প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে টকিঅ'ত অনুষ্ঠিত ২৫ সংখ্যক গ্ৰীষ্মকালীন বধিৰ অলিম্পিক, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতীয় বধিৰ অলিম্পিয়ানসকলক অভিনন্দন জনায়
प्रविष्टि तिथि:
27 NOV 2025 5:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত অনুষ্ঠিত ২৫ সংখ্যক গ্ৰীষ্মকালীন বধিৰ অলিম্পিক, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতৰ বধিৰ অলিম্পিয়ানসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
৯ টা স্বৰ্ণকে প্ৰমুখ্য কৰি ২০ টা ঐতিহাসিক সৰ্বাধিক পদকেৰে আমাৰ খেলুৱৈসকলে পুনৰবাৰ দৃঢ়তা আৰু নিষ্ঠাৰে অসাধাৰণ ফলাফল লাভ কৰিব পৰা দৃষ্টান্ত দাঙি ধৰিছে।
প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীকে তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টা আৰু দায়বদ্ধতাৰ বাবে প্ৰশংসা কৰে। তেওঁ কয় যে তেওঁলোকৰ এই কৃতিত্বৰ বাবে সমগ্ৰ ৰাষ্ট্ৰ আজি গৌৰৱান্বিত। এই সাফল্যই ভাৰতক বিশ্বৰ মঞ্চত উজলাই তুলিছে।
শ্ৰী মোদীয়ে এক্স-ৰ এটা প’ষ্টত এইদৰে লিখিছেঃ
“টকিঅ’ত অনুষ্ঠিত ২৫ সংখ্যক গ্ৰীষ্মকালীন বধিৰ অলিম্পিক, ২০২৫-ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতৰ বধিৰ অলিম্পিয়ানসকলক আন্তৰিক অভিনন্দন জনাইছো। ৯ টা স্বৰ্ণকে প্ৰমুখ্য কৰি ২০ টা ঐতিহাসিক সৰ্বাধিক পদকেৰে আমাৰ খেলুৱৈসকলে পুনৰবাৰ দৃঢ়তা আৰু নিষ্ঠাৰে অসাধাৰণ ফলাফল লাভ কৰিব পৰা দৃষ্টান্ত দাঙি ধৰিছে। প্ৰতিজন খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰে শলাগ লৈছো। আপোনালোকৰ সাফল্যই সমগ্ৰ ৰাষ্ট্ৰক গৌৰৱান্বিত কৰিছে!”
****
MJPS/SR/SB
(रिलीज़ आईडी: 2195922)
आगंतुक पटल : 4