গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০০১-ৰ সংসদ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ জনাই শ্বহীদবৰণ কৰা নিৰাপত্তাৰক্ষীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
আজি হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰাপত্তা বাহিনীৰ অদম্য সাহস আৰু বীৰত্বক পুনৰবাৰ স্মৰণ কৰাৰ দিন
২০০১-ত নিৰাপত্তা বাহিনীয়ে স্বকীয় দৃঢ়তা আৰু মনোবলেৰে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মন্দিৰ— আমাৰ সংসদ ভৱনত সন্ত্ৰাসবাদীৰ কাপুৰুষ আক্ৰমণক বিফল কৰিছিল
মই সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ জনাই শ্বহীদবৰণ কৰা নিৰাপত্তাৰক্ষীসকলক শ্ৰদ্ধাঞ্জলি জনাইছো
এই বীৰ যোদ্ধাসকলৰ ত্যাগ আৰু শ্বহীদবৰণৰ বাবে ৰাষ্ট্ৰখন তেওঁলোকৰ ওচৰত চিৰঋণী হৈ থাকিব
प्रविष्टि तिथि:
13 DEC 2025 10:11AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ২০০১-ৰ ১৩ ডিচেম্বৰত সংসদ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ জনাই শ্বহীদবৰণ কৰা নিৰাপত্তাৰক্ষীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্স-ৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়ঃ "আজি হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰাপত্তা বাহিনীৰ অদম্য সাহস আৰু বীৰত্বক পুনৰবাৰ স্মৰণ কৰাৰ দিন। ২০০১-ত তেওঁলোকে স্বকীয় দৃঢ়তা আৰু মনোবলেৰে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মন্দিৰ— আমাৰ সংসদ ভৱনত সন্ত্ৰাসবাদীৰ কাপুৰুষ আক্ৰমণক বিফল কৰিছিল। মই সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ জনাই শ্বহীদবৰণ কৰা নিৰাপত্তাৰক্ষীসকলক শ্ৰদ্ধাঞ্জলি জনাইছো। এই বীৰ যোদ্ধাসকলৰ ত্যাগ আৰু শ্বহীদবৰণৰ বাবে ৰাষ্ট্ৰখন তেওঁলোকৰ ওচৰত চিৰঋণী হৈ থাকিব।"
***
RR/PR/PS/SB
(रिलीज़ आईडी: 2203458)
आगंतुक पटल : 21
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Telugu
,
Marathi
,
Kannada
,
Malayalam
,
Bengali
,
Bengali-TR
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Punjabi
,
Gujarati