টাৰ্বো মোডত প্ৰতিভা! চিএমঅ’টি ২০২৫ আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ সৃষ্টিকৰ্তাসকলে আলোড়নৰ সৃষ্টি কৰিলে
চিএমঅ’টি কেৱল চলচ্চিত্ৰ নিৰ্মাণৰ কথা নহয়, ই হৈছ ৰাষ্ট্ৰৰ সৃষ্টিশীল ভৱিষ্যত গঢ় দিয়াৰ কথা: এমঅ’এছ ড° এল মুৰুগান
চিএমঅ’টিৰ শিক্ষাৰ্থী ভাৰতৰ ভৱিষ্যত গল্পকাৰ আৰু বিশ্বব্যাপী সাংস্কৃতিক এম্বেছাদৰ হ’ব: এমআইবিৰ সচিব শ্ৰী সঞ্জয় জাজু
#IFFIWood, ২১ নবেম্বৰ ২০২৫
টাৰ্বো মোডত প্ৰতিভা! আজি গোৱাত ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰ’ (চিএমঅ’টি) ২০২৫ৰ পঞ্চম সংস্কৰণ আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ সৃষ্টিকৰ্তাসকলে আলোড়নৰ সৃষ্টি কৰে, যাৰ ফলত এই উপকূলীয় চহৰখন ভাৰতৰ আটাইতকৈ প্ৰতিভাৱান আৰু উদীয়মান যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ খেলপথাৰলৈ ৰূপান্তৰিত হৈছে।

১২৫ জন উদীয়মান তাৰকাই উচ্চ অক্টেনযুক্ত ৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণ প্ৰত্যাহ্বানৰ বাবে চৰ্চালৈ আহিছে, য’ত সৃষ্টিশীলতা, সহযোগিতা আৰু চিনেমাৰ যাদুৰ ঘূৰ্ণীবতাহত ধাৰণাসমূহে চিত্ৰনাট্যৰ পৰা পৰ্দালৈ স্প্ৰিণ্ট কৰে। এইটো কেৱল উৎসৱৰ অনুষ্ঠান নহয়—ইয়াত অনাগত দিনৰ পৰিচালক, অভিনেতা, গল্পকাৰে নিজাকৈ ব্লকবাষ্টাৰ কাহিনী নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে এই প্ৰত্যাহ্বানৰ শুভাৰম্ভ কৰি অংশগ্ৰহণকাৰীসকলৰ আবেগ আৰু সৃষ্টিশীলতাক প্ৰশংসা কৰে। ২০২১ চনৰ পৰা এই পদক্ষেপৰ অবিৰত বৃদ্ধিৰ কথা উল্লেখ কৰি তেওঁ যুৱ গল্পকাৰসকলক এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰাৰ বাবে চিএমঅ’টিক প্ৰশংসা কৰে। তেওঁ কয়, “এই মঞ্চই ভাৰতৰ উদীয়মান সৃষ্টিকৰ্তাসকলক বিশ্বব্যাপী প্ৰযোজক আৰু সৃষ্টিশীল নেটৱৰ্কৰ সৈতে সংযোগ কৰে।”

ড° মুৰুগানে অংশগ্ৰহণকাৰীসকলক ৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণৰ তীব্ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আহ্বান জনাই এই কথাত গুৰুত্ব আৰোপ কৰে যে “এই উচ্চ চাপৰ অভিজ্ঞতাসমূহে আপোনাৰ দক্ষতাক চোকা কৰি তোলে আৰু আপোনাৰ সৰ্বোত্তম শ্ৰেষ্ঠখিনি উলিয়াই আনে।” তেওঁ মুম্বাইত নতুনকৈ আৰম্ভ কৰা ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন’লজিছকে ধৰি মূল চৰকাৰী পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে, যিটো প্ৰতিভাক লালন-পালন কৰা, ভাৰতৰ সৃষ্টিশীল পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা, আৰু কমলা অৰ্থনীতিক উন্নীতকৰণৰ বাবে ডিজাইন কৰা হৈছে, যিটো প্ৰধানমন্ত্ৰীৰ এক সজীৱ, উদ্ভাৱন-চালিত সৃষ্টিশীল খণ্ডৰ দৃষ্টিভংগীৰ সৈতে সংগতি আছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে নিৰ্বাচিত যুৱক-যুৱতীসকলক অভিনন্দন জনাই তেওঁলোকৰ অন্তৰ্ভুক্তিক এক উল্লেখযোগ্য কৃতিত্ব আখ্যা দিয়ে। তেওঁলোকৰ উৎসাহক প্ৰশংসা কৰি তেওঁ যোৱা বছৰৰ প্ৰত্যাহ্বানত নিৰ্মিত ব্যতিক্ৰমী ছবিসমূহৰ কথা মনত পেলাই চূড়ান্ত শ্ব’কেছটোক “প্ৰায় অস্কাৰৰ দৰে” বুলি অভিহিত কৰে। তেওঁ জোৰ দি কয় যে চিএমঅ’টিয়ে বিৰল সহযোগিতাৰ পোষকতা কৰে, য’ত অচিনাকি লোকসকলে একত্ৰিত হৈ হেঁচাত পৰি বাধ্যতামূলক কাহিনী সৃষ্টি কৰে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা চিএমঅ’টিৰ এজন প্ৰাক্তন ছাত্ৰৰ উদাহৰণ দি তেওঁ কয়, “আপোনালোকৰ বহুতেই ভৱিষ্যতৰ গল্পকাৰ আৰু ভাৰতৰ বিশ্বব্য়াপী সাংস্কৃতিক এম্বেছাদৰ হ’ব।”
শ্বৰ্টছ ইণ্টাৰনেশ্যনেলৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া কাৰ্টাৰ পিলচাৰে এইবাৰৰ চিএমঅ’টিক আজিলৈকে হোৱা অন্যতম ৰোমাঞ্চকৰ সংস্কৰণ বুলি অভিহিত কৰিছে। তেওঁ আন কোনো বিশ্ব উৎসৱত অতুলনীয় মঞ্চ গঢ়ি তোলাৰ বাবে মন্ত্ৰালয়ক শলাগ লয়। তেওঁ কয়, “পূৰ্বৰ সংস্কৰণৰ অংশগ্ৰহণকাৰীসকলে ইতিমধ্যে কানত, বিশ্বৰ ডাঙৰ ডাঙৰ উৎসৱসমূহত প্ৰদৰ্শন কৰিছে, আনকি অস্কাৰৰ চৰ্টলিষ্টতো স্থান লাভ কৰিছে।” পিলচাৰে সৃষ্টিকৰ্তাসকলক এই সুযোগ ব্যৱহাৰ কৰি শিকিবলৈ, সহযোগিতা কৰিবলৈ আৰু সৃষ্টিশীল সীমাবদ্ধতাক উদগনি দিবলৈ আহ্বান জনাই পুনৰ কয় যে চুটি ৰূপৰ গল্প কোৱা এতিয়া বিশ্বব্যাপী মনোৰঞ্জনৰ মূলতে আছে।
উদ্বোধনী অনুষ্ঠানত যুটীয়া সচিব (চলচ্চিত্ৰ) ড° অজয় নাগাভূষণ আৰু এনএফডিচিৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মাগদুমো উপস্থিত থাকে।
ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰ’ (চিএমঅ’টি)ৰ বিষয়ে
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় (এমআইবি) আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এনএফডিচি) এক দূৰদৰ্শী পদক্ষেপ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰ’ (চিএমঅ’টি) ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ উদীয়মান তাৰকাসকলক আৱিষ্কাৰ, লালন-পালন আৰু চৰ্চালৈ অনাৰ বাবে ডিজাইন কৰা হৈছে। ই কেৱল প্ৰতিভাৰ কাৰ্যসূচী নহয় — ভৱিষ্যতৰ গল্পকাৰসকলৰ বাবে ই এক লঞ্চপেড, যিয়ে ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিক আগুৱাই নিব।
প্ৰতি বছৰে চিএমঅ’টিয়ে কেঁচা আবেগক চিনেমাৰ উজ্জ্বলতালৈ ৰূপান্তৰিত কৰে, সমগ্ৰ দেশৰ পৰা উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলক এক অসাধাৰণ সুযোগ প্ৰদান কৰে: এছিয়াৰ অন্যতম সন্মানীয় চলচ্চিত্ৰ মহোৎসৱৰ বিশ্বব্যাপী মঞ্চত নিজৰ দক্ষতা প্ৰদৰ্শন কৰা।
এই পদক্ষেপে ভাৰতৰ প্ৰিমিয়াৰ চলচ্চিত্ৰ মহোৎসৱ আইএফএফআইৰ আঁৰত চাৰিটা সফল সংস্কৰণ সংঘটিত কৰিছে। ল্যাণ্ডমাৰ্ক পঞ্চম সংস্কৰণত চিএমঅ’টিয়ে পুনৰবাৰ সমগ্ৰ ভাৰতৰ মুঠ ১৩খন চলচ্চিত্ৰ শিল্পৰ প্ৰায় ১২৫ জন যুৱ প্ৰতিভাক প্ৰদৰ্শন কৰিব।
আইএফএফআইৰ বিষয়ে
১৯৫২ চনত জন্মগ্ৰহণ কৰা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমাৰ উদযাপন হিচাপে থিয় দিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি), তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰ আৰু গোৱা মনোৰঞ্জন সমিতি (ইএছজি), গোৱা চৰকাৰৰ যৌথভাৱে আয়োজন কৰা এই মহোৎসৱটো এক বিশ্বব্যাপী চিনেমাৰ শক্তিশালী প্ৰতিষ্ঠানলৈ গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী পৰীক্ষা-নিৰীক্ষাৰ সৈতে সাক্ষাৎ কৰে, আৰু কিংবদন্তি পণ্ডিতসকলে নিৰ্ভীক প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰাসকলৰ সৈতে স্থান গ্ৰহণ কৰে। আইএফএফআইক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল ইয়াৰ বৈদ্যুতিক মিশ্ৰণ—আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিৰ ৱেভছ ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি আৰু সহযোগিতাই উৰণ লয়। ২০–২৮ নৱেম্বৰৰ পৰা গোৱাৰ বিস্ময়কৰ উপকূলীয় পটভূমিত মঞ্চস্থ কৰা ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক চকু কপালত তুলিব পৰা বৰ্ণালীৰ প্ৰতিশ্ৰুতি দিছে— বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন।
অধিক তথ্যৰ বাবে, ক্লিক কৰক:
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2191768
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2075551
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2073892
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1978454
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1979776
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=1856855
আইএফএফআই ৱেবছাইট: https://www.iffigoa.org/
পিআইবিৰ আইএফএফআই মাইক্ৰ’ছাইট: https://www.pib.gov.in/iffi/56new/
পিআইবি আইএফএফআইউড সম্প্ৰচাৰ চেনেল: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
এক্স হেণ্ডেলছ: @IFFIGoa, @PIB_India, @PIB_Panaji
******
PIB IFFI CAST AND CREW | Nikita Joshi/Swadhin Shaktiprasad/Darshana Rane | IFFI 56 - 023/AA
Release ID:
2192749
| Visitor Counter:
3
Read this release in:
English
,
Urdu
,
Konkani
,
हिन्दी
,
Marathi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam