গৃহ মন্ত্ৰালয়
জন্ম বাৰ্ষিকীত মহান দেশপ্ৰেমী আৰু অমৰ শ্বহীদ খুদিৰাম বসু জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
খুদিৰাম বসু জীয়ে ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে সশস্ত্ৰ বিপ্লৱ কৰিবলৈ যুৱকসকলক সংগঠিত কৰাৰ লগতে স্বদেশী আন্দোলনৰ বাবে দেশবাসীক সজাগ কৰিছিল
অসংখ্য বিপ্লৱীৰ দ্বাৰা অনুপ্ৰাণিত খুদীৰামক ব্ৰিটিছ চৰকাৰে বিপ্লৱৰ পথৰ পৰা আঁতৰাব নোৱাৰিলে আৰু হাঁহিমুখে তেওঁ মাতৃভূমিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিলে
খুদিৰাম বসুজীৰ বীৰত্বপূৰ্ণ কাহিনী প্ৰতিগৰাকী যুৱক-যুৱতীয়ে ৰাষ্ট্ৰক প্ৰাধান্য দিয়াৰ বাবে এক অমূল্য প্ৰেৰণাৰ উৎস
प्रविष्टि तिथि:
03 DEC 2025 11:40AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মহান দেশপ্ৰেমী আৰু অমৰ শ্বহীদ খুদিৰাম বসু জীৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে বীৰত্ব, সাহস আৰু আত্মবলিদানৰ প্ৰতীক স্বৰূপ খুদিৰাম বসু জীয়ে ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে সশস্ত্ৰ বিপ্লৱ কৰিবলৈ যুৱকসকলক সংগঠিত কৰিছিল আৰু স্বদেশী আন্দোলনৰ বাবে দেশবাসীক সজাগ কৰিছিল। তেওঁ কয় যে অগণন বিপ্লৱীৰ দ্বাৰা অনুপ্ৰাণিত খুদিৰামজীক ব্ৰিটিছ চৰকাৰে বিপ্লৱৰ পথৰ পৰা আঁতৰাব নোৱাৰিলে আৰু হাঁহিমুখে তেওঁ মাতৃভূমিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। শ্ৰী শ্বাহে কয় যে খুদিৰাম বসু জীৰ বীৰত্বপূৰ্ণ কাহিনী প্ৰতিজন যুৱক-যুৱতীক ৰাষ্ট্ৰক প্ৰাধান্য দিয়াৰ বাবে প্ৰেৰণাৰ অমূল্য উৎস।
****
RK / RR / PS/DB
(रिलीज़ आईडी: 2198023)
आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam