প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত পুৰুষৰ ১৫০০ মিটাৰ-টি১৩ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰা শংকৰপ্পাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
25 OCT 2023 10:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংজৌ এছিয়ান পেৰা গেমছত পুৰুষৰ ১৫০০ মিটাৰ-টি১৩ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে শংকৰাপ্পাক অভিনন্দন জনায়।
তেওঁ কয় যে শংকৰাপ্পাৰ প্ৰদৰ্শন আৰু নিষ্ঠাই দেশৰ প্ৰতিজন নাগৰিকক অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
প্ৰধানমন্ত্ৰীয়ে কয়, "এছিয়ান পেৰা গেমছত পুৰুষৰ ১৫০০ মিটাৰ-টি১৩ৰ এই আশ্চৰ্যকৰ ৰূপৰ পদক অৰ্জন কৰা শংকৰপ্পাক অভিনন্দন জনাইছো। তেওঁৰ অবিশ্বাস্য প্ৰদৰ্শন আৰু সমৰ্পণ আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো"।
(ৰিলিজ আই ডি : 2202770)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam