আইএফএফআইৰ ৰাষ্ট্ৰদূতসকলৰ ঘূৰণীয়া মেজমেলত ভাৰতৰ সহ-উৎপাদনৰ সম্ভাৱনা প্ৰদৰ্শন, গভীৰ সাংস্কৃতিক আৰু প্ৰযুক্তিগত সমন্বয়ৰ আহ্বান
ভাৰত 'বিশ্বৰ ষ্টুডিঅ' হিচাপে গঢ়ি উঠিবলৈ সাজু হোৱা বুলি ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগান আৰু সচিব সঞ্জয় জাজুৰ মত প্ৰকাশ
ভাৰতৰ প্ৰতিভা, প্ৰযুক্তি আৰু সহ-উৎপাদনৰ সুযোগৰ প্ৰশংসা ৰাষ্ট্ৰদূতসকলৰ
ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি ডোনা পাউলাৰ তাজ চিডাডে ডি গোৱা হেৰিটেজ হোটেলত অনুষ্ঠিত ৰাষ্ট্ৰদূতৰ ঘূৰণীয়া মেজমেলত কূটনীতিবিদসকল একত্ৰিত হয়। এই অধিৱেশনত সহ-প্ৰযোজনাৰ সুযোগ, সৃষ্টিশীল-অৰ্থনীতিৰ বিকাশ আৰু গভীৰ সাংস্কৃতিক বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি দ্বিপাক্ষিক অডিঅ’ ভিজুৱেল সহযোগিতা আগবঢ়াই নিয়াৰ নতুন পথৰ অন্বেষণ কৰা হয়।
ভাৰত আৰু মিত্ৰ ৰাষ্ট্ৰসমূহৰ মাজত আলোচনাৰ মঞ্চ হিচাপে ধাৰণা কৰা এই ঘূৰণীয়া মেজমেলত চলচ্চিত্ৰ নিৰ্মাণ, প্ৰযুক্তিৰ অংশীদাৰিত্ব আৰু গোলকীয় সৃষ্টিশীল পৰিবেশতন্ত্ৰক শক্তিশালী কৰিব পৰা নিয়ামক সমন্বয়ৰ উদীয়মান সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আলোচনাটোত সহ-প্ৰযোজনা চুক্তিৰ জৰিয়তে অৰ্থনৈতিক মূল্য মুকলি কৰা, সাংস্কৃতিক আৰু প্ৰযুক্তিগত বিনিময় বৃদ্ধি কৰা, বিদেশত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে নিয়ামক প্ৰত্যাহ্বান সহজ কৰা আৰু অধিক আন্তঃসংযুক্ত সৃষ্টিশীল দৃশ্যপট গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ঘূৰণীয়া মেজমেলত আদৰণি ভাষণ দি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে ভাৰতৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা সংবাদ মাধ্যমৰ পৰিৱেশ আৰু প্ৰযোজনা কেন্দ্ৰ হিচাপে ইয়াৰ বৰ্ধিত গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
তেওঁ উল্লেখ কৰে যে ঘূৰণীয়া মেজমেলৰ জৰিয়তে সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰা আৰু অংশীদাৰিত্ব গভীৰ হোৱাত সহায় হোৱাৰ লগতে দেশৰ বহুভাষিক প্ৰতিভাসমূহ আৰু বিশ্বজনীন কাহিনীসমূহ কল্পনা, প্ৰস্তুত আৰু ভাগ-বাটোৱাৰা কৰিব পৰা ‘বিশ্বৰ ষ্টুডিঅ’ হিচাপে ইয়াৰ উত্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
জাজুৱে বিভিন্ন চিত্ৰগ্ৰহণৰ স্থানৰ পৰা আৰম্ভ কৰি উন্নত এনিমেচন আৰু ভিএফএক্স ষ্টুডিঅ’লৈকে ভাৰতৰ সামৰ্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে আইএফএফআইৰ ধ্বজাবাহী মঞ্চ ৱেভছ ফিল্ম বজাৰত উপলব্ধ সুযোগসমূহ অন্বেষণ কৰিবলৈ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনায়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ সৈতে অংশীদাৰিত্বই এক বিস্তৃত আন্তৰ্জাতিক পৰ্যায়ত জনসাধাৰণৰ সংস্পৰ্শলৈ অহা সুবিধা দিয়ে, যিয়ে কাহিনীবোৰক সংস্কৃতি আৰু বজাৰত নিৰৱচ্ছিন্নভাৱে জনপ্ৰিয় কৰি তোলে।
ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰা তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে তেওঁৰ বিশেষ ভাষণত সহ-প্ৰযোজনাক অডিঅ’ ভিজুৱেল সহযোগিতা শক্তিশালী কৰাৰ আটাইতকৈ শক্তিশালী পথ বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ মিডিয়া আৰু মনোৰঞ্জন খণ্ডই ২০২৫ চনত ৩১.৬ বিলিয়ন আমেৰিকান ডলাৰ স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে, যি ভিএফএক্স, এনিমেচন আৰু পৰৱৰ্তী প্ৰজন্মৰ উৎপাদন প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ দ্বাৰা চালিত হৈছে।
