰ লগতে ব্ৰিটিছ শাসনৰ ভেটি জোকাৰি গৈছিল। তেওঁ কয় যে এই স্বাধীনতা সংগ্ৰামীসকলে এইটো উপলব্ধি কৰে যে দেশৰ সম্পদ আৰু ইয়াৰ কঠোৰ পৰিশ্ৰমী লোকসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ দেশৰ জনসাধাৰণৰেই। তেওঁলোকৰ সাহস আৰু বীৰত্ব আন বিপ্লৱীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলিও তেওঁ কয়। শ্ৰী শ্বাহে কয় যে ৰাষ্ট্ৰই এই ছহিদসকলক কেতিয়াও পাহৰিব নোৱাৰে।
***
RR / PS / NB
(रिलीज़ आईडी: 2206431)
आगंतुक पटल : 9