“এতিয়া আপোনালোকে চিনেমাখন নিৰ্মাণ কৰা ধৰণেই চাব পাৰিব”: আইএফএফআই ২০২৫-ত শ্বোলে-ৰ ৫০ বছৰ উদযাপন কৰিলে ৰমেশ চিপ্পীয়ে
ইন-কনভাৰ্ছেশ্যন ছেচন: বিশিষ্ট চলচ্চিত্ৰ-নিৰ্মাতা ৰমেশ চিপ্পীয়ে হিন্দী চিনেমাৰ অন্যতম শ্ৰেষ্ঠ খলনায়ক গব্বৰ সিঙৰ জন্ম কেনেকৈ হৈছিল সেই বিষয়ে বৰ্ণনা কৰে
ৰমেশ চিপ্পীয়ে ঘোঁৰা চলোৱাৰ একশ্যন ছিকুৱেন্সৰ সময়ত প্ৰয়াত ধৰ্মেন্দ্ৰৰ সমৰ্পণৰ কথা মনত পেলায়, য’ত ঘোঁৰাৰ পিঠিত লগোৱা জিন পিছলি পৰিছিল আৰু অভিনেতাজন পৰি গৈছিল
শ্বোলে-ই হিন্দী চিনেমাৰ একশ্যন দৃশ্যৰ বাবে সুৰক্ষা প্ৰট’কলৰ পথ প্ৰদৰ্শন কৰিছিল বুলি কিৰণ চিপ্পীয়ে উল্লেখ কৰে
ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অনুষ্ঠিত “৫০ ইয়াৰ্ছ অব শ্বোলে: হোৱাই শ্বোলে ষ্টিল ৰিজনেটছ” শীৰ্ষক কাৰ্যক্ৰমত অংশগ্ৰহণ কৰি আইকনিক হিন্দী ছবি শ্বোলে-ৰ নিৰ্মাতা কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা ৰমেশ চিপ্পীয়ে দৰ্শকক চিনেমাখনৰ ইতিহাসৰ মাজেৰে চলচ্চিত্ৰপ্ৰেমীসকলক এক আকৰ্ষণীয় যাত্ৰাত লৈ গৈছিল।
পত্নী তথা বহুমুখী প্ৰতিভাসম্পন্ন অভিনে্ত্ৰী-প্ৰযোজিকা কিৰণ চিপ্পীয়ে পৰিচালনা কৰা এই অধিৱেশনটো নষ্টালজিয়া, প্ৰকাশ, আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলিৰে ভৰি উঠিছিল, কাৰণ ৰমেশ চিপ্পীয়ে সাংস্কৃতিক মাইলৰ খুঁটি সদৃশ এখন ছবিৰ নিৰ্মাণ সন্দৰ্ভত চৰ্চা আগবঢ়াইছিল।
৫০ বছৰৰ পিছত ঘূৰি আহিল আচল সামৰণি
ৰমেশ চিপ্পীয়ে চিনেমাপ্ৰেমীসকলৰ বাবে আটাইতকৈ আগ্ৰহেৰে অপেক্ষা কৰা ঘোষণাসমূহৰ ভিতৰৰ এটা শ্বেয়াৰ কৰিছিল: শ্বোলেৰ পুনৰ মুক্তি—এইবাৰ অক্ষত অৱস্থাত ইয়াৰ মূল সামৰণিৰে!
১৯৭৫ চনত যেতিয়া ছবিখন প্ৰথমবাৰৰ বাবে জৰুৰীকালীন অৱস্থাত মুক্তি পাইছিল, তেতিয়াৰ চেঞ্চৰ ব’ৰ্ড-য়ে ঠাকুৰ বলদেৱ সিঙে নিজৰ স্পাইকযুক্ত জোতা ব্যৱহাৰ কৰি গব্বৰ সিঙক হত্যা কৰা ক্লাইমেক্সটোত আপত্তি দৰ্শাইছিল আৰু জোৰ দিছিল যে এগৰাকী আৰক্ষী বিষয়াক প্ৰতিশোধ পৰায়ণ কৰি চিত্ৰায়িত কৰিব নোৱাৰি। অনিচ্ছা সত্ত্বেও ছবি নিৰ্মাতা আৰু তেওঁৰ দলটোৱে ছবিখনৰ সামৰণি দৃশ্যটো পুনৰ শ্বুটিং কৰিবলগীয়া হৈছিল।
দীৰ্ঘদিন ধৰি নিজৰ সৃষ্টিশীল দৃষ্টিভংগীৰ পুনৰুদ্ধাৰৰ উদযাপন কৰি উল্লাসিত হৈ উঠা চিপ্পীয়ে দৰ্শকক কয়, “এতিয়া আপোনালোকে চিনেমাখন যিদৰে নিৰ্মাণ কৰা হৈছিল, সেইদৰেই চাবলৈ পাব।
এটা সতেজ লেণ্ডস্কেপ আৰু এজন ভয়ংকৰ খলনায়ক
পৰিচালকে বৰ্ণনা কৰে কেনেকৈ তেওঁ ছবিখনৰ বাবে সম্পূৰ্ণ নতুন এটা পৰিদৃশ্য বিচাৰিছিল। যি সময়ত ডকাইতৰ কাহিনীৰে নিৰ্মিত হিন্দী চিনেমাৰ বেছিভাগেই ৰাজস্থান আৰু চম্বল উপত্যকাত শ্বুট কৰা হৈছিল, সেই সময়ত ৰমেশ চিপ্পীয়ে বিচাৰি বিচাৰি মহীশূৰু আৰু বেংগালুৰুৰ ওচৰৰ ৰুক্ষ-শিলাময় ভূখণ্ড আৱিষ্কাৰ কৰিছিল। শিলৰ পটভূমিয়ে শ্বোলেক ভাৰতীয় চিনেমাত কেতিয়াও দেখা নোপোৱা এক সুকীয়া ৰূপ প্ৰদান কৰিছিল।
এই পৰিৱেশে এক অস্বাভাৱিক বৈপৰীত্যও যোগ কৰিছিল— গব্বৰ সিঙে নিজৰ কেঁচা উত্তৰ প্ৰদেশীয় উচ্চাৰণেৰে দক্ষিণ ভাৰতৰ এটা পৰিৱেশক আতংকিত কৰি তুলিছিল। আমজাদ খানৰ অবিস্মৰণীয় চিত্ৰকল্পৰ বিষয়ে কোৱাৰ সময়ত চিপ্পীয়ে কয় যে ডেনি ডেনজংপা আছিল আমাৰ মূল পছন্দ, পিচে বহিঃৰাজ্যত শ্বুটিং কৰিব পৰাকৈ তেওঁ উপলব্ধ নাছিল। চিত্ৰনাট্যকাৰযুটী চেলিম–জাভেদৰ পৰামৰ্শ মতেই আমজাদ খানে তেওঁৰ নাট্য দক্ষতাৰে চিপ্পীক আপ্লুত কৰিছিল আৰু বাকীখিনি চিনেমাৰ ইতিহাসত পৰিণত হৈছিল।
বৰেণ্য চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে এই বুলিও উল্লেখ কৰে যে চিত্ৰনাট্য লিখা যুটিটোৱে প্ৰথমে মনমোহন দেশাইক দুটা শাৰীৰ কনচেপ্ট আগবঢ়াইছিল, যিয়ে সেয়া গ্ৰহণ কৰিব নুখুজিলে। কিন্তু চিপ্পীৰ পিতৃ-পুত্ৰৰ যুটি অৰ্থাৎ মহান জিপি চিপ্পী আৰু পুত্ৰ ৰমেশ চিপ্পীয়ে লগে লগে ইয়াৰ সম্ভাৱনাক চিনি পালে। এমাহৰ ভিতৰতে চিত্ৰনাট্য সম্পূৰ্ণ হ’ল, আৰু চিপ্পীয়ে চেলিম–জাভেদক ক’লে যে তেওঁলোকে অভাৱনীয়ভাৱে বিপজ্জনক চৰিত্ৰ এটা বিচাৰে, আৰু তেতিয়াই এজন চঞ্চল-অস্থিৰ খলনায়কৰ জন্ম হ’ল। সেইদৰেই হিন্দী চিনেমাই সৰ্বকালৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ খলনায়কক পাইছিল বুলি শ্বোলে-ৰ নিৰ্মাতাগৰাকীয়ে অভিমত ব্যক্ত কৰে।

পুৰোধাক স্মৰণ
