iffi banner

'দ্য ব্লু ট্ৰেইল'ৰ সুঁতি অনুসৰণ কৰি ইয়াৰ ৫৬ সংখ্যক অধ্যায় আৰম্ভ আই এফ এফ আইৰ

চলচ্চিত্ৰখন হৈছে এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ বিষয়ে, যিয়ে জীৱনৰ অৰ্থ বিচৰাৰ কোনো বয়স নাথাকে বুলি উপলব্ধি কৰাত আমাক সহায় কৰেঃ গেব্ৰিয়েল মাস্কাৰো

পৰৱৰ্তী দুই-তিনি বছৰৰ ভিতৰত ১ লাখ লোকে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু আমি অতিশীঘ্ৰে কাঁনছ মহোৎসৱৰ দৰে বিশাল পৰিসৰ লাভ কৰিম বুলি মই ভাবোঃ শেখৰ কাপুৰ

থলুৱা পৰ্তুগীজ ভাষাত 'অ' অল্টিমো আজুল' হিচাপে জনাজাত গেব্ৰিয়েল মাস্কাৰোৰ সামাজিক অন্যায়ৰ কল্পনাপ্ৰসূত কাহিনী দ্য ব্লু ট্ৰেইলৰ জৰিয়তে আজি ৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ৰ শুভাৰম্ভ হয়। গোৱাৰ সমুদ্ৰ তীৰত আৰম্ভ হোৱা এই উদ্বোধনী ছবিখনে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিছে।

চলচ্চিত্ৰখন পৰ্দাত আৰম্ভ হোৱাৰ পূৰ্বে মাৰিয়া আলেজেন্দ্ৰা ৰোজাছ, আৰ্টুৰো ছালাজাৰ আৰবি, ক্লাৰিছা পিনহেইৰো, ৰোছা মালাগুয়েটা আৰু গেব্ৰিয়েল মাস্কাৰোকে ধৰি চলচ্চিত্ৰখনৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীসকলে ৰেড কাৰ্পেটত অংশগ্ৰহণ কৰে। তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী এল. মুৰুগান, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু, আইএফএফআইৰ অনুষ্ঠান সঞ্চালক শেখৰ কাপুৰ আৰু কিংবদন্তি অভিনেতা নন্দমুৰি বালাকৃষ্ণ এই মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে।

চলচ্চিত্ৰখনৰ বিষয়ে মন্তব্য কৰি শেখৰ কাপুৰে উল্লেখ কৰে, ‘মই বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত উদ্বোধনী চলচ্চিত্ৰখন উপভোগ কৰিছিলো, য’ত এই চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ স্থানৰ ৰূপালী বিয়েৰ সন্মান লাভ কৰিছিল। এই চলচ্চিত্ৰখন আছিল অতি গতিশীল। মই পৰিচালকগৰাকীক এই বিষয়ে আপোনালোকৰ সৈতে কথা পাতিবলৈ আগবঢ়াই দিছো।’ তাৰ পাছত গেব্ৰিয়েল মাস্কাৰোৱে মন্তব্য কৰিছিল, ‘চলচ্চিত্ৰখন আশাবাদী মনোভাৱৰ এগৰাকী বৃদ্ধ মহিলাৰ বিষয়ে। আমি আশা কৰো যে এই চলচ্চিত্ৰখনে জীৱনৰ অৰ্থ উপলব্ধি কৰাৰ বাবে সদায় হাতত সময় থাকে বুলি বুজাত আমাক সহায় কৰিব।’ আই এফ এফ আই সন্দৰ্ভত ইতিবাচক আশা প্ৰকাশ কৰি শ্ৰী কাপুৰে দৃঢ়তাৰে কয়, ‘পৰৱৰ্তী দুই-তিনি বছৰৰ ভিতৰত ১ লাখ লোকে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু আমি অতিশীঘ্ৰে কাঁনছ মহোৎসৱৰ দৰে বিশাল পৰিসৰ লাভ কৰিম বুলি মই ভাবো।’

‘দ্য ব্লু ট্ৰেইল’ৰ প্ৰিমিয়াৰ শ্ব’ক দৰ্শকসকলে তীব্ৰ হাতচাপৰিৰে আদৰণি জনায়। জীৱনৰ পৰীক্ষাসমূহৰ আন্তৰিক অন্বেষণ, ইয়াৰ স্থিতিস্থাপকতাৰ নিৰিবিলি উদযাপন আৰু আত্ম-আৱিষ্কাৰৰ উজ্জ্বল যাত্ৰাক টেৰেছাই ইমান সাহসৰে আঁকোৱালি লোৱাৰ বাবে ছবিখনক দৰ্শকে প্ৰশংসা কৰে।

