প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰায়পুৰত ডিজিপি/আইজিপি সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 NOV 2025 8:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰায়পুৰত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু মহাপৰিদৰ্শক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অধ্যক্ষতা কৰে। তেওঁ কয় যে এই সন্মিলনত ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃত আলোচনাৰ সাক্ষী হয়। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই মঞ্চই ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত উত্তম পদ্ধতি আৰু উদ্ভাৱনসমূহ শ্বেয়াৰ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;
“ৰায়পুৰত অনুষ্ঠিত ডিজিপি/আইজিপি সন্মিলনৰ প্ৰথম দিনটোত ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃত আলোচনাৰ সাক্ষী হও।এই ক্ষেত্ৰত উত্তম পদ্ধতি আৰু উদ্ভাৱনসমূহ শ্বেয়াৰ কৰাৰ বাবে এইখন এক ডাঙৰ মঞ্চ।”
*******
MJPS/SR/DB
(रिलीज़ आईडी: 2196507)
आगंतुक पटल : 4