ড০ মুৰুগানে যৌথ উন্নয়নমূলক উদ্যোগ, অনুমতি লাভৰ সূচলতা, প্ৰতিভা আৰু সম্পদৰ মসৃণ গতিশীলতা আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে সৃষ্টিশীল স্বাধীনতা বৃদ্ধিৰ ক্ষেত্ৰত দ্বিপাক্ষিক চুক্তিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ এম ই আই টি ৱাই, এম এইচ এ আৰু আইন মন্ত্ৰালয়ৰ সৈতে আন্তঃ-মন্ত্ৰী পৰ্যায়ৰ সহযোগিতাৰ জৰিয়তে আন্তৰ্জাতিক সৃষ্টিৰ বাবে এক নিৰাপদ পৰিবেশতন্ত্ৰ নিশ্চিত কৰাৰ জৰিয়তে পাইৰেচীৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী পদক্ষেপৰ বিষয়েও উল্লেখ কৰে।
মন্ত্ৰীৰ মন্তব্যৰ পাছতে এন এফ ডি চিৰ পৰামৰ্শদাতা শ্ৰুতি ৰাজকুমাৰে ঘূৰণীয়া মেজমেলত ভাৰতৰ পাইৰেচীবিৰোধী শেহতীয়া পৰিকল্পনা উপস্থাপন কৰে। এই ব্যাখ্যাত ডিজিটেল লিক নিয়ন্ত্ৰণ কৰাৰ লগতে সমলৰ সৃষ্টকৰ্তাসকলক সুৰক্ষিত কৰাৰ বাবে প্ৰস্তুত কৰা প্ৰযুক্তিগত হস্তক্ষেপ আৰু নীতি-পৰ্যায়ৰ প্ৰণালীৰ বিশদ বিৱৰণ দিয়া হয়।
কিউবা আৰু নেপালৰ ৰাষ্ট্ৰদূত, ইজৰাইল, গায়ানা, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, মৰক্কো, টোগো আৰু আইভৰী ক’ষ্টক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ কূটনীতিবিদসকলে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে আৰু নিজ নিজ দেশৰ চলচ্চিত্ৰ উদ্যোগৰ সবিশেষ ব্যাখ্যা কৰে।
গণ্য-মান্য ব্যক্তিসকলে সামূহিকভাৱে ভাৰতৰ সৃষ্টিশীল খণ্ডৰ লোকসকলৰ সৈতে সহযোগিতা কৰা, ইয়াৰ প্ৰযুক্তিগত শক্তি আহৰণ কৰা আৰু তেওঁলোকৰ চিনেমাৰ পৰিবেশতন্ত্ৰক পাৰস্পৰিকভাৱে সমৃদ্ধ কৰিব পৰা সহ-প্ৰযোজনাৰ পথ অন্বেষণ কৰাৰ বিষয়ে ইতিবাচক মনোভাৱ ব্যক্ত কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সঞ্চালক (এক্সপিডি) শ্ৰী ৰাজেশ পৰিহাৰৰ ধন্যবাদসূচক ভাষণৰ সৈতে অধিৱেশনৰ সামৰণি পৰে। তেওঁ কূটনীতিবিদসকলৰ অৱদানক স্বীকাৰ কৰাৰ লগতে এক সহযোগিতামূলক আন্তৰ্জাতিক অডিঅ’ ভিজুৱেল পৰিবেশ গঢ়ি তোলাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। আই এফ এফ আই ২০২৫ৰ জৰিয়তে ৰাষ্ট্ৰদূতসকলৰ ঘূৰণীয়া মেজমেলত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক, অধিক প্ৰাণৱন্ত সংবাদ মাধ্যমৰ অংশীদাৰিত্ব আৰু ভৱিষ্যতৰ কাহিনী বৰ্ণনাৰ বাবে এক অংশীদাৰী দৃষ্টিভংগী গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰতিফলিত হয়।
আইএফএফআইৰ বিষয়ে
১৯৫২ চনত সূচনা হোৱা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচন (এন এফ ডি চি) আৰু গোৱা ৰাজ্য চৰকাৰৰ এণ্টাৰটেইনমেণ্ট ছচাইটি অৱ গোৱা (ই এছ জি)ৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা এই উৎসৱ এক আন্তৰ্জাতিক চিনেমাৰ শক্তি কেন্দ্ৰলৈ বিকশিত হৈছে-য'ত পূৰ্বৰ উৎকৃষ্ট চলচ্চিত্ৰসমূহৰ সৈতে পৰীক্ষামূলক পদক্ষেপৰ সংমিশ্ৰণ হয়, য'ত কিংবদন্তি শিল্পীসকলৰ লগতে প্ৰথমবাৰৰ অংশগ্ৰহণকাৰীসকলেও নিসংকোচে স্থান লাভ কৰে। আই এফ এফ আইক সঁচাকৈয়ে উজ্জ্বল কৰি তোলা কথাটো হ’ল ইয়াৰ মণিকাঞ্চন সংযোগ-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, বিশেষজ্ঞসকলৰ অভিজ্ঞতা বিনিময়, শ্ৰদ্ধাঞ্জলি আৰু অত্যুৎসাহী ৱেভছ ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি আৰু সহযোগিতাই পাখি মেলে। নৱেম্বৰৰ পৰা গোৱাৰ অতুলনীয় উপকূলত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক চমকপ্ৰদ বৰ্ণিল ক’লাজৰ প্ৰতিশ্ৰুতি দিয়ে- ই হৈছে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল প্ৰতিভাৰ এক গভীৰ উদযাপন।



* * *
Release ID:
2192582
| Visitor Counter:
4