ৰমেশ চিপ্পীয়ে ছবিখনৰ বৰেণ্য অভিনেতাসকলক মনত পেলাই আৱেগিক হৈ পৰে, যিসকল এতিয়া আমাৰ লগত নাই। শেহতীয়াকৈ মৃত্যু হোৱা সঞ্জীৱ কুমাৰ, আমজাদ খান, আৰু ধৰ্মেন্দ্ৰক তেওঁ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এটা অন্তৰ্স্পৰ্শী উপাখ্যানত ৰমেশ চিপ্পীয়ে ঘোঁৰা চলোৱাৰ একশ্যন ছিকুৱেন্সৰ সময়ত প্ৰয়াত ধৰ্মেন্দ্ৰৰ উচৰ্গিত অভিনয়ৰ কথা সোঁৱৰণ কৰে, য’ত ঘোঁৰাৰ পিঠিৰ জিন পিছলি পৰিছিল আৰু অভিনেতাগৰাকী পৰি গৈছিল। ৰমেশ চিপ্পীয়ে কয়, “মোৰ হৃদস্পন্দন ক্ষন্তেকৰ বাবে স্তব্ধ হৈ গৈছিল, কিন্তু ধৰম জীয়ে মাত্ৰ থিয় হৈ গাৰ ধূলিখিনি জোকাৰি লৈছিল, আৰু আকৌ যাবলৈ সাজু হৈছিল। তেওঁ সদায় নিজেকে উবুৰিয়াই দি নতুন নতুন কাম কৰা চেষ্টা কৰিব বিচাৰিছিল।”
শ্ব’লে-ৰ অতুলনীয় শিল্পকৌশল
চিপ্পীয়ে জোৰ দি কয় যে শ্বোলে হৈছে অসাধাৰণভাৱে দলীয় কামৰ উৎপাদন। ছবিখনে প্ৰৱৰ্তন কৰা বহু প্ৰথমৰ ভিতৰত জনা উচিত যে, ব্ৰিটেইনৰ পৰা পেছাদাৰী ফাইট-চিকুৱেন্স দল অনা এইখনেই হৈছে প্ৰথমখন ভাৰতীয় ছবি। ই হিন্দী চিনেমাৰ একশ্যন দৃশ্যৰ বাবে সুৰক্ষা প্ৰট’কলৰো পথ প্ৰদৰ্শক আছিল বুলি কিৰণ চিপ্পীয়ে তথ্য দাঙি ধৰে।
দৰ্শকৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত ছবি নিৰ্মাতাগৰাকীয়ে লগতে কয় যে চিনেমাটোগ্ৰাফাৰ দ্বাৰকা দিবেচাই তেওঁৰ দৃশ্যগত কাহিনী কোৱাৰ জৰিয়তে নতুন মাপকাঠী স্থাপন কৰিছিল। তেওঁ লগতে স্মৰণ কৰে যে প্ৰডাকশ্যন মেনেজাৰ আজিজ ভায়ে পৰ্দাৰ আঁৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
জয়া ভাদুৰীৰ সন্ধিয়াৰ বন্তিৰ অনুক্ৰম ধৰি ৰাখিবলৈ কেবাদিনো লাগিছিল, প্ৰতিদিনেই নিখুঁত “মেজিক আৱাৰ”ৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছিল বুলি স্মৃতি সুঁৱৰিছিল নিৰ্মাতাগৰাকীয়ে।
আনন্দ বাক্সীৰ ৰচনা আৰু আৰ ডি বৰ্মনৰ সুৰৰে কালজয়ী হোৱা গীত “য়েহ দোস্তী হম নাহি টোড়েংগে”ৰ কথাও তেওঁ মনত পেলাইছিল, যিটো গীতৰ প্ৰতিধ্বনি প্ৰজন্মৰ পিছত প্ৰজন্মৰ ধৰি চলিয়েই আছে।

সজীৱ হৈ থকা এক উত্তৰাধিকাৰিত্ব
অধিৱেশনটো শেষ হোৱাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছিল— শ্বোলে কেৱল এখন ছবিয়েই নহয়। ই এক জীৱন্ত উত্তৰাধিকাৰিত্বও যিয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলক অনুপ্ৰাণিত কৰি আহিছে, দৰ্শকক মোহিত কৰি আহিছে, ভাৰতীয় চিনেমাৰ সীমা পুনৰ নিৰ্ধাৰণ কৰি আহিছে।
৫০ বছৰীয়া উদযাপন আৰু বহু প্ৰত্যাশিত মূল অন্তলৈ উভতি অহাৰ লগে লগে শ্বোলে-ই আকৌ এবাৰ গৰ্জন কৰিবলৈ সাজু হৈছে—ঠিক যেনেকৈ অৰ্ধ শতিকাৰ আগতে কিংবদন্তি নিৰ্মাতা ৰমেশ চিপ্পীয়ে ইয়াক কল্পনা কৰিছিল।
শ্বোলেৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জনোৱাৰ অংশ হিচাপে আইএফএফআই-য়ে ছবিখনৰ চিনাকি মটৰবাইকখন উৎসৱথলীত প্ৰদৰ্শন কৰিছে, য’ত ই চিনেমাপ্ৰেমীসকলৰ যথেষ্ট আগ্ৰহ আকৰ্ষণ কৰিছে।


For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Post Link: https://x.com/PIB_Panaji/status/1991438887512850647?s=20
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Sangeeta Godbole/Sriyanka Chatterjee/Darshana Rane | IFFI 56 – 100/KB
रिलीज़ आईडी:
2196510
| Visitor Counter:
3