প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংবিধান দিৱসত ভাৰতৰ সংবিধান প্ৰণেতাসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
प्रविष्टि तिथि:
26 NOV 2025 10:01AM by PIB Guwahati
সংবিধান দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সংবিধান প্ৰণেতাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকৰ দৃষ্টিভংগী আৰু দূৰদৰ্শিতাক স্বীকাৰ কৰে, যিয়ে ৰাষ্ট্ৰখনক বিকশিত ভাৰতৰূপে গঢ়ি তোলাৰ সামূহিক প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি আহিছে।
প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ সংবিধানে মানৱীয় মৰ্যাদা, সমতা আৰু স্বাধীনতাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে যদিও সংবিধানে নাগৰিকসকলক অধিকাৰৰ সৈতে ক্ষমতা প্ৰদান কৰে, ই তেওঁলোকৰ কৰ্তব্যৰ কথাও মনত পেলাই দিয়ে, যিটো আন্তৰিকতা আৰু প্ৰতিশ্ৰুতিৰে পূৰণ কৰিব লাগিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই কৰ্তব্যসমূহে এক শক্তিশালী আৰু প্ৰাণৱন্ত গণতন্ত্ৰৰ মূল ভেটি গঠন কৰে।
ৰাষ্ট্ৰৰ সংকল্পৰ পুনৰাবৃত্তি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলক তেওঁলোকৰ কাৰ্য্যৰ জৰিয়তে সাংবিধানিক মূল্যবোধ শক্তিশালী কৰিবলৈ আহ্বান জনায়, যিয়ে দেশৰ প্ৰগতি আৰু ঐক্যত অৰিহণা যোগায়।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ
‘সংবিধান দিৱসত আমি আমাৰ সংবিধান প্ৰণেতাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো। তেওঁলোকৰ দৃষ্টিভংগী আৰু দূৰদৰ্শিতাই আমাক এখন বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে অনুপ্ৰাণিত কৰি আহিছে।
আমাৰ সংবিধানে মানৱীয় মর্যাদা, সমতা আৰু স্বাধীনতাক সৰ্বাধিক গুৰুত্ব দিয়ে। যদিও ই আমাক অধিকাৰ প্ৰদান কৰে, ই আমাক নাগৰিক হিচাপে আমাৰ কৰ্তব্যসমূহৰ কথাও মনত পেলাই দিয়ে, যিবোৰ আমি সদায় পূৰণ কৰিবলৈ চেষ্টা কৰা উচিত। এই কৰ্তব্যবোৰ হৈছে এক শক্তিশালী গণতন্ত্ৰৰ ভেটি।
আহক, আমি আমাৰ কাৰ্য্যৰ জৰিয়তে সাংবিধানিক মূল্যবোধ শক্তিশালী কৰি আমাৰ প্ৰতিশ্ৰুতি দোহাৰো।’
MJPS/SR/MK
(रिलीज़ आईडी: 2194518)
आगंतुक पटल : 6