সামাজিক অন্যায়ৰ কল্পনাপ্ৰসূত এটি কাহিনীঃ

নিৰাশাৰে ভৰা ব্ৰাজিলৰ ভয়ংকৰ পটভূমিৰ বিপৰীতে, 'দ্য ব্লু ট্ৰেইল'ত এগৰাকী ৭৭ বছৰীয়া উৎসাহী মহিলা টেৰেছাক প্ৰতিবিম্বিত কৰা হৈছে, যিয়ে ভাগ্যৰ শীতল হাত আৰু তেওঁক জ্যেষ্ঠ নাগৰিকৰ এটা উপনিৱেশত আবদ্ধ কৰি ৰখাৰ চৰকাৰৰ প্ৰচেষ্টাক প্ৰতিহত কৰে। সপোনৰে ভৰা হৃদয় আৰু কোনো বাধা মানিব নিবিচৰা আত্মাৰ অধিকাৰী, তেওঁ আকাশ চুবলৈ আৰু প্ৰথমবাৰৰ বাবে পাখি মেলিবলৈ আগ্ৰহেৰে আমাজনৰ মাজেৰে এক দুঃসাহসিক যাত্ৰা আৰম্ভ কৰে। স্বাভাৱিক পথেৰে যাত্ৰা কৰাৰ সলনি নাৱেৰে আৰম্ভ কৰা যাত্ৰাত তেওঁ নানা বৰ্ণিল চৰিত্ৰৰ লগতে প্ৰত্যাহ্বানৰো সন্মুখীন হয়। এই যাত্ৰাই তেওঁৰ সাহসৰ পৰীক্ষা লৈ পথত সৃষ্টি কৰে নানা বিস্ময়। যাত্ৰাকালৰ প্ৰতিটো উত্থান-পতন, ভুল সিদ্ধান্ত আৰু ঐন্দ্ৰজালিক মুহূৰ্তই টেৰেছাৰ যাত্ৰাক স্বাধীনতা, স্থিতিস্থাপকতা আৰু নিজৰ চৰ্তত জীৱন যাপনৰ অদম্য আনন্দৰে ভৰা এটা যাত্ৰাত পৰিগণিত কৰে। যি সমাজে বয়সৰ বাবে নিৰ্ধাৰণ কৰা পৰিসীমাৰ পৰিধিৰ বাহিৰত।

আইএফএফআইৰ বিষয়ে

১৯৫২ চনত সূচনা হোৱা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচন (এন এফ ডি চি) আৰু গোৱা ৰাজ্য চৰকাৰৰ এণ্টাৰটেইনমেণ্ট ছচাইটি অৱ গোৱা (ই এছ জি)ৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা এই উৎসৱ এক আন্তৰ্জাতিক চিনেমাৰ শক্তি কেন্দ্ৰলৈ বিকশিত হৈছে-য'ত পূৰ্বৰ উৎকৃষ্ট চলচ্চিত্ৰসমূহৰ সৈতে পৰীক্ষামূলক পদক্ষেপৰ সংমিশ্ৰণ হয়, য'ত কিংবদন্তি শিল্পীসকলৰ লগতে প্ৰথমবাৰৰ অংশগ্ৰহণকাৰীসকলেও নিসংকোচে স্থান লাভ কৰে। আই এফ এফ আইক সঁচাকৈয়ে উজ্জ্বল কৰি তোলা কথাটো হ’ল ইয়াৰ মণিকাঞ্চন সংযোগ-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, বিশেষজ্ঞসকলৰ অভিজ্ঞতা বিনিময়, শ্ৰদ্ধাঞ্জলি আৰু অত্যুৎসাহী ৱেভছ ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি আৰু সহযোগিতাই পাখি মেলে। নৱেম্বৰৰ পৰা গোৱাৰ অতুলনীয় উপকূলত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক চমকপ্ৰদ বৰ্ণিল ক’লাজৰ প্ৰতিশ্ৰুতি দিয়ে- ই হৈছে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল প্ৰতিভাৰ এক গভীৰ উদযাপন।

* * *


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2192473   |   Visitor Counter